Shuru
Apke Nagar Ki App…
বৰপেটাৰ পাকা বেতবাৰী সমষ্টিৰ ১৬ নং গোলীবান্ধা-কৰাগাড়ী গাওঁ পঞ্চায়তৰ কৰাগাড়ী অঞ্চলৰ ১১৯৭ নং টেঙ্গুনীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত আজি পকী দেৱাল নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে হ'বলগীয়া এই পকী দেৱাল নিৰ্মাণ আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। এই উপলক্ষে আয়োজিত আধাৰশিলা স্থাপন অনুষ্ঠানত গাওঁ পঞ্চায়তখনৰ সভানেত্ৰী পবিনী বড়ো ডাঙৰীয়ানীৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Barpeta khabar

More news from অসম and nearby areas
- অসমৰ ২০২৬-২৭ বৰ্ষৰ বাজেটখনক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কোনো মৌলিকত্ব নাই আৰু ইয়াৰেই প্ৰতিফলন ঘটিছে ৰাজ্যৰ ২০২৬-২৭ বৰ্ষৰ অসম বাজেটখনত।1
- বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।1
- বৰপেটাৰোড চহৰক যানজঁট মুক্ত কৰাৰ স্বাৰ্থত বৰপেটাৰোড পৌৰসভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰে চহৰখনৰ বজাৰ অঞ্চলৰ পদপথত কোনো ধৰণৰ দোকান-পোহৰ নিদিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে। ইয়াৰ লগতে মূল পথৰ ওপৰত যধে-মধে গাড়ী-মটৰ ৰখাই যানজঁটৰ সৃষ্টি নকৰিবলৈও তেওঁ ৰাইজক অনুৰোধ জনাইছে। সভাপতি ৰাজেশ চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান এয়া কেৱল এক অনুৰোধহে, কিন্তু অনাগত সময়ত এই নিয়ম উলংঘা কৰিলে প্ৰশাসনৰ তৰফৰ পৰা অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চহৰখন সুন্দৰ কৰি ৰাখিবলৈ পৌৰসভাই সকলোৰে সহযোগিতা কামনা কৰিছে।1
- নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত এক বলিষ্ঠ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ সোণতলী-বহৰি সংযোগী পকী দলং নিৰ্মাণৰ প্ৰসংগটো উত্থাপন কৰে। বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ অঞ্চলটোৰ ৰাইজে বিশেষ সন্তোষ প্ৰকাশ কৰিছে।1
- বাক্সা জিলাৰ শালবাৰীৰ কুঠুৰীঝাৰত বিদ্যুৎ বিভাগে এক বিশেষ অভিযান চলাইছে। এই অভিযানৰ মূল লক্ষ্য হৈছে অবৈধভাৱে বিদ্যুৎ সংযোগ ব্যৱহাৰ কৰা গ্ৰাহকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা।1
- কামৰূপ জিলাৰ বকোৰ অন্তৰ্গত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকী নিষ্ঠাৱান কৰ্মচাৰীয়ে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি স্বাস্থ্য কেন্দ্ৰটোত নিষ্ঠাৰে সেৱা আগবঢ়োৱা কৰ্মচাৰী দুগৰাকীৰ অৱসৰৰ লগে লগে তেওঁলোকৰ কৰ্মজীৱনৰ সামৰণি পৰিল।1
- বাক্সাত চলি থকা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা। জিলাখনত চলি থকা এই গ্ৰীষ্মকালীন পাঠদানৰ সময়ছোৱাত বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে নিজেই শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰে।1
- বৰপেটা জিলাৰ শুৱাগপুৰত কয়াকুছি আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে।1