২৮ জুনত ভাৰতীয় সেনা, চোৰাংচোৱা সংস্থা আৰু অসম আৰক্ষী বাহিনীৰ এক যুটীয়া অভিযানত তিনিচুকীয়া জিলাৰ জাগুণ বজাৰত আলফা (স্বাধীন)ৰ দুজন গুৰুত্বপূৰ্ণ কেডাৰক আটক কৰা হয়। ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰৰ পৰা অৰুণাচল প্ৰদেশ হৈ AR 28A 5892 নম্বৰৰ এখন চুইফ্ট গাড়ীৰে অসমত প্ৰৱেশৰ চেষ্টা চলোৱা মুহূৰ্ততে এই দুজন কেডাৰক হিন্দী চিনেমাৰ কায়দাৰে অসামৰিক পোচাকত খাপ পিটি থকা সুৰক্ষা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয়। গাড়ীখন ৰখোৱাৰ সময়ত এজন কেডাৰে হেণ্ড গ্ৰেনেড নিক্ষেপৰ বাবে পিন খুলিবলৈ চেষ্টা চলাইছিল যদিও সুৰক্ষা বাহিনীৰ দ্ৰুত তৎপৰতাত এক বৃহৎ কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে। ধৃত কেডাৰ দুজন হৈছে তিনিচুকীয়া জিলাৰ পানীতোলাৰ স্বয়ম্ভু চেকেণ্ড লেফটেনেন্ট চিঞঁৰ অসম ওৰফে হোমেন জ্যোতি বৰুৱা আৰু বাঘজান কৰ্দৈগুৰিৰ স্বয়ম্ভু চেকেণ্ড লেফটেনেন্ট মনোজ অসম ওৰফে পাপু মৰাণ। তেওঁলোকৰ জিম্মাৰ পৰা দুটা একে-৫৬ ৰাইফল, ১৭২ ৰাউণ্ড সজীৱ গুলী, ৬টা মেগাজিন, দুটা হেণ্ড গ্ৰেনেড, চিকিৎসাৰ বাবে চিৰিঞ্জসহ গুৰুতৰ আঘাত তথা বেমাৰ-আজাৰৰ বাবে সম্পূৰ্ণ দৰৱ-পাটি, ঘন জংঘল বা কোনো গৃহত বৰ্হিজগতৰ সৈতে যোগাযোগ নোহোৱাকৈ আত্মগোপন কৰিব পৰাকৈ দুজন লোকৰ বাবে পৰ্যাপ্ত পেকেট খাদ্য, সাজপোচাক, বেগপেক আৰু নগদ ধন জব্দ কৰা হয়। লেখাপানী আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৪২/২০২৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে, য'ত অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ, কূটাঘাতৰ পৰিকল্পনা আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত থকাৰ কেইবাটাও ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে। আৰক্ষীৰ শীৰ্ষ মহলৰ মতে, এই দুজন কেডাৰ পূৰ্বে ২০২৪ চনত জাগুণৰ এটা শিলৰ মিলৰ পৰা এজন কৰ্মচাৰীক অপহৰণ কৰা, যোৱা বছৰৰ ১৭ অক্টোবৰত কাকপথাৰস্থিত ১৯ গ্ৰেণেডিয়াৰ ৰেজিমেণ্টৰ সেনা চাউনীত তিনিজনকৈ জোৱান আহত হোৱা আক্ৰমণটোত আৰু চলিত বৰ্ষৰ ২২ মাৰ্চৰ পুৱতি নিশা জাগুণ ১০ মাইলস্থিত অসম আৰক্ষীৰ ২ নং কামাণ্ডো বেটেলিয়নৰ শিবিৰত “অপাৰেশ্যন বুজনি” নামেৰে কৰা আক্ৰমণৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত আছিল। তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক আইপিএচ মায়াংক কুমাৰে এক সংবাদমেলত বিস্ফোৰক তথ্য সদৰী কৰি কয় যে, ধৃত কেডাৰদ্বয়ক আজি সন্ধিয়া বা উপযুক্ত সুবিধা বুজি তিনিচুকীয়া নগৰৰ জনবহুল বজাৰ এলেকাত লক্ষ্যহীনভাৱে গুলীবৰ্ষণ আৰু গ্ৰেনেড নিক্ষেপ কৰি সৰ্বাধিক নিৰীহ লোকক হত্যা