অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুবুৰী অগপত দলীয় সংঘাত। নিৰ্বাচনৰ পূৰ্বে ধুবুৰী অগপ দুটা ভাগত বিভক্ত। অগপ বিধান পৰিষদৰ সক্ৰিয় কমিটী বাহাল থকা সত্ত্বেও আজি ধুবুৰী বিধান পৰিষদৰ নতুন কমিটীৰ শপত গ্ৰহণ অনুষ্ঠান ধুবুৰী জিলা অগপ কাৰ্য্যলয়ত। অগপ ধুবুৰী জিলা সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অগপৰ ধুবুৰী বিধান পৰিষদৰ সাধাৰণ সম্পাদক নুৰে শিবলীৰ। অগপৰ ধুবুৰী বিধান পৰিষদৰ পুৰনি কমিটীৰ তিনিবছৰ সম্পূৰ্ণ নহওঁতেই অধিবেশন অবিহনে নতুন কমিটীৰ গঠন কৰি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ জিলা সভাপতিৰ বিৰুদ্ধে। পূৰ্বৰ কমিটীক কোনো ধৰণৰ জাননী নিদিয়াকৈ, অধিবেশন নিদিয়াকৈ অবৈধ ভাবে নতুন কমিটী গঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অগপৰ ধুবুৰী বিধান পৰিষদৰ পূৰ্বৰ কমিটীৰ সম্পাদক নুৰে শিবলীয়ে। ইপিনে, ধুবুৰী অগপ জিলা সভাপতি বিশ্বজিৎ কলিতাই সমগ্ৰ অভিযোগ অস্বীকাৰ কৰি কয় অগপ দলে কেন্দ্ৰীয় সভাপতিৰ মতে চলে। কাৰোবাৰ যদি কোনো ক্ষোফ থাকে কেন্দ্ৰীয় সভাপতিৰ তাত যায় নিজৰ অভিযোগ দিয়ক। কেন্দ্ৰীয় সভাপতিৰ যদি তেনেকুৱা নিৰ্দেশ দিতে হেতেন আমি তেনেকৈ কাম কৰিলোঁ হেতেন। পূৰ্বৰ কমিটীয়ে জাননী নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু সভাপতি গৰাকীয়ে সকলো অভিযোগ নস্যাৎ কৰি কয় যে আমি পূৰ্বৰ কমিটীক হোৱাটছএপ যোগে তেওঁলোকক জনোৱা হৈছিল। পূৰ্বৰ কমিটী সন্দৰ্ভত আমি একো নাজানো। কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লৈছে তেওঁলোকৰ জানে আমি নাজানো বুলিও মন্তব্য কৰে অগপ ধুবুৰী জিলা বিশ্বজিৎ কলিতাই ।

- ব'হাগৰ প্ৰথম দিনা ধুবুৰীৰ নেতাই ধুবুনী ঘাটত জাহাজৰ ওপৰত নৃত্যাঙ্গনৰ উদ্যোগত বিহুৰ আনন্দ ।1
- Post by T News1
- Post by Mogrob1
- চিকিৎসক হোৱাৰ সপোন গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা লছিমাৰ চানম হকৰ।1
- Post by Saiful islam1
- 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।1
- ৰঙিয়াৰ বৰমূৰা খানাপাৰাত মাঘী পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। আজি পহিলা ব'হাগৰ দিনটোতে ৰঙিয়াৰ বৰমূৰা খানাপাৰাত জ্যেষ্ঠ জনৰ আশীষ গ্ৰহণ কৰে কণিষ্ঠজনে। মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি ৰূপায়ণ কৰা হয় আশীৰ্বাদ অনুষ্ঠান । পুৱা পৰিৱেশ নিকাকৰণ, আয়তীৰ নাম পৰিৱেশন,ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদ্বোধনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য় । ইয়াৰ পিছতে ৰূপালী বৰ্ষৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অজান বৈশ্যই । মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে নাহৰৰ পুলি ৰোপণ কৰা হয়। ইফালে আশীৰ্বাদ অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ উপ সভাপতি মনিৰাম মালাকৰ ,বিশিষ্ট চিকিৎসক ডাঃ অশ্বিনী কুমাৰ কলিতা, ডাঃ পুলিন লহকৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতা , কৈলাশ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সুশীল ডেকা ,কবি উজ্জ্বল ডেকা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীৰ সামৰণিত বিভাগীয় উপ সমিতি সমুহক দায়িত্ব প্ৰদান কৰা হয় । কাৰ্যসূচীত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।1
- ধুবুৰীত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ ৭৭ সংখ্যক বিহু উদযাপন। সমগ্ৰ অসমৰ লগতে ধুবুৰীতো উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হয়। গৰু বিহু দিনাৰ পৰাই ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আজি ১৪ এপ্ৰিল তাৰিখে ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বিহু সমিতিৰ পতাকা উত্তোলনেৰে বিহু কাৰ্যসুচীৰ আৰম্ভণি ঘটে। আজিৰ এই কার্যসূচীত ধুবুৰী জিলা জেষ্ঠ আৰক্ষী অধীক্ষক দেৱশীষ বৰা উপস্থিত থাকি স্মৃতি তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে আমি যত থাকো সেয়াই আমাৰ ঘৰ হৈ পৰে আৰু আমি থকা এই ঘৰখিনিতে স্থানীয় লোকৰ সৈতে বিহু উদযাপন কৰো। ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰ এই কাৰ্যসূচীৰ পিছতে অহা ৯ আৰু ১০ মে'ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ ব্যৱস্থা কৰা হোৱা বুলি সদৰী কৰে।1