Shuru
Apke Nagar Ki App…
দুলীয়াজানৰ হোটেল অইল ফিল্ডৰ কাষত এটা সৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
RAJIB Gogoi
দুলীয়াজানৰ হোটেল অইল ফিল্ডৰ কাষত এটা সৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
More news from অসম and nearby areas
- মাইবেলাস্থিত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনস্থ লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্য আৰু অধিকাৰৰ দাবীত এক আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰিছে। এই অনশনস্থলীত মাহমৰা সমষ্টিৰ বিধায়ক সুৰুয দিহিঙ্গীয়া উপস্থিত হয়। শনিবাৰে সন্ধিয়া বিধায়কগৰাকীয়ে শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা এই শ্ৰমিকসকলৰ দাবীসমূহৰ বিষয়ে তেওঁ অৱগত হয়। বিধায়ক সুৰুয দিহিঙ্গীয়াই আশা প্ৰকাশ কৰে যে সংশ্লিষ্ট কৰ্তৃপক্ষই এই শ্ৰমিকসকলৰ দাবীসমূহ সহানুভূতিশীলভাৱে বিবেচনা কৰি শীঘ্ৰেই এক ইতিবাচক সমাধান উলিয়াব।1
- ২০২৬ চনৰ ২৮ জুন তাৰিখে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই নগাঁও জিলাৰ কন্দলীস্থিত বৰকচাৰী গাঁৱত অনুষ্ঠিত ধানৰ চাৰা ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।1
- শিৱসাগৰ জিলা ৰাইজৰ দলৰ তৰফৰ পৰা আজি এক গুৰুত্বপূৰ্ণ সংবাদমেল আহ্বান কৰা হৈছিল। বাবুপট্টিস্থিত দলৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত জিলাখনৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট আৰু কেইবাটাও স্থানীয় বিষয়ৰ ওপৰত আলোকপাত কৰা হয়।1
- আৰক্ষীয়ে চাউলধোৱাত অভিযান চলাই তিনিজন গভাইত চোৰক আটক কৰিছে। এই অভিযানৰ সময়ত তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।1
- দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টিপলিং চাহ-বাগিছাত সুতখৰীৰ দপদপনি চলি আছে, যাৰ ফলত চাহ শ্ৰমিকসকলৰ দৰমহা লুণ্ঠন হৈছে। চাহ শ্ৰমিকৰ ঘামৰ মূল্যৰ ওপৰত চলি থকা এই সুতখৰীৰ বিৰুদ্ধে টিপলিংত আছাৰে এক অভিযান চলাইছে।1
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি ধোদৰ আলিত নিৰ্মাণ হৈ থকা পানী নিষ্কাশন ব্যৱস্থাৰ কাম পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত তেওঁ কামৰ অগ্ৰগতিৰ বুজ লয়।1
- শিৱসাগৰত চুৰি-ডকাইতি আৰু ড্ৰাগছৰ দৰে অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসম মুছলিম কল্যাণ পৰিষদে এক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে অপৰাধীক আশ্ৰয় দিয়া ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে উল্লেখ কৰিছে যে কেইবাটাও অঞ্চলত একাংশ মালিকে সামান্য ধনৰ লোভত সঠিক পৰিচয় পত্ৰ পৰীক্ষা নকৰাকৈয়ে বহিৰাগত সন্দেহযুক্ত ভাড়াতীয়াক আশ্ৰয় দি আহিছে, যিটোৱে অপৰাধমূলক কাৰ্যকলাপত ইন্ধন যোগাইছে।1
