logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়া জিলাৰ জাগুনত এক অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ব্যৱসায়ীক আটক কৰা হৈছে। জাগুনৰ ৯ মাইল পাৰ্বতীপুৰৰ পৰা কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনক বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ, নগদ ৩২,০০০ টকা, এখন বিলাসী বাহন (নম্বৰ AS23 AP 1671) আৰু এখন পালছাৰ বাইক (নম্বৰ AS23 AE 4483)সহ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত জাগুন আৰক্ষীয়ে আজি কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত অতৰ্কিতে অভিযান চলাইছিল। আৰক্ষীয়ে বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ী কিৰণ বৰাক ড্ৰাগছ ব্যৱসায় সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই অভিযানত জাগুন আৰু লেখাপানী আৰক্ষীয়ে অংশগ্ৰহণ কৰিছিল।

3 days ago
user_Deepak Das
Deepak Das
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
3 days ago

তিনিচুকীয়া জিলাৰ জাগুনত এক অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ব্যৱসায়ীক আটক কৰা হৈছে। জাগুনৰ ৯ মাইল পাৰ্বতীপুৰৰ পৰা কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনক বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ, নগদ ৩২,০০০ টকা, এখন বিলাসী বাহন (নম্বৰ AS23 AP 1671) আৰু এখন পালছাৰ বাইক (নম্বৰ AS23 AE 4483)সহ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত জাগুন আৰক্ষীয়ে আজি কিৰণ বৰা নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত অতৰ্কিতে অভিযান চলাইছিল। আৰক্ষীয়ে বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ী কিৰণ বৰাক ড্ৰাগছ ব্যৱসায় সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই অভিযানত জাগুন আৰু লেখাপানী আৰক্ষীয়ে অংশগ্ৰহণ কৰিছিল।

More news from অসম and nearby areas
  • এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।
    4
    এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই।

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    1 hr ago
  • বাণিজ্যিক চহৰ তিনিচুকীয়াৰ যানযঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগ আৰু তিনিচুকীয়া পৌৰসভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যানযঁটৰ সমস্যা সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা ই-ৰিক্সাৰ বিৰুদ্ধে বৰ্তমান অভিযান চলোৱা হৈছে। এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে জিলা পৰিবহণ বিভাগ আৰু পৌৰসভাই সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল।
    1
    বাণিজ্যিক চহৰ তিনিচুকীয়াৰ যানযঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগ আৰু তিনিচুকীয়া পৌৰসভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যানযঁটৰ সমস্যা সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা ই-ৰিক্সাৰ বিৰুদ্ধে বৰ্তমান অভিযান চলোৱা হৈছে। এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে জিলা পৰিবহণ বিভাগ আৰু পৌৰসভাই সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    2 hrs ago
  • ডিগবৈত AS23 ER 4614 নম্বৰৰ এখন চালকবিহীন ই-ৰিক্সাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ক কেন্দ্ৰ কৰি বৰ্তমান চালকবিহীন ই-ৰিক্সাখনত ভূতৰ প্ৰভাৱ নে যান্ত্ৰিক ত্ৰুটি, তাক লৈ ব্যাপক চৰ্চা চলিছে।
    1
    ডিগবৈত AS23 ER 4614 নম্বৰৰ এখন চালকবিহীন ই-ৰিক্সাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ক কেন্দ্ৰ কৰি বৰ্তমান চালকবিহীন ই-ৰিক্সাখনত ভূতৰ প্ৰভাৱ নে যান্ত্ৰিক ত্ৰুটি, তাক লৈ ব্যাপক চৰ্চা চলিছে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    2 hrs ago
  • সোণাৰী আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক আটক কৰিছে। সোণাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰণ মহন সিংহ চেতিয়াৰ নেতৃত্বত কানুবাৰী বালিজান গ্ৰাণ্টত চলা এই অভিযানত AS-06BC-9276 নম্বৰৰ এখন বাহনত সৰবৰাহ কৰি থকা ১৬ কেজি ২৪৭ গ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ হয়। এই সৰবৰাহৰ সৈতে জড়িত ৰাঙলীৰ বুদ্ধ বৰুৱা আৰু প্ৰবিত্ৰ তামুলী নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ লগতে গাঞ্জাসহ বাহনখনো জব্দ কৰে। এই সফল অভিযানৰ বাবে সোণাৰী আৰক্ষীৰ এই সাফল্য বিশেষভাৱে উল্লেখযোগ্য।
    2
    সোণাৰী আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক আটক কৰিছে। সোণাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰণ মহন সিংহ চেতিয়াৰ নেতৃত্বত কানুবাৰী বালিজান গ্ৰাণ্টত চলা এই অভিযানত AS-06BC-9276 নম্বৰৰ এখন বাহনত সৰবৰাহ কৰি থকা ১৬ কেজি ২৪৭ গ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ হয়।

