বিশ্বনাথৰ মধুপুৰত অৱস্থিত ‘লাইভ ৱেল’ নিচা মুক্তি কেন্দ্ৰৰ পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি পলায়ন কৰা বিশ্বনাথৰ গড়েহাগী গাঁৱৰ পাপু বৰা নামৰ এজন যুৱক ৭ জুনৰ পৰা এতিয়াও সন্ধানহীন হৈ আছে। পৰিয়ালবৰ্গই পলায়নৰ দিনাৰে পৰা তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰটোত চলি থকা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই প্ৰায় ৩৪ জনতকৈ অধিক চিকিৎসাধীন যুৱকে কেন্দ্ৰৰ দুৱাৰৰ চিটকানি ভাঙি পলায়ন কৰিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ পিছত আৰক্ষীয়ে অভিযান চলাই বহুকেইজন যুৱকক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিছিল। কিন্তু পলায়ন কৰা যুৱকসকলৰ মাজৰ পাপু বৰা সেই দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে। উদ্বিগ্ন পৰিয়ালটোৱে যোৱা ৭ জুন তাৰিখে বিশ্বনাথ চাৰিআলি সদৰ থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল। ইফালে, আজি পুনৰ পাপু বৰাৰ পৰিয়ালবৰ্গই আৰক্ষীৰ কাষ চাপিছে। দীৰ্ঘদিন ধৰি পুত্ৰৰ কোনো খবৰ নোপোৱাত হতাশ হৈ পৰা পৰিয়ালটোৱে যুৱকজনক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ আৰক্ষীক কাতৰ অনুৰোধ জনাইছে। কোনো লোকে যুৱকজনৰ সম্ভেদ লাভ কৰিলে 9365200291 আৰু 6000020635 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
বিশ্বনাথৰ মধুপুৰত অৱস্থিত ‘লাইভ ৱেল’ নিচা মুক্তি কেন্দ্ৰৰ পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি পলায়ন কৰা বিশ্বনাথৰ গড়েহাগী গাঁৱৰ পাপু বৰা নামৰ এজন যুৱক ৭ জুনৰ পৰা এতিয়াও সন্ধানহীন হৈ আছে। পৰিয়ালবৰ্গই পলায়নৰ দিনাৰে পৰা তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰটোত চলি থকা অমানৱীয় অত্যাচাৰৰ
বিৰুদ্ধে প্ৰতিবাদ জনাই প্ৰায় ৩৪ জনতকৈ অধিক চিকিৎসাধীন যুৱকে কেন্দ্ৰৰ দুৱাৰৰ চিটকানি ভাঙি পলায়ন কৰিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ পিছত আৰক্ষীয়ে অভিযান চলাই বহুকেইজন যুৱকক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিছিল। কিন্তু পলায়ন কৰা যুৱকসকলৰ মাজৰ পাপু বৰা সেই দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে। উদ্বিগ্ন পৰিয়ালটোৱে যোৱা ৭ জুন তাৰিখে বিশ্বনাথ
চাৰিআলি সদৰ থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল। ইফালে, আজি পুনৰ পাপু বৰাৰ পৰিয়ালবৰ্গই আৰক্ষীৰ কাষ চাপিছে। দীৰ্ঘদিন ধৰি পুত্ৰৰ কোনো খবৰ নোপোৱাত হতাশ হৈ পৰা পৰিয়ালটোৱে যুৱকজনক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ আৰক্ষীক কাতৰ অনুৰোধ জনাইছে। কোনো লোকে যুৱকজনৰ সম্ভেদ লাভ কৰিলে 9365200291 আৰু 6000020635 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
- ৰাজ্যৰ ৰাজনীতিত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এইবাৰ এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। তেওঁ প্ৰকাশ কৰিছে যে সদ্য সমাপ্ত নিৰ্বাচনত তেওঁক পৰাজিত কৰিবলৈ কেইজনমান ৰাজনৈতিক নেতাই গোপন শত্ৰুতাৰে গভীৰ ষড়যন্ত্ৰ ৰচিছিল। চতিয়াৰ এখন জনসভাত অংশ লৈ বিধায়ক হাজৰিকাই মন্তব্য কৰে যে তেওঁ এই ষড়যন্ত্ৰৰ আঁৰত থকা সকলো ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত ৰচা কু-চক্ৰান্তকাৰীৰ মুখা খুলিবলৈ সাজু হৈছে। বিধায়কগৰাকীয়ে লগতে কয় যে এই চক্ৰটোৱে ২০০১ চনত সাধাৰু বাগানত তেওঁ দুজন ব্যক্তিক হত্যা কৰাৰ এক ব্লুপ্ৰিণ্ট তৈয়াৰ কৰি ব্যাপক প্ৰচাৰ চলাইছিল। কিন্তু ৰাইজে এই অপপ্ৰচাৰ আওকাণ কৰি তেওঁক অভিলেখ সংখ্যক ভোটত নিৰ্বাচিত কৰিলে। তেওঁ জনোৱা মতে, এই অপপ্ৰচাৰ চলোৱা এজন যুৱকৰ বিৰুদ্ধে ইতিমধ্যে তেওঁ এশ কোটি টকাৰ মানহানি গোচৰ তৰিছে। বৰ্তমান এই গোচৰত অভিযুক্তসকলৰ অৱস্থা তৎ নোহোৱা হৈছে আৰু ৰৌ-বৰালি পৰিবলৈও বেছি সময় নাই বুলি বিধায়ক পদ্ম হাজৰিকাই হুংকাৰ দিয়ে।1
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ একাংশ বিজেপি কৰ্মীৰ।1
