logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰৰ কুমাৰীকাটা ৰাণী চকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত প্ৰদীপ বেচেৰা নামৰ ব্যক্তিজন গুৰুতৰভাৱে আহত হৈছে।

1 hr ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
1 hr ago

তামুলপুৰৰ কুমাৰীকাটা ৰাণী চকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত প্ৰদীপ বেচেৰা নামৰ ব্যক্তিজন গুৰুতৰভাৱে আহত হৈছে।

More news from অসম and nearby areas
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
    1
    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।

কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • পৰ্যটকৰ বাহনৰ আগে আগে এটা প্ৰকাণ্ড হাতীৰ জাকে খোজ কাঢ়ি অহাৰ দৃশ্যই পৰ্যটকসকলক আপ্লুত কৰি তুলিছে। হাতীৰ এই জাকটোৰ গতিবিধি দেখি পৰ্যটকসকলে যথেষ্ট আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে।
    1
    পৰ্যটকৰ বাহনৰ আগে আগে এটা প্ৰকাণ্ড হাতীৰ জাকে খোজ কাঢ়ি অহাৰ দৃশ্যই পৰ্যটকসকলক আপ্লুত কৰি তুলিছে। হাতীৰ এই জাকটোৰ গতিবিধি দেখি পৰ্যটকসকলে যথেষ্ট আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    6 hrs ago
  • আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    1
    আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    19 hrs ago
  • অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    1
    অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    19 hrs ago
  • ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে এক বেয়া খবৰ আহিছে, যিহেতু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দাইল যোগান ধৰা আঁচনিৰ ভৱিষ্যৎক লৈ পুনৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ আশংকাই হিতাধিকাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)-ৰ অন্তৰ্গত প্ৰায় ৭০ লাখ পৰিয়াল আৰু ২.৪৫ কোটিতকৈ অধিক হিতাধিকাৰীক লাভান্বিত কৰিবলৈ এই বিশেষ আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা মূল্যত প্ৰদান কৰা হৈছিল; পিছলৈ এই সামগ্ৰীসমূহৰ মূল্য অধিক হ্ৰাস কৰি মুঠ ১০০ টকাৰ ভিতৰত প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়া পৰিস্থিতিত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, যোগান ব্যৱস্থাৰ ওপৰত চাপ আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত এই সুবিধা অব্যাহত থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ ফলত বহু হিতাধিকাৰীয়ে আগন্তুক মাহসমূহত পুনৰ বজাৰ মূল্যত চেনি, নিমখ আৰু দাইল কিনিবলগীয়া হ’ব নেকি বুলি চিন্তা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এই আঁচনি এক ডাঙৰ সহায় আছিল আৰু যদি এই সুলভ মূল্যৰ সুবিধা বন্ধ হয় বা হ্ৰাস পায়, তেন্তে দৈনন্দিন জীৱনৰ ব্যয় অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই। তথাপিও হিতাধিকাৰীসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে আৰু সাধাৰণ জনতাই এই সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণৰ অপেক্ষাত আছে।
    1
    ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে এক বেয়া খবৰ আহিছে, যিহেতু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দাইল যোগান ধৰা আঁচনিৰ ভৱিষ্যৎক লৈ পুনৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ আশংকাই হিতাধিকাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)-ৰ অন্তৰ্গত প্ৰায় ৭০ লাখ পৰিয়াল আৰু ২.৪৫ কোটিতকৈ অধিক হিতাধিকাৰীক লাভান্বিত কৰিবলৈ এই বিশেষ আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা মূল্যত প্ৰদান কৰা হৈছিল; পিছলৈ এই সামগ্ৰীসমূহৰ মূল্য অধিক হ্ৰাস কৰি মুঠ ১০০ টকাৰ ভিতৰত প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছিল।