এই সৰবৰাহৰ সৈতে জড়িত ৰাঙলীৰ বুদ্ধ বৰুৱা আৰু প্ৰবিত্ৰ তামুলী নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ লগতে গাঞ্জাসহ বাহনখনো জব্দ কৰে। এই সফল অভিযানৰ বাবে সোণাৰী আৰক্ষীৰ এই সাফল্য বিশেষভাৱে উল্লেখযোগ্য।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    8 hrs ago
  • চৰাইদেউ জিলাত অনিয়ন্ত্ৰিত ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা আৰু উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। এই স্মাৰক পত্ৰখন সোণাৰিত চৰাইদেউ জিলা আয়ুক্তক দিয়া হয়।
    3
    চৰাইদেউ জিলাত অনিয়ন্ত্ৰিত ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা আৰু উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। এই স্মাৰক পত্ৰখন সোণাৰিত চৰাইদেউ জিলা আয়ুক্তক দিয়া হয়।
    user_Sonari News
    Sonari News
    সোণাৰি, চৰাইদেউ, অসম•
    22 hrs ago
  • সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বৰ্তমান একচন মুডত আছে। চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকল সততে উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পাছতে তেওঁ আজি সোণাৰিৰ মীন বিভাগৰ জিলা কাৰ্যালয় আৰু ৰেচম বিভাগৰ কাৰ্যালয়ত এক তাত্ক্ষণিক পৰিদৰ্শন চলায়। বিধায়কগৰাকীয়ে ঘোষণা কৰিছে যে কাৰ্যালয়ত অনুপস্থিত থকা কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেওঁ বিভাগীয় মন্ত্ৰীক অভিযোগ দাখিল কৰিব।
    1
    সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বৰ্তমান একচন মুডত আছে। চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকল সততে উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পাছতে তেওঁ আজি সোণাৰিৰ মীন বিভাগৰ জিলা কাৰ্যালয় আৰু ৰেচম বিভাগৰ কাৰ্যালয়ত এক তাত্ক্ষণিক পৰিদৰ্শন চলায়। বিধায়কগৰাকীয়ে ঘোষণা কৰিছে যে কাৰ্যালয়ত অনুপস্থিত থকা কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেওঁ বিভাগীয় মন্ত্ৰীক অভিযোগ দাখিল কৰিব।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    20 hrs ago
  • তিনিচুকীয়া জিলাত অত্যধিক মাত্ৰাত ড্ৰাগছৰ প্ৰচলনক লৈ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষীয়ে এনে ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰগোলাই চাৰিআলিত আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত সফল অভিযান চলাই শ্বেৰ বাহাদুৰ প্ৰধান আৰু বিশাল ঠাকুৰী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোটে আটক কৰে। আটকাধীন যুৱক দুজনৰ পৰা AS23z1819 নম্বৰৰ এখন স্কুটীৰ পৰা মুঠ ১১.৯৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয়। আৰক্ষীয়ে লাভ কৰা গোপন তথ্য অনুসৰি, সৰবৰাহকাৰী দুজনে লিডুৰ পৰা ড্ৰাগছসহ ডিগবাইলৈ গৈ থকা অৱস্থাত বৰগোলাইত তেওঁলোকক আটক কৰা হয়। তিনিচুকীয়া জিলাৰ ডি এছ পি ফায়েজ আহমেদৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হয়। এই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা কাৰ্যক স্থানীয় ৰাইজে শলাগ লৈছে।
    1
    তিনিচুকীয়া জিলাত অত্যধিক মাত্ৰাত ড্ৰাগছৰ প্ৰচলনক লৈ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষীয়ে এনে ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰগোলাই চাৰিআলিত আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত সফল অভিযান চলাই শ্বেৰ বাহাদুৰ প্ৰধান আৰু বিশাল ঠাকুৰী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোটে আটক কৰে। আটকাধীন যুৱক দুজনৰ পৰা AS23z1819 নম্বৰৰ এখন স্কুটীৰ পৰা মুঠ ১১.৯৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয়।