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ বিজেপি কৰ্মীয়ে। যোৱা ৩০ মে'ত গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে বিজেপি কৰ্মীসকলে নুৰুল আমিন চৌধুৰীক জগৰীয়া কৰিছে। বিজেপি কৰ্মীসকলে স্পষ্ট কৰিছে যে, "মুছলমান সমষ্টিত হিন্দুৰ কি কাম" বুলি সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবেই নুৰুল আমিন চৌধুৰীক পহু খেদা দিয়া হৈছিল। গড়াজান আঞ্চলিক পঞ্চায়তৰ সদস্য সিদ্ধাৰ্থ মণ্ডল ওৰফে পন্টিঙক উদ্দেশ্যি কটু মন্তব্য কৰাৰ বাবেই সেইদিনা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ শতাধিক কৰ্মী-সমৰ্থক গৰজি উঠিছিল। এই উত্তপ্ত পৰিস্থিতিৰ বাবেই চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ পৰ্যায় আলোচনা সভা বাতিল কৰা হৈছিল।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত কেহেৰুখুন্দা পেট্ৰল পাম্পৰ সমীপত এক ঘটনা সংঘটিত হৈছে।1
- লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শিক্ষা বিভাগত এক আজৱ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে, য’ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ বাবে একত্ৰিকৰণৰ জাননী জাৰি কৰিছে। এই জাননীৰ অধীনত, বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫ খন বিদ্যালয় একত্ৰিকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ ফলত Badati Jamuguri CRCC (শিক্ষা সমল ব্যক্তি)ৰ অধীনস্থ শতবৰ্ষ গৰকিবলগীয়া ঐতিহ্যমণ্ডিত জামুগুৰি মজলীয়া বিদ্যালয়খনো একত্ৰিকৰণৰ দিশে আগবাঢ়িছে, যাৰ ভৱিষ্যতক লৈ অঞ্চলটোত গভীৰ উদ্বেগ প্ৰকাশ পাইছে। জামুগুৰি মজলীয়া বিদ্যালয়ত আঠটা শ্ৰেণী কোঠাৰ বিপৰীতে দুজন শিক্ষকহে আছে বুলি শিক্ষা বিভাগে Shiksha Setu এপৰ জৰিয়তে জনাইছে, আৰু আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ মাত্ৰ তিনিজন আছিল। একাংশ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে দায়িত্বপ্ৰাপ্ত CRCC যাদৱ দাসে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালৰ দায়িত্ব সামৰিব বিচাৰি এই দুখ বিদ্যালয়ৰ প্ৰধানৰ কান্ধত জাপি ৰাইজৰ পৰা দায় সৰাৰ চেষ্টা চলাইছে। বিদ্যালয় প্ৰধানে অৱশেষত এক সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাইজৰ সন্মুখত সকলো বিষয় অৱগত কৰে। ৰাজ্যৰ শিক্ষা বিভাগত এনে কাৰ্যকলাপক লৈ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ দায়িত্বহীনতা উদঙাই দিছে বুলি অভিযোগ কৰা হৈছে। এই পদক্ষেপসমূহে কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ মিঠা সপোনবোৰ কি হ’ব তাৰ ওপৰত প্ৰশ্ন চিহ্ন লগাইছে, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত গভীৰ সংকটৰ সৃষ্টি হৈছে।4
- বিশ্বনাথৰ মধুপুৰত অৱস্থিত ‘লাইভ ৱেল’ নিচা মুক্তি কেন্দ্ৰৰ পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি পলায়ন কৰা বিশ্বনাথৰ গড়েহাগী গাঁৱৰ পাপু বৰা নামৰ এজন যুৱক ৭ জুনৰ পৰা এতিয়াও সন্ধানহীন হৈ আছে। পৰিয়ালবৰ্গই পলায়নৰ দিনাৰে পৰা তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰটোত চলি থকা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই প্ৰায় ৩৪ জনতকৈ অধিক চিকিৎসাধীন যুৱকে কেন্দ্ৰৰ দুৱাৰৰ চিটকানি ভাঙি পলায়ন কৰিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ পিছত আৰক্ষীয়ে অভিযান চলাই বহুকেইজন যুৱকক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিছিল। কিন্তু পলায়ন কৰা যুৱকসকলৰ মাজৰ পাপু বৰা সেই দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে। উদ্বিগ্ন পৰিয়ালটোৱে যোৱা ৭ জুন তাৰিখে বিশ্বনাথ চাৰিআলি সদৰ থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল। ইফালে, আজি পুনৰ পাপু বৰাৰ পৰিয়ালবৰ্গই আৰক্ষীৰ কাষ চাপিছে। দীৰ্ঘদিন ধৰি পুত্ৰৰ কোনো খবৰ নোপোৱাত হতাশ হৈ পৰা পৰিয়ালটোৱে যুৱকজনক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ আৰক্ষীক কাতৰ অনুৰোধ জনাইছে। কোনো লোকে যুৱকজনৰ সম্ভেদ লাভ কৰিলে 9365200291 আৰু 6000020635 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।3
- তেজপুৰৰ ডিপোটা হাইস্কুলৰ ছাত্ৰ জোনাক জ্যোতি মহন্ত, যি কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছিল, আজি পুৱা বেচেৰিয়াৰ ডিপোটা নদীৰ পাৰৰ আৰিমৰাত ৰহস্যজনকভাৱে মৃতদেহ হিচাপে উদ্ধাৰ কৰা হৈছে। মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ স্পষ্ট চিন দেখা গৈছে। এই ঘটনাৰ পাছতে বেবেজীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।2