logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চতিয়া পৌৰ সভাৰ অন্তৰ্গত চতিয়া টাউনৰ নতুন চেন্টাৰত আজি এটা ৰাজহুৱা প্ৰসাৱগাৰ আৰু শৌচাগাৰ মুকলি কৰা হয়। নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় পদ্ম হাজৰিকাই এই ৰাজহুৱা প্ৰসাৱগাৰ আৰু শৌচাগাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

2 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
2 hrs ago
a879f5b7-ba82-4f8e-ae74-3a8e30644c6a
310ca601-3151-4ffa-9c2e-0acb659d80de
b83375bc-52f9-441b-aeb7-f65fee2604db

চতিয়া পৌৰ সভাৰ অন্তৰ্গত চতিয়া টাউনৰ নতুন চেন্টাৰত আজি এটা ৰাজহুৱা প্ৰসাৱগাৰ আৰু শৌচাগাৰ মুকলি কৰা হয়। নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় পদ্ম হাজৰিকাই এই ৰাজহুৱা প্ৰসাৱগাৰ আৰু শৌচাগাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

More news from অসম and nearby areas
  • বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত আজি বিশ্বনাথৰ পানীভড়ালৰ আৰক্ষী চাউনিত বিগত বৰ্ষত জব্দ কৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য দাহন কৰা হৈছে। এই কাৰ্যসূচীত জিলাখনত পূৰ্বে জব্দ কৰা মুঠ ১৬৩ কেজি গাঞ্জা আৰু ১৮.৫ গ্ৰাম হেৰইন পুৰি ধ্বংস কৰা হয়। দাহন কৰা এই ড্ৰাগছ আৰু গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৮৬ লাখ টকা বুলি জানিব পৰা গৈছে। ইয়াৰে ভিতৰত গাঞ্জাখিনিৰ আনুমানিক মূল্য প্ৰায় ৮২ লাখ টকা আৰু হেৰইনৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪ লাখ টকা। আজিৰ এই নিচাযুক্ত দ্ৰব্য দাহন কাৰ্যসূচীত বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰান বসুমতাৰী, বিশ্বনাথৰ ন্যায়িক দণ্ডাধীশ প্ৰাঞ্জিতা কোঁৱৰ আৰু কাৰ্যবাহী দণ্ডাধীশ সংযুক্ত গগৈ আদি উপস্থিত থাকে।
    4
    বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত আজি বিশ্বনাথৰ পানীভড়ালৰ আৰক্ষী চাউনিত বিগত বৰ্ষত জব্দ কৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য দাহন কৰা হৈছে। এই কাৰ্যসূচীত জিলাখনত পূৰ্বে জব্দ কৰা মুঠ ১৬৩ কেজি গাঞ্জা আৰু ১৮.৫ গ্ৰাম হেৰইন পুৰি ধ্বংস কৰা হয়। দাহন কৰা এই ড্ৰাগছ আৰু গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৮৬ লাখ টকা বুলি জানিব পৰা গৈছে। ইয়াৰে ভিতৰত গাঞ্জাখিনিৰ আনুমানিক মূল্য প্ৰায় ৮২ লাখ টকা আৰু হেৰইনৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪ লাখ টকা।

আজিৰ এই নিচাযুক্ত দ্ৰব্য দাহন কাৰ্যসূচীত বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰান বসুমতাৰী, বিশ্বনাথৰ ন্যায়িক দণ্ডাধীশ প্ৰাঞ্জিতা কোঁৱৰ আৰু কাৰ্যবাহী দণ্ডাধীশ সংযুক্ত গগৈ আদি উপস্থিত থাকে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    2 hrs ago
  • অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    1
    অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    7 hrs ago
  • মৰিগাঁও জিলাৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে এক সুখবৰ। কেইজনমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত মৰিগাঁও জিলাৰ কহুঁৱাটিৰ মূল পথৰ কাষত নতুনকৈ মুকলি কৰা হৈছে ‘মহাবাহু’ নামৰ এটি মাছৰ কাটা। ইয়াৰ ফলত এতিয়াৰে পৰা নগাঁও আৰু মৰিগাঁও অঞ্চলৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা হ’ব। যিসকল লোকে ইয়াৰ পৰা মাছ ক্ৰয় কৰিবলৈ ইচ্ছুক, তেওঁলোকক ৮৪৭১৮২৬৬৭১, ৮৬৩৮৬০২৩৭৭ নাইবা ৮৪৭৩৮৪৯১৫৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    মৰিগাঁও জিলাৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে এক সুখবৰ। কেইজনমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত মৰিগাঁও জিলাৰ কহুঁৱাটিৰ মূল পথৰ কাষত নতুনকৈ মুকলি কৰা হৈছে ‘মহাবাহু’ নামৰ এটি মাছৰ কাটা। ইয়াৰ ফলত এতিয়াৰে পৰা নগাঁও আৰু মৰিগাঁও অঞ্চলৰ মৎস্য ব্যৱসায়ীসকলৰ বাবে মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা হ’ব।

