বিশ্বনাথ চাৰিআলিৰ নব-নিৰ্মিত মেডিকেল কলেজৰ পাছফালৰ দুৱাৰৰ পৰা নবোদয়লৈ যোৱা পথৰ গুৱালা বস্তিৰ শেষ মূৰত ব্যৱহৃত চিকিৎসা সামগ্ৰী ৰাজপথৰ মাজতে পেলাই থোৱা দেখা গৈছে। এই সামগ্ৰীসমূহৰ ভিতৰত ব্যৱহৃত ৰক্ত পৰীক্ষাৰ চিৰিঞ্জ, কিট আৰু ব্লাড কণ্টেইনাৰ আদি অন্তৰ্ভুক্ত। যোৱা কেইবাদিনো ধৰি এই পথচাৰী বহুল পথত এনেদৰে চিৰিঞ্জৰ সূঁচ খোলা অৱস্থাত পৰি থকাৰ ফলত স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে, বিশেষকৈ ল’ৰা-ছোৱালী, বয়সস্থ লোক আৰু বাইক-ৰিক্সা আৰোহীৰ বাবে ই এক ডাঙৰ চিন্তালৈ পৰিণত হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দৈনিক শ-শ মানুহ এই পথেৰে নবোদয় আৰু বজাৰলৈ অহা-যোৱা কৰে। তেওঁলোকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে যে যদি কোনো শিশুৱে ভুলবশতঃ এই বিপজ্জনক সামগ্ৰীসমূহত হাত দিয়ে বা কোনোবাই খালী ভৰিৰে গচকি পায়, তেন্তে HIV, হেপাটাইটিছ B/C আদিৰ দৰে মাৰাত্মক ৰোগ সংক্ৰমণৰ আশংকা আছে। এই সন্দৰ্ভত, স্থানীয় বাসিন্দাই প্ৰশ্ন উত্থাপন কৰিছে যে এনে চিকিৎসা আৱৰ্জনা ৰাজপথত পেলোৱাৰ বাবে কাৰ দায়িত্ব। মেডিকেল কলেজৰ পাছফালৰ এই পথত নিয়ম উলংঘা কৰি চিকিৎসা আৱৰ্জনা পেলোৱা ঘটনাই ৰাইজৰ মাজত ক্ষোভ সৃষ্টি কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, স্থানীয় ৰাইজে মেডিকেল কলেজ কৰ্তৃপক্ষ, জিলা স্বাস্থ্য বিভাগ, আৰু পৌৰসভাৰ লগতে স্থানীয় পঞ্চায়তক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি পথছোৱা পৰিষ্কাৰ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে।
বিশ্বনাথ চাৰিআলিৰ নব-নিৰ্মিত মেডিকেল কলেজৰ পাছফালৰ দুৱাৰৰ পৰা নবোদয়লৈ যোৱা পথৰ গুৱালা বস্তিৰ শেষ মূৰত ব্যৱহৃত চিকিৎসা সামগ্ৰী ৰাজপথৰ মাজতে পেলাই থোৱা দেখা গৈছে। এই সামগ্ৰীসমূহৰ ভিতৰত ব্যৱহৃত ৰক্ত পৰীক্ষাৰ চিৰিঞ্জ, কিট আৰু ব্লাড কণ্টেইনাৰ আদি অন্তৰ্ভুক্ত। যোৱা কেইবাদিনো ধৰি এই পথচাৰী বহুল পথত এনেদৰে
চিৰিঞ্জৰ সূঁচ খোলা অৱস্থাত পৰি থকাৰ ফলত স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে, বিশেষকৈ ল’ৰা-ছোৱালী, বয়সস্থ লোক আৰু বাইক-ৰিক্সা আৰোহীৰ বাবে ই এক ডাঙৰ চিন্তালৈ পৰিণত হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দৈনিক শ-শ মানুহ এই পথেৰে নবোদয় আৰু বজাৰলৈ অহা-যোৱা কৰে। তেওঁলোকে গভীৰ উদ্বেগ প্ৰকাশ
কৰিছে যে যদি কোনো শিশুৱে ভুলবশতঃ এই বিপজ্জনক সামগ্ৰীসমূহত হাত দিয়ে বা কোনোবাই খালী ভৰিৰে গচকি পায়, তেন্তে HIV, হেপাটাইটিছ B/C আদিৰ দৰে মাৰাত্মক ৰোগ সংক্ৰমণৰ আশংকা আছে। এই সন্দৰ্ভত, স্থানীয় বাসিন্দাই প্ৰশ্ন উত্থাপন কৰিছে যে এনে চিকিৎসা আৱৰ্জনা ৰাজপথত পেলোৱাৰ বাবে কাৰ দায়িত্ব। মেডিকেল কলেজৰ
পাছফালৰ এই পথত নিয়ম উলংঘা কৰি চিকিৎসা আৱৰ্জনা পেলোৱা ঘটনাই ৰাইজৰ মাজত ক্ষোভ সৃষ্টি কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, স্থানীয় ৰাইজে মেডিকেল কলেজ কৰ্তৃপক্ষ, জিলা স্বাস্থ্য বিভাগ, আৰু পৌৰসভাৰ লগতে স্থানীয় পঞ্চায়তক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি পথছোৱা পৰিষ্কাৰ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে।
