logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিলিখা ঘাটৰ নদীত জাঁপ দিয়াৰ ৪৮ ঘণ্টাৰ অন্তত শংকৰ কালান্দী আৰু ৰেজিনা কালান্দী গড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ এন ডি আৰ এফ টিমে নদীখনৰ শিঙৰী ঘাট আৰু মিছা ঘাটত উৱঁলি যোৱা অৱস্থাত মৃতদেহ দুটা পৃথকে পৃথকে উদ্ধাৰ কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধ্যা শিলিখা চাহ বাগিছাৰ নিবাসী ৩৩ বছৰ বয়সৰ শংকৰ কালান্দী নামৰ যুৱকজনে শিলিখা ঘাটৰ নদীত জাঁপ দিছিল। তেওঁক জাঁপ দিয়া দেখি তেওঁৰ ৩২ বছৰীয়া পত্নী অনিতা কালান্দী আৰু ৩৪ বছৰীয়া জ্যেষ্ঠ ভগ্নী ৰেজিনা কালান্দী গঢ়েও নদীত জাঁপ দিয়ে। ইয়াৰ পিছৰ পৰা তিনিওজনে নদীখনত নিখোজ হৈ পৰিছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে ডুমডুমা আৰক্ষীৰ দলৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ ঘণ্টা জোৰা অভিযান চলাইছিল। এই অভিযানৰ ফলত এছ ডি আৰ এফ বাহিনীৰ দলটোৱে কালি পত্নী অনিতা কালান্দীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু স্বামী শংকৰ কালান্দী আৰু ভগ্নী ৰেজিনা কালান্দী গঢ়ৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল।

6 hrs ago
user_Ratul Deka
Ratul Deka
Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
6 hrs ago

শিলিখা ঘাটৰ নদীত জাঁপ দিয়াৰ ৪৮ ঘণ্টাৰ অন্তত শংকৰ কালান্দী আৰু ৰেজিনা কালান্দী গড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ এন ডি আৰ এফ টিমে নদীখনৰ শিঙৰী ঘাট আৰু মিছা ঘাটত উৱঁলি যোৱা অৱস্থাত মৃতদেহ দুটা পৃথকে পৃথকে উদ্ধাৰ কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধ্যা শিলিখা চাহ বাগিছাৰ নিবাসী ৩৩ বছৰ বয়সৰ শংকৰ কালান্দী নামৰ যুৱকজনে শিলিখা ঘাটৰ নদীত জাঁপ দিছিল। তেওঁক জাঁপ দিয়া দেখি তেওঁৰ ৩২ বছৰীয়া পত্নী অনিতা কালান্দী আৰু ৩৪ বছৰীয়া জ্যেষ্ঠ ভগ্নী ৰেজিনা কালান্দী গঢ়েও নদীত জাঁপ দিয়ে। ইয়াৰ পিছৰ পৰা তিনিওজনে নদীখনত নিখোজ হৈ পৰিছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে ডুমডুমা আৰক্ষীৰ দলৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ ঘণ্টা জোৰা অভিযান চলাইছিল। এই অভিযানৰ ফলত এছ ডি আৰ এফ বাহিনীৰ দলটোৱে কালি পত্নী অনিতা কালান্দীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু স্বামী শংকৰ কালান্দী আৰু ভগ্নী ৰেজিনা কালান্দী গঢ়ৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল।