যিসকল লোকে ইয়াৰ পৰা মাছ ক্ৰয় কৰিবলৈ ইচ্ছুক, তেওঁলোকক ৮৪৭১৮২৬৬৭১, ৮৬৩৮৬০২৩৭৭ নাইবা ৮৪৭৩৮৪৯১৫৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    20 hrs ago
  • নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰীত এজন স্বয়ম্ভু দিব্যাং নেতাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই স্বয়ম্ভু নেতাগৰাকীৰ নাম মুস্তাফা কামাল বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে একত্ৰিত হৈ বাটমাৰীৰ স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    1
    নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰীত এজন স্বয়ম্ভু দিব্যাং নেতাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই স্বয়ম্ভু নেতাগৰাকীৰ নাম মুস্তাফা কামাল বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে একত্ৰিত হৈ বাটমাৰীৰ স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    8 hrs ago
  • লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু বিহপুৰীয়া ক্ৰীড়া সন্হাৰ সহযোগত বিহপুৰীয়াৰ স্থায়ী খেলপথাৰত আজিৰে পৰা ১৭ বছৰ অনুৰ্দ্ধ অসম ফুটবল সন্হাৰ এফ মণ্ডলৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ধেমাজী বনাম বিশ্বনাথ চাৰিআলি একাদশৰ মাজত অনুষ্ঠিত হয়। লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ সহকাৰী সম্পাদক ভাস্কৰ চাবুকধৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিহপুৰীয়াৰ প্ৰ প্রাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই। আজিৰ এই উদ্বোধনী খেলখন পৰিচালনা কৰে গুণিণ গগৈয়ে আৰু তেওঁক লাইনত সহায় কৰে কৌশিক নেওগ আৰু অমৃতবসমতাৰীয়ে। খেলখনত চতুৰ্থ ৰেফাৰী হিচাপে দায়িত্ব পালন কৰে দুষ্মন্ত মৰাঙে। বিহপুৰীয়াৰ পৰা নৱজ্যোতি শৰ্মাই জনোৱা অনুসৰি, অহা ১৯ জুলাইত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।
    3
    লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু বিহপুৰীয়া ক্ৰীড়া সন্হাৰ সহযোগত বিহপুৰীয়াৰ স্থায়ী খেলপথাৰত আজিৰে পৰা ১৭ বছৰ অনুৰ্দ্ধ অসম ফুটবল সন্হাৰ এফ মণ্ডলৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ধেমাজী বনাম বিশ্বনাথ চাৰিআলি একাদশৰ মাজত অনুষ্ঠিত হয়। লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ সহকাৰী সম্পাদক ভাস্কৰ চাবুকধৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিহপুৰীয়াৰ প্ৰ প্রাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই।

আজিৰ এই উদ্বোধনী খেলখন পৰিচালনা কৰে গুণিণ গগৈয়ে আৰু তেওঁক লাইনত সহায় কৰে কৌশিক নেওগ আৰু অমৃতবসমতাৰীয়ে। খেলখনত চতুৰ্থ ৰেফাৰী হিচাপে দায়িত্ব পালন কৰে দুষ্মন্ত মৰাঙে। বিহপুৰীয়াৰ পৰা নৱজ্যোতি শৰ্মাই জনোৱা অনুসৰি, অহা ১৯ জুলাইত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    1 hr ago
  • মৰিগাঁও জিলাৰ লহৰীঘাটত ন্যায়ৰ দাবী উত্থাপন হৈছে। ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰি জনাইছে যে তেওঁলোকক ন্যায় লাগে আৰু এই সন্দৰ্ভত ওপৰৰ কৰ্তৃপক্ষকো জনোৱা হৈছিল। কিন্তু ইয়াৰ পিছতো কমিটিৰ মানুহখিনিয়ে এই বিষয়ত এতিয়ালৈকে একো কৰা নাই।
    1
    মৰিগাঁও জিলাৰ লহৰীঘাটত ন্যায়ৰ দাবী উত্থাপন হৈছে। ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰি জনাইছে যে তেওঁলোকক ন্যায় লাগে আৰু এই সন্দৰ্ভত ওপৰৰ কৰ্তৃপক্ষকো জনোৱা হৈছিল। কিন্তু ইয়াৰ পিছতো কমিটিৰ মানুহখিনিয়ে এই বিষয়ত এতিয়ালৈকে একো কৰা নাই।
    user_Faridul islam
    Faridul islam
    লাহৰিঘাট, মৰিগাঁও, অসম•
    4 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    9 hrs ago
  • লখিমপুৰৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত AS 07Y 5352 নম্বৰৰ এখন চুজুকি এছ-প্ৰেছ’ (Suzuki S-Presso) গাড়ী আৰু AS 07BC 7559 নম্বৰৰ এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে সৌভাগ্যক্ৰমে এছ-প্ৰেছ’ গাড়ীখনৰ চালকজন এই ভয়াবহ দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণ অক্ষত অৱস্থাত প্ৰাণ ৰক্ষা পৰে।
    1
    লখিমপুৰৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত AS 07Y 5352 নম্বৰৰ এখন চুজুকি এছ-প্ৰেছ’ (Suzuki S-Presso) গাড়ী আৰু AS 07BC 7559 নম্বৰৰ এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে সৌভাগ্যক্ৰমে এছ-প্ৰেছ’ গাড়ীখনৰ চালকজন এই ভয়াবহ দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণ অক্ষত অৱস্থাত প্ৰাণ ৰক্ষা পৰে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.