Shuru
Apke Nagar Ki App…
ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
Charaideo news
ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।
More news from অসম and nearby areas
- ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।1
- গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।3
- মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ1
- ঢেকীয়াজুলি শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত প্ৰাক ভোগালী উদ্যাপন1
- Post by Pawanveer TOURS and travels Bishnu Singh1
- বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।1
- ড্ৰাগছ মাফিয়াৰ বিপদ ঘন্টা বজাইছে আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মা জোৰশিমুলীত আকৌ ড্ৰাগছসহ আটক সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এতিয়া শূন্য সহনশীলতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে। বিশেষকৈ দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মা এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে এক মূৰৰ কামোৰণি। যোগদান কৰাৰ দুমাহ নহওঁতেই এটাৰ পিছত আন এটা সফল অভিযানে কঁকাল ভাঙিছে ড্ৰাগছ ব্যৱসায়ীৰ। ড্ৰাগছ মাফিয়াৰ হৈ কোনো দয়া নাই, ক্ষমা নাই আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ। জোৰশিমুলী আৰক্ষী চকীত যোগদান কৰাৰ পিছৰে পৰাই যেন 'একচন মুড'ত আছে এইগৰাকী আৰক্ষী বিষয়া। এফালৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰি ড্ৰাগছ মাফিয়াৰ টোপনি হৰণ কৰিছে আৰক্ষীয়ে। এইবাৰ ঘটনাস্থলী দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ ঘোঁৰামাৰা পথাৰ। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘোঁৰামাৰা পথাৰত চলাইছিল এক অতৰ্কিত অভিযান। অভিযানত আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘোঁৰামাৰা পথাৰ গাঁৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হামিদ আলীক। ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১০ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা ম’বাইল ফোন জব্দ কৰে।1
- শিৱসাগৰ বকতাত শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ অধিবেশন। ১০ আৰু ১১ জানুৱাৰী তাৰিখত অনুস্থিত হ'য় এই অনুস্থান। শিৱসাগৰ জিলাৰ বকতাৰ ফৰবন্ধীয়া শাখাৰ সোণালী জয়ন্তী লগতে নেমুগুৰি আঞ্চলিকৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন ১০,১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ এই অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে । ফৰবন্ধীয়া প্ৰাথমিক শাখাৰ নামঘৰৰ প্ৰাঙ্গনৰ অনুষ্ঠিত হয় এই অধিবেশন।1