logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পুৱ কুমাৰীকাটা শাখা সমিতি গঠন। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পুৱ কুমাৰীকাটা শাখা সমিতি গঠন। তামুলপুৰ, ২ আগষ্টঃ তামুলপুৰ জিলাৰ ১ নং কালিপুৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পুৱ কুমাৰীকাটা শাখা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। নৰেশ ভট্টৰাইৰ সভাপতিত্বত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে নতুন পুৱ কুমাৰীকাটা শাখা সমিতি গঠন কৰা হয়। সভাত আকাশ ছেত্ৰীক সভাপতি আৰু অশোক প্ৰধানক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। নৱগঠিত সমিতিয়ে সংগঠনটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-যুৱ সমাজৰ উন্নয়ন, শিক্ষা, ভাষা-সংস্কৃতি সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে। সাধাৰণ সভাত অতিথি হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি চেশৰ ছেত্ৰী, প্ৰাক্তন সাধাৰণ সম্পাদক যুৱৰাজ ছেত্ৰী, অসম নেপালী সাহিত্য সভা তামুলপুৰ জিলা সমিতিৰ উপ-সভাপতি সুমন গড়তোলা, অসম গোৰ্খা সন্মিলন তামুলপুৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজু তামাঙ, পুৱ কুমাৰীকাটা শাখা সমিতিৰ সভাপতি য়াম খুলাল আৰু সাধাৰণ সম্পাদক দেৱ চুব্বা উপস্থিত থাকে। উপস্থিত অতিথিসকলে নৱ-নিৰ্বাচিত বিষয়ববীয়াসকলক অভিনন্দন জনোৱাৰ লগতে ছাত্ৰ সমাজৰ ঐক্য, শৈক্ষিক উৎকৰ্ষ, নেতৃত্ব বিকাশ আৰু সমাজসেৱামূলক কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়। সভাৰ অন্তত উপস্থিত সকলোৱে নৱগঠিত সমিতিৰ সফল কাৰ্যকাল কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।

6 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
6 hrs ago
bd0d9706-0b68-4c19-8b20-d62d4aaa96f9

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পুৱ কুমাৰীকাটা শাখা সমিতি গঠন। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পুৱ কুমাৰীকাটা শাখা সমিতি গঠন। তামুলপুৰ, ২ আগষ্টঃ তামুলপুৰ জিলাৰ ১ নং কালিপুৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পুৱ কুমাৰীকাটা শাখা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। নৰেশ ভট্টৰাইৰ সভাপতিত্বত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত সভাত সৰ্বসন্মতিক্ৰমে নতুন পুৱ কুমাৰীকাটা শাখা সমিতি গঠন কৰা হয়। সভাত আকাশ ছেত্ৰীক সভাপতি আৰু অশোক প্ৰধানক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। নৱগঠিত সমিতিয়ে সংগঠনটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-যুৱ সমাজৰ উন্নয়ন, শিক্ষা, ভাষা-সংস্কৃতি সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে। সাধাৰণ সভাত অতিথি হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি চেশৰ ছেত্ৰী, প্ৰাক্তন সাধাৰণ সম্পাদক যুৱৰাজ ছেত্ৰী, অসম নেপালী সাহিত্য সভা তামুলপুৰ জিলা সমিতিৰ উপ-সভাপতি সুমন গড়তোলা, অসম গোৰ্খা সন্মিলন তামুলপুৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজু তামাঙ, পুৱ কুমাৰীকাটা শাখা সমিতিৰ সভাপতি য়াম খুলাল আৰু সাধাৰণ সম্পাদক দেৱ চুব্বা উপস্থিত থাকে। উপস্থিত অতিথিসকলে নৱ-নিৰ্বাচিত বিষয়ববীয়াসকলক অভিনন্দন জনোৱাৰ লগতে ছাত্ৰ সমাজৰ ঐক্য, শৈক্ষিক উৎকৰ্ষ, নেতৃত্ব বিকাশ আৰু সমাজসেৱামূলক কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়। সভাৰ অন্তত উপস্থিত সকলোৱে নৱগঠিত সমিতিৰ সফল কাৰ্যকাল কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।