তথা আহত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। অসম আৰক্ষীৰ তৎপৰতাত জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰপন্থীয়ে চলোৱা নিৰীহৰ নৰমেধ যজ্ঞৰ লেখিয়া এক ভয়ংকৰ ‘দ্বিতীয় পেহেলগাম’ৰ পৰিকল্পনা বিফল হয়। আৰক্ষী অধীক্ষক গৰাকীয়ে এই সমগ্ৰ কূটাঘাতৰ আঁৰত আলফাৰ শীৰ্ষ নেতৃত্বক ভাৰতৰ শত্ৰু শক্তি অৰ্থাৎ পাকিস্তানী সেনা আৰু আইএচআই (ISI)-এ পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱাৰ সন্দেহৰ আঙুলি টোৱাইছে। ইয়াৰ ফলত আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সমগ্ৰ জিলাখনৰ লগতে উজনি অসমৰ সুৰক্ষা ব্যৱস্থা অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে বুলি স্পষ্ট হৈ পৰে।
২৮ জুনত ভাৰতীয় সেনা, চোৰাংচোৱা সংস্থা আৰু অসম আৰক্ষী বাহিনীৰ এক যুটীয়া অভিযানত তিনিচুকীয়া জিলাৰ জাগুণ বজাৰত আলফা (স্বাধীন)ৰ দুজন গুৰুত্বপূৰ্ণ কেডাৰক আটক কৰা হয়। ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰৰ পৰা অৰুণাচল প্ৰদেশ হৈ AR 28A 5892 নম্বৰৰ এখন চুইফ্ট গাড়ীৰে অসমত প্ৰৱেশৰ চেষ্টা চলোৱা মুহূৰ্ততে এই দুজন কেডাৰক হিন্দী চিনেমাৰ কায়দাৰে অসামৰিক পোচাকত খাপ পিটি থকা সুৰক্ষা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয়। গাড়ীখন ৰখোৱাৰ সময়ত এজন কেডাৰে হেণ্ড গ্ৰেনেড নিক্ষেপৰ বাবে পিন খুলিবলৈ চেষ্টা চলাইছিল যদিও সুৰক্ষা বাহিনীৰ দ্ৰুত তৎপৰতাত এক বৃহৎ কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে। ধৃত কেডাৰ দুজন হৈছে তিনিচুকীয়া জিলাৰ পানীতোলাৰ স্বয়ম্ভু চেকেণ্ড লেফটেনেন্ট চিঞঁৰ অসম ওৰফে হোমেন জ্যোতি বৰুৱা আৰু বাঘজান কৰ্দৈগুৰিৰ স্বয়ম্ভু চেকেণ্ড লেফটেনেন্ট মনোজ অসম ওৰফে পাপু মৰাণ। তেওঁলোকৰ জিম্মাৰ পৰা দুটা একে-৫৬ ৰাইফল,
১৭২ ৰাউণ্ড সজীৱ গুলী, ৬টা মেগাজিন, দুটা হেণ্ড গ্ৰেনেড, চিকিৎসাৰ বাবে চিৰিঞ্জসহ গুৰুতৰ আঘাত তথা বেমাৰ-আজাৰৰ বাবে সম্পূৰ্ণ দৰৱ-পাটি, ঘন জংঘল বা কোনো গৃহত বৰ্হিজগতৰ সৈতে যোগাযোগ নোহোৱাকৈ আত্মগোপন কৰিব পৰাকৈ দুজন লোকৰ বাবে পৰ্যাপ্ত পেকেট খাদ্য, সাজপোচাক, বেগপেক আৰু নগদ ধন জব্দ কৰা হয়। লেখাপানী আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৪২/২০২৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে, য'ত অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ, কূটাঘাতৰ পৰিকল্পনা আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত থকাৰ কেইবাটাও ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে। আৰক্ষীৰ শীৰ্ষ মহলৰ মতে, এই দুজন কেডাৰ পূৰ্বে ২০২৪ চনত জাগুণৰ এটা শিলৰ মিলৰ পৰা এজন কৰ্মচাৰীক অপহৰণ কৰা, যোৱা বছৰৰ ১৭ অক্টোবৰত কাকপথাৰস্থিত ১৯ গ্ৰেণেডিয়াৰ ৰেজিমেণ্টৰ সেনা চাউনীত তিনিজনকৈ জোৱান আহত হোৱা আক্ৰমণটোত আৰু চলিত বৰ্ষৰ ২২ মাৰ্চৰ পুৱতি নিশা জাগুণ ১০ মাইলস্থিত অসম আৰক্ষীৰ ২
