Shuru
Apke Nagar Ki App…
পৰিবহণ বিভাগে ই-ৰিক্সাসমূহত অতিৰিক্তভাৱে লগোৱা আসনসমূহ খুলি নিছে। ইয়াৰ লগতে বিভাগে নিয়ম উলংঘা কৰা ই-ৰিক্সা চালকসকলক জৰিমনাও বিহিছে।
HOJAI JUGIJAN NEWS
পৰিবহণ বিভাগে ই-ৰিক্সাসমূহত অতিৰিক্তভাৱে লগোৱা আসনসমূহ খুলি নিছে। ইয়াৰ লগতে বিভাগে নিয়ম উলংঘা কৰা ই-ৰিক্সা চালকসকলক জৰিমনাও বিহিছে।
More news from Shillong and nearby areas
- পৰিবহণ বিভাগে ই-ৰিক্সাসমূহত অতিৰিক্তভাৱে লগোৱা আসনসমূহ খুলি নিছে। ইয়াৰ লগতে বিভাগে নিয়ম উলংঘা কৰা ই-ৰিক্সা চালকসকলক জৰিমনাও বিহিছে।1
- ভাৰত-বাংলাদেশ সীমান্তত এক নিলজ্জ কাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে। সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ মাজতে কিছুমান বাংলাদেশী দুষ্কৃতিকাৰীয়ে সীমা পাৰ হৈ ভাৰতীয় কৃষকৰ শস্য চুৰি কৰিছে।1
- চামগুৰিৰ শিৱস্থান অঞ্চলৰ পৰা এজন মানসিকভাৱে অসুস্থ যুৱক নিৰুদ্দেশ হৈছে। যুৱকজনৰ সন্ধানত সহায় কৰিব বিচৰা লোকসকলৰ বাবে দুটা যোগাযোগ নম্বৰ প্ৰদান কৰা হৈছে। এই নম্বৰ দুটা হৈছে 98641 88619 আৰু 7638874424।1
- অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হীৰেন হিন্দু নামৰ এজন লোকৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। হীৰেন হিন্দুৱে নবী হজৰত মহম্মদৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ পিছতে এই গোচৰ ৰুজু কৰা হয়। এই কাৰ্যত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতৃবৰ্গ জাঙুৰ খাই উঠিছে। পৰিষদে দৃঢ়তাৰে কৈছে যে প্ৰিয় নবী হজৰত মহম্মদৰ অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব। এই প্ৰসংগতে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।1
- মৰিগাঁও জিলাত ১৪-১৫ বছৰ বয়সৰ কিশোৰীসকলৰ বাবে আৰম্ভ কৰা জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধী ভেকচিন কাৰ্যসূচীত স্বাস্থ্য বিভাগে ইতিমধ্যে ৬২% লক্ষ্যত উপনীত হৈছে। স্বাস্থ্য বিভাগে অভিভাৱকসকলক ভেকচিনক লৈ চলি থকা যিকোনো উৰাবাতৰি বা অপপ্ৰচাৰত কান নিদিবলৈ আহ্বান জনাইছে। ইফালে, জিলাখনত অহা ২৮ জুনৰ পৰা তিনিদিনীয়া পলিঅ’ অভিযান আৰম্ভ হ’ব। এই অভিযানত ০ ৰ পৰা ৫ বছৰৰ প্ৰতিটো শিশুকে পলিঅ’ টোপাল খুৱাবলৈ মৰিগাঁও স্বাস্থ্য বিভাগে জিলাবাসীক অনুৰোধ জনাইছে।1
- মীন বিভাগৰ কেলেংকাৰীক লৈ বিধায়ক ৰমাকান্ত দেউৰীয়ে মন্তব্য আগবঢ়াইছে। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক দেউৰীয়ে কয় যে তেওঁ কোৱাৰ আগতেই সাংবাদিকে সকলো কথা কৈ শেষেই কৰিলে, আৰু তেওঁৰ ক'বলৈ একো নাই।1
- নগাঁও জিলাৰ ৰূপহীহাটৰ ঔঅনা স্থিত 7 Star Luxury Hotel ত আৰক্ষীয়ে এক অভিযান চলাই পিষ্টলসহ তাজাজুল হক আৰু ৰশিদুল হক নামৰ দুই ডকাইতক আটক কৰিছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ঔঅনাৰ 7 Star Luxury Hotelৰ পৰা ডকাইত দুজনক হাতে লোটে কৰায়ত্ব কৰে। আৰক্ষীৰ অভিযানকালত ডকাইত দুজনৰ পৰা দুজাই সক্ৰিয় গুলিসহ এটা 7.65 পিষ্টল উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, তেওঁলোকে ২নং বৰগুলিৰ পৰা আহি ঔঅনাৰ 7 Star Luxury Hotel ত ডকাইতিৰ পৰিকল্পনা ৰচি থকা অৱস্থাতে আৰক্ষীৰ জালত পৰে। বৰ্তমান আৰক্ষীয়ে আটক কৰা এই ডকাইত দুজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।1
- নগাঁও জিলাৰ চামগুৰিত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কাঠপাৰাৰ পূব লৰিৰমুখৰ কাচেম আলি নামৰ এজন বাইক আৰোহীৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাটো ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল, য'ত বাইক আৰোহীজনে ডিভাইডাৰ পাৰ হ'ব লওঁতেই নগাঁও-চামগুৰি অভিমুখী এখন তীব্ৰবেগী বলেৰ' পিকআপ বাহনে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' পিকআপ বাহনখনৰ নম্বৰ AS 02 CC 2462 বুলি চিনাক্ত কৰা হৈছে, যিখন চামগুৰি আৰক্ষীয়ে জব্দ কৰিছে। অৱশ্যে, দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। নিহত বাইক আৰোহীৰ বাহনখনৰ নম্বৰ আছিল AS 02 AH 4760।1