More news from অসম and nearby areas
  • গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন । গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন । পুৱা গোৰেশ্বৰ ব্লক বিপিএফৰ সভাপতি ধনঞ্জয় বসুমতাৰীয়ে পতাকা উত্তোলনেৰে অভিৱৰ্তনৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে । মুকলি সভা উদ্বোধন কৰে বিটিচিৰ EM তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীয়ে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ ৰাজহ,ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ EM লৌমশ্ৰাও দৈমাৰীয়ে । লগতে নিৰ্দিষ্ট ব্যক্তাৰ ভাষণ ৰাখে তামুলপুৰ জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক দৈমু বড়ো । উল্লেখ্য যে,বিটিচিৰ কল্যানকামী আঁ‌চনী সমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সভাত উল্লেখ কৰে EM মহেশ্বৰ বসুমতাৰী আৰু লৌমশ্ৰাও দৈমাৰীয়ে ।
    1
    গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন
গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন 
গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন ।
গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন ।
পুৱা গোৰেশ্বৰ ব্লক বিপিএফৰ সভাপতি ধনঞ্জয় বসুমতাৰীয়ে পতাকা উত্তোলনেৰে অভিৱৰ্তনৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে ।
মুকলি সভা উদ্বোধন কৰে বিটিচিৰ EM তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীয়ে ।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ ৰাজহ,ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ EM লৌমশ্ৰাও দৈমাৰীয়ে ।
লগতে নিৰ্দিষ্ট ব্যক্তাৰ ভাষণ ৰাখে তামুলপুৰ জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক দৈমু বড়ো ।
উল্লেখ্য যে,বিটিচিৰ কল্যানকামী আঁ‌চনী সমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সভাত উল্লেখ কৰে EM মহেশ্বৰ বসুমতাৰী আৰু লৌমশ্ৰাও দৈমাৰীয়ে ।
    user_Goreswar News
    Goreswar News
    তামুলপুৰ, তামুলপুৰ, অসম•
    6 hrs ago
  • আমাৰ অসমৰ গৌৰৱ। কিছুমানে মেখেলা বুকুত পিন্ধি reel বনাই আছে। এজন পুৰুষতকৈ মহিলাৰ সহন শক্তি বহুত। কিন্তু reel বনোৱাত ব্যস্ত সৰিৰ অংগ দেখাই। আজিৰ নাৰী, বহুজনী আকাশ চুই, জ্ঞানৰ পোহৰে সমাজক নতুন বাট দেখুৱাই। কিন্তু কিছুমান ব্যস্ত কেৱল ৰিলৰ ক্ষণস্থায়ী তালি পাবলৈ। দেহৰ চাকচিক্যত বিচাৰে খ্যাতি, মুহূৰ্তৰ বাহবাত পাহৰে মৰ্যাদা। লাইক-কমেণ্টৰ ভিৰত কেতিয়াবা হেৰাই যায় আত্মসম্মানৰ সুৰ। সৌন্দৰ্য কেৱল বাহিৰত নহয়, মন, জ্ঞান আৰু আচৰণত তাৰ বাস। সময় সলনি হয়, ধাৰাও সলনি হয়, কিন্তু সন্মানেই মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। নাৰী মানেই শক্তি, নাৰী মানেই সৃষ্টিৰ আলো। মাত্ৰ ক্ষণিকৰ জনপ্ৰিয়তাৰ বাবে নহয়, নিজৰ গুণেৰে হওক পৃথিৱীৰ গৌৰৱ।
    1
    আমাৰ অসমৰ গৌৰৱ। কিছুমানে মেখেলা বুকুত পিন্ধি reel বনাই আছে। এজন পুৰুষতকৈ মহিলাৰ সহন শক্তি বহুত। কিন্তু reel বনোৱাত ব্যস্ত সৰিৰ অংগ দেখাই।