আৰক্ষীয়ে লাভ কৰা গোপন তথ্য অনুসৰি, সৰবৰাহকাৰী দুজনে লিডুৰ পৰা ড্ৰাগছসহ ডিগবাইলৈ গৈ থকা অৱস্থাত বৰগোলাইত তেওঁলোকক আটক কৰা হয়। তিনিচুকীয়া জিলাৰ ডি এছ পি ফায়েজ আহমেদৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হয়। এই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা কাৰ্যক স্থানীয় ৰাইজে শলাগ লৈছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter খাৰছাং চাৰ্কল, চাংলাং, অৰুণাচল প্ৰদেশ•
    16 hrs ago
  • মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু অঞ্চলৰ উচ্চ শিক্ষাৰ এক অন্যতম প্ৰতিষ্ঠান লিডু মহাবিদ্যালয় কৃত্ৰিম বানৰ কৱলত পৰি জলমগ্ন হৈছে। এই সমস্যাই লিডু মহাবিদ্যালয়ৰ লগতে লিডু চিনিয়ৰ চেকেণ্ডাৰী স্কুলকো বাৰুকৈয়ে প্ৰভাৱিত কৰি আহিছে আৰু বিগত কেইবা বছৰ ধৰি শিক্ষানুষ্ঠান দুখনে বানৰ ফলত দুৰ্ভোগ ভুগি আহিছে। শিক্ষানুষ্ঠান দুখনৰ কাষেৰে বৈ যোৱা কেঁচা নলাটো অত্যধিক বৰষুণৰ ফলত পানীৰে উপচি পৰে, যাৰ ফলত কাষৰীয়া অঞ্চলৰ লগতে শিক্ষানুষ্ঠান দুখনো বাৰে বাৰে প্লাৱিত হয়। কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে আজি পুনৰ শিক্ষানুষ্ঠানখন কৃত্ৰিম বানৰ কৱলত পৰে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই কৃত্ৰিম বানৰ সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি কষ্ট ভুগি আছে। অভিযোগ অনুসৰি, এই সমস্যা সমাধানৰ বাবে বাৰে বাৰে আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা হোৱা নাই। স্থানীয় লোকে মন্তব্য কৰিছে যে কেঁচা নলাটো বিজ্ঞানসন্মতভাৱে খান্দিলে এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পৰা যাব। এই সন্দৰ্ভত চৰকাৰ, জনপ্ৰতিনিধি আৰু অন্যান্য কৰ্তৃপক্ষই কোনো কাণসাৰ নিদিয়া বুলি স্থানীয় লোকে অভিযোগ তুলিছে।
    1
    মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু অঞ্চলৰ উচ্চ শিক্ষাৰ এক অন্যতম প্ৰতিষ্ঠান লিডু মহাবিদ্যালয় কৃত্ৰিম বানৰ কৱলত পৰি জলমগ্ন হৈছে। এই সমস্যাই লিডু মহাবিদ্যালয়ৰ লগতে লিডু চিনিয়ৰ চেকেণ্ডাৰী স্কুলকো বাৰুকৈয়ে প্ৰভাৱিত কৰি আহিছে আৰু বিগত কেইবা বছৰ ধৰি শিক্ষানুষ্ঠান দুখনে বানৰ ফলত দুৰ্ভোগ ভুগি আহিছে।

শিক্ষানুষ্ঠান দুখনৰ কাষেৰে বৈ যোৱা কেঁচা নলাটো অত্যধিক বৰষুণৰ ফলত পানীৰে উপচি পৰে, যাৰ ফলত কাষৰীয়া অঞ্চলৰ লগতে শিক্ষানুষ্ঠান দুখনো বাৰে বাৰে প্লাৱিত হয়। কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে আজি পুনৰ শিক্ষানুষ্ঠানখন কৃত্ৰিম বানৰ কৱলত পৰে।

শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই কৃত্ৰিম বানৰ সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি কষ্ট ভুগি আছে। অভিযোগ অনুসৰি, এই সমস্যা সমাধানৰ বাবে বাৰে বাৰে আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা হোৱা নাই। স্থানীয় লোকে মন্তব্য কৰিছে যে কেঁচা নলাটো বিজ্ঞানসন্মতভাৱে খান্দিলে এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পৰা যাব। এই সন্দৰ্ভত চৰকাৰ, জনপ্ৰতিনিধি আৰু অন্যান্য কৰ্তৃপক্ষই কোনো কাণসাৰ নিদিয়া বুলি স্থানীয় লোকে অভিযোগ তুলিছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    11 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.