logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শাৰীৰিক প্ৰত্যাহ্বানক নেওচি চাহিনৰ সফলতা: মাত্ৰ ১৫ দিনৰ অধ্যয়নেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল শিৱসাগৰ আমগুৰিৰ ছাত্ৰী ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।

5 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
5 hrs ago

শাৰীৰিক প্ৰত্যাহ্বানক নেওচি চাহিনৰ সফলতা: মাত্ৰ ১৫ দিনৰ অধ্যয়নেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল শিৱসাগৰ আমগুৰিৰ ছাত্ৰী ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন

অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।

More news from অসম and nearby areas
  • ​পহিলা বহাগ অৰ্থাৎ মানুহ বিহুৰ পবিত্ৰ ক্ষণত ঐতিহাসিক নাজিৰাৰ গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰি বিহুৰ আনন্দৰে মুখৰিত হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এইবেলি ৩১ সংখ্যক মুকলি বিহু অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কণী যুঁজৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। বিহু দলসমূহৰ সৈতে সকলোৱে ঐতিহাসিক কাৰেং প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলে কাৰেঙৰ বাকৰিত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ঐতিহ্যমণ্ডিত কাৰেংঘৰৰ প্ৰাংগণক এক বৰ্ণিল সাংস্কৃতিক মিলন ভূমিত পৰিণত কৰিছে।
    4
    ​পহিলা বহাগ অৰ্থাৎ মানুহ বিহুৰ পবিত্ৰ ক্ষণত ঐতিহাসিক নাজিৰাৰ গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰি বিহুৰ আনন্দৰে মুখৰিত হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এইবেলি ৩১ সংখ্যক মুকলি বিহু অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কণী যুঁজৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। বিহু দলসমূহৰ সৈতে সকলোৱে ঐতিহাসিক কাৰেং প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলে কাৰেঙৰ বাকৰিত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ঐতিহ্যমণ্ডিত কাৰেংঘৰৰ প্ৰাংগণক এক বৰ্ণিল সাংস্কৃতিক মিলন ভূমিত পৰিণত কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    4 hrs ago
  • আজি পহিলা ব'হাগ। ৰাজ্যৰ চৌদিশে ঢোল-পেঁপাৰ মাতত বিহুটিক উদযাপন কৰিছে অসমীয়াই। আজি ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰিলে আটাছু চৰাইদেউ মহকুমা সমিতিয়ে।
    4
    আজি পহিলা ব'হাগ।
ৰাজ্যৰ চৌদিশে ঢোল-পেঁপাৰ মাতত বিহুটিক উদযাপন কৰিছে অসমীয়াই।
আজি ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰিলে আটাছু চৰাইদেউ মহকুমা সমিতিয়ে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    4 hrs ago
  • আজি অসমীয়া নতুন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈডামত সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ছ্যুকাফা আঞ্চলিক সমিতিয়ে বন্তি এগছ জ্বলাই ফুৰা তাৰা ওচৰত সেৱা ললে।
    1
    আজি অসমীয়া নতুন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈডামত সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ছ্যুকাফা আঞ্চলিক সমিতিয়ে বন্তি এগছ জ্বলাই ফুৰা তাৰা ওচৰত সেৱা ললে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    9 hrs ago
  • মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।
    1
    মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয়  কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    14 hrs ago
  • 🔴 'বিহু গিফ্ট হিচাপে জুবিন দাৰ ন্যায় লাগে' 🔴 'আজিৰ দিনত জুবিন দাদাক বহুত Miss কৰিছোঁ' 🔴 'Miss You' জুবিন দা 🔴 'তেওঁৰ গান অবিহনে ৰঙালী বিহু উকা' 🔴 'ৰঙালী বিহুত জুবিন দাৰ গানে ৰং উপচাই তোলে' 🔴 মাজুলীত বহাগৰ প্ৰথম দিনটোত মায়াবিনী গাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মাজুলীৰ যুৱতীসকলে
    1
    🔴   'বিহু গিফ্ট হিচাপে জুবিন দাৰ ন্যায় লাগে'
🔴  'আজিৰ দিনত জুবিন দাদাক বহুত Miss কৰিছোঁ'
🔴  'Miss You' জুবিন দা
🔴  'তেওঁৰ গান অবিহনে ৰঙালী বিহু উকা'
🔴  'ৰঙালী বিহুত জুবিন দাৰ গানে ৰং উপচাই তোলে'
🔴  মাজুলীত বহাগৰ প্ৰথম দিনটোত মায়াবিনী গাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মাজুলীৰ যুৱতীসকলে
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    9 hrs ago
  • আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    1
    আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    5 hrs ago
  • আজি পহিলা ব’হাগ । পহিলা ব’হাগৰ দিনটোত তিনিচুকীয়াত আছুৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে কেন্দ্ৰীয় মুকলি বিহু ৷ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত অতি উলহমালহেৰে উদযাপন কৰিছে মুকলি বিহু। জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক একত্ৰিত কৰি খেলপথাৰত প্ৰদৰ্শন কৰিছে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান ৷ আজি লোকে লোকাৰণ্য হৈছে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ। উক্ত মুকলি বিহু আৰু মুখপত্ৰ গতি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷
    1
    আজি পহিলা ব’হাগ । 
পহিলা ব’হাগৰ দিনটোত তিনিচুকীয়াত আছুৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে কেন্দ্ৰীয় মুকলি বিহু ৷
বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত অতি উলহমালহেৰে উদযাপন কৰিছে মুকলি বিহু। 
জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক একত্ৰিত কৰি খেলপথাৰত প্ৰদৰ্শন কৰিছে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান ৷
আজি লোকে লোকাৰণ্য হৈছে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ। 
উক্ত মুকলি বিহু আৰু মুখপত্ৰ গতি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    3 hrs ago
  • ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।
    2
    ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.