নং কামাণ্ডো বেটেলিয়নৰ শিবিৰত “অপাৰেশ্যন বুজনি” নামেৰে কৰা আক্ৰমণৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত আছিল। তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক আইপিএচ মায়াংক কুমাৰে এক সংবাদমেলত বিস্ফোৰক তথ্য সদৰী কৰি কয় যে, ধৃত কেডাৰদ্বয়ক আজি সন্ধিয়া বা উপযুক্ত সুবিধা বুজি তিনিচুকীয়া নগৰৰ জনবহুল বজাৰ এলেকাত লক্ষ্যহীনভাৱে গুলীবৰ্ষণ আৰু গ্ৰেনেড নিক্ষেপ কৰি সৰ্বাধিক নিৰীহ লোকক হত্যা তথা আহত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। অসম আৰক্ষীৰ তৎপৰতাত জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰপন্থীয়ে চলোৱা নিৰীহৰ নৰমেধ যজ্ঞৰ লেখিয়া এক ভয়ংকৰ ‘দ্বিতীয় পেহেলগাম’ৰ পৰিকল্পনা বিফল হয়। আৰক্ষী অধীক্ষক গৰাকীয়ে এই সমগ্ৰ কূটাঘাতৰ আঁৰত আলফাৰ শীৰ্ষ নেতৃত্বক ভাৰতৰ শত্ৰু শক্তি অৰ্থাৎ পাকিস্তানী সেনা আৰু আইএচআই (ISI)-এ পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱাৰ সন্দেহৰ আঙুলি টোৱাইছে। ইয়াৰ ফলত আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সমগ্ৰ জিলাখনৰ লগতে উজনি অসমৰ সুৰক্ষা ব্যৱস্থা অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে বুলি স্পষ্ট হৈ পৰে।
- দুলীয়াজানত এখন ব্যতিক্ৰমী বেনাৰ দেখা গৈছে, য'ত লিখা আছে, "তই চিন্তা নকৰিবি দুৰ্ভগীয়া বাবে আমি আছোঁ"। এই বেনাৰখনত জুবিন গাৰ্গ, সময় গগৈ আৰু মিষ্টাৰ বিটুৰ প্ৰতিচ্ছবিও দেখা গৈছে।1
- মাইবেলাস্থিত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনস্থ লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্য আৰু অধিকাৰৰ দাবীত আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰিছে। এই অনশনৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই মাহমৰা সমষ্টিৰ বিধায়ক সূৰ্য্য দিহিঙীয়া অনশনস্থলীত উপস্থিত হয়। বিধায়কগৰাকীয়ে শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। তেওঁ আশা প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি সমস্যাৰে জৰ্জৰিত হৈ থকা এই শ্ৰমিকসকলৰ দাবীসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষই সহানুভূতিশীলভাৱে বিবেচনা কৰি অতি শীঘ্ৰেই এক ইতিবাচক সমাধান উলিয়াব।1
