logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনাৰ স্বকীয়তাৰে ভ্ৰাম্যমাণ নাট্য জগতত সুকীয়া পৰিচয় গঢ়ি তোলা ‘হেঙুল থিয়েটাৰ’ৰ ২০২৬-২৭ বৰ্ষৰ নাট্যাভ্যাস বুধবাৰে মৰিয়নিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৩৯তম নাট্য বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৱে এইবাৰ দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ আকৰ্ষণ। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ ‘কে কে’ চৰিত্ৰৰে খ্যাতি অৰ্জন কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মা এইবাৰ হেঙুলৰ মুকলি মঞ্চত পোনপটীয়াভাৱে অভিনয় কৰিবলৈ সাজু হৈছে। তেখেতৰ উপৰিও ভ্ৰাম্যমাণৰ বহুকেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰীয়েও এই নাট্য বৰ্ষত দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে। চলিত নাট্য বৰ্ষত হেঙুল থিয়েটাৰে তিনিগৰাকী আগশাৰীৰ নাট্যকাৰৰ তিনিখন বিশেষ নাটক দৰ্শকৰ বাবে আগবঢ়াব। ইয়াৰ ভিতৰত আছে অভিজিৎ ভট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ঝংকাৰ”, প্ৰণৱ বৰুৱাৰ ব্যংগধৰ্মী নাট “ডঃ ৪২০” আৰু ৰাজদ্বীপৰ সৃষ্টি “ঈশ্বৰ পুত্ৰ”। এই শক্তিশালী নাটককেইখনে সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজৰ হৃদয় পুনৰ জয় কৰিবলৈ সক্ষম হ’ব বুলি নাট্যগোষ্ঠীটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে।

23 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
23 hrs ago

নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনাৰ স্বকীয়তাৰে ভ্ৰাম্যমাণ নাট্য জগতত সুকীয়া পৰিচয় গঢ়ি তোলা ‘হেঙুল থিয়েটাৰ’ৰ ২০২৬-২৭ বৰ্ষৰ নাট্যাভ্যাস বুধবাৰে মৰিয়নিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৩৯তম নাট্য বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৱে এইবাৰ

দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ আকৰ্ষণ। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ ‘কে কে’ চৰিত্ৰৰে খ্যাতি অৰ্জন কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মা এইবাৰ হেঙুলৰ মুকলি মঞ্চত পোনপটীয়াভাৱে অভিনয় কৰিবলৈ সাজু হৈছে। তেখেতৰ উপৰিও ভ্ৰাম্যমাণৰ

বহুকেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰীয়েও এই নাট্য বৰ্ষত দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে। চলিত নাট্য বৰ্ষত হেঙুল থিয়েটাৰে তিনিগৰাকী আগশাৰীৰ নাট্যকাৰৰ তিনিখন বিশেষ নাটক দৰ্শকৰ বাবে আগবঢ়াব। ইয়াৰ ভিতৰত আছে অভিজিৎ ভট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ঝংকাৰ”, প্ৰণৱ

বৰুৱাৰ ব্যংগধৰ্মী নাট “ডঃ ৪২০” আৰু ৰাজদ্বীপৰ সৃষ্টি “ঈশ্বৰ পুত্ৰ”। এই শক্তিশালী নাটককেইখনে সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজৰ হৃদয় পুনৰ জয় কৰিবলৈ সক্ষম হ’ব বুলি নাট্যগোষ্ঠীটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে।

More news from অসম and nearby areas
  • শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    1
    শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে।

উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    user_অংকুশ জ্যোতি দত্ত
    অংকুশ জ্যোতি দত্ত
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    7 hrs ago
  • নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনাৰ স্বকীয়তাৰে ভ্ৰাম্যমাণ নাট্য জগতত সুকীয়া পৰিচয় গঢ়ি তোলা ‘হেঙুল থিয়েটাৰ’ৰ ২০২৬-২৭ বৰ্ষৰ নাট্যাভ্যাস বুধবাৰে মৰিয়নিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৩৯তম নাট্য বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৱে এইবাৰ দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ আকৰ্ষণ। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ ‘কে কে’ চৰিত্ৰৰে খ্যাতি অৰ্জন কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মা এইবাৰ হেঙুলৰ মুকলি মঞ্চত পোনপটীয়াভাৱে অভিনয় কৰিবলৈ সাজু হৈছে। তেখেতৰ উপৰিও ভ্ৰাম্যমাণৰ বহুকেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰীয়েও এই নাট্য বৰ্ষত দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে। চলিত নাট্য বৰ্ষত হেঙুল থিয়েটাৰে তিনিগৰাকী আগশাৰীৰ নাট্যকাৰৰ তিনিখন বিশেষ নাটক দৰ্শকৰ বাবে আগবঢ়াব। ইয়াৰ ভিতৰত আছে অভিজিৎ ভট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ঝংকাৰ”, প্ৰণৱ বৰুৱাৰ ব্যংগধৰ্মী নাট “ডঃ ৪২০” আৰু ৰাজদ্বীপৰ সৃষ্টি “ঈশ্বৰ পুত্ৰ”। এই শক্তিশালী নাটককেইখনে সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজৰ হৃদয় পুনৰ জয় কৰিবলৈ সক্ষম হ’ব বুলি নাট্যগোষ্ঠীটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে।
    4
    নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনাৰ স্বকীয়তাৰে ভ্ৰাম্যমাণ নাট্য জগতত সুকীয়া পৰিচয় গঢ়ি তোলা ‘হেঙুল থিয়েটাৰ’ৰ ২০২৬-২৭ বৰ্ষৰ নাট্যাভ্যাস বুধবাৰে মৰিয়নিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৩৯তম নাট্য বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৱে এইবাৰ দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ আকৰ্ষণ। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ ‘কে কে’ চৰিত্ৰৰে খ্যাতি অৰ্জন কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মা এইবাৰ হেঙুলৰ মুকলি মঞ্চত পোনপটীয়াভাৱে অভিনয় কৰিবলৈ সাজু হৈছে। তেখেতৰ উপৰিও ভ্ৰাম্যমাণৰ বহুকেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰীয়েও এই নাট্য বৰ্ষত দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে।

চলিত নাট্য বৰ্ষত হেঙুল থিয়েটাৰে তিনিগৰাকী আগশাৰীৰ নাট্যকাৰৰ তিনিখন বিশেষ নাটক দৰ্শকৰ বাবে আগবঢ়াব। ইয়াৰ ভিতৰত আছে অভিজিৎ ভট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ঝংকাৰ”, প্ৰণৱ বৰুৱাৰ ব্যংগধৰ্মী নাট “ডঃ ৪২০” আৰু ৰাজদ্বীপৰ সৃষ্টি “ঈশ্বৰ পুত্ৰ”। এই শক্তিশালী নাটককেইখনে সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজৰ হৃদয় পুনৰ জয় কৰিবলৈ সক্ষম হ’ব বুলি নাট্যগোষ্ঠীটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    23 hrs ago
  • চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী। জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    1
    চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহবাগিছাৰ টেংকি পুখুৰীত বাস কৰা ‘জিমি’ নামৰ কাছজনী এতিয়া অঞ্চলটোৰ শিশুসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় এক কুইণ্টল ওজনৰ এই কাছজনীয়ে শিশুসকলৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। শিশুসকলে মাতিলেই পুখুৰীৰ পাৰলৈ ঢপলিয়াই অহা জিমিৰ বাবে তেওঁলোকে বিস্কুট, বেঙেনা, বিলাহী আৰু মুড়িৰ দৰে খাদ্য লৈ আহে। কেৱল খাদ্য খুৱাই নহয়, শিশুসকলে মৰমৰ জিমিৰ গা ধোৱাই দিও বিভিন্ন ধৰণে মৰম যাচে। পুখুৰীটোত আন কাছ থাকিলেও জিমি কিন্তু শিশুসকলৰ সংগ ল’বলৈহে বেছি আগ্ৰহী।