- বিশ্বনাথৰ মধুপুৰত অৱস্থিত ‘লাইভ ৱেল’ নিচা মুক্তি কেন্দ্ৰৰ পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি পলায়ন কৰা বিশ্বনাথৰ গড়েহাগী গাঁৱৰ পাপু বৰা নামৰ এজন যুৱক ৭ জুনৰ পৰা এতিয়াও সন্ধানহীন হৈ আছে। পৰিয়ালবৰ্গই পলায়নৰ দিনাৰে পৰা তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰটোত চলি থকা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই প্ৰায় ৩৪ জনতকৈ অধিক চিকিৎসাধীন যুৱকে কেন্দ্ৰৰ দুৱাৰৰ চিটকানি ভাঙি পলায়ন কৰিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ পিছত আৰক্ষীয়ে অভিযান চলাই বহুকেইজন যুৱকক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিছিল। কিন্তু পলায়ন কৰা যুৱকসকলৰ মাজৰ পাপু বৰা সেই দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে। উদ্বিগ্ন পৰিয়ালটোৱে যোৱা ৭ জুন তাৰিখে বিশ্বনাথ চাৰিআলি সদৰ থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল। ইফালে, আজি পুনৰ পাপু বৰাৰ পৰিয়ালবৰ্গই আৰক্ষীৰ কাষ চাপিছে। দীৰ্ঘদিন ধৰি পুত্ৰৰ কোনো খবৰ নোপোৱাত হতাশ হৈ পৰা পৰিয়ালটোৱে যুৱকজনক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ আৰক্ষীক কাতৰ অনুৰোধ জনাইছে। কোনো লোকে যুৱকজনৰ সম্ভেদ লাভ কৰিলে 9365200291 আৰু 6000020635 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।3
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ একাংশ বিজেপি কৰ্মীৰ।1
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ বিজেপি কৰ্মীয়ে। যোৱা ৩০ মে'ত গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে বিজেপি কৰ্মীসকলে নুৰুল আমিন চৌধুৰীক জগৰীয়া কৰিছে। বিজেপি কৰ্মীসকলে স্পষ্ট কৰিছে যে, "মুছলমান সমষ্টিত হিন্দুৰ কি কাম" বুলি সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবেই নুৰুল আমিন চৌধুৰীক পহু খেদা দিয়া হৈছিল। গড়াজান আঞ্চলিক পঞ্চায়তৰ সদস্য সিদ্ধাৰ্থ মণ্ডল ওৰফে পন্টিঙক উদ্দেশ্যি কটু মন্তব্য কৰাৰ বাবেই সেইদিনা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ শতাধিক কৰ্মী-সমৰ্থক গৰজি উঠিছিল। এই উত্তপ্ত পৰিস্থিতিৰ বাবেই চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ পৰ্যায় আলোচনা সভা বাতিল কৰা হৈছিল।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত কেহেৰুখুন্দা পেট্ৰল পাম্পৰ সমীপত এক ঘটনা সংঘটিত হৈছে।1
- কামারঘাট অঞ্চলৰ ৰাইজে তেওঁলোকৰ গাওঁলৈ যোৱা পথৰ দুৰৱস্থাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। পথটোৰ নাম কামারঘাট বুলি উল্লেখ কৰি স্থানীয় লোকে জনাইছে যে পথটোৰ অৱস্থা অত্যন্ত শোচনীয়, যাৰ বাবে যাতায়তত অসুবিধা হৈছে। তেওঁলোকে পথটো মেৰামতিৰ বাবে নিজাববীয়াকৈ চেষ্টা কৰিছিল আৰু কিছু মেৰামতি কৰিছিল। কিন্তু, পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে বাকী কামখিনি কৰিব পৰা নাই। সেয়েহে, স্থানীয় ৰাইজে চৰকাৰলৈ এই সমস্যাটোৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু পথটো মেৰামতিৰ বাবে সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে।1
- লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শিক্ষা বিভাগত এক আজৱ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে, য’ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ বাবে একত্ৰিকৰণৰ জাননী জাৰি কৰিছে। এই জাননীৰ অধীনত, বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫ খন বিদ্যালয় একত্ৰিকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ ফলত Badati Jamuguri CRCC (শিক্ষা সমল ব্যক্তি)ৰ অধীনস্থ শতবৰ্ষ গৰকিবলগীয়া ঐতিহ্যমণ্ডিত জামুগুৰি মজলীয়া বিদ্যালয়খনো একত্ৰিকৰণৰ দিশে আগবাঢ়িছে, যাৰ ভৱিষ্যতক লৈ অঞ্চলটোত গভীৰ উদ্বেগ প্ৰকাশ পাইছে। জামুগুৰি মজলীয়া বিদ্যালয়ত আঠটা শ্ৰেণী কোঠাৰ বিপৰীতে দুজন শিক্ষকহে আছে বুলি শিক্ষা বিভাগে Shiksha Setu এপৰ জৰিয়তে জনাইছে, আৰু আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ মাত্ৰ তিনিজন আছিল। একাংশ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে দায়িত্বপ্ৰাপ্ত CRCC যাদৱ দাসে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালৰ দায়িত্ব সামৰিব বিচাৰি এই দুখ বিদ্যালয়ৰ প্ৰধানৰ কান্ধত জাপি ৰাইজৰ পৰা দায় সৰাৰ চেষ্টা চলাইছে। বিদ্যালয় প্ৰধানে অৱশেষত এক সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাইজৰ সন্মুখত সকলো বিষয় অৱগত কৰে। ৰাজ্যৰ শিক্ষা বিভাগত এনে কাৰ্যকলাপক লৈ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ দায়িত্বহীনতা উদঙাই দিছে বুলি অভিযোগ কৰা হৈছে। এই পদক্ষেপসমূহে কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ মিঠা সপোনবোৰ কি হ’ব তাৰ ওপৰত প্ৰশ্ন চিহ্ন লগাইছে, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত গভীৰ সংকটৰ সৃষ্টি হৈছে।4
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগাবলৈ অপচেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। একাংশ বিজেপি কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।1
- ৰূপহীহাটৰ মাগুৰমাৰীত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন শিশুসহ মুঠ তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। জানিব পৰা মতে, এই দুৰ্ঘটনাত জড়িত লোকসকলক ততাতৈয়াকৈ কাৱৈমাৰী FRU হাস্পতাললৈ লৈ যোৱা হয় যদিও শিশুটিৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটো সংঘটিত হয় যেতিয়া কাৱৈমাৰী অভিমুখি আহি থকা এখন তীব্ৰবেগী মটৰ চাইকেলে পথত খোজকাঢ়ি গৈ থকা এজন শিশুক প্ৰথমে খুন্দা মাৰে। এই খুন্দাৰ পিছত মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই লৰিৰমূখ অভিমুখি গৈ থকা এখন নম্বৰ প্লেট বিহীন ই-ৰিক্সাত খুন্দা মাৰে। ফলত, ই-ৰিক্সাখনৰ চালক আৰু এগৰাকী যাত্ৰীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ খবৰ পাই কাৱৈমাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত জড়িত নম্বৰ প্লেট বিহীন ই-ৰিক্সা আৰু মটৰ চাইকেলখন থানালৈ লৈ যায়। বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে।1