আজিৰ নাৰী, বহুজনী আকাশ চুই, জ্ঞানৰ পোহৰে সমাজক নতুন বাট দেখুৱাই। কিন্তু কিছুমান ব্যস্ত কেৱল ৰিলৰ ক্ষণস্থায়ী তালি পাবলৈ।
দেহৰ চাকচিক্যত বিচাৰে খ্যাতি, মুহূৰ্তৰ বাহবাত পাহৰে মৰ্যাদা। লাইক-কমেণ্টৰ ভিৰত কেতিয়াবা হেৰাই যায় আত্মসম্মানৰ সুৰ।
সৌন্দৰ্য কেৱল বাহিৰত নহয়, মন, জ্ঞান আৰু আচৰণত তাৰ বাস। সময় সলনি হয়, ধাৰাও সলনি হয়, কিন্তু সন্মানেই মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ।
নাৰী মানেই শক্তি, নাৰী মানেই সৃষ্টিৰ আলো। মাত্ৰ ক্ষণিকৰ জনপ্ৰিয়তাৰ বাবে নহয়, নিজৰ গুণেৰে হওক পৃথিৱীৰ গৌৰৱ।
    user_সনাতন বৈশ্য
    সনাতন বৈশ্য
    বাক্সা, বাক্সা, অসম•
    5 hrs ago
  • বাক্সাৰ জালাহত নৃত্য প্ৰশিক্ষণ। ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ বাবে প্ৰশিক্ষণ লৈছে দেশপ্ৰেমমূলক নৃত্যৰ। বাক্সাৰ জালাহত নৃত্য প্ৰশিক্ষণ। ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ বাবে প্ৰশিক্ষণ লৈছে দেশপ্ৰেমমূলক নৃত্যৰ।
    1
    বাক্সাৰ জালাহত নৃত্য প্ৰশিক্ষণ। ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ বাবে প্ৰশিক্ষণ লৈছে দেশপ্ৰেমমূলক নৃত্যৰ।
বাক্সাৰ জালাহত নৃত্য প্ৰশিক্ষণ। ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ বাবে প্ৰশিক্ষণ লৈছে দেশপ্ৰেমমূলক নৃত্যৰ।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    9 hrs ago
  • এই ৰাস্তা টো বহুত মানুহ অহা যোৱা কৰে আৰু দুখন স্কুল সংযোগ আছে বজালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্ধসিধনি গাঁও পঞ্চায়তৰ 7 ন খণ্ডৰ এই ৰাস্তা টো বহুত বছৰ অভিযোগ দি আছোঁ কিন্তু কোনেও গুৰুত্ব নিদিয়ে এতিয়া আপোনালোকৰ জৰিয়তে অসম বাসীৰ জনাব বিছাৰিছো যাতে এই ৰাস্তা টো সোনকালে ঠিক হয়।
    1
    এই ৰাস্তা টো বহুত মানুহ অহা যোৱা কৰে আৰু দুখন স্কুল সংযোগ আছে
বজালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বন্ধসিধনি গাঁও পঞ্চায়তৰ 7 ন খণ্ডৰ এই ৰাস্তা টো বহুত বছৰ অভিযোগ দি আছোঁ কিন্তু কোনেও গুৰুত্ব নিদিয়ে এতিয়া আপোনালোকৰ জৰিয়তে অসম বাসীৰ জনাব বিছাৰিছো যাতে এই ৰাস্তা টো সোনকালে ঠিক হয়।
    user_Tafik Ali
    Tafik Ali
    বজালী (পিটি), বজালী, অসম•
    8 hrs ago
  • বানপীড়িতক সহায়ৰ বাবে অখিল গগৈৰ বাসগৃহত আজমল ফাউণ্ডেচনৰ বিনামূলীয়া চিকিৎসা শিবিৰ অখিল গগৈৰ লুখুৰাখনত থকা ঘৰতে আয়োজন কৰা হল আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ বানাক্ৰান্ত অঞ্চলত বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতাৰ লগতে উজনিৰ ৬টা অঞ্চলত নিৰন্তৰ ভাৱে আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠিত কৰি আগবঢ়াই গৈছে স্বাস্থ্য শিবিৰ। হোজাইৰ হাম হস্পিটেলৰ চিকিৎসকৰ দ্বাৰা বন্যাৰ্তক আগবঢ়ায় চিকিৎসা সেৱা
    1
    বানপীড়িতক সহায়ৰ বাবে অখিল গগৈৰ বাসগৃহত আজমল ফাউণ্ডেচনৰ বিনামূলীয়া চিকিৎসা শিবিৰ
অখিল গগৈৰ লুখুৰাখনত থকা ঘৰতে আয়োজন কৰা হল আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ
বানাক্ৰান্ত অঞ্চলত বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতাৰ লগতে 
উজনিৰ ৬টা অঞ্চলত নিৰন্তৰ ভাৱে আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠিত কৰি আগবঢ়াই গৈছে স্বাস্থ্য শিবিৰ। হোজাইৰ হাম হস্পিটেলৰ চিকিৎসকৰ দ্বাৰা বন্যাৰ্তক আগবঢ়ায় চিকিৎসা সেৱা
