শিৱসাগৰৰ আমগুৰি বিধায়কৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভঃএজাক বৰষুণতে পুৰণি আমগুৰিত যাতায়তৰ হাহাকাৰ শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণি আমগুৰি অৰ্থাৎ বৰ্তমানৰ ১ নং চিন্তামণিগড়ত এজাক মুষলধাৰ বৰষুণৰ ফলত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ একমাত্ৰ সংযোগস্থলীৰ পথটো বৰষুণৰ বাবে পুখুৰী সদৃশ হৈ পৰাত দৈনিক যাতায়ত কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, ৰোগী আৰু সাধাৰণ ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কেইবাটাও শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, চিকিৎসালয় আৰু চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ একমাত্ৰ মাধ্যম এই পথটোৰ দুৰৱস্থাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় ভুক্তভোগী ৰাইজ। বিশেষকৈ বিগত ১০ বছৰ ধৰি শাসনত থকা মিত্ৰজোঁটৰ বিধায়ক তথা অগপ নেতা প্ৰদীপ হাজৰিকাই বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰিব নোৱাৰাত ৰাইজে তেওঁৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি ক্ষোভ উজাৰিছে।
শিৱসাগৰৰ আমগুৰি বিধায়কৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভঃএজাক বৰষুণতে পুৰণি আমগুৰিত যাতায়তৰ হাহাকাৰ শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণি আমগুৰি অৰ্থাৎ বৰ্তমানৰ ১ নং চিন্তামণিগড়ত এজাক মুষলধাৰ বৰষুণৰ ফলত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ একমাত্ৰ সংযোগস্থলীৰ পথটো
বৰষুণৰ বাবে পুখুৰী সদৃশ হৈ পৰাত দৈনিক যাতায়ত কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, ৰোগী আৰু সাধাৰণ ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কেইবাটাও শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, চিকিৎসালয় আৰু চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ একমাত্ৰ মাধ্যম এই পথটোৰ দুৰৱস্থাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে
স্থানীয় ভুক্তভোগী ৰাইজ। বিশেষকৈ বিগত ১০ বছৰ ধৰি শাসনত থকা মিত্ৰজোঁটৰ বিধায়ক তথা অগপ নেতা প্ৰদীপ হাজৰিকাই বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰিব নোৱাৰাত ৰাইজে তেওঁৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি ক্ষোভ উজাৰিছে।
- পহিলা বহাগ অৰ্থাৎ মানুহ বিহুৰ পবিত্ৰ ক্ষণত ঐতিহাসিক নাজিৰাৰ গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰি বিহুৰ আনন্দৰে মুখৰিত হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এইবেলি ৩১ সংখ্যক মুকলি বিহু অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কণী যুঁজৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। বিহু দলসমূহৰ সৈতে সকলোৱে ঐতিহাসিক কাৰেং প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলে কাৰেঙৰ বাকৰিত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ঐতিহ্যমণ্ডিত কাৰেংঘৰৰ প্ৰাংগণক এক বৰ্ণিল সাংস্কৃতিক মিলন ভূমিত পৰিণত কৰিছে।4
- আজি পহিলা ব'হাগ। ৰাজ্যৰ চৌদিশে ঢোল-পেঁপাৰ মাতত বিহুটিক উদযাপন কৰিছে অসমীয়াই। আজি ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰিলে আটাছু চৰাইদেউ মহকুমা সমিতিয়ে।4
- আজি অসমীয়া নতুন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈডামত সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ছ্যুকাফা আঞ্চলিক সমিতিয়ে বন্তি এগছ জ্বলাই ফুৰা তাৰা ওচৰত সেৱা ললে।1
- মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।1
- 🔴 'বিহু গিফ্ট হিচাপে জুবিন দাৰ ন্যায় লাগে' 🔴 'আজিৰ দিনত জুবিন দাদাক বহুত Miss কৰিছোঁ' 🔴 'Miss You' জুবিন দা 🔴 'তেওঁৰ গান অবিহনে ৰঙালী বিহু উকা' 🔴 'ৰঙালী বিহুত জুবিন দাৰ গানে ৰং উপচাই তোলে' 🔴 মাজুলীত বহাগৰ প্ৰথম দিনটোত মায়াবিনী গাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মাজুলীৰ যুৱতীসকলে1
- আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ1
- আজি পহিলা ব’হাগ । পহিলা ব’হাগৰ দিনটোত তিনিচুকীয়াত আছুৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে কেন্দ্ৰীয় মুকলি বিহু ৷ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত অতি উলহমালহেৰে উদযাপন কৰিছে মুকলি বিহু। জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক একত্ৰিত কৰি খেলপথাৰত প্ৰদৰ্শন কৰিছে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান ৷ আজি লোকে লোকাৰণ্য হৈছে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ। উক্ত মুকলি বিহু আৰু মুখপত্ৰ গতি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷1
- আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।2