Shuru
Apke Nagar Ki App…
ধিং পৌৰসভাই শনিবাৰে সন্ধিয়া ধিং চহৰত এক বৃহৎ উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে ভূমি বেদখল কৰি একাংশই অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি পেলোৱা হয়। পৌৰসভাৰ বিষয়াসকলে জে চি বি ব্যৱহাৰ কৰি এই উচ্ছেদ কাৰ্যসূচী ৰূপায়ণ কৰে। এই অভিযানৰ সময়ত অবৈধভাৱে মজুত ৰখা বহু সামগ্ৰীও জব্দ কৰা হয়।
Chandan hira
ধিং পৌৰসভাই শনিবাৰে সন্ধিয়া ধিং চহৰত এক বৃহৎ উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে ভূমি বেদখল কৰি একাংশই অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি পেলোৱা হয়। পৌৰসভাৰ বিষয়াসকলে জে চি বি ব্যৱহাৰ কৰি এই উচ্ছেদ কাৰ্যসূচী ৰূপায়ণ কৰে। এই অভিযানৰ সময়ত অবৈধভাৱে মজুত ৰখা বহু সামগ্ৰীও জব্দ কৰা হয়।
More news from অসম and nearby areas
- অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।1
- নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে। ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।3
- ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ছাত্ৰী ছাবানা ইয়াছমিনক তেওঁৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হ'ল। এই উপলক্ষে, প্ৰাক্তন ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ ছাত্ৰী জীৱনৰ বহু কথা আমাৰ আগত প্ৰকাশ কৰে।1
- মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী পথচাৰীৰ লগতে চাৰিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে তীব্ৰ গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাইকে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে, যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে দুজনক নগাঁৱলৈ পঠিয়ায়।2