প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰীয়া কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলাত ১৮ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে 'জনকল্যাণ শিবিৰ'ৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তিনিচুকীয়া পৌৰসভাৰ উদ্যোগত গেলাপুখুৰীস্থিত কনভেনচন চেন্টাৰত এক 'জনকল্যাণ শিবিৰ' সফলতাৰে অনুষ্ঠিত হৈ যায়। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক পুলক গোহাঁই, তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষ পুলক চেতিয়া, উপাধ্যক্ষা ইন্দিৰা ৰয়, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, এ.পি.ডি.চি.এলৰ অধ্যক্ষ ভবেন শৰ্মা আৰু অসম হাইড্ৰ' কাৰ্বন লিমিটেডৰ উপাধ্যক্ষ শিৱজী ডুবে উপস্থিত থাকে। ইয়াৰ উপৰি, সমাজকৰ্মী উজ্বল কাশ্যপৰ লগতে তিনিচুকীয়া পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলেও কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আজিৰ এই শিবিৰত জিলা প্ৰশাসনৰ মীন বিভাগ, কৃষি বিভাগ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM), পশুপালন ও পশু চিকিৎসা বিভাগ, জিলা শিশু সুৰক্ষা বিভাগ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগে বিভিন্ন চৰকাৰী আচঁনিৰ সজাগতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ আটাইকেইটা উন্নয়ন খণ্ড, পৌৰসভা আৰু টাউন কমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু চহৰ অঞ্চলত এই 'জনকল্যাণ শিবিৰ'সমূহৰ আয়োজন কৰা হৈছে। এই শিবিৰসমূহৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক কেৱল সজাগ কৰাই নহয়, বৰঞ্চ আধাৰ কাৰ্ড, পি.এম গৰীৱ কল্যাণ যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, আয়ুষ্মান কাৰ্ড, কিষাণ ক্ৰেডিট কাৰ্ড, চ'ইল হেলথ কাৰ্ড, পিএম কিষাণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, পি.এম স্বনিধি আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহ পোনপটীয়াকৈ আৰু সহজভাৱে ৰাইজৰ মাজত উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। এই 'জনকল্যাণ শিবিৰ'সমূহে সৰ্বসাধাৰণ ৰাইজৰ অভাৱ-অভিযোগসমূহ থিতাতে সমাধান কৰাৰ লগতে চৰকাৰী সেৱা তথা আঁচনিসমূহ পোনপটীয়াকৈ জনসাধাৰণৰ দুৱাৰদলিলৈ নিয়াত এক বলিষ্ঠ ভূমিকা পালন কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰীয়া কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলাত ১৮ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে 'জনকল্যাণ শিবিৰ'ৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তিনিচুকীয়া পৌৰসভাৰ উদ্যোগত গেলাপুখুৰীস্থিত কনভেনচন চেন্টাৰত এক 'জনকল্যাণ শিবিৰ' সফলতাৰে অনুষ্ঠিত হৈ যায়। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক পুলক গোহাঁই, তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষ পুলক চেতিয়া, উপাধ্যক্ষা ইন্দিৰা ৰয়, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, এ.পি.ডি.চি.এলৰ অধ্যক্ষ ভবেন শৰ্মা আৰু অসম হাইড্ৰ' কাৰ্বন লিমিটেডৰ উপাধ্যক্ষ শিৱজী ডুবে উপস্থিত থাকে। ইয়াৰ উপৰি,
সমাজকৰ্মী উজ্বল কাশ্যপৰ লগতে তিনিচুকীয়া পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলেও কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আজিৰ এই শিবিৰত জিলা প্ৰশাসনৰ মীন বিভাগ, কৃষি বিভাগ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM), পশুপালন ও পশু চিকিৎসা বিভাগ, জিলা শিশু সুৰক্ষা বিভাগ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগে বিভিন্ন চৰকাৰী আচঁনিৰ সজাগতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ আটাইকেইটা উন্নয়ন খণ্ড, পৌৰসভা আৰু টাউন কমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু চহৰ অঞ্চলত এই 'জনকল্যাণ
শিবিৰ'সমূহৰ আয়োজন কৰা হৈছে। এই শিবিৰসমূহৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক কেৱল সজাগ কৰাই নহয়, বৰঞ্চ আধাৰ কাৰ্ড, পি.এম গৰীৱ কল্যাণ যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, আয়ুষ্মান কাৰ্ড, কিষাণ ক্ৰেডিট কাৰ্ড, চ'ইল হেলথ কাৰ্ড, পিএম কিষাণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, পি.এম স্বনিধি আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহ পোনপটীয়াকৈ আৰু সহজভাৱে ৰাইজৰ মাজত উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। এই 'জনকল্যাণ শিবিৰ'সমূহে সৰ্বসাধাৰণ ৰাইজৰ অভাৱ-অভিযোগসমূহ থিতাতে সমাধান কৰাৰ লগতে চৰকাৰী সেৱা তথা আঁচনিসমূহ পোনপটীয়াকৈ জনসাধাৰণৰ দুৱাৰদলিলৈ নিয়াত এক বলিষ্ঠ ভূমিকা পালন কৰিছে।
