চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়সমূহত শিক্ষকৰ অভাৱে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক বিমোৰত পেলাইছে। বিশেষকৈ সাপেখাতীৰ ঐতিহাসিক আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ উদ্বেগ বৃদ্ধি পাইছে। এই প্ৰাদেশীকৃত বিদ্যালয়খন আটালপথাৰ, কঠিয়াখুন্দা, মৃদংপাৰা, সোণালীপুৰ, বাকচু, লক্ষীপথাৰকে ধৰি কেইবাখনো গাঁও আৰু ঘোৰাজান, লক্ষীজান, ধুনাহোলা, ৰাইদাং, সুন্দৰপুৰ আদি চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে একমাত্ৰ শিক্ষানুষ্ঠান। বিদ্যালয়খনত 'ক' শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মুঠ ৯টা শ্ৰেণীত প্ৰতিবছৰে প্ৰায় ২০০ ৰ পৰা ৩০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। বৰ্তমান শিক্ষাবৰ্ষত ২২৫ জন ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে। কিন্তু ৯টা শ্ৰেণীত পাঠদান কৰিবলৈ মুঠ ৫জন শিক্ষক-শিক্ষয়িত্ৰীহে আছে, য’ত প্ৰধান শিক্ষকও অন্তৰ্ভুক্ত। ২০০০ চনৰ পৰা বৰ্তমানলৈ এই বিদ্যালয়ৰ পৰা ১২জন শিক্ষক-শিক্ষয়িত্ৰীয়ে অৱসৰ লৈছে আৰু ৩জন শিক্ষকৰ কৰ্মৰত অৱস্থাতে অকাল বিয়োগ হৈছে, যাৰ ফলত মুঠ ১৫টা শিক্ষকৰ পদ খালী হৈছে। এই খালী পদসমূহৰ বিপৰীতে পূৰ্বে মাত্ৰ ৩জন শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও বৰ্তমান ইয়াৰে এগৰাকীহে বিদ্যালয়খনত কৰ্মৰত হৈ আছে। শিক্ষকৰ এই অভাৱ দূৰ কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰিবলৈ আজি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে চৰাইদেউ জিলা শিক্ষা বিষয়া মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰক পত্ৰখন সাপেখাতী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে। ছাত্ৰ সন্থাৰ দাবী, বিদ্যালয়সমূহত খালী হৈ থকা বিষয় শিক্ষকৰ পদত তৎকালীনভাৱে নিযুক্তি দি শ্ৰেণীসমূহৰ নিয়মীয়া পাঠদান সুনিশ্চিত কৰা হওক।

- সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী তথা জনপ্ৰিয় শৈল চিকিৎসক ডা: ধ্ৰুবজ্যোতি সন্দিকৈৰ অকাল বিয়োগৰ খবৰ লবলৈ গৌৰৱ গগৈ চৰাইদেউ জিলাৰ সাপেখাটীস্থিত তেওঁলোকৰ বাসগৃহত উপস্থিত হয়। এই সময়ত তেওঁৰ সৈতে উৎপল গগৈও আছিল।1
- আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।3
- শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।1
- তিনিচুকীয়া জিলাৰ বজালতলী গাঁৱত নিশা এক অঘটন সংঘটিত হৈছে, য'ত WB 73 NG525 নম্বৰৰ এখন সামগ্ৰী ভৰ্তি ১২ চকীয়া ট্ৰাকে গাঁৱলৈ অহা চলিত বিদ্যুৎ পৰিবাহী তাঁৰ মহতিয়াই নিয়ে। এই ঘটনাৰ ফলত অঞ্চলটোত বিদ্যুতৰ যোগাযোগ ব্যাহত হৈ পৰাৰ লগতে গাঁওখনৰ লোকসকলৰ ঘৰৰ বৈদ্যুতিক সামগ্ৰীসমূহ বিকল হৈ পৰে। গাঁওবাসীয়ে অভিযোগ কৰিছে যে গাঁওখনৰ সৰু পথত প্ৰকাণ্ড ট্ৰাকখন অহাৰ বাবেই এই অঘটন সংঘটিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে বাহনখন আৱদ্ধ কৰি ৰাখিছে।4
- ধেমাজিৰ এগৰাকী প্ৰতিভাশালী যুৱতী মনিকা সোণোৱালে শিভম কন্সট্ৰাকচনৰ ভুলৰ বাবেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ধেমাজিৰ তেলীজানৰ পৰা ঢকুৱাখনালৈ সংযোগী ৰাজ্যিক পথৰ ওপৰত ৰাখি থোৱা ছেণ্ডগ্ৰেভেলত খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। গুৰুতৰভাৱে আহত হোৱা মনিকাক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়লৈ যোৱা পথৰ মাজভাগতেই তেওঁৰ মৃত্যু হয়।1
- মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭০% বা ততোধিক নম্বৰ লাভ কৰিছিল, তেনে ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।1
- মৰাণৰ খোৱাং দুলীয়া লাহোৱাল গাঁৱত নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন বন্ধুৱে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।1