Shuru
Apke Nagar Ki App…
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
NAlive24
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
More news from অসম and nearby areas
- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।1
- পৰ্যটকৰ বাহনৰ আগে আগে এটা প্ৰকাণ্ড হাতীৰ জাকে খোজ কাঢ়ি অহাৰ দৃশ্যই পৰ্যটকসকলক আপ্লুত কৰি তুলিছে। হাতীৰ এই জাকটোৰ গতিবিধি দেখি পৰ্যটকসকলে যথেষ্ট আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে।1
- আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।1
- অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।1
- ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে এক বেয়া খবৰ আহিছে, যিহেতু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দাইল যোগান ধৰা আঁচনিৰ ভৱিষ্যৎক লৈ পুনৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ আশংকাই হিতাধিকাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)-ৰ অন্তৰ্গত প্ৰায় ৭০ লাখ পৰিয়াল আৰু ২.৪৫ কোটিতকৈ অধিক হিতাধিকাৰীক লাভান্বিত কৰিবলৈ এই বিশেষ আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা মূল্যত প্ৰদান কৰা হৈছিল; পিছলৈ এই সামগ্ৰীসমূহৰ মূল্য অধিক হ্ৰাস কৰি মুঠ ১০০ টকাৰ ভিতৰত প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়া পৰিস্থিতিত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, যোগান ব্যৱস্থাৰ ওপৰত চাপ আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত এই সুবিধা অব্যাহত থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ ফলত বহু হিতাধিকাৰীয়ে আগন্তুক মাহসমূহত পুনৰ বজাৰ মূল্যত চেনি, নিমখ আৰু দাইল কিনিবলগীয়া হ’ব নেকি বুলি চিন্তা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এই আঁচনি এক ডাঙৰ সহায় আছিল আৰু যদি এই সুলভ মূল্যৰ সুবিধা বন্ধ হয় বা হ্ৰাস পায়, তেন্তে দৈনন্দিন জীৱনৰ ব্যয় অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই। তথাপিও হিতাধিকাৰীসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে আৰু সাধাৰণ জনতাই এই সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণৰ অপেক্ষাত আছে।1
- তামুলপুৰত গৰাখহনীয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৰনদীৰ পাৰত পাঁচ সহস্ৰাধিক গছপুলি ৰোপণ কৰা হৈছে। ৩১ মে'ত হস্তিনাপুৰ বাথৌ মন্দিৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত হস্তিনাপুৰ ডোঙৰগাঁৱ গুৱাবাৰীৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত তামুলপুৰ বন বিভাগে সহায়-সহযোগিতা আগবঢ়ায়। তদুপৰি, স্থানীয় ছয়পত্ৰি এন জি অ'য়েও ইয়াত সহযোগিতা কৰে। আজি বন বিষয়া সকলে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হস্তিনাপুৰ বাথৌ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন বড়ো আৰু সম্পাদক সঞ্জীৱ দৈমাৰীয়ে এই তথ্য জনাইছে।1
- মৰিগাঁও জিলাৰ বৰছলাত এক শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে, য'ত এজন ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়। শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। মৃত কৰ্মচাৰীজন হৈছে ৩৬ বছৰীয়া জাকিৰ হুছেইন, যি লাহৰিঘাট বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনত ঠিকাভিত্তিকভাৱে কৰ্মৰত আছিল। তেওঁ লাহৰিঘাট থানাৰ অন্তৰ্গত ২নং বৰছলা গাঁৱৰ মৃত সুৰুজ আলীৰ পুত্ৰ আছিল। ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জাকিৰ হুছেইনে বৰছলা আৰক্ষী পহৰা চকীৰ কাষতে অৱস্থিত জিয়ু টেলিকম কোম্পানীৰ এটা ট্ৰেন্সফৰ্মাৰৰ বিসংগতি মেৰামতি কৰিবলৈ অকলে গৈছিল। মেৰামতিৰ কাম চলি থকা অৱস্থাত তেওঁ হঠাতে উচ্চ ভল্টেজৰ বিদ্যুতৰ সংস্পৰ্শলৈ আহে আৰু ঘটনাস্থলীতেই মৃত্যুবৰণ কৰে। ঘটনাৰ খবৰ পাই বৰছলা আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতকৰ পৰিয়াল আৰু আত্মীয়-স্বজনসকলে ঘটনাটোৰ নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰিছে, লগতে মৃত্যুৰ আঁৰত কোনো গাফিলতি বা দায়িত্বহীনতা আছিল নেকি সেয়া উদ্ঘাটন কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে। দুই সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ এই অকাল মৃত্যুৰ বাবে কোন দায়ী— কৰ্তৃপক্ষৰ ত্ৰুটি নে সুৰক্ষা ব্যৱস্থাৰ অভাৱ— এই সকলো প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। এই ঘটনাটোৱে পুনৰ এবাৰ বিদ্যুৎ বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থা আৰু দায়বদ্ধতা সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।3