logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহীহাটৰ কাছখাইটীত মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ কেইবা লাখ টকাৰ স্কুলীয়া সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ নিমিষতে জুইত জাহ যায়, যাৰ ফলত সমগ্ৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ছাৰখাৰ হয়। অগ্নিকাণ্ডৰ কাৰণ হিচাপে স্হানীয় ৰাইজে দুষ্ট চক্ৰৰ কাণ্ড অথবা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। যদিও সোণাৰিবালী আৰু আমবাগানৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনা স্থলীত উপস্থিত হৈছিল, তথাপি তেওঁলোকে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাৰ পূৰ্বেই বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্হানীয় ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো বিদ্যালয়খনক ৰক্ষা কৰিব পৰা নগল। এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি স্হানীয় ৰাইজে চৰকাৰৰ ওচৰত ৰূপহী, লাইলুৰী আৰু কাৱৈমাৰী আদি অঞ্চলত তৎকালীনভাৱে অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাইছে।

2 hrs ago
user_Daily Time
Daily Time
Newsagent ৰূপাহী, নগাঁও, অসম•
2 hrs ago

ৰূপহীহাটৰ কাছখাইটীত মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ কেইবা লাখ টকাৰ স্কুলীয়া সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ নিমিষতে জুইত জাহ যায়, যাৰ ফলত সমগ্ৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ছাৰখাৰ হয়। অগ্নিকাণ্ডৰ কাৰণ হিচাপে স্হানীয় ৰাইজে দুষ্ট চক্ৰৰ কাণ্ড অথবা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। যদিও সোণাৰিবালী আৰু আমবাগানৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনা স্থলীত উপস্থিত হৈছিল, তথাপি তেওঁলোকে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাৰ পূৰ্বেই বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্হানীয় ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো বিদ্যালয়খনক ৰক্ষা কৰিব পৰা নগল। এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি স্হানীয় ৰাইজে চৰকাৰৰ ওচৰত ৰূপহী, লাইলুৰী আৰু কাৱৈমাৰী আদি অঞ্চলত তৎকালীনভাৱে অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাইছে।

More news from অসম and nearby areas
  • এজন যুৱ উদ্যোগীয়ে সোনাইঘাটত ‘চাই আড্ডা’ নামৰ এখন নতুন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে। এই প্ৰচেষ্টা বিশেষকৈ GenZ সকলক লক্ষ্য কৰি লোৱা হৈছে বুলি ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। ইয়াত গ্ৰাহকসকলে একাপ চাহ উপভোগ কৰাৰ লগতে বন্ধুবৰ্গৰ সৈতে আড্ডা দিব পাৰিব। এই নতুন ৰেষ্টুৰেণ্টখনে সোনাইঘাটত ছাত্ৰ-ছাত্ৰীসকলৰ জিৰণিৰ বাবে থকা ঠাইৰ অভাৱ পূৰণ কৰাত সহায় কৰিব।
    1
    এজন যুৱ উদ্যোগীয়ে সোনাইঘাটত ‘চাই আড্ডা’ নামৰ এখন নতুন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে। এই প্ৰচেষ্টা বিশেষকৈ GenZ সকলক লক্ষ্য কৰি লোৱা হৈছে বুলি ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। ইয়াত গ্ৰাহকসকলে একাপ চাহ উপভোগ কৰাৰ লগতে বন্ধুবৰ্গৰ সৈতে আড্ডা দিব পাৰিব। এই নতুন ৰেষ্টুৰেণ্টখনে সোনাইঘাটত ছাত্ৰ-ছাত্ৰীসকলৰ জিৰণিৰ বাবে থকা ঠাইৰ অভাৱ পূৰণ কৰাত সহায় কৰিব।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • ৰূপহীহাটৰ কাছখাইটীত মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ কেইবা লাখ টকাৰ স্কুলীয়া সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ নিমিষতে জুইত জাহ যায়, যাৰ ফলত সমগ্ৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ছাৰখাৰ হয়। অগ্নিকাণ্ডৰ কাৰণ হিচাপে স্হানীয় ৰাইজে দুষ্ট চক্ৰৰ কাণ্ড অথবা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। যদিও সোণাৰিবালী আৰু আমবাগানৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনা স্থলীত উপস্থিত হৈছিল, তথাপি তেওঁলোকে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাৰ পূৰ্বেই বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্হানীয় ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো বিদ্যালয়খনক ৰক্ষা কৰিব পৰা নগল। এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি স্হানীয় ৰাইজে চৰকাৰৰ ওচৰত ৰূপহী, লাইলুৰী আৰু কাৱৈমাৰী আদি অঞ্চলত তৎকালীনভাৱে অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাইছে।
    1
    ৰূপহীহাটৰ কাছখাইটীত মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ কেইবা লাখ টকাৰ স্কুলীয়া সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ নিমিষতে জুইত জাহ যায়, যাৰ ফলত সমগ্ৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ছাৰখাৰ হয়।