- লাকুৱা তাপ বিদ্যুত প্ৰকল্পৰ অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকসকলে আৰম্ভ কৰা আমৰণ অনশন আজি পঞ্চম দিনত ভৰি দিলে। শ্ৰমিকসকলৰ এই অনশন কাৰ্যসূচী অব্যাহত থকাৰ পিছতো, এতিয়ালৈকে বিভাগৰ কোনো উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হোৱা নাই। এই পৰিস্থিতিৰ মাজতে, অনশনকাৰীসকলে আজিৰ পৰা প্ৰশাসনৰ দ্বাৰা প্ৰদান কৰা যিকোনো চিকিৎসা সেৱা গ্ৰহণ নকৰিবলৈ সিদ্ধান্ত লৈছে।1
- ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এক প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। দীৰ্ঘদিন ধৰি এই বাঘটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।1
- পূব ছিয়াং জিলাত অবিৰত প্ৰচণ্ড বৰষুণৰ ফলত ব্যাপক পথ অৱৰোধ আৰু আন্তঃগাঁথনিৰ ক্ষতি হোৱাত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে। জিলাখনৰ বিভিন্ন অঞ্চললৈ যাতায়ত ব্যাহত হৈছে। দেওবাৰে দিনৰ ৩:১৬ বজাত জাৰি কৰা শেহতীয়া পথৰ স্থিতিৰ তথ্য অনুসৰি, মুঠ ১১টা গুৰুত্বপূৰ্ণ পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে দুটা পথ পুনৰ চলাচলৰ বাবে মুকলি কৰা হৈছে যদিও, নটা পথ এতিয়াও অৱৰুদ্ধ বা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ আছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা পথসমূহৰ ভিতৰত আছে পাছিঘাট–পাংগিন পথ, পাছিঘাট–মাৰিয়াং–য়িংকিয়ং পথ, পাছিঘাট–মেব’–দামবুক–বমজিৰ পথ, বিলাত–লেডুম পথ, আৰু পাছিঘাট–য়াগৰুং–লেডুম–টেনে (PLT) পথ, যাক পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বন্ধ ঘোষণা কৰা হৈছে। পাছিঘাট–ৰুন–টাকিলুলুং পথৰ লেটং দলংৰ বাওঁফালৰ পকী অংশ প্ৰচণ্ড বৰষুণৰ ফলত উটি যোৱাত পথটো যান-বাহন চলাচলৰ বাবে অসুৰক্ষিত হৈ পৰিছে। ইয়াৰ উপৰিও, বাল্লেক হাইস্কুল, ৰানঘাট দলং আৰু পাছিঘাট–য়াগৰুং পথৰ পগ্লেক নদীৰ ওচৰৰ পথসমূহ এতিয়াও বন্ধ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD), ইটানগৰে পূব ছিয়াং, লেপাৰাডা, ল’ৱাৰ ছিয়াং, ল’ৱাৰ সোৱণসিৰি আৰু পাপুম পাৰে জিলাত পৰৱৰ্তী ২৪ ঘণ্টাত বজ্ৰপাত আৰু ধুমুহাৰে সৈতে প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী দিয়াৰ বাবে পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ বেয়া বতৰৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বাসিন্দাসকলক অত্যাৱশ্যকীয় নোহোৱা যাত্ৰা, বিশেষকৈ ভূমিস্খলন-প্ৰৱণ অঞ্চল আৰু বানাক্ৰান্ত অঞ্চলৰ মাজেৰে যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে। বতৰ উন্নত নোহোৱালৈকে সম্ভাৱ্য হঠাতে অহা বানপানী, ভূমিস্খলন আৰু গছ পৰাৰ পৰা সতৰ্ক হৈ থাকিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈও জনসাধাৰণক পৰামৰ্শ দিয়া হৈছে।1