logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে বিগত বছৰ সমূহৰ দৰে এইবেলিও উন্নত ফলাফল ডাঙি ধৰিছে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠা কালৰে পৰা গণিত আৰু পৰিসংখ্যা বিষয়ত পাঠদান কৰি অহা শিক্ষা প্ৰতিষ্ঠান খনিৰ অন্যতম শিক্ষক দেৱজিৎ দাস। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ধাৰাবাহিক সাফল্যৰ আঁৰৰ অন্যতম এগৰাকী শিক্ষক দেৱজিৎ দাসৰ বাসগৃহত উপস্থিত হৈ এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হৈছিলো। আহক আমি আলোচনাৰ মাজলৈ যাওঁ।

4 hrs ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency ৰূপাহী, নগাঁও, অসম•
4 hrs ago

নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে বিগত বছৰ সমূহৰ দৰে এইবেলিও উন্নত ফলাফল ডাঙি ধৰিছে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠা কালৰে পৰা গণিত আৰু পৰিসংখ্যা বিষয়ত পাঠদান কৰি অহা শিক্ষা প্ৰতিষ্ঠান খনিৰ অন্যতম শিক্ষক দেৱজিৎ দাস। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ধাৰাবাহিক সাফল্যৰ আঁৰৰ অন্যতম এগৰাকী শিক্ষক দেৱজিৎ দাসৰ বাসগৃহত উপস্থিত হৈ এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হৈছিলো। আহক আমি আলোচনাৰ মাজলৈ যাওঁ।

More news from অসম and nearby areas
  • ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে। ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত। শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো
    1
    ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে।
ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত।
শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    19 min ago
  • ধিঙৰ ডুমডুমীয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন। ডুমডুমীয়াৰ বলিকটিয়াত মটৰ চাইকেল আৰু ট্ৰেক্টৰৰ সংঘৰ্ষত থিতাতে নিহত এজন। নিহত লোকজন বাইক আৰোহি বৰালিমাৰী গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ জালিম মূৰ্তজা। জালিম মূৰ্তজাই নিজৰ AS02AU4308 নং প্লেটিনা বাইক লৈ ডুমডুমীয়া অভিমুখে তীব্ৰ বেগত গৈ থকা অৱস্থাত সন্মুখত নম্বৰ প্লেট বিহীন ট্ৰেক্টৰ চপাই দিয়াত খুন্দা খাই চিটিকি পৰে আৰু লগে লগে নিহত হয়। ঘটনাস্থলীত স্থানীয় দগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নগাওঁ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
    1
    ধিঙৰ ডুমডুমীয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন।
ডুমডুমীয়াৰ বলিকটিয়াত মটৰ চাইকেল আৰু ট্ৰেক্টৰৰ সংঘৰ্ষত থিতাতে নিহত এজন।
নিহত লোকজন বাইক আৰোহি বৰালিমাৰী গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ জালিম মূৰ্তজা।
জালিম মূৰ্তজাই নিজৰ AS02AU4308 নং প্লেটিনা বাইক লৈ ডুমডুমীয়া অভিমুখে তীব্ৰ বেগত গৈ থকা অৱস্থাত সন্মুখত নম্বৰ প্লেট বিহীন ট্ৰেক্টৰ চপাই দিয়াত খুন্দা খাই চিটিকি পৰে আৰু লগে লগে নিহত হয়।
ঘটনাস্থলীত স্থানীয় দগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নগাওঁ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    37 min ago
  • মুখ্যমন্ত্ৰীৰ বাবে পৰিয়ালে চাব নোৱাৰে টি ভি? ৰকিবুলৰ ডাঙৰ অভিযোগ! ৰকিবুল হুছেইনৰ সংবাদ মেল
    1
    মুখ্যমন্ত্ৰীৰ বাবে পৰিয়ালে চাব নোৱাৰে টি ভি? ৰকিবুলৰ ডাঙৰ অভিযোগ!
