ভাৰতীয় শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা: কুমাৰীকাটা আচাৰ্য্যকুলমৰ ছাত্ৰী অস্মিতা বস্নেতৰ সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান দখল। ভাৰতীয় শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা: কুমাৰীকাটা আচাৰ্য্যকুলমৰ ছাত্ৰী অস্মিতা বস্নেতৰ সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান দখল। তামুলপুৰ, ১৮ এপ্ৰিল: ভাৰতীয় শিক্ষা বোৰ্ডৰ অধীনত অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত আচাৰ্য্যকুলমে এক গৌৰৱোজ্জ্বল সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে য’ত বিদ্যালয়খনৰ ছাত্ৰী অস্মিতা বস্নেতে ৯৭ শতাংশ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই অভূতপূৰ্ব ফলাফল ঘোষণা হোৱাৰ লগে লগে আজি কুমাৰীকাটা আচাৰ্য্যকুলম বিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ তথা আনন্দময় পৰিৱেশৰ সৃষ্টি হয় আৰু বিদ্যালয়খনৰ অধ্যক্ষ নৌজৰ বসুমতাৰীৰ লগতে উপাধ্যক্ষ ৰূপম চৌধুৰীয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই অনন্য সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে, অস্মিতা বস্নেতৰ লগতে বিদ্যালয়খনৰ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্ৰদৰ্শনেৰে বিদ্যালয়খনৰ নাম উজলাইছে; যাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল সেৱিকা দেৱী (৮৯.৮%), প্ৰিয়া বৈশ্য (৮৯.৪), ৰোচান বস্নেত (৮৯.২), বিশাল পোদ্দাৰ (৮৮.৬), অংশু গজমেৰ (৮৬), হিমা হাজং (৮৬), বাপন পাল (৮৫.৬), গৌৰৱ ছেত্ৰী (৮৪.৪), ৰক্তিম দাস (৮৩.৬), প্ৰসেনজিৎ বৰ্মণ (৮৩.২), ইৰাগদাউ মছাহাৰী (৮১.৪), দেনিয়েল মছাহাৰী (৮০.৬), পাৰঞ্জিৎ বৰ্মণ (৭৯.৪), সুস্মিতা ছেত্ৰী (৭৮.৪), ধৃতিৰাজ নাৰ্জাৰী (৭৭.৮), জুপিতৰা ৰাভা (৭৬.৮), দেভিড বসুমতাৰী (৭৬.৬), ভণিতা ৰাহাং (৭৬.২), বিবেক থাপা (৭৫.৪), কৰেন্দ্ৰ ভৰালী (৭৫.৪), কৃষ্ণ বৈশ্য (৭৫), যশ শৰ্মা (৭৪), বিনা বৰ্মণ (৭১), জ্যোতিকা শৰণীয়া (৭১), বাপ্পা পাল (৭০.৬), ৰাহুল বিশ্বাস (৬৭), বিদ্যুত ৰাভা (৬৪), প্ৰণৱ শৰণীয়া (৬২.৪), বিপ্লৱ বৰ্মণ (৬১), ৰাকেশ আৰ্য (৬০.৮) আৰু ধীৰাজ ৰাভা (৬০.৪) । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই সফলভাৱে উত্তীৰ্ণ হোৱা এই সমগ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক-অভিভাৱিকা সকলক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু বড়ো সকলৰ পৰম্পৰাগত আৰণাইৰে উষ্ম আদৰণি জনাই উৎসাহিত কৰে। উল্লেখ্য যে, অস্মিতা বস্নেতৰ এই সাফল্যই কেৱল কুমাৰীকাটা আচাৰ্য্যকুলমৰে নহয়, বৰঞ্চ সমগ্ৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে আৰু বিদ্যালয়খনৰ এনে কৃতিত্বত সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে হৰ্ষোল্লাস কৰি আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়। বিদ্যালয়খনৰ এই সামগ্ৰিক ফলাফল আৰু বিশেষকৈ শীৰ্ষস্থান প্ৰাপ্ত ছাত্ৰীসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে প্ৰমাণ কৰিছে যে সঠিক মাৰ্গদৰ্শন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰাও ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰাটো সম্ভৱ।###

