ড'নাল্ড ট্ৰাম্পৰ অতিৰিক্ত কৰ আৰোপ নীতিৰ বিৰুদ্ধে চি আই টি ইউৰ প্ৰতিবাদ ৫ ছেপ্টেম্বৰ, ২০২৫ : গুৱাহাটী ::: যোৱা ১ ছেপ্টেম্বৰ ২০২৫ত সমগ্ৰ দেশৰ লগতে অসমতো চি আই টি ইউয়ে সাম্ৰাজ্যবাদ বিৰোধী দিৱস পালন কৰে। এই উপলক্ষ্যে অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক নেতৃত্বই কয় যে অতি সম্প্ৰতি আমেৰিকাৰ পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আমাৰ দেশৰ ৰপ্তানি আৰু আমদানি বাণিজ্যত নিত্য নতুন কৰৰ বোজা জাপি দি আছে। এতিয়া তেনে কৰ ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে। যাৰ ফলত আমাৰ দেশৰ বহু উদ্যোগপতিয়ে উদ্যোগ বন্ধৰ পথ ল'বলৈ বাধ্য হৈছে আৰু ব্যাপক হাৰত শ্ৰমিক চাটাইৰ পথ লৈছে। উল্লেখযোগ্য যে ভাৰতে আমেৰিকালৈ বছৰি প্ৰায় ৯০ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে। কৃষিজাত সামগ্ৰী, কেমিকেল, প্লাষ্টিক আৰু বিভিন্ন প্ৰকাৰৰ ধাতু আমেৰিকালৈ ৰপ্তানি কৰে। সেইদৰে আমেৰিকাৰ পৰা তেল, চিমেণ্ট, গ্লাচ, মেচিনৰ অংশ, গাড়ীৰ অংশ আদি আমদানি কৰে। আমেৰিকাৰ এনে কাণ্ড দেখি ভাৰতে যেতিয়া ৰাছিয়াৰ পৰা তেল অনাৰ কথা চিন্তা কৰিলে তেতিয়া আমেৰিকাই ভাৰতক ২৫ শতাংশ পেনালটি দিব লাগিব বুলি ভাবুকি দিলে। ড'নাল্ড ট্ৰাম্পৰ এই কাৰ্য হৈছে অৰ্থনৈতিক সন্ত্ৰাস। নিজৰ দেশৰ বাণিজ্যিক ঘাটি ব্যাপক হাৰত বৃদ্ধি পাইছে। আমেৰিকাৰ বৃহৎ বৃহৎ বহুজাতিক নিগমবোৰে সংকটত ভুগিছে আৰু সিহঁতক সংকটমুক্ত কৰাৰ বাবে ড'নাল্ড ট্ৰাম্পে ভাৰতকে ধৰি অন্যান্য দেশত অৰ্থনৈতিক সন্ত্ৰাস চলাইছে। আনহাতে এই ড'নাল্ড ট্ৰাম্পৰ আশীৰ্বাদতে ইজৰাইলে মতলীয়া হৈ পেলেষ্টাইনৰ ওপৰত জঘন্য আক্ৰমণ চলাই আছে। গাজাষ্ট্ৰীটত হত্যালীলা চলাই আছে। ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়াৰ পাছতো পেলেষ্টাইনক স্বাধীনতা দিয়াত ভেটো প্ৰয়োগ কৰি আছে। চি আই টি ইউয়ে ড'নাল্ড ট্ৰাম্প নেতৃত্বাধীন আমেৰিকাৰ উল্লেখিত সকলো কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই সিদিনা দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত চি আই টি ইউৰ কৰ্মকৰ্তাসকল সমৱেত হৈ “মাৰ্কিন সাম্ৰাজ্যবাদ নিপাত যাওক”, “ড'নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত দপদপনি বন্ধ কৰক”, “ড'নাল্ড ট্ৰাম্পে প্ৰয়োগ কৰা অতিৰিক্ত কৰৰ বোজা অতিশীঘ্ৰে প্ৰত্যাহাৰ কৰক”, “ইজৰাইলে গাজাত চলাই থকা হত্যালীলা বন্ধ কৰক”, “পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়ক” ইত্যাদি শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, অন্যতম সম্পাদক মদন তালুকদাৰ আৰু জে চি টি ইউৰ আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতাই বক্তব্য ৰাখি ড'নাল্ড ট্ৰাম্পৰ অৰ্থনৈতিক সন্ত্ৰাস আৰু যুদ্ধবাজ নীতিৰ বিৰুদ্ধে সৰ্বস্তৰৰ দেশপ্ৰেমিক ৰাইজক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।◾