কিন্তু শেহতীয়া পৰিস্থিতিত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, যোগান ব্যৱস্থাৰ ওপৰত চাপ আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত এই সুবিধা অব্যাহত থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ ফলত বহু হিতাধিকাৰীয়ে আগন্তুক মাহসমূহত পুনৰ বজাৰ মূল্যত চেনি, নিমখ আৰু দাইল কিনিবলগীয়া হ’ব নেকি বুলি চিন্তা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এই আঁচনি এক ডাঙৰ সহায় আছিল আৰু যদি এই সুলভ মূল্যৰ সুবিধা বন্ধ হয় বা হ্ৰাস পায়, তেন্তে দৈনন্দিন জীৱনৰ ব্যয় অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই। তথাপিও হিতাধিকাৰীসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে আৰু সাধাৰণ জনতাই এই সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণৰ অপেক্ষাত আছে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    20 hrs ago
  • আজি জাগীৰোড বিধান সভা সমষ্টিৰ মনহা গাঁও পঞ্চায়তত বিধায়ক পীযুষ হাজৰিকাই একাংশ স্থানীয় ৰাইজৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিধায়কগৰাকীয়ে ৰাইজৰ বিভিন্ন সমস্যা আৰু অসুবিধাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ পৰামৰ্শ আৰু মতামত গ্ৰহণ কৰে। ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যৰে সদায় নিষ্ঠাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিও তেওঁ ব্যক্ত কৰে। মত বিনিময় কাৰ্যসূচীৰ অন্তত, বিধায়ক পীযুষ হাজৰিকাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিগৰাকী শিক্ষার্থীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কৃতী শিক্ষার্থীক উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।
    1
    আজি জাগীৰোড বিধান সভা সমষ্টিৰ মনহা গাঁও পঞ্চায়তত বিধায়ক পীযুষ হাজৰিকাই একাংশ স্থানীয় ৰাইজৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিধায়কগৰাকীয়ে ৰাইজৰ বিভিন্ন সমস্যা আৰু অসুবিধাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ পৰামৰ্শ আৰু মতামত গ্ৰহণ কৰে। ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যৰে সদায় নিষ্ঠাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিও তেওঁ ব্যক্ত কৰে।

মত বিনিময় কাৰ্যসূচীৰ অন্তত, বিধায়ক পীযুষ হাজৰিকাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিগৰাকী শিক্ষার্থীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কৃতী শিক্ষার্থীক উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • তামুলপুৰত গৰাখহনীয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৰনদীৰ পাৰত পাঁচ সহস্ৰাধিক গছপুলি ৰোপণ কৰা হৈছে। ৩১ মে'ত হস্তিনাপুৰ বাথৌ মন্দিৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত হস্তিনাপুৰ ডোঙৰগাঁৱ গুৱাবাৰীৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত তামুলপুৰ বন বিভাগে সহায়-সহযোগিতা আগবঢ়ায়। তদুপৰি, স্থানীয় ছয়পত্ৰি এন জি অ'য়েও ইয়াত সহযোগিতা কৰে। আজি বন বিষয়া সকলে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হস্তিনাপুৰ বাথৌ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন বড়ো আৰু সম্পাদক সঞ্জীৱ দৈমাৰীয়ে এই তথ্য জনাইছে।
    1
    তামুলপুৰত গৰাখহনীয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৰনদীৰ পাৰত পাঁচ সহস্ৰাধিক গছপুলি ৰোপণ কৰা হৈছে। ৩১ মে'ত হস্তিনাপুৰ বাথৌ মন্দিৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত হস্তিনাপুৰ ডোঙৰগাঁৱ গুৱাবাৰীৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এই গছপুলি ৰোপণ কাৰ্যসূচীত তামুলপুৰ বন বিভাগে সহায়-সহযোগিতা আগবঢ়ায়। তদুপৰি, স্থানীয় ছয়পত্ৰি এন জি অ'য়েও ইয়াত সহযোগিতা কৰে। আজি বন বিষয়া সকলে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

হস্তিনাপুৰ বাথৌ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন বড়ো আৰু সম্পাদক সঞ্জীৱ দৈমাৰীয়ে এই তথ্য জনাইছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    34 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.