- আজি বাৰেকুৰি জাতীয় বিদ্যালয়ৰ প্ৰাংগনত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ যুটীয়া উদ্যোগত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বাৰেকুৰি অঞ্চলটোৰ ২১ খন গাঁৱৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো এনে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।1
- দুলীয়াজানৰ জনসাধাৰণৰ বাবে এক ইতিবাচক খবৰ আহিছে, যিটোৱে অঞ্চলজুৰি আনন্দৰ সৃষ্টি কৰিছে। দেওবাৰে দুলীয়াজানৰ মাধপপুৰত নিৰ্মাণ কৰা নাহৰকটীয়া আৰু দুলীয়াজানক সংযোগ কৰা উৰণীয়া সেতুখন মুকলি কৰা হ'ব। এই গুৰুত্বপূৰ্ণ উৰণীয়া সেতুখন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।1
- ডুমডুমা শতদল শাখা সাহিত্য সভা আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। এই দুয়োটা সংগঠনে মিলি এই দিৱসটি পালন কৰিছে।1
- আজি দিন দুপৰতে মাৰ্ঘেৰিটা নগৰৰ ভিনিয়াৰ মিল চৌহদৰ ভিতৰত বাঘে বিচৰণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। বনৰাজ হিচাপে জনাজাত বাঘটোৱে এটা ছাগলী মাৰি তাতোকৈ অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পিছত উধাও হয়। স্থানীয় লোকে প্ৰত্যক্ষ কৰা এই বাঘটোৱে এটা ছাগলী মাৰিছিল। স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত বনৰজা জংঘলৰ মাজত সোমাই পৰে। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা স্থিত ডেৰশ বছৰ পুৰণি A'R & T Company ভিনিয়াৰ মিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত ইয়াৰ চৌহদত ডাঙৰ ডাঙৰ হাবি-জংঘলৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা নগৰৰ জনবসতিপূৰ্ণ এলেকাত বাঘ ওলোৱাক লৈ স্থানীয় লোকে গভীৰ আশ্চৰ্য প্ৰকাশ কৰিছে। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ডিগবৈ সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা পূৱ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মী দল আৰু মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত আৰু লাহোৱাল প্ৰেছ ক্লাৱ লগতে হাবিচুক গাঁওবাসী ৰাইজৰ আতিথ্যত দ্বিতীয় বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।1
- সোণাৰি সমষ্টিৰ ২নং ধুনীয়াপথাৰ গাঁৱত “কঠিয়া সিঁচা পৰ্ব” শীৰ্ষক এক কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হৈছে। বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত কঠিয়া নষ্ট হৈ ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক সহায় কৰাৰ লগতে পুনৰ খেতি আৰম্ভ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যৰে এই পৰ্বৰ আয়োজন কৰা হৈছিল। সাপেখাটী মণ্ডলৰ বিষয়ববীয়াসকলে আয়োজন কৰা এই অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে। তেওঁ কৃষকসকলৰ সৈতে মত-বিনিময় কৰে আৰু কৃষি খণ্ডৰ উন্নয়ন তথা কৃষকৰ স্বাৱলম্বিতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। বিধায়ক কোঁৱৰে লগতে উল্লেখ কৰে যে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক পুনৰ উৎপাদনমুখী কৰি তোলাৰ বাবে এইধৰণৰ পদক্ষেপ অতি তাৎপৰ্যপূৰ্ণ। কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক প্ৰয়োজনীয় কঠিয়া আৰু কৃষিকাৰ্য সম্পৰ্কীয় সহায় আগবঢ়োৱা হয়, যাৰ ফলত তেওঁলোকে পুনৰ খেতি আৰম্ভ কৰাৰ সুযোগ পাব আৰু কৃষি উৎপাদন বৃদ্ধিত সহায়ক হ'ব বুলি আশা কৰা হৈছে। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কৃষকসকলৰ কল্যাণক অগ্ৰাধিকাৰ দি আগন্তুক দিনতো কৃষি উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ অব্যাহত ৰখা হ'ব বুলি জনায়। তেওঁ এই “কঠিয়া সিঁচা পৰ্ব”ৰ জৰিয়তে ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ হোৱাৰ লগতে কৃষিভিত্তিক অৰ্থনীতি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা ব্যক্ত কৰে। কঠিয়া তলিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক কঠিয়া সিঁচাতো ব্যস্ত থকা দেখা যায়।1
- মৰাণ অঞ্চলত দিনক দিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ ফলত স্থানীয় লোকসকলৰ নিদ্ৰাহৰণ হৈছে। এই বৰ্ধিত চুৰি কাৰ্যৰ মাজতে শেহতীয়াভাৱে মৰাণৰ কুশল নগৰত অৱস্থিত নামঘৰটোত চুৰে চুৰিকাৰ্য সংঘটিত কৰে।1
- আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে, আৰু এই উপলক্ষে দুলীয়াজান ক্লাৱত এক বিশেষ পৰিবেশ দেখা গৈছে। ইয়াত স্থানীয় মহিলাসকলে একলগ হৈ সুমধুৰ ৰাভা সংগীত পৰিবেশন কৰে, যিয়ে অনুষ্ঠানটোক এক ভিন্ন মাত্ৰা প্ৰদান কৰিছে।1