logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে । আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে

15 hrs ago
user_Charaideo news
Charaideo news
Journalist মাহমৰা, চৰাইদেউ, অসম•
15 hrs ago

চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে । আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে

More news from অসম and nearby areas
  • ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
    1
    ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি।
অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি।  লগ হৈ কাটিছে পথাৰৰ নৰা ।  
শিৱসাগৰ জিলাৰ বকতা  মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি।
গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু।
গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    1 hr ago
  • গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।
    3
    গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ
শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    Journalist Sivasagar, Assam•
    19 hrs ago
  • Post by Debojit Kumar Bordoloi
    1
    Post by Debojit Kumar Bordoloi
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Journalist যোৰহাট পশ্চিম, যোৰহাট, অসম•
    23 hrs ago
  • মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ
    1
    মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    12 hrs ago
  • ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্‌যাপন
    1
    ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্‌যাপন
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    8 hrs ago
  • Post by Pawanveer TOURS and travels Bishnu Singh
    1
    Post by Pawanveer TOURS and travels Bishnu Singh
    user_Pawanveer TOURS and travels Bishnu Singh
    Pawanveer TOURS and travels Bishnu Singh
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ মেট্ৰো, অসম•
    16 hrs ago
  • বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।
    1
    বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    32 min ago
  • শিৱসাগৰ বকতাত শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ অধিবেশন। ১০ আৰু ১১ জানুৱাৰী তাৰিখত অনুস্থিত হ'য় এই অনুস্থান। শিৱসাগৰ জিলাৰ বকতাৰ ফৰবন্ধীয়া শাখাৰ সোণালী জয়ন্তী লগতে নেমুগুৰি আঞ্চলিকৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন ১০,১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ এই অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে । ফৰবন্ধীয়া প্ৰাথমিক শাখাৰ নামঘৰৰ প্ৰাঙ্গনৰ অনুষ্ঠিত হয় এই অধিবেশন।
    1
    শিৱসাগৰ বকতাত শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ অধিবেশন। ১০ আৰু ১১ জানুৱাৰী তাৰিখত অনুস্থিত হ'য় এই অনুস্থান। 
শিৱসাগৰ জিলাৰ বকতাৰ ফৰবন্ধীয়া শাখাৰ সোণালী জয়ন্তী লগতে নেমুগুৰি আঞ্চলিকৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন ১০,১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ।  শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ এই অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  হাজাৰ হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে । ফৰবন্ধীয়া  প্ৰাথমিক শাখাৰ নামঘৰৰ প্ৰাঙ্গনৰ  অনুষ্ঠিত হয় এই অধিবেশন।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.