Shuru
Apke Nagar Ki App…
চৰাইদেউ জিলাত জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ মাজতে সোনাৰি মঞ্জুশ্ৰী চাহ বাগিছাৰ ১০ নং লাইনৰ লক্ষ্মী তাতী নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰী হঠাৎ প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈছিল। কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পথতে দুৰ্ভাগ্যজনকভাৱে তাইৰ মৃত্যু হয়। অসম-নাগালেণ্ড সীমান্তৱৰ্তী এই দূৰ্গম অঞ্চলটোত জ্বৰত ভুগি এগৰাকী কিশোৰীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব।
Sonari News
চৰাইদেউ জিলাত জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ মাজতে সোনাৰি মঞ্জুশ্ৰী চাহ বাগিছাৰ ১০ নং লাইনৰ লক্ষ্মী তাতী নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰী হঠাৎ প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈছিল। কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পথতে দুৰ্ভাগ্যজনকভাৱে তাইৰ মৃত্যু হয়। অসম-নাগালেণ্ড সীমান্তৱৰ্তী এই দূৰ্গম অঞ্চলটোত জ্বৰত ভুগি এগৰাকী কিশোৰীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব।
More news from অসম and nearby areas
- বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত নষ্ট হোৱা কঠীয়াৰ বাবে ক্ষতিগ্ৰস্ত কৃষকসকলক সহায় কৰাৰ লগতে পুনৰ খেতি আৰম্ভ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যৰে আজি সোণাৰি সমষ্টিৰ ২নং ধুনীয়াপথাৰ গাঁৱত এক “কঠীয়া সিঁচা পৰ্ব” সফলভাৱে অনুষ্ঠিত হয়। এই কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি বানাক্ৰান্ত কৃষকসকলৰ সৈতে মত-বিনিময় কৰে। সাপেখাটী মণ্ডলৰ বিষয়ববীয়াসকলে আয়োজন কৰা এই কাৰ্যসূচীত বিধায়ক কোঁৱৰে কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষকৰ স্বাৱলম্বিতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ স্পষ্টভাৱে কয় যে বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলক পুনৰ উৎপাদনমুখী কৰি তোলাৰ বাবে এইধৰণৰ পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক প্ৰয়োজনীয় কঠীয়া আৰু কৃষিকাৰ্য সম্পৰ্কীয় সহায় আগবঢ়োৱা হয়, যাৰ ফলত তেওঁলোকে পুনৰ খেতি আৰম্ভ কৰাৰ সুযোগ পাব আৰু কৃষি উৎপাদন বৃদ্ধিত সহায় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কৃষকসকলৰ কল্যাণক অগ্ৰাধিকাৰ দি আগন্তুক দিনতো কৃষি উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ মত প্ৰকাশ কৰে যে এই “কঠীয়া সিঁচা পৰ্ব”ই ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে কৃষিভিত্তিক অৰ্থনীতি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব।1
- আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ স্মৃতিত ৰাভা দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো কলাগুৰুৰ স্মৃতি দিৱস আয়োজন কৰা হৈছে। চৰাইদেউ জিলাৰ সোণাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত নিজখালৈঘোগুৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এই ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত মাহমৰা সম জিলাৰ আয়ুক্ত ডিলচেংফা বৰুৱাই অংশগ্ৰহণ কৰে।1
- আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে, আৰু এই উপলক্ষে দুলীয়াজান ক্লাৱত এক বিশেষ পৰিবেশ দেখা গৈছে। ইয়াত স্থানীয় মহিলাসকলে একলগ হৈ সুমধুৰ ৰাভা সংগীত পৰিবেশন কৰে, যিয়ে অনুষ্ঠানটোক এক ভিন্ন মাত্ৰা প্ৰদান কৰিছে।1
- Domay kawoi fish🐠 farming and fry"l kharidne se comment karo Domay kawoi fish 🐠 farming and fry"l kharidne se comment karo please2