More news from Tinsukia and nearby areas
  • তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দাইচাজান চাহ বাগিচাত শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাহ বাগিচাখনৰ পৰিচালক বিজয় চৰোচিয়াই নিজৰ খেয়াল-খুছি মতে বাগিচাখনৰ এটা অংশৰ চাহ গছ উভালি পেলোৱাৰ ফলত এই পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাৰ পিছতে বাগিচাখনৰ শ শ চাহ শ্ৰমিক উত্তেজিত হৈ পৰে। শ্ৰমিকসকলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ প্ৰাণস্বৰূপ চাহ গছ কোনো কাৰণতে উভালিবলৈ দিয়া নহ'ব। বিশেষকৈ, অঞ্চলটোত নতুনকৈ নিৰ্মাণ হোৱা এটা চাহ ফেক্টৰীলৈ যোৱাৰ বাবে চাহ গছ উভালি পথ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলিও তেওঁলোকে মন্তব্য কৰে। অভিযোগ অনুসৰি, কোনো আলোচনা নকৰাকৈয়ে এগৰাকী প্ৰভাৱশালী উদ্যোগীৰ ব্যক্তিগত চাহ ফেক্টৰীলৈ বাহন অহা-যোৱা কৰিব পৰাকৈ এটা পথ নিৰ্মাণৰ বাবেই বাগিচাখনৰ মেনেজাৰে এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাৰ পিছতে শ শ শ্ৰমিকে চাহ বাগিচাখনৰ পৰিচালক বিজয় চৰোচিয়াক ঘেৰাও কৰি জবাবদিহি কৰে আৰু বিভিন্ন শ্লোগানেৰে অঞ্চলটোত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
    1
    তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দাইচাজান চাহ বাগিচাত শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাহ বাগিচাখনৰ পৰিচালক বিজয় চৰোচিয়াই নিজৰ খেয়াল-খুছি মতে বাগিচাখনৰ এটা অংশৰ চাহ গছ উভালি পেলোৱাৰ ফলত এই পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাৰ পিছতে বাগিচাখনৰ শ শ চাহ শ্ৰমিক উত্তেজিত হৈ পৰে।