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    6 hrs ago
  • ভাৰতীয় লোকপিয়ল ২০২৭ ৰ স্ব-গণনা প্ৰক্ৰিয়া অসমত আৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ২পৰা১৬ আগষ্টলৈকে প্ৰতি গৰাকী নাগৰিকে ৱেবছাইটত নিজৰ ঘৰৰ তথ্য ঘৰত বহিয়েই পূৰণ কৰিব পাৰে। নিউজ স্মাৰ্ট মোবাইলৰে অনলাইন যোগে তথ্য দিব পাৰিব স্বগণনা প্ৰক্ৰিয়াত।
    1
    ভাৰতীয় লোকপিয়ল ২০২৭ ৰ স্ব-গণনা প্ৰক্ৰিয়া অসমত আৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
২পৰা১৬ আগষ্টলৈকে প্ৰতি গৰাকী নাগৰিকে ৱেবছাইটত নিজৰ ঘৰৰ তথ্য ঘৰত বহিয়েই পূৰণ কৰিব পাৰে। 
নিউজ স্মাৰ্ট মোবাইলৰে অনলাইন যোগে তথ্য দিব পাৰিব স্বগণনা প্ৰক্ৰিয়াত।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    11 hrs ago
  • ৰঙিয়াৰ মূৰাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যঃস্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ । ৰঙিয়াৰ মূৰাৰাত আজি এটি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।স্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ ।কাছাৰী শৌলমাৰী নিবাসী লোক জনৰ ৰহস্য জনক ভাৱে উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।পৰিয়ালৰ লোকে জনোৱা অনুসৰি প্ৰায়ে সুৰাসক্ত অৱস্থাত আছিল প্ৰাক্তন সৈনিক গৰাকী । আজি পুৱাৰ ভাগত সুৰা সেৱন কৰাৰ বাবে নিজ ঘৰৰ পৰা ১০০ টকা লৈ ওলাই আহিছিল অশ্বিনী কলিতাই । কিন্তু বহু সময় ধৰি ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰলোকৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ। অৱশেষত খৈৰাবাৰী বড়ো চুপাৰ এটি কালভাৰ্টৰ তলত ৰহস্য জনক ভাৱে উদ্ধাৰ হয় অশ্বিনী কলিতাৰ মৃতদেহ। মৃতদেহৰ মূৰ আৰু মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন।পৰিয়ালৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বৰ্তমান ঘটনা স্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে দুৰ্ঘটনা।
    1
    ৰঙিয়াৰ মূৰাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যঃস্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ  কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ ।
ৰঙিয়াৰ মূৰাৰাত আজি এটি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।স্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ ।কাছাৰী শৌলমাৰী নিবাসী লোক জনৰ ৰহস্য জনক ভাৱে উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।পৰিয়ালৰ লোকে জনোৱা অনুসৰি  প্ৰায়ে সুৰাসক্ত অৱস্থাত আছিল প্ৰাক্তন সৈনিক গৰাকী । আজি পুৱাৰ ভাগত  সুৰা সেৱন কৰাৰ বাবে  নিজ ঘৰৰ পৰা ১০০ টকা   লৈ ওলাই আহিছিল অশ্বিনী কলিতাই । কিন্তু বহু সময় ধৰি ঘৰলৈ  উভতি নোযোৱাত পৰিয়ালৰলোকৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ। অৱশেষত খৈৰাবাৰী বড়ো চুপাৰ এটি কালভাৰ্টৰ তলত ৰহস্য জনক ভাৱে উদ্ধাৰ হয় অশ্বিনী কলিতাৰ মৃতদেহ। মৃতদেহৰ মূৰ আৰু মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন।পৰিয়ালৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বৰ্তমান ঘটনা স্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে দুৰ্ঘটনা।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.