Shuru
Apke Nagar Ki App…
সাংসদ ৰকিবুল হুছেইনে কেন্দ্ৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কেন্দ্ৰই গৰাখহনীয়াৰ সমস্যা বুজি নাপায়। তেওঁ কেইবাবাৰো কেন্দ্ৰক এই বিষয়ে জনোৱা বুলি উল্লেখ কৰে, কিন্তু কেন্দ্ৰই এই বিষয়টো এতিয়াও বুজি নোপোৱা বুলি তেওঁ মন্তব্য কৰে। আজি দিনযোৰা কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হোৱা সাংসদগৰাকীয়ে জিলাখনৰ APDCL-ত সৃষ্টি হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত APDCL-ৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ পাছতে সাংসদ ৰকিবুল হুছেইনে জানিবলৈ দিয়ে যে তেওঁ জিলাখনৰ বিভিন্ন গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিব।
North East Bulletin
সাংসদ ৰকিবুল হুছেইনে কেন্দ্ৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কেন্দ্ৰই গৰাখহনীয়াৰ সমস্যা বুজি নাপায়। তেওঁ কেইবাবাৰো কেন্দ্ৰক এই বিষয়ে জনোৱা বুলি উল্লেখ কৰে, কিন্তু কেন্দ্ৰই এই বিষয়টো এতিয়াও বুজি নোপোৱা বুলি তেওঁ মন্তব্য কৰে। আজি দিনযোৰা কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হোৱা সাংসদগৰাকীয়ে জিলাখনৰ APDCL-ত সৃষ্টি হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত APDCL-ৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ পাছতে সাংসদ ৰকিবুল হুছেইনে জানিবলৈ দিয়ে যে তেওঁ জিলাখনৰ বিভিন্ন গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিব।
More news from অসম and nearby areas
- কলগাছিয়াৰ খাৰবাল্লী গাঁৱত জৰাজীৰ্ণ কাঠৰ দলং মেৰামতিৰ বিষয়টোক লৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ ফেচবুক লাইভৰ পাছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে ফেচবুক লাইভত দলং মেৰামতিৰ বাবে বিকল্প বাঁহৰ সাঁকো নিৰ্মাণ কৰিবলৈ স্থানীয় মাটিৰ মালিকে ধন দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পাছত ৰাইজে এই দাবী সম্পূৰ্ণ মিছা বুলি স্পষ্ট কৰিছে, লগতে বিধায়কক কোনেও মিছা তথ্য যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে। মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত খাৰবাল্লী গাঁৱৰ বাসিন্দাসকলে বহু দিন ধৰি এখন জৰাজীৰ্ণ কাঠৰ দলংৰ বাবে দুৰ্ভোগ ভুগি আছিল। স্থানীয় ৰাইজে বিধায়ক শ্বেৰমান আলী আহমেদক দলংখন মেৰামতি কৰিবলৈ অনুৰোধ জনোৱাৰ পাছত ঠিকাদাৰে মেৰামতিৰ কাম আৰম্ভ কৰিছিল। কিন্তু বৃহস্পতিবাৰে নিশা হঠাতে বিধায়ক আহমেদ ফেচবুক লাইভত আহি দলংখনৰ কাম নকৰে বুলি ঘোষণা কৰে। এই ঘোষণাত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে বিকল্প বাঁহৰ সাঁকো নিৰ্মাণৰ বাবে মাটিৰ মালিকে ধন দাবী কৰিছে। বিধায়কৰ এই অভিযোগৰ পাছতে অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে সজোৰে কৈছে যে দলং নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় ৰাইজ বা মাটিৰ মালিকে কোনো ধৰণৰ ধন দাবী কৰা নাই। ৰাইজে লগতে খাৰবাল্লী গাঁৱৰ বদনাম কৰাৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু সকলোকে বিধায়কক মিছা তথ্য যোগান নধৰিবলৈ সকীয়াই দিছে। বিধায়কৰ এই মিছা অভিযোগক লৈ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- সৰ্থেবাৰী আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। সৰ্থেবাৰীৰ নলীৰ পথাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰা হৈছে। এই অভিযান সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজৌতি ডেকাৰ নেতৃত্বত চলোৱা হৈছিল। নলীৰ পথাৰৰ হাচেন আলী আৰু মামনী খাটুনক এই সন্দৰ্ভত আটক কৰা হৈছে।1