- অসম বিধানসভাৰ মজিয়াত ইউনিফৰ্ম চিভিল ক'ড (UCC) বিধেয়ক উত্থাপন হোৱাৰ পিছতে এবিএমছুৰ সভাপতি টাইচন হুছেইনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- ৰঙিয়া অঞ্চলত শেহতীয়াকৈ দৈনিক সংঘটিত হৈ থকা চুৰিকাণ্ডৰ ধাৰাবাহিকতাই এতিয়া সমগ্ৰ ৰঙিয়াক জোকাৰি গৈছে। পূৰ্বৰ বহুকেইটা চুৰিৰ ঘটনাৰ ৰহস্য মাৰ নোযোৱাৰ মাজতে যোৱা নিশা পুনৰ ৰঙিয়াৰ নিউ মাৰ্কেটত চোৰে এক দুঃসাহসিক চাফাই অভিযান চলায়। ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱা জয়া কলিতাৰ পৰিয়ালটো নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিল। গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি বৃহৎ চুৰি সংঘটিত কৰে। পিছত পৰিয়ালটো ঘৰলৈ উভতি আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে এক হুৱা-দুৱাৰ সৃষ্টি হয়। এই ঘটনা সন্দৰ্ভত লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়া হয়। খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ লগতে ফৰেনছিকৰ এটা বিশেষ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বৰ্তমান ৰঙিয়া আৰক্ষী আৰু ফৰেনছিকৰ বিশেষ দলটোৱে সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।1
- মন্ত্ৰী অতুল বৰাই আজি সদৰি কৰিছে যে বিধানসভাত ইউনিফৰ্ম চিভিল ক'ড (UCC) উত্থাপন কৰা হৈছে। এই কাৰ্যই পূৰ্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক ঘোষণাৰ প্ৰতিফলন ঘটাইছে। মুখ্যমন্ত্ৰী শৰ্মাই সেই সময়ত স্পষ্টকৈ কৈছিল যে যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে আৰু তেওঁ মুখ্যমন্ত্ৰী হয়, তেন্তে তেওঁ প্ৰথমখন বিধানসভা অধিৱেশনতে UCC আনিব। মন্ত্ৰী অতুল বৰাই এই পদক্ষেপক ‘কথা মতেই কাম’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ কথাটোকে দোহাৰে।1
- নৱগঠিত ছমৰীয়া সমষ্টিৰ প্ৰথম বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত সমষ্টিটোৰ লগতে অসমৰ বিভিন্ন সমস্যাৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। বিধায়ক আহমেদৰ এই মন্তব্যসমূহক বিশেষভাবে উল্লেখনীয় বুলি কোৱা হৈছে।1
- গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগত ছাত্ৰ-ছাত্ৰীসকলে পুনৰ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মাচুল বৃদ্ধিৰ উপৰিও, ছাত্ৰ সমাজে হোষ্টেল, পৰীক্ষা, লাইব্ৰেৰী আৰু আন একাধিক সুবিধাৰ সৈতে জড়িত বিভিন্ন দাবীক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে, যাৰ ফলত বিশ্ববিদ্যালয় চৌহদত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই মাচুল বৃদ্ধিৰ সিদ্ধান্তই সাধাৰণ পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিছে। তেওঁলোকৰ মতে, এই নীতি শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণযোগ্য নহয় আৰু সেয়েহে তেওঁলোকে ইয়াক বাতিল কৰাৰ দাবী জনাইছে। প্ৰতিবাদ চলি থকাৰ সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু আৰক্ষী বাহিনীৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ হতাহতি হোৱাৰ খবৰ পোৱা গৈছে। এই সংঘৰ্ষৰ ফলত কিছু সময়ৰ বাবে বিশ্ববিদ্যালয় চৌহদত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ পিছতো প্ৰতিবাদকাৰীসকলে নিজৰ দাবীত অটল থাকে। ছাত্ৰ নেতাসকলে স্পষ্ট কৰি দিছে যে যদি মাচুল বৃদ্ধিৰ সিদ্ধান্ত অবিলম্বে বাতিল কৰা নহয় আৰু ছাত্ৰ সমাজৰ সমস্যাসমূহ সমাধান কৰা নহয়, তেন্তে আগন্তুক দিনত তেওঁলোকৰ আন্দোলন অধিক তীব্ৰতৰ হ'ব। বৰ্তমান আৰক্ষী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত কটকটীয়া নজৰ ৰাখিছে।1