ড'নাল্ড ট্ৰাম্পৰ অতিৰিক্ত কৰ আৰোপ নীতিৰ বিৰুদ্ধে চি আই টি ইউৰ প্ৰতিবাদ ৫ ছেপ্টেম্বৰ, ২০২৫ : গুৱাহাটী ::: যোৱা ১ ছেপ্টেম্বৰ ২০২৫ত সমগ্ৰ দেশৰ লগতে অসমতো চি আই টি ইউয়ে সাম্ৰাজ্যবাদ বিৰোধী দিৱস পালন কৰে। এই উপলক্ষ্যে অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক নেতৃত্বই কয় যে অতি সম্প্ৰতি আমেৰিকাৰ পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আমাৰ দেশৰ ৰপ্তানি আৰু আমদানি বাণিজ্যত নিত্য নতুন কৰৰ বোজা জাপি দি আছে। এতিয়া তেনে কৰ ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে। যাৰ ফলত আমাৰ দেশৰ বহু উদ্যোগপতিয়ে উদ্যোগ বন্ধৰ পথ ল'বলৈ বাধ্য হৈছে আৰু ব্যাপক হাৰত শ্ৰমিক চাটাইৰ পথ লৈছে। উল্লেখযোগ্য যে ভাৰতে আমেৰিকালৈ বছৰি প্ৰায় ৯০ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে। কৃষিজাত সামগ্ৰী, কেমিকেল, প্লাষ্টিক আৰু বিভিন্ন প্ৰকাৰৰ ধাতু আমেৰিকালৈ ৰপ্তানি কৰে। সেইদৰে আমেৰিকাৰ পৰা তেল, চিমেণ্ট, গ্লাচ, মেচিনৰ অংশ, গাড়ীৰ অংশ আদি আমদানি কৰে। আমেৰিকাৰ এনে কাণ্ড দেখি ভাৰতে যেতিয়া ৰাছিয়াৰ পৰা তেল অনাৰ কথা চিন্তা কৰিলে তেতিয়া আমেৰিকাই ভাৰতক ২৫ শতাংশ পেনালটি দিব লাগিব বুলি ভাবুকি দিলে। ড'নাল্ড ট্ৰাম্পৰ এই কাৰ্য হৈছে অৰ্থনৈতিক সন্ত্ৰাস। নিজৰ দেশৰ বাণিজ্যিক
ঘাটি ব্যাপক হাৰত বৃদ্ধি পাইছে। আমেৰিকাৰ বৃহৎ বৃহৎ বহুজাতিক নিগমবোৰে সংকটত ভুগিছে আৰু সিহঁতক সংকটমুক্ত কৰাৰ বাবে ড'নাল্ড ট্ৰাম্পে ভাৰতকে ধৰি অন্যান্য দেশত অৰ্থনৈতিক সন্ত্ৰাস চলাইছে। আনহাতে এই ড'নাল্ড ট্ৰাম্পৰ আশীৰ্বাদতে ইজৰাইলে মতলীয়া হৈ পেলেষ্টাইনৰ ওপৰত জঘন্য আক্ৰমণ চলাই আছে। গাজাষ্ট্ৰীটত হত্যালীলা চলাই আছে। ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়াৰ পাছতো পেলেষ্টাইনক স্বাধীনতা দিয়াত ভেটো প্ৰয়োগ কৰি আছে। চি আই টি ইউয়ে ড'নাল্ড ট্ৰাম্প নেতৃত্বাধীন আমেৰিকাৰ উল্লেখিত সকলো কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই সিদিনা দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত চি আই টি ইউৰ কৰ্মকৰ্তাসকল সমৱেত হৈ “মাৰ্কিন সাম্ৰাজ্যবাদ নিপাত যাওক”, “ড'নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত দপদপনি বন্ধ কৰক”, “ড'নাল্ড ট্ৰাম্পে প্ৰয়োগ কৰা অতিৰিক্ত কৰৰ বোজা অতিশীঘ্ৰে প্ৰত্যাহাৰ কৰক”, “ইজৰাইলে গাজাত চলাই থকা হত্যালীলা বন্ধ কৰক”, “পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়ক” ইত্যাদি শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, অন্যতম সম্পাদক মদন তালুকদাৰ আৰু জে চি টি ইউৰ আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতাই বক্তব্য ৰাখি ড'নাল্ড ট্ৰাম্পৰ অৰ্থনৈতিক সন্ত্ৰাস আৰু যুদ্ধবাজ নীতিৰ বিৰুদ্ধে সৰ্বস্তৰৰ দেশপ্ৰেমিক ৰাইজক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।◾