শ্ৰমিকসকলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ প্ৰাণস্বৰূপ চাহ গছ কোনো কাৰণতে উভালিবলৈ দিয়া নহ'ব। বিশেষকৈ, অঞ্চলটোত নতুনকৈ নিৰ্মাণ হোৱা এটা চাহ ফেক্টৰীলৈ যোৱাৰ বাবে চাহ গছ উভালি পথ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলিও তেওঁলোকে মন্তব্য কৰে। অভিযোগ অনুসৰি, কোনো আলোচনা নকৰাকৈয়ে এগৰাকী প্ৰভাৱশালী উদ্যোগীৰ ব্যক্তিগত চাহ ফেক্টৰীলৈ বাহন অহা-যোৱা কৰিব পৰাকৈ এটা পথ নিৰ্মাণৰ বাবেই বাগিচাখনৰ মেনেজাৰে এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই ঘটনাৰ পিছতে শ শ শ্ৰমিকে চাহ বাগিচাখনৰ পৰিচালক বিজয় চৰোচিয়াক ঘেৰাও কৰি জবাবদিহি কৰে আৰু বিভিন্ন শ্লোগানেৰে অঞ্চলটোত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    23 hrs ago
  • সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী তথা জনপ্ৰিয় শৈল চিকিৎসক ডা: ধ্ৰুবজ্যোতি সন্দিকৈৰ অকাল বিয়োগৰ খবৰ লবলৈ গৌৰৱ গগৈ চৰাইদেউ জিলাৰ সাপেখাটীস্থিত তেওঁলোকৰ বাসগৃহত উপস্থিত হয়। এই সময়ত তেওঁৰ সৈতে উৎপল গগৈও আছিল।
    1
    সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী তথা জনপ্ৰিয় শৈল চিকিৎসক ডা: ধ্ৰুবজ্যোতি সন্দিকৈৰ অকাল বিয়োগৰ খবৰ লবলৈ গৌৰৱ গগৈ চৰাইদেউ জিলাৰ সাপেখাটীস্থিত তেওঁলোকৰ বাসগৃহত উপস্থিত হয়। এই সময়ত তেওঁৰ সৈতে উৎপল গগৈও আছিল।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • ধেমাজিৰ এগৰাকী প্ৰতিভাশালী যুৱতী মনিকা সোণোৱালে শিভম কন্সট্ৰাকচনৰ ভুলৰ বাবেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ধেমাজিৰ তেলীজানৰ পৰা ঢকুৱাখনালৈ সংযোগী ৰাজ্যিক পথৰ ওপৰত ৰাখি থোৱা ছেণ্ডগ্ৰেভেলত খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। গুৰুতৰভাৱে আহত হোৱা মনিকাক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়লৈ যোৱা পথৰ মাজভাগতেই তেওঁৰ মৃত্যু হয়।
    1
    ধেমাজিৰ এগৰাকী প্ৰতিভাশালী যুৱতী মনিকা সোণোৱালে শিভম কন্সট্ৰাকচনৰ ভুলৰ বাবেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ধেমাজিৰ তেলীজানৰ পৰা ঢকুৱাখনালৈ সংযোগী ৰাজ্যিক পথৰ ওপৰত ৰাখি থোৱা ছেণ্ডগ্ৰেভেলত খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। গুৰুতৰভাৱে আহত হোৱা মনিকাক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়লৈ যোৱা পথৰ মাজভাগতেই তেওঁৰ মৃত্যু হয়।
    user_DHEMAJI TODAY
    DHEMAJI TODAY
    Local News Reporter ধেমাজি, ধেমাজি, অসম•
    7 hrs ago
  • আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।
    3
    আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।
    1
    শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • লখিমপুৰ জিলাত কুকুৰ চুৰি কৰি সৰবৰাহ চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত কদম অঞ্চলত কুকুৰ চোৰৰ উপদ্ৰৱক লৈ পশুপ্ৰেমী উজ্জ্বল ভূঞাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    1
    লখিমপুৰ জিলাত কুকুৰ চুৰি কৰি সৰবৰাহ চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত কদম অঞ্চলত কুকুৰ চোৰৰ উপদ্ৰৱক লৈ পশুপ্ৰেমী উজ্জ্বল ভূঞাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    22 hrs ago
  • শিলিখা ঘাটৰ নদীত জাঁপ দিয়াৰ ৪৮ ঘণ্টাৰ অন্তত শংকৰ কালান্দী আৰু ৰেজিনা কালান্দী গড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ এন ডি আৰ এফ টিমে নদীখনৰ শিঙৰী ঘাট আৰু মিছা ঘাটত উৱঁলি যোৱা অৱস্থাত মৃতদেহ দুটা পৃথকে পৃথকে উদ্ধাৰ কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধ্যা শিলিখা চাহ বাগিছাৰ নিবাসী ৩৩ বছৰ বয়সৰ শংকৰ কালান্দী নামৰ যুৱকজনে শিলিখা ঘাটৰ নদীত জাঁপ দিছিল। তেওঁক জাঁপ দিয়া দেখি তেওঁৰ ৩২ বছৰীয়া পত্নী অনিতা কালান্দী আৰু ৩৪ বছৰীয়া জ্যেষ্ঠ ভগ্নী ৰেজিনা কালান্দী গঢ়েও নদীত জাঁপ দিয়ে। ইয়াৰ পিছৰ পৰা তিনিওজনে নদীখনত নিখোজ হৈ পৰিছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে ডুমডুমা আৰক্ষীৰ দলৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ ঘণ্টা জোৰা অভিযান চলাইছিল। এই অভিযানৰ ফলত এছ ডি আৰ এফ বাহিনীৰ দলটোৱে কালি পত্নী অনিতা কালান্দীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু স্বামী শংকৰ কালান্দী আৰু ভগ্নী ৰেজিনা কালান্দী গঢ়ৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল।
    1
    শিলিখা ঘাটৰ নদীত জাঁপ দিয়াৰ ৪৮ ঘণ্টাৰ অন্তত শংকৰ কালান্দী আৰু ৰেজিনা কালান্দী গড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ এন ডি আৰ এফ টিমে নদীখনৰ শিঙৰী ঘাট আৰু মিছা ঘাটত উৱঁলি যোৱা অৱস্থাত মৃতদেহ দুটা পৃথকে পৃথকে উদ্ধাৰ কৰে।

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধ্যা শিলিখা চাহ বাগিছাৰ নিবাসী ৩৩ বছৰ বয়সৰ শংকৰ কালান্দী নামৰ যুৱকজনে শিলিখা ঘাটৰ নদীত জাঁপ দিছিল। তেওঁক জাঁপ দিয়া দেখি তেওঁৰ ৩২ বছৰীয়া পত্নী অনিতা কালান্দী আৰু ৩৪ বছৰীয়া জ্যেষ্ঠ ভগ্নী ৰেজিনা কালান্দী গঢ়েও নদীত জাঁপ দিয়ে। ইয়াৰ পিছৰ পৰা তিনিওজনে নদীখনত নিখোজ হৈ পৰিছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে ডুমডুমা আৰক্ষীৰ দলৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ ঘণ্টা জোৰা অভিযান চলাইছিল। এই অভিযানৰ ফলত এছ ডি আৰ এফ বাহিনীৰ দলটোৱে কালি পত্নী অনিতা কালান্দীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু স্বামী শংকৰ কালান্দী আৰু ভগ্নী ৰেজিনা কালান্দী গঢ়ৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.