এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।
এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি
পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে
অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ
কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।
- এজাক মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত লিডু মহাবিদ্যালয় সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। ইয়াৰ উপৰিও কাষৰ গাঁৱৰ অঞ্চলসমূহো পানীৰ তলত। মহাবিদ্যালয়খনত স্বাভাৱিক পাঠদান ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হোৱাত আজি পুৱাই বহু দূৰ-দূৰণিৰ পৰা অহা অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদত জমা হোৱা পানীৰ বাবে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰি আধা বাটৰ পৰাই উভতি যাবলগীয়া হয়। ইয়াৰ লগতে জৰুৰীকালীন সেৱাসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে অঞ্চলটোত উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ ফলতেই সামান্য বৰষুণতে এনে জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবছৰে বাৰিষাকালত একেই সমস্যাই লিডুবাসীক জুৰুলা কৰি আহিছে যদিও আজিলৈকে কোনো স্থায়ী বা সুদূৰপ্ৰসাৰী সমাধান গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছে। ৰাইজে অভিযোগ তুলিছে যে অঞ্চলটোৰ পঞ্চায়েত প্ৰতিনিধি তথা বিধায়ক ভাস্কৰ শৰ্মাই এই গুৰুত্বপূৰ্ণ সমস্যাক অগ্ৰাধিকাৰ নিদিয়াৰ ফলতেই লিডুবাসীয়ে বছৰে বছৰে একেই দুৰ্ভোগ ভোগ কৰি আহিছে।4
- বাণিজ্যিক চহৰ তিনিচুকীয়াৰ যানযঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগ আৰু তিনিচুকীয়া পৌৰসভাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যানযঁটৰ সমস্যা সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা ই-ৰিক্সাৰ বিৰুদ্ধে বৰ্তমান অভিযান চলোৱা হৈছে। এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে জিলা পৰিবহণ বিভাগ আৰু পৌৰসভাই সজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল।1
- ডিগবৈত AS23 ER 4614 নম্বৰৰ এখন চালকবিহীন ই-ৰিক্সাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ক কেন্দ্ৰ কৰি বৰ্তমান চালকবিহীন ই-ৰিক্সাখনত ভূতৰ প্ৰভাৱ নে যান্ত্ৰিক ত্ৰুটি, তাক লৈ ব্যাপক চৰ্চা চলিছে।1
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ বৰ্তমান একচন মুডত আছে। চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকল সততে উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পাছতে তেওঁ আজি সোণাৰিৰ মীন বিভাগৰ জিলা কাৰ্যালয় আৰু ৰেচম বিভাগৰ কাৰ্যালয়ত এক তাত্ক্ষণিক পৰিদৰ্শন চলায়। বিধায়কগৰাকীয়ে ঘোষণা কৰিছে যে কাৰ্যালয়ত অনুপস্থিত থকা কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেওঁ বিভাগীয় মন্ত্ৰীক অভিযোগ দাখিল কৰিব।1
- বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিজন গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ আজি সোণাৰি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আটক কৰা চোৰকেইটা হ'ল ক্ৰমে আব্দুল ৰহিম (৩৯), ভজো টিয়ক বঙালিগাওঁৰ আৰিফ আলী (২৬), টিয়ক ৰজাবাৰীৰ চুলেমান আহমেদ (২৬) আৰু জৱকা চাহ বাগিচাৰ মুন্না মহালি (২৫)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি নগৰখনৰ পাৰ্বতিপুৰ অঞ্চলত হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাঁহ পিতলৰ বাচন, শৰাই আৰু আন বহু কেইপদ মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা দেওবাৰে উক্ত পাৰ্বতিপুৰ অঞ্চলৰে বাসিন্দা শিৱ প্ৰসাদ ফুকনৰ ঘৰত চোৰৰ এটা দলে চুৰি কাৰ্য সংঘটিত কৰি এই মূল্যৱান সামগ্ৰীসমূহৰ লগতে নগদ ৭০ হাজাৰ টকা আৰু ভালেকেইপদ সোণৰ অলংকাৰ চুৰি কৰি নিছিল। সোণাৰি আৰক্ষীয়ে এজাহাৰকাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩৩১(৪), ৩০৫ আৰু ২২২৩ ধাৰাৰ অধীনত ৪৩/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে আৰু চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও, সোণাৰি আৰক্ষীয়ে চুৰি কাৰ্যত সহযোগ কৰা আন কেইবাটাও চোৰক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে।1
- চৰাইদেউ জিলাত অনিয়ন্ত্ৰিত ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা আৰু উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। এই স্মাৰক পত্ৰখন সোণাৰিত চৰাইদেউ জিলা আয়ুক্তক দিয়া হয়।3
- আৰবান টেষ্টৰ নামৰ ৰেষ্টুৰেন্টখনত চলা উচ্ছেদ অভিযানৰ সময়ত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই অভিযানকালত ৰেষ্টুৰেন্টখনৰ ফ্ৰীজৰ ভিতৰত নিষিদ্ধ মাংস উদ্ধাৰ কৰা হয়, যিয়ে সমগ্ৰ ঘটনাটোক এক নতুন দিশ প্ৰদান কৰিছে।1
- মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু অঞ্চলৰ উচ্চ শিক্ষাৰ এক অন্যতম প্ৰতিষ্ঠান লিডু মহাবিদ্যালয় কৃত্ৰিম বানৰ কৱলত পৰি জলমগ্ন হৈছে। এই সমস্যাই লিডু মহাবিদ্যালয়ৰ লগতে লিডু চিনিয়ৰ চেকেণ্ডাৰী স্কুলকো বাৰুকৈয়ে প্ৰভাৱিত কৰি আহিছে আৰু বিগত কেইবা বছৰ ধৰি শিক্ষানুষ্ঠান দুখনে বানৰ ফলত দুৰ্ভোগ ভুগি আহিছে। শিক্ষানুষ্ঠান দুখনৰ কাষেৰে বৈ যোৱা কেঁচা নলাটো অত্যধিক বৰষুণৰ ফলত পানীৰে উপচি পৰে, যাৰ ফলত কাষৰীয়া অঞ্চলৰ লগতে শিক্ষানুষ্ঠান দুখনো বাৰে বাৰে প্লাৱিত হয়। কালি নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে আজি পুনৰ শিক্ষানুষ্ঠানখন কৃত্ৰিম বানৰ কৱলত পৰে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই কৃত্ৰিম বানৰ সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি কষ্ট ভুগি আছে। অভিযোগ অনুসৰি, এই সমস্যা সমাধানৰ বাবে বাৰে বাৰে আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা হোৱা নাই। স্থানীয় লোকে মন্তব্য কৰিছে যে কেঁচা নলাটো বিজ্ঞানসন্মতভাৱে খান্দিলে এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব পৰা যাব। এই সন্দৰ্ভত চৰকাৰ, জনপ্ৰতিনিধি আৰু অন্যান্য কৰ্তৃপক্ষই কোনো কাণসাৰ নিদিয়া বুলি স্থানীয় লোকে অভিযোগ তুলিছে।1