- তিনিচুকীয়া জিলাৰ জাগুনত সামগ্ৰী কঢ়িওৱা বাহনত চাহ শ্ৰমিকক কঢ়িয়াই নিয়া কাৰ্য্যৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থা (এটিএছএছএ) সৰৱ হৈ উঠিছে। এটিএছএছএৰ টিৰাপ-জাগুন আঞ্চলিকৰ কৰ্মীৰ লগতে জিলা পৰ্যায়ৰ নেতা পালিনেতাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আজি দিনৰ ভাগত সংগঠনটোৰ সদস্যসকলে টিৰাপ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাখনো সামগ্ৰী কঢ়িওৱা বাহনত অসংখ্য শ্ৰমিকক আন আস্থানত কেঁচা চাহপাত চিঙিবলৈ কঢ়িয়াই নিয়াৰ পথত বাধা আৰোপ কৰে। ইয়াৰ পিছত জাগুনৰ পাটকাই গেটৰ সমীপৰ পৰা এই চাহ শ্ৰমিকসকলক পুনৰ ক্ষুদ্ৰ চাহ বাগানৰ মালিকৰ ঘৰলৈ উভতাই পঠিওৱা হয়। সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ মইমতালিৰে চাহ শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে। চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকৰ ওপৰত চলি থকা এনে অমানৱীয় কাৰ্য্যক এটিএছএছএই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে যাতে পুনৰাই এনে কাৰ্য সংঘটিত নকৰে তাৰ বাবে হুংকাৰ প্ৰদান কৰিছে। নিম্নতম মজুৰিৰ বিপৰীতে যুগ যুগ ধৰি চাহ শ্ৰমিকসকলৰ ওপৰত কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বৰ লগতে টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে গৰজি উঠিছে। বিশেষকৈ চাহ শ্ৰমিকসকলক জীৱ-জন্তুৰ দৰে এঠাইৰ পৰা আনঠাইলৈ কাম কৰাবলৈ সামগ্ৰী কঢ়িওৱা বাহনত অনা-নিয়া কৰা বিষয়টোক কেন্দ্ৰ কৰি আজি সংগঠনটোৰ নেত্ৰীবৰ্গই নিজৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভৱিষ্যতে এনে অমানৱীয় কাৰ্য্যত লিপ্ত নহ'বলৈ সকীয়নি প্ৰদান কৰিছে।1
- আজি বাৰেকুৰি জাতীয় বিদ্যালয়ৰ প্ৰাংগনত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ যুটীয়া উদ্যোগত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বাৰেকুৰি অঞ্চলটোৰ ২১ খন গাঁৱৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো এনে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।1
- চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰীৰ জেলুকনি গাঁৱত জেচিবিয়ে খন্দা এক গাতত পৰি এটি শিশুৰ মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ঠিকাদাৰজনে অবৈধভাৱে মাটি খান্দি এটা মৰণফাণ্ড সৃষ্টি কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাই ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত প্ৰচণ্ড অসন্তুষ্টিৰ সৃষ্টি কৰিছে। আটছাৰেও এই ঘটনাৰ উচিত তদন্ত আৰু শিশুটিৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী জনাইছে।1
- দুলীয়াজানৰ ৫ গৰাকী খেলুৱৈয়ে চলিত মাহৰ ১২, ১৩ আৰু ১৪ তাৰিখে অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সোন আৰু ৰূপৰ পদক অৰ্জন কৰিছে। এই সফলতাই দুলীয়াজানৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।1
- মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কুমচাই পঞ্চায়তত আজি এক জন কল্যাণ শিৱিৰ সফলতাৰে সম্পন্ন হয়। এই শিৱিৰৰ মুখ্য উদ্দেশ্য আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান 'জন কল্যাণ শিবিৰ-২০২৬'ৰ জৰিয়তে ৰাইজৰ মাজত উপস্থাপন কৰা। ইয়াৰ উপৰিও, ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিসমূহৰ বিষয়েও এই শিৱিৰত সবিস্তাৰে আলোচনা কৰি ৰাইজক অৱগত কৰা হয়। এই কাৰ্যসূচীত কুমচাই গাঁও পঞ্চায়তৰ সভানেত্ৰী ক্ৰান্তি চাংৱাল আৰু বিশিষ্ট অতিথি ডা: অইনাম সুশীল সিঙৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকলো উপস্থিত আছিল। এই জন কল্যাণ শিৱিৰত কেইবা শতাধিক লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।1