- কলগাছিয়াত স্থানীয় ৰাইজে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। কে কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ৰাজপথত স্থানীয় ৰাইজে জালেৰে মাছ ধৰি তেওঁলোকৰ ক্ষোভ ব্যক্ত কৰে। এই প্ৰতিবাদৰ মূল কাৰণ হ'ল যে এজাক বৰষুণ দিলেই কলগাছিয়া ষ্টেট বেংকৰ সন্মুখৰ ৰাজপথ সাগৰ সদৃশ হৈ পৰে, যাৰ ফলত সাধাৰণ ৰাইজৰ যাতায়াতত তীব্ৰ অসুবিধা হয়।1
- ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত বৰপেটা জিলাত ১৫ মে'ৰ পৰা দেশজুৰি চলি থকা "জন ভাগিদাৰী অভিযান – সবচে দূৰ, সবচে পেহলে" কাৰ্যসূচীৰ আজি সামৰণি পৰে। বৰপেটা জিলাৰ শুহা গাঁৱৰ বড়ো জনজাতি বসতিপূৰ্ণ এলেকাত এই অভিযানৰ বিভিন্ন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি অধ্যুষিত শুহা গাঁৱত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই এই অভিযানৰ শুভাৰম্ভ কৰিছিল আৰু অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল। এই জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে বিভিন্ন বিভাগে বড়ো জনজাতি অধ্যুষিত এলেকাসমূহত বিশেষ শিবিৰ অনুষ্ঠিত কৰে। বিশেষকৈ স্বাস্থ্য শিবিৰ, আই টি ডি পি, মীন বিভাগ, সামাজিক বনায়ন, পশু চিকিৎসা বিভাগ আদিৰ জৰিয়তে বিভিন্ন সজাগতা আৰু সেৱামূলক কাৰ্যসূচী সম্পন্ন কৰা হয়। অঞ্চলটোৰ বড়ো জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে এই সপ্তাহজোৰা কাৰ্যসূচীসমূহ সফলভাৱে সম্পন্ন হয়। অভিযানৰ মূল উদ্দেশ্য আছিল পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ ঘৰে ঘৰে চৰকাৰী সুবিধা দুৱাৰদলিলৈ লৈ যোৱা, যাতে কোনো যোগ্য হিতাধিকাৰী চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়। এই অভিযানৰ জৰিয়তে আধাৰ আপডেটকৰণৰ লগতে জনসাধাৰণৰ অভিযোগ গ্ৰহণ আৰু নিষ্পত্তিও এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয়। বৰপেটা জিলা আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে বৰপেটা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱৰাই সদৰী কৰে যে এই অভিযানৰ জৰিয়তে মুঠ ২১০টা অভিযোগ সমাধান কৰা হৈছে আৰু ৫২৮টা অভিযোগ সমাধানৰ বাবে গ্ৰহণ কৰা হৈছে। বৰপেটা জিলাৰ মৰিগাঁও, হতাপাৰা, শুভা, দক্ষিণ বুঢ়ীখাৰ, কমাৰগাঁও, বৰঘোপা, গহিয়া আদি ৭খন গাঁৱৰ প্ৰায় বিশ হাজাৰ লোকক এই অভিযানে সামৰি লয়। আজিৰ অন্তিম দিনত বিভিন্ন খেল-ধেমালিৰ কাৰ্যসূচীৰে এই সপ্তাহজোৰা অভিযানৰ সফল সামৰণি পৰে।1
- তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ বগাজূলীত আজি আবেলি এটা মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ভূটান পাহাৰৰ পৰা বৈ অহা এটা ডোঙৰ পাৰত স্থানীয় লোকে এই মৰ্টাৰটো প্ৰত্যক্ষ কৰাৰ লগে লগে ভূটান সীমান্তত থকা সেনা আৰু এছ এছ বিৰ ছাউনীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে সেনা আৰু এছ এছ বিৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ তত্পৰতাৰে মৰ্টাৰ চেল বোমটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। উল্লেখ্য যে, দুবছৰ আগতেও পানীত ভাহি অহা তেনে ধৰণৰ এটা মৰ্টাৰ চেল পাই খেলি থাকোঁতে ই বিস্ফোৰিত হৈ এজন কিশোৰ নিহত হৈছিল। এই ঘটনাৰ পিছত বগাজূলীত মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱা বিষয়টোৱে অঞ্চলটোত নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।1