- সৰ্থেবাৰী আৰক্ষীৰ এজন বিষয়া ভাস্কৰ জ্যোতি ডেকাৰ গোপন সূত্ৰৰ ভিত্তিত নলী পথাৰৰ পৰা হাছেন আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে।1
- উমৰাহ আৰু পবিত্ৰ হাজ্জ পালন কৰিবলৈ ইচ্ছুক লোকসকলৰ বাবে এক সুখবৰ আহিছে। বৰপেটা জিলাৰ কয়াকুছি বজাৰত আনুষ্ঠানিকভাৱে H. Jannat International Umrah & Hajj Travels-ৰ নতুন কাৰ্যালয় মুকলি কৰা হৈছে। ইয়াৰ লগে লগে উমৰাহ আৰু হাজ্জ যাত্ৰাৰ বাবে বুকিং প্ৰক্ৰিয়াও আৰম্ভ হৈছে। সংস্থাটোৱে জনোৱা মতে, সাধাৰণ ৰাইজৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সুলভ মূল্যৰ উমৰাহ আৰু হাজ্জ পেকেজ উপলব্ধ কৰা হৈছে, য'ত যাত্ৰীসকলে নিজৰ সুবিধা আৰু বাজেট অনুসৰি পেকেজ বাছনি কৰিব পাৰিব। কেৱল বুকিং ব্যৱস্থাই নহয়, এই কাৰ্যালয়তে ভিছা আৰু পাছপ'ৰ্ট সম্পৰ্কীয় সহায়, বিমান টিকট বুকিং, হোটেলত থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য অনলাইন সেৱাসমূহো আগবঢ়োৱা হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিয়ে। সংস্থাটোৰ অন্যতম স্বত্বাধিকাৰী তথা কয়াকুছি জামে মছজিদৰ ইমাম হাফিজ মৌলানা মুফতি আজমত আলী কাছিমীয়ে উল্লেখ কৰে যে তেওঁলোকৰ কথা আৰু কামৰ মাজত মিল থাকিব। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ মূল লক্ষ্য কেৱল ব্যৱসায় নহয়, বৰং ৰাইজক পবিত্ৰ মক্কা-মদিনাৰ ঐতিহাসিক আৰু ধৰ্মীয় স্থানসমূহ জিয়াৰত কৰাৰ সুযোগ প্ৰদান কৰা, যাৰ জৰিয়তে আখিৰাতৰ ছোৱাব লাভ কৰিব পৰা যায়। এই পবিত্ৰ উদ্দেশ্যৰে সেৱা আগবঢ়োৱা হৈছে বুলিও তেওঁ জনাইছে।1
- কামৰূপ জিলাৰ ছমৰীয়াৰ মাকালি গাঁৱত মহিন্দ্ৰ চন্দ্ৰ বিশ্বাসৰ পুত্ৰ নাৰায়ণ বিশ্বাসৰ দাগ নং ৫১৬ আৰু পাট্টা নং ১৮ ৰ অধীনৰ ২ বিঘা ৩ কঠা মাটি বলপূৰ্বকভাৱে বেদখল কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ভূমি বেদখলক লৈ ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি কামৰূপ জিলা আয়ুক্ত, ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, লগতে বকো আৰু ছমৰীয়া আৰক্ষী বিষয়াক আহ্বান জনাইছে।1
- মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত বনকৰ্মীসকল দিনে-নিশাই অহৰহভাৱে নিয়োজিত হৈ আছে। এই বনকৰ্মীসকলৰ নিৰন্তৰ তত্বাৱধানৰ ফলস্বৰূপে উদ্যানখন চোৰাং চিকাৰীৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছে।1
- গোলকগঞ্জ আৰক্ষীয়ে হালাকুৰাত আলহাজ জাকিৰ হুছেইন মিঞা নামৰ এজন চিকিৎসকক দীৰ্ঘদিন ধৰি ভুৱা চাৰ্টিফিকেটেৰে চিকিৎসা চলাই থকাৰ সন্দেহতে আটক কৰিছে। হালাকুৰাৰ জানমনী মেডিকেল হলৰ পৰা চিকিৎসকজনক আটক কৰা হয়। বৰ্তমান আৰক্ষীয়ে চিকিৎসকজনৰ নথি-পত্ৰৰ তালাচী অব্যাহত ৰাখিছে।1
- শেৰমান আলী আহমেদে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে যদি কোনোবাই পেট ভৰাই খায় আৰু তেওঁৰ কাষৰ মানুহজনে ভোকত থাকে, তেন্তে গোটেই ৰাতি ইবাদত কৰিলেও সেই ব্যক্তি মুছলমান হ'ব নোৱাৰে।1
- বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।1