Shuru
Apke Nagar Ki App…
মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭০% বা ততোধিক নম্বৰ লাভ কৰিছিল, তেনে ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
জেৰিণা আৰ হাজৰিকা
মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭০% বা ততোধিক নম্বৰ লাভ কৰিছিল, তেনে ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
More news from Tinsukia and nearby areas
- মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭০% বা ততোধিক নম্বৰ লাভ কৰিছিল, তেনে ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।1
- সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী তথা জনপ্ৰিয় শৈল চিকিৎসক ডা: ধ্ৰুবজ্যোতি সন্দিকৈৰ অকাল বিয়োগৰ খবৰ লবলৈ গৌৰৱ গগৈ চৰাইদেউ জিলাৰ সাপেখাটীস্থিত তেওঁলোকৰ বাসগৃহত উপস্থিত হয়। এই সময়ত তেওঁৰ সৈতে উৎপল গগৈও আছিল।1
- ধেমাজিৰ এগৰাকী প্ৰতিভাশালী যুৱতী মনিকা সোণোৱালে শিভম কন্সট্ৰাকচনৰ ভুলৰ বাবেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ধেমাজিৰ তেলীজানৰ পৰা ঢকুৱাখনালৈ সংযোগী ৰাজ্যিক পথৰ ওপৰত ৰাখি থোৱা ছেণ্ডগ্ৰেভেলত খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। গুৰুতৰভাৱে আহত হোৱা মনিকাক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়লৈ যোৱা পথৰ মাজভাগতেই তেওঁৰ মৃত্যু হয়।1
- আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।3
- শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।1
- লখিমপুৰ জিলাৰ কাটৰি চাপৰি ধনপুৰ গাঁৱত পুনৰ নিৰ্মিত নামঘৰৰ শুভ উন্মোচন কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে।1
- শিলিখা ঘাটৰ নদীত জাঁপ দিয়াৰ ৪৮ ঘণ্টাৰ অন্তত শংকৰ কালান্দী আৰু ৰেজিনা কালান্দী গড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ এন ডি আৰ এফ টিমে নদীখনৰ শিঙৰী ঘাট আৰু মিছা ঘাটত উৱঁলি যোৱা অৱস্থাত মৃতদেহ দুটা পৃথকে পৃথকে উদ্ধাৰ কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধ্যা শিলিখা চাহ বাগিছাৰ নিবাসী ৩৩ বছৰ বয়সৰ শংকৰ কালান্দী নামৰ যুৱকজনে শিলিখা ঘাটৰ নদীত জাঁপ দিছিল। তেওঁক জাঁপ দিয়া দেখি তেওঁৰ ৩২ বছৰীয়া পত্নী অনিতা কালান্দী আৰু ৩৪ বছৰীয়া জ্যেষ্ঠ ভগ্নী ৰেজিনা কালান্দী গঢ়েও নদীত জাঁপ দিয়ে। ইয়াৰ পিছৰ পৰা তিনিওজনে নদীখনত নিখোজ হৈ পৰিছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে ডুমডুমা আৰক্ষীৰ দলৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ ঘণ্টা জোৰা অভিযান চলাইছিল। এই অভিযানৰ ফলত এছ ডি আৰ এফ বাহিনীৰ দলটোৱে কালি পত্নী অনিতা কালান্দীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু স্বামী শংকৰ কালান্দী আৰু ভগ্নী ৰেজিনা কালান্দী গঢ়ৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল।1