ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি দিনজোৰা কাৰ্যসূচীৰে লালুক দৈনিক বজাৰ এলেকাত এক ব্যাপক চাফাই অভিযান চলায়। পুৱা ৯ বজাৰ পৰা সন্ধিয়ালৈকে তেওঁ নিজে উপস্থিত থাকি লালুক দৈনিক বজাৰ আৰু মাছ বজাৰত ব্যৱসায়ীসকলে য'তে-ত'তে পেলাই থোৱা বৃহৎ পৰিমাণৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা কৰে। এই অভিযানত বজাৰৰ ভিতৰত থকা কাণ্ডজ্ঞানহীন ব্যৱসায়ীৰ দুখন নিৰ্মাণ নকৰা দোকানত জমা হোৱা জাৱৰ, পথৰ দাঁতিত জমা হোৱা জাৱৰ আদি উলিয়াই বাহিৰলৈ পঠিওৱা হয়। ইয়াৰ সমান্তৰালকৈ লালুকৰ মাজমজিয়াত থকা লোক নিৰ্মাণ বিভাগৰ ভূমিত একাংশ লোকে অবৈধভাৱে দখল কৰি চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰা হয়। অবৈধভাৱে সজা দোকানসমূহ ভাঙি তাৰ পিছফালে জমা হৈ থকা জাৱৰ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে, লালুকত জাৱৰ পেলোৱাৰ বাবে নিৰ্দিষ্ট স্থানৰ অভাৱ হোৱাৰ বাবেই একাংশ ব্যৱসায়ীয়ে যধে-মধে জাৱৰ জমা কৰি আহিছিল। আজি বৃহৎ পৰিমাণৰ জাৱৰসমূহ সংগ্ৰহ কৰি বিহপুৰীয়াৰ জাৱৰ নিষ্কাশন ব্যৱস্থা কৰা স্থানলৈ প্ৰেৰণ কৰা হয়। কেইদিনমান পূৰ্বে বিধায়কগৰাকীৰ নেতৃত্বত লালুক দৈনিক বজাৰত পথৰ কাষত থকা একাংশ পদপথৰ ব্যৱসায়ীক আঁতৰাই পথছোৱা যান-বাহন চলাচলৰ বাবে সুচল কৰি তোলা হৈছিল, যাৰ ফলত একাংশ লোক কৰ্মহীন হৈ পৰিছিল। এই সন্দৰ্ভত বিধায়ক ঋষিৰাজ হাজৰিকাই মন্তব্য কৰে যে, আজি লালুক লোক নিৰ্মাণ বিভাগৰ ভূমিত অবৈধ দোকানসমূহ উচ্ছেদ কৰাৰ পিছত তাত মাটি পেলাই ইতিমধ্যে কৰ্মহীন হোৱা পদপথৰ ব্যৱসায়ীসকলক অস্থায়ীভাৱে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। পুৱাৰে পৰা বিধায়কগৰাকীয়ে নিজে চাফাই কৰ্মীসকলৰ সৈতে হাতে-কামে লাগি যোৱাত একাংশ দলীয় কৰ্মী আৰু লালুক ব্যৱসায়ী সন্থাৰ সদস্যসকলে তেওঁক সংগ দিয়ে। বিধায়কৰ এই পদক্ষেপক লালুকৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ সৌন্দৰ্যবৰ্ধন কৰা বুলি ৰাইজে প্ৰশংসা কৰিছে।

- লখিমপুৰ জিলাৰ ৰূপহী ৰাজগড়ত অনুষ্ঠিত হোৱা ভাওনা প্ৰদৰ্শনত কণমাণিসকলৰ অভিনয়ে দৰ্শকসকলক বিশেষভাৱে মুগ্ধ কৰিবলৈ সক্ষম হয়।1
- অহা ২২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া মহাঅম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি বিশিষ্ট জ্যোতিষী ড০ নয়নজ্যোতি শৰ্মাই এক আহ্বান জনাইছে।1
- ৰাজ্যৰ ৰাজনীতিত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এইবাৰ এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। তেওঁ প্ৰকাশ কৰিছে যে সদ্য সমাপ্ত নিৰ্বাচনত তেওঁক পৰাজিত কৰিবলৈ কেইজনমান ৰাজনৈতিক নেতাই গোপন শত্ৰুতাৰে গভীৰ ষড়যন্ত্ৰ ৰচিছিল। চতিয়াৰ এখন জনসভাত অংশ লৈ বিধায়ক হাজৰিকাই মন্তব্য কৰে যে তেওঁ এই ষড়যন্ত্ৰৰ আঁৰত থকা সকলো ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত ৰচা কু-চক্ৰান্তকাৰীৰ মুখা খুলিবলৈ সাজু হৈছে। বিধায়কগৰাকীয়ে লগতে কয় যে এই চক্ৰটোৱে ২০০১ চনত সাধাৰু বাগানত তেওঁ দুজন ব্যক্তিক হত্যা কৰাৰ এক ব্লুপ্ৰিণ্ট তৈয়াৰ কৰি ব্যাপক প্ৰচাৰ চলাইছিল। কিন্তু ৰাইজে এই অপপ্ৰচাৰ আওকাণ কৰি তেওঁক অভিলেখ সংখ্যক ভোটত নিৰ্বাচিত কৰিলে। তেওঁ জনোৱা মতে, এই অপপ্ৰচাৰ চলোৱা এজন যুৱকৰ বিৰুদ্ধে ইতিমধ্যে তেওঁ এশ কোটি টকাৰ মানহানি গোচৰ তৰিছে। বৰ্তমান এই গোচৰত অভিযুক্তসকলৰ অৱস্থা তৎ নোহোৱা হৈছে আৰু ৰৌ-বৰালি পৰিবলৈও বেছি সময় নাই বুলি বিধায়ক পদ্ম হাজৰিকাই হুংকাৰ দিয়ে।1
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বৰ্তমান একচন মুডত আছে। চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকল সততে উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পাছতে তেওঁ আজি সোণাৰিৰ মীন বিভাগৰ জিলা কাৰ্যালয় আৰু ৰেচম বিভাগৰ কাৰ্যালয়ত এক তাত্ক্ষণিক পৰিদৰ্শন চলায়। বিধায়কগৰাকীয়ে ঘোষণা কৰিছে যে কাৰ্যালয়ত অনুপস্থিত থকা কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেওঁ বিভাগীয় মন্ত্ৰীক অভিযোগ দাখিল কৰিব।1
- বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিজন গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ আজি সোণাৰি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আটক কৰা চোৰকেইটা হ'ল ক্ৰমে আব্দুল ৰহিম (৩৯), ভজো টিয়ক বঙালিগাওঁৰ আৰিফ আলী (২৬), টিয়ক ৰজাবাৰীৰ চুলেমান আহমেদ (২৬) আৰু জৱকা চাহ বাগিচাৰ মুন্না মহালি (২৫)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি নগৰখনৰ পাৰ্বতিপুৰ অঞ্চলত হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাঁহ পিতলৰ বাচন, শৰাই আৰু আন বহু কেইপদ মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা দেওবাৰে উক্ত পাৰ্বতিপুৰ অঞ্চলৰে বাসিন্দা শিৱ প্ৰসাদ ফুকনৰ ঘৰত চোৰৰ এটা দলে চুৰি কাৰ্য সংঘটিত কৰি এই মূল্যৱান সামগ্ৰীসমূহৰ লগতে নগদ ৭০ হাজাৰ টকা আৰু ভালেকেইপদ সোণৰ অলংকাৰ চুৰি কৰি নিছিল। সোণাৰি আৰক্ষীয়ে এজাহাৰকাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩৩১(৪), ৩০৫ আৰু ২২২৩ ধাৰাৰ অধীনত ৪৩/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰু চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও, সোণাৰি আৰক্ষীয়ে চুৰি কাৰ্যত সহযোগ কৰা আন কেইবাটাও চোৰক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে।1
- ৰঙানদীৰ বিধায়কগৰাকীয়ে লালুক মাছ বজাৰ সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে, সেই বিষয়ে জানিবলৈ বিচৰা হৈছে।1
- এগৰাকী বহিৰাগত মহিলাই অসমীয়া জাতিক “নিৰ্লজ্জ অসমীয়া” বুলি চূড়ান্ত অপমান কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। মহিলাগৰাকী লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ ৰূপহীৰ মাইনু মাল্লাহ বুলি জানিব পৰা গৈছে। এই অপমানজনক মন্তব্যৰ পিছতে বিভিন্ন দল-সংগঠনে মহিলাগৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।1
- ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰী বৰ্তমান চৰম অস্তিত্বৰ সংকটত ভুগিছে, যি গৌৰৱময় ইতিহাসৰ অন্যতম অনন্য চানেকি। প্ৰায় ৪০০ বিঘা মাটিত খন্দাই উলিওৱা আৰু তিনিটাকৈ ৰজাদিনীয়া ঐতিহাসিক দ’ল সম্বলিত এই ঐতিহ্যমণ্ডিত পুখুৰীটো সংৰক্ষণৰ অভাৱত এতিয়া এক ডাষ্টবিনতহে পৰিণত হৈছে। দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বৰপুখুৰীটো সম্পূৰ্ণৰূপে মেটেকা, কচু আৰু ঘাঁহ-বনেৰে আগুৰি ধৰি এক শোচনীয় ৰূপ ধাৰণ কৰিছে। এই শোচনীয় পৰিস্থিতিৰ বাবে শিৱসাগৰৰ বিধায়ক আৰু কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগক তীব্ৰ সমালোচনা কৰি কোৱা হৈছে যে তেওঁলোক যেন কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে।3
- শৈক্ষিক নগৰী হিচাপে খ্যাত যোৰহাট চহৰত পুনৰ এক লজ্জাজনক তথা ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে, য'ত এখন বিলাসী হোটেলত দীৰ্ঘদিন ধৰি চলি থকা নাৰী দেহৰ বৃহৎ ব্যৱসায় আৰক্ষীয়ে উৎখাত কৰিছে। আৰক্ষীৰ এই সফলতাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৰহাটৰ এখন বিখ্যাত হোটেলত এই অনৈতিক কাৰ্য চলি আছিল। এক গোপন সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীৰ এটা দলে যোৱা মাজনিশা হোটেলখনত এক আকস্মিক অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে হোটেলখনৰ বিভিন্ন কোঠাৰ পৰা অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাতে ১৫ গৰাকী যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, অভিযানকাৰী দলটোৱে কোঠাসমূহৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে। স্থানীয় সূত্ৰই সদৰী কৰা অনুসৰি, পেগু উপাধিৰ এগৰাকী মহিলাৰ নেতৃত্বত এই বিলাসী হোটেলখনত সুপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ এই ৰমৰমীয়া ব্যৱসায়টো পৰিচালিত হৈ আছিল। আৰক্ষীয়ে বৰ্তমান আটক কৰা আটাইকেইগৰাকী যুৱক-যুৱতীক অধিকোধিক সোধা-পোছা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ সৈতে হোটেল কৰ্তৃপক্ষ অথবা অন্য কোনো প্ৰভাৱশালী চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত এক গভীৰ তদন্ত আৰম্ভ কৰিছে।4