জিমিৰ এই বিশেষ আচৰণ আৰু শিশুসকলৰ সৈতে তাৰ বন্ধুত্বই এতিয়া বহু লোকক আকৰ্ষণ কৰিছে। এই বিৰল দৃশ্য চাবলৈ টেংকি পুখুৰীৰ পাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই পৰিস্থিতিত স্থানীয় ৰাইজে চাহবাগিছা কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক টেংকি পুখুৰীটো চাফ-চিকুণ কৰি ৰখাৰ লগতে ইয়াৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • চৰাইদেউ জিলাত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ। জিলাখনৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীবন্ধা অঞ্চলত এই মাৰাত্মক ৰোগবিধৰ উপস্থিতি ধৰা পৰাৰ পাছতে স্থানীয় গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। শেহতীয়াকৈ হাতীবন্ধা অঞ্চলৰ এখন ফাৰ্মত পশু চিকিৎসা বিভাগে কৰা পৰীক্ষাত ফাৰ্মখনৰ চাৰিটা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ নিশ্চিত হোৱাৰ পাছত এই জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে। ৰোগবিধ যাতে দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পশু চিকিৎসা বিভাগে তৎকালীনভাৱে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত সংক্ৰমিত ফাৰ্মখনৰ ৩৬টাকৈ গাহৰি নিধন কৰে। এই আকস্মিক ঘটনাত ফাৰ্মখনৰ গৰাকী যথেষ্ট পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গাহৰি পালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা লোকসকলে চৰকাৰৰ ওচৰত তাৎক্ষণিক ক্ষতিপূৰণৰ দাবী জনোৱাৰ লগতে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ভেকচিন বা প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বৰ্তমান অঞ্চলটোত পশু চিকিৎসা বিভাগে সতৰ্কতা অৱলম্বন কৰাৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত গাহৰি মাংস বিক্ৰী তথা সৰবৰাহ নিষিদ্ধ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে।
    1
    চৰাইদেউ জিলাত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ। জিলাখনৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীবন্ধা অঞ্চলত এই মাৰাত্মক ৰোগবিধৰ উপস্থিতি ধৰা পৰাৰ পাছতে স্থানীয় গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। শেহতীয়াকৈ হাতীবন্ধা অঞ্চলৰ এখন ফাৰ্মত পশু চিকিৎসা বিভাগে কৰা পৰীক্ষাত ফাৰ্মখনৰ চাৰিটা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ নিশ্চিত হোৱাৰ পাছত এই জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে।

ৰোগবিধ যাতে দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পশু চিকিৎসা বিভাগে তৎকালীনভাৱে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত সংক্ৰমিত ফাৰ্মখনৰ ৩৬টাকৈ গাহৰি নিধন কৰে। এই আকস্মিক ঘটনাত ফাৰ্মখনৰ গৰাকী যথেষ্ট পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গাহৰি পালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা লোকসকলে চৰকাৰৰ ওচৰত তাৎক্ষণিক ক্ষতিপূৰণৰ দাবী জনোৱাৰ লগতে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ভেকচিন বা প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

বৰ্তমান অঞ্চলটোত পশু চিকিৎসা বিভাগে সতৰ্কতা অৱলম্বন কৰাৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত গাহৰি মাংস বিক্ৰী তথা সৰবৰাহ নিষিদ্ধ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    9 hrs ago
  • অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।
    1
    অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    14 hrs ago
  • ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    1
    ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    user_TINGKHONG NEWS TODAY
    TINGKHONG NEWS TODAY
    Media and information sciences faculty Tingkhong, Dibrugarh•
    6 hrs ago
  • মুৰ্গীৰ কণীৰ পৰাও ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ৰাজ্যখনত চলি থকা এনে কাৰ্যকলাপক লৈ তেওঁ কঠোৰ মন্তব্য প্ৰকাশ কৰিছে।
    1
    মুৰ্গীৰ কণীৰ পৰাও ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ৰাজ্যখনত চলি থকা এনে কাৰ্যকলাপক লৈ তেওঁ কঠোৰ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    15 hrs ago
  • নাহৰকটীয়াৰ চাচনী আমগুৰি গাঁৱত অইল (Oil) ৰ এটা উন্মুক্ত পুখুৰীত পৰি বগাই চুতীয়া নামৰ এজন লোকৰ কৰুণ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সুৰক্ষা বেৰা নোহোৱাকৈ পুখুৰীটো মুকলি অৱস্থাত পৰি থকাৰ বাবেই এই আকস্মিক অঘটনটো সংঘটিত হ'বলৈ পালে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি সংগঠনটোৱে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।
    1
    নাহৰকটীয়াৰ চাচনী আমগুৰি গাঁৱত অইল (Oil) ৰ এটা উন্মুক্ত পুখুৰীত পৰি বগাই চুতীয়া নামৰ এজন লোকৰ কৰুণ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সুৰক্ষা বেৰা নোহোৱাকৈ পুখুৰীটো মুকলি অৱস্থাত পৰি থকাৰ বাবেই এই আকস্মিক অঘটনটো সংঘটিত হ'বলৈ পালে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি সংগঠনটোৱে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।
    user_Digital Sangbad
    Digital Sangbad
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    51 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.