- ২৮ জুনত ভাৰতীয় সেনা, চোৰাংচোৱা সংস্থা আৰু অসম আৰক্ষী বাহিনীৰ এক যুটীয়া অভিযানত তিনিচুকীয়া জিলাৰ জাগুণ বজাৰত আলফা (স্বাধীন)ৰ দুজন গুৰুত্বপূৰ্ণ কেডাৰক আটক কৰা হয়। ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰৰ পৰা অৰুণাচল প্ৰদেশ হৈ AR 28A 5892 নম্বৰৰ এখন চুইফ্ট গাড়ীৰে অসমত প্ৰৱেশৰ চেষ্টা চলোৱা মুহূৰ্ততে এই দুজন কেডাৰক হিন্দী চিনেমাৰ কায়দাৰে অসামৰিক পোচাকত খাপ পিটি থকা সুৰক্ষা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয়। গাড়ীখন ৰখোৱাৰ সময়ত এজন কেডাৰে হেণ্ড গ্ৰেনেড নিক্ষেপৰ বাবে পিন খুলিবলৈ চেষ্টা চলাইছিল যদিও সুৰক্ষা বাহিনীৰ দ্ৰুত তৎপৰতাত এক বৃহৎ কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে। ধৃত কেডাৰ দুজন হৈছে তিনিচুকীয়া জিলাৰ পানীতোলাৰ স্বয়ম্ভু চেকেণ্ড লেফটেনেন্ট চিঞঁৰ অসম ওৰফে হোমেন জ্যোতি বৰুৱা আৰু বাঘজান কৰ্দৈগুৰিৰ স্বয়ম্ভু চেকেণ্ড লেফটেনেন্ট মনোজ অসম ওৰফে পাপু মৰাণ। তেওঁলোকৰ জিম্মাৰ পৰা দুটা একে-৫৬ ৰাইফল, ১৭২ ৰাউণ্ড সজীৱ গুলী, ৬টা মেগাজিন, দুটা হেণ্ড গ্ৰেনেড, চিকিৎসাৰ বাবে চিৰিঞ্জসহ গুৰুতৰ আঘাত তথা বেমাৰ-আজাৰৰ বাবে সম্পূৰ্ণ দৰৱ-পাটি, ঘন জংঘল বা কোনো গৃহত বৰ্হিজগতৰ সৈতে যোগাযোগ নোহোৱাকৈ আত্মগোপন কৰিব পৰাকৈ দুজন লোকৰ বাবে পৰ্যাপ্ত পেকেট খাদ্য, সাজপোচাক, বেগপেক আৰু নগদ ধন জব্দ কৰা হয়। লেখাপানী আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৪২/২০২৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে, য'ত অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ, কূটাঘাতৰ পৰিকল্পনা আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত থকাৰ কেইবাটাও ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে। আৰক্ষীৰ শীৰ্ষ মহলৰ মতে, এই দুজন কেডাৰ পূৰ্বে ২০২৪ চনত জাগুণৰ এটা শিলৰ মিলৰ পৰা এজন কৰ্মচাৰীক অপহৰণ কৰা, যোৱা বছৰৰ ১৭ অক্টোবৰত কাকপথাৰস্থিত ১৯ গ্ৰেণেডিয়াৰ ৰেজিমেণ্টৰ সেনা চাউনীত তিনিজনকৈ জোৱান আহত হোৱা আক্ৰমণটোত আৰু চলিত বৰ্ষৰ ২২ মাৰ্চৰ পুৱতি নিশা জাগুণ ১০ মাইলস্থিত অসম আৰক্ষীৰ ২ নং কামাণ্ডো বেটেলিয়নৰ শিবিৰত “অপাৰেশ্যন বুজনি” নামেৰে কৰা আক্ৰমণৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত আছিল। তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক আইপিএচ মায়াংক কুমাৰে এক সংবাদমেলত বিস্ফোৰক তথ্য সদৰী কৰি কয় যে, ধৃত কেডাৰদ্বয়ক আজি সন্ধিয়া বা উপযুক্ত সুবিধা বুজি তিনিচুকীয়া নগৰৰ জনবহুল বজাৰ এলেকাত লক্ষ্যহীনভাৱে গুলীবৰ্ষণ আৰু গ্ৰেনেড নিক্ষেপ কৰি সৰ্বাধিক নিৰীহ লোকক হত্যা তথা আহত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। অসম আৰক্ষীৰ তৎপৰতাত জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰপন্থীয়ে চলোৱা নিৰীহৰ নৰমেধ যজ্ঞৰ লেখিয়া এক ভয়ংকৰ ‘দ্বিতীয় পেহেলগাম’ৰ পৰিকল্পনা বিফল হয়। আৰক্ষী অধীক্ষক গৰাকীয়ে এই সমগ্ৰ কূটাঘাতৰ আঁৰত আলফাৰ শীৰ্ষ নেতৃত্বক ভাৰতৰ শত্ৰু শক্তি অৰ্থাৎ পাকিস্তানী সেনা আৰু আইএচআই (ISI)-এ পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱাৰ সন্দেহৰ আঙুলি টোৱাইছে। ইয়াৰ ফলত আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সমগ্ৰ জিলাখনৰ লগতে উজনি অসমৰ সুৰক্ষা ব্যৱস্থা অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে বুলি স্পষ্ট হৈ পৰে।3