Shuru
Apke Nagar Ki App…
চৰাইদেউ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত চকু চিকিৎসা শিবিৰ । চৰাইদেউ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত লাকুৱা বৃষ্টি এন জিঅ ৰ উদ্যোগত বিচিপিএলৰ সহযোগত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় চুক বিশেষজ্ঞ দলৰ দ্বাৰা অনুষ্ঠিত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন ৷
Charaideo news
চৰাইদেউ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত চকু চিকিৎসা শিবিৰ । চৰাইদেউ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত লাকুৱা বৃষ্টি এন জিঅ ৰ উদ্যোগত বিচিপিএলৰ সহযোগত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় চুক বিশেষজ্ঞ দলৰ দ্বাৰা অনুষ্ঠিত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন ৷
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত আজি এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। আজি আয়োজিত এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ আজিৰ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।1
- পৰিষদে স্পষ্ট কৰে যে, খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ হকে যি ৰাজনৈতিক দলে কাম কৰি যাম বুলি প্রতিশ্রুতি দিব সেই ৰাজনৈতিক দলৰ প্ৰতি আমাৰ নৈতিক সমর্থন থাকিব। উজনি অসম মুছলিম কল্যাণ পৰিষদ এটা অৰাজনৈতিক সংগঠন। ইয়াত ৰাজনীতিৰ স্থান নাই।1
- Slug- MINISTER PABITRA MAGHERITA কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পত্ৰত জুবিন গাৰ্গৰ নাম সোমোৱাই ৰাজনীতি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পোৱা এটা বিষয়ে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কংগ্ৰেছৰ ইস্তাহাৰত অসমীয়াৰ আবেগ, প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ন্যায় ১০০ দিনৰ ভিতৰত প্ৰদান কৰিব বুলি প্ৰকাশ পাইছে যদি কংগ্ৰেছ চৰকাৰ গঠন হয়। ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পবিত্ৰ মাঘেৰিটাই কয় যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাতো অতি পৰিতাপৰ কথা জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। ৰাহুল গান্ধী কি চুপ্ৰিম কৰ্ত নেকি কংগ্ৰেছ দল কি হাই কৰ্ত নেকি ১০০ দিনৰ ভিতৰত যে জুবিনক ন্যায় দিম বুলি কৈছে। আছলতে ন্যায় কোনো ৰাজনৈতিক দলে দিয়ে নে ন্যায় লয়ে দিয়ে। ন্যায় কোনো ৰাজনৈতিক দলে দিব নোৱাৰে সেইয়া কংগ্ৰেছেই হওঁক বা বিজেপিয়েই হওঁক ন্যায় প্ৰদান কৰাতো আদালতৰ হে কাম। শিল্পী এজনক এইদৰে ৰাজনৈতিত সোমোৱাতো কিমান গ্ৰহণ যোগ্য। কিয়নো জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল। জুবিনে গানৰ দ্বাৰা কৈছিল পলিতিক্স নকৰিবা বন্ধু বুলি। পৰিয়ালৰ লোকেও জুবিন গাৰ্গক ৰাজনীতি মেৰপেচত সোমোৱাতো গ্ৰহণ কৰা নাই। কংগ্ৰেছে কেৱল নিৰ্বাচনী বৈত্যয়নী পাৰ হোৱা স্বাৰ্থতে এইদৰে জুবিন গাৰ্গৰ নাম নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে।1
- ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।1
- Post by KHABAR 24 BISWANATH1
- বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।1
- সোণাৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোণাৰি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই। বৰষুণকো নেওচি ৰাইজৰ অংশগ্ৰহণ।1
- ৯৬ নং শিৱসাগৰ সমষ্টিৰ দূলাকাষৰীয়াত আজি অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই এক উষ্ম নিৰ্বাচনী প্ৰচাৰ চলায়। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে মিত্ৰজোঁটৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰত এইবাৰ তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই। সমষ্টি পুনৰ্নিদ্ধাৰণে নিৰ্বাচনত কোনো বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি তেওঁ দৃঢ়তাৰে মত প্ৰকাশ কৰে। আমগুৰি সমষ্টি ৰক্ষা কৰিব নোৱাৰাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰো তেওঁ উচিত প্ৰত্যুত্তৰ দিয়ে। ৰাইজৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শিৱসাগৰত অগপৰ জয় নিশ্চিত বুলি তেওঁ আশাবাদী।4
- অধিক উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি। পুনৰ চামগুৰিত ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা। নিশা চামগুৰিৰ গেৰুৱাটীত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নি সংযোগ। অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰয়লাৰ দোকানো। আনুৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুচ্চাদিক ইকবালৰ ব্ৰয়লাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।1