দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্দ্ধনত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ পৰা বিজয়নগৰ অভিমুখী AS-01, UC-4442 নম্বৰৰ এখন অটো ৰিক্সাই দুজন শিশু আৰু এগৰাকী মহিলা যাত্ৰী উঠোৱাৰ বাবে গোৱৰ্দ্ধনত ৰৈ থকা অৱস্থাত এই ঘটনা ঘটে। একে দিশৰ পৰা তীব্ৰ বেগেৰে অহা AS-15, U-0933 নম্বৰৰ এখন টাটা নেক্সন বাহনে ৰৈ থকা অটোখনক জোৰেৰে খুন্দা মাৰি বহু দূৰলৈ চোঁচৰাই লৈ যায়। ইয়াৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই টাটা নেক্সন বাহনখন পথৰ কাষৰ দ খাৱৈত সোমাই পৰে আৰু এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰি ৰৈ যায়। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই টাটা নেক্সনখনৰ চালকজনে বাহনখন এৰি থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ৫ জন পুৰুষ-মহিলা আৰু দুটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্তসকলৰ ভিতৰত অটো ৰিক্সাৰ চালক আব্দুল মাতিন (২৪), তেওঁৰ পত্নী আৰ্জিনা বেগম (২৩) আৰু তেওঁলোকৰ এটা কণমানি শিশু আছে। ইয়াৰ উপৰি অটোখনৰ যাত্ৰী নয়নতৰা বড়ো (৩৬) আৰু তেওঁৰ ৪ বছৰীয়া পুত্ৰ ঈচান বড়োও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত নয়নতৰা বড়ো আৰু তেওঁৰ পুত্ৰ ঈচান বড়োক ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

- নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত এক বলিষ্ঠ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ সোণতলী-বহৰি সংযোগী পকী দলং নিৰ্মাণৰ প্ৰসংগটো উত্থাপন কৰে। বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ অঞ্চলটোৰ ৰাইজে বিশেষ সন্তোষ প্ৰকাশ কৰিছে।1
- Post by Manik AIi1
- অসমৰ ২০২৬-২৭ বৰ্ষৰ বাজেটখনক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কোনো মৌলিকত্ব নাই আৰু ইয়াৰেই প্ৰতিফলন ঘটিছে ৰাজ্যৰ ২০২৬-২৭ বৰ্ষৰ অসম বাজেটখনত।1
- ৰাজস্থানত অনুষ্ঠিত মিচ টিন ৰয়েল ইণ্টাৰনেচনেল-২০২৬ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰঙিয়াৰ সন্তান ৰিম্পী বড়ো নিজ গৃহভূমিত উপস্থিত হৈছে। নিজ গৃহভূমিত উপস্থিত হোৱাৰ পিছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰে আৰু এই গৌৰৱোজ্জ্বল সাফল্যক লৈ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।1
- বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।1
- তামুলপুৰ কমাৰ্চ কলেজত আজিৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ৩০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। সমাগত ADRE 3.0, অসম পুলিচ আৰু বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই শৈক্ষিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বিশেষ উদ্যোগত আৰু 'এচপায়াৰ আছাম এডুকেচন্চ'ৰ সহযোগত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তামুলপুৰৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামুলপুৰ কমাৰ্চ কলেজ আৰু ডিগ্ৰী কলেজৰ অধ্যক্ষ আৰু অঞ্চলটোৰ বহুসংখ্যক পৰীক্ষাৰ্থীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বী কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত যাতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে বিশেষভাৱে সহায় কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰে সমগ্ৰ তামুলপুৰ অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত এক নতুন আশা আৰু উৎসাহৰ সঞ্চাৰ কৰিছে।1
- দলগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে বিধানসভাত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক কিয় হাৰাশাস্তি কৰা হয়, সেই বিষয়টো উত্থাপন কৰি প্ৰশ্ন তোলে।1
- বৰপেটা জিলাৰ শুৱাগপুৰত কয়াকুছি আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে।1