অগ্নিকাণ্ডৰ কাৰণ হিচাপে স্হানীয় ৰাইজে দুষ্ট চক্ৰৰ কাণ্ড অথবা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। যদিও সোণাৰিবালী আৰু আমবাগানৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনা স্থলীত উপস্থিত হৈছিল, তথাপি তেওঁলোকে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাৰ পূৰ্বেই বিদ্যালয়খন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্হানীয় ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো বিদ্যালয়খনক ৰক্ষা কৰিব পৰা নগল।

এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি স্হানীয় ৰাইজে চৰকাৰৰ ওচৰত ৰূপহী, লাইলুৰী আৰু কাৱৈমাৰী আদি অঞ্চলত তৎকালীনভাৱে অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাইছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই।

নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • নগাঁৱৰ ৰাইডঙীয়া সোনাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতনত এক গাম্ভীৰ্যপূৰ্ণ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়। বিদ্যালয়খনে ১০০ শতাংশ উত্তীৰ্ণৰ সফলতাৰে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অঞ্চলটোৰ বহুকেইজন শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ এই সফলতাক অভিনন্দন জনায়। বিদ্যালয় কৰ্তৃপক্ষই কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু একোটাকৈ মমেণ্টো প্ৰদান কৰি আদৰণি জনায়। উপস্থিত বক্তাসকলে আশা প্ৰকাশ কৰে যে এই সফলতাই আগন্তুক প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত অধিক অনুপ্ৰাণিত কৰিব। উল্লেখ্য যে ৰাইডঙীয়া সোনাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এই সফলতাই সমগ্ৰ অঞ্চলজুৰি আনন্দৰ বতৰা কঢ়িয়াই আনিছে।
    1
    নগাঁৱৰ ৰাইডঙীয়া সোনাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতনত এক গাম্ভীৰ্যপূৰ্ণ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়।

বিদ্যালয়খনে ১০০ শতাংশ উত্তীৰ্ণৰ সফলতাৰে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অঞ্চলটোৰ বহুকেইজন শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ এই সফলতাক অভিনন্দন জনায়। বিদ্যালয় কৰ্তৃপক্ষই কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু একোটাকৈ মমেণ্টো প্ৰদান কৰি আদৰণি জনায়।

উপস্থিত বক্তাসকলে আশা প্ৰকাশ কৰে যে এই সফলতাই আগন্তুক প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত অধিক অনুপ্ৰাণিত কৰিব। উল্লেখ্য যে ৰাইডঙীয়া সোনাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এই সফলতাই সমগ্ৰ অঞ্চলজুৰি আনন্দৰ বতৰা কঢ়িয়াই আনিছে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • শনিবাৰে সন্ধিয়া ধিং পৌৰসভাই ধিং চহৰত এক বৃহৎ উচ্ছেদ অভিযান চলাইছে, য'ত পৌৰসভাৰ বিষয়াসকল 'একচন মোড'ত দেখা গৈছিল। এই অভিযানত অবৈধভাৱে সজা দোকান-পোহাৰ এফালৰ পৰা ভাঙি পেলোৱা হয়। ধিং চহৰত একাংশ লোকে ভূমি বেদখল কৰি নিজৰ ইচ্ছামতে অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। পৌৰসভাৰ বিষয়াসকলে জেচিবি ব্যৱহাৰ কৰি এই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাৰ লগতে অবৈধভাৱে মজুত ৰখা বহু সামগ্ৰীও জব্দ কৰে।
    1
    শনিবাৰে সন্ধিয়া ধিং পৌৰসভাই ধিং চহৰত এক বৃহৎ উচ্ছেদ অভিযান চলাইছে, য'ত পৌৰসভাৰ বিষয়াসকল 'একচন মোড'ত দেখা গৈছিল। এই অভিযানত অবৈধভাৱে সজা দোকান-পোহাৰ এফালৰ পৰা ভাঙি পেলোৱা হয়। ধিং চহৰত একাংশ লোকে ভূমি বেদখল কৰি নিজৰ ইচ্ছামতে অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। পৌৰসভাৰ বিষয়াসকলে জেচিবি ব্যৱহাৰ কৰি এই অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাৰ লগতে অবৈধভাৱে মজুত ৰখা বহু সামগ্ৰীও জব্দ কৰে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.