ৰকিবুল হুছেইনৰ সংবাদ মেল
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ফালৰপৰা সম্বৰ্ধনা।
    1
    সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ  ফালৰপৰা সম্বৰ্ধনা।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    14 hrs ago
  • ৰূপহীহাটৰ কাছখাইতিস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা ভাল ফলাফল লাভ কৰা শিক্ষাৰ্থীসকলক আজি একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন স্থাপন হোৱাৰ কালৰে পৰাই ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে। বিদ্যালয়খনত গুণগত মানদণ্ডৰ শিক্ষকৰ দ্বাৰা শিক্ষা দান দিয়া এটা প্ৰতিষ্ঠান।কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কলা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯০ শতাংশ নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে জেৰিনা ওৱহিদে।ৰূপহীহাটৰ উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩ গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩ গৰাকী আৰু তৃতীয় বিভাগত ৯ গৰাকীয়ে উত্তীৰ্ণ হয়।বিদ্যালয়খনৰ এশ শতাংশ ফলাফলত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।ভাল ফলাফল অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ শিক্ষা গুৰুসকলৰ প্ৰসংশাত পঞ্চমুখ। উক্ত সম্বৰ্ধনা অনুষ্ঠানত লাওখোৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা প্ৰিয়ংকা বৰদলৈ,কাছখাইতি ক্লাষ্টাৰ চি আৰ চি চি মুছফিকুৰ ৰহমানক প্ৰমূখ্য কৰি অভিভাৱক আৰু এই অঞ্চলৰ বিশিষ্ট গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে। লাওখোৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা প্ৰিয়ংকা বৰদলৈয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ভাল ফলাফল অৰ্জন কৰা শিক্ষাৰ্থীক উজ্জ্বল ভৱিষ্যত কামনা কৰে।
    1
    ৰূপহীহাটৰ কাছখাইতিস্থিত  আগশাৰীৰ শিক্ষানুষ্ঠান দ্বীপ জ্যোতি  বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা ভাল ফলাফল লাভ কৰা শিক্ষাৰ্থীসকলক আজি একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন স্থাপন হোৱাৰ কালৰে পৰাই ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে। বিদ্যালয়খনত গুণগত মানদণ্ডৰ শিক্ষকৰ দ্বাৰা শিক্ষা দান দিয়া এটা প্ৰতিষ্ঠান।কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কলা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯০ শতাংশ নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে জেৰিনা ওৱহিদে।ৰূপহীহাটৰ উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩ গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩ গৰাকী আৰু তৃতীয় বিভাগত ৯ গৰাকীয়ে উত্তীৰ্ণ হয়।বিদ্যালয়খনৰ এশ শতাংশ ফলাফলত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।ভাল ফলাফল অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ শিক্ষা গুৰুসকলৰ প্ৰসংশাত পঞ্চমুখ। উক্ত সম্বৰ্ধনা অনুষ্ঠানত লাওখোৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা প্ৰিয়ংকা বৰদলৈ,কাছখাইতি ক্লাষ্টাৰ চি আৰ চি চি মুছফিকুৰ ৰহমানক প্ৰমূখ্য কৰি অভিভাৱক আৰু এই অঞ্চলৰ বিশিষ্ট গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে। লাওখোৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষা প্ৰিয়ংকা বৰদলৈয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ভাল ফলাফল অৰ্জন কৰা শিক্ষাৰ্থীক উজ্জ্বল ভৱিষ্যত কামনা কৰে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
  • উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত আটাই কেইটা বিষয়ত লেটাৰ মাৰ্ক সহ ৯২ শতাংশ উত্তীৰ্ণৰে লাওঁখোৱালৈ গৌৰৱ কঢ়িয়াই আনিছে পিতৃ হাৰা মিনাক্ষী চ্যাটাৰ্জীয়ে। ৫ বছৰ বয়সত পিতৃৰ মৃত্যু হোৱাৰ পিছত মাতৃয়ে কেতিয়াবা ইটা ভাটা কেতিয়াবা লোকৰ ঘৰত দিন হাজিৰা কৰিছিল। বৰ্তমান লাওঁখোৱা হাইস্কুলৰ সন্মুখত সৰু এটি দোকানৰ পৰা ঘৰখনৰ একমাত্ৰ কন্যা সন্তানৰ পঢ়াৰ খৰচ যোগান ধৰিছিল। ঘৰখনৰ একমাত্ৰ কন্যা সন্তান সন্তান মিনাক্ষী চ্যাটাৰ্জী। আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আটাই কেইটা বিষয়ত লেটাৰ সহ ৯২ শতাংশ উত্তীৰ্ণৰে ফলাফলেৰে উজলি উঠিছে। সমগ্ৰ লাওঁখোৱা অঞ্চললৈ গৌৰব কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে লাওঁখোৱা বাসী।
    1
    উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত আটাই কেইটা বিষয়ত লেটাৰ মাৰ্ক সহ ৯২ শতাংশ উত্তীৰ্ণৰে লাওঁখোৱালৈ গৌৰৱ কঢ়িয়াই আনিছে পিতৃ হাৰা মিনাক্ষী চ্যাটাৰ্জীয়ে। 
৫ বছৰ বয়সত পিতৃৰ মৃত্যু হোৱাৰ পিছত মাতৃয়ে কেতিয়াবা ইটা ভাটা কেতিয়াবা লোকৰ ঘৰত দিন হাজিৰা কৰিছিল। 
বৰ্তমান লাওঁখোৱা হাইস্কুলৰ সন্মুখত সৰু এটি দোকানৰ পৰা ঘৰখনৰ একমাত্ৰ কন্যা সন্তানৰ পঢ়াৰ খৰচ যোগান ধৰিছিল। ঘৰখনৰ একমাত্ৰ কন্যা সন্তান সন্তান মিনাক্ষী চ্যাটাৰ্জী। 
আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আটাই কেইটা বিষয়ত লেটাৰ সহ ৯২ শতাংশ উত্তীৰ্ণৰে ফলাফলেৰে উজলি উঠিছে।
সমগ্ৰ লাওঁখোৱা অঞ্চললৈ গৌৰব কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে লাওঁখোৱা বাসী।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    21 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    4 hrs ago
  • নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ফালাহ গ্ৰুপ অফ ইনষ্টিটিউট চমুকৈ FGI শিক্ষানুষ্ঠানৰ ছাত্ৰী ,আজাদ নগৰৰ নিবাসী জাকীৰ হুছেইন ভূঞাৰ জেষ্ঠ কন্যা ওৱাসিমা আকতাৰা ভূঞাই বিজ্ঞান শাখাত ৮২.৮% শতাংশ নম্বৰ অৰ্জন কৰি সুখ্যাতিৰে সফলতা লাভ কৰাত পৰিয়ালবৰ্গ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ অতি পৰিতাপৰ বিষয় এই যে পৰীক্ষাৰ প্ৰাকক্ষণত প্রায় ছমাহ কাল চিকিৎসাজনীত কাৰণত পঢ়াশুনা কৰিব পৰা নাছিল যদিও যিখিনি সফলতা আৰ্জিলে তাক লৈয়ে পৰিয়াল বৰ্গ সুখী বুলি জানিব দিয়ে।
    1
    নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ফালাহ গ্ৰুপ অফ ইনষ্টিটিউট চমুকৈ FGI শিক্ষানুষ্ঠানৰ ছাত্ৰী ,আজাদ নগৰৰ নিবাসী জাকীৰ হুছেইন ভূঞাৰ জেষ্ঠ কন্যা ওৱাসিমা আকতাৰা ভূঞাই বিজ্ঞান শাখাত ৮২.৮%  শতাংশ নম্বৰ অৰ্জন কৰি  সুখ্যাতিৰে সফলতা লাভ কৰাত পৰিয়ালবৰ্গ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷
অতি পৰিতাপৰ বিষয় এই যে পৰীক্ষাৰ প্ৰাকক্ষণত প্রায় ছমাহ কাল চিকিৎসাজনীত কাৰণত পঢ়াশুনা কৰিব পৰা নাছিল যদিও যিখিনি সফলতা আৰ্জিলে তাক লৈয়ে পৰিয়াল বৰ্গ সুখী বুলি জানিব দিয়ে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.