বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে। এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।

- নশা মুক্ত ভাৰত অভিযানৰ অংশস্বৰূপে এলানি কাৰ্যসূচীৰ আয়োজন। বাক্সাত আয়োজিত কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল । নশা মুক্ত ভাৰত অভিযানৰ অংশস্বৰূপে এলানি কাৰ্যসূচীৰ আয়োজন। বাক্সাত আয়োজিত কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল ।1
- ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও1
- Barpeta District or ji kunu area t Glow sign board lagile jonabo1
- 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক। 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।1
- *ৰাষ্ট্ৰীয় জুডোত তিনিটা সোন এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকৰে উজলিল চতিয়া চেম্পিয়নছ মেকাৰ একাডেমীৰ খেলুৱৈ সকল ।* অসমৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ। ছত্তীশগড়তৰ ৰাইপুৰত যোৱা ২৭ জুলাইৰ পৰা আৰাম্ভ হৈ আজি সফলতাৰে সমাপ্তি হোৱা CBSE Far East Zone Judo Championship-2026 ত চতিয়াৰ অগ্ৰণী ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ ‘চেম্পিয়নছ্ মেকাৰ একাডেমী’ৰ খেলুৱৈসকলে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে। একাডেমীখনৰ পৰা অংশগ্ৰহণ কৰা ৭ জন উদীয়মান প্ৰতিভাশালী খেলুৱৈৰ ভিতৰত ৫ জনে পদক লাভ কৰি ৰাজ্যখনৰ লগতে চতিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চেপিয়নছ মেকাৰ একাডেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে জনোৱা মতে প্ৰতিযোগিতাখনত পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে: গীতাৰ্থ কলিতা: ১৪ বছৰ অনুৰ্ধৰ ৪৫ কেজি শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), দেৱানীভ বৰমূদৈ: ১৪ বছৰ অনুৰ্ধৰ ৫০ কেজি উৰ্ধৰ শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), ভূমিস্থা দাস: ১৭ বছৰ অনুৰ্ধৰ ৪৮ কেজি শাখাত স্বৰ্ণ পদক (আৱাৰ এবিচি একাডেমী), দেৱাৰ্পন মেধী: ৰূপৰ পদক (আৱাৰ এবিচি একাডেমী), অংশুমান বৰা: ব্ৰঞ্জৰ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল) । উদীয়মান খেলুৱৈসকলৰ এই অনন্য সফলতাত সমগ্ৰ চতিয়া অঞ্চলত আনন্দৰ লহৰ উঠিছে। ‘বিশ্বনাথ জিলা জুডো সংস্থা’ৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে বিজয়ী খেলুৱৈসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।4
- কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য1
- আগন্তুক স্বাধীনতা দিৱস- ২০২৬ৰ আৰু জিলা খনৰ আইন শৃংখলা জনিত কাৰনত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানৰ অংশ হিচাপে কালি নিশা আৰক্ষী প্ৰশাসনে এক অভিযান চলায়। আগন্তুক স্বাধীনতা দিৱস- ২০২৬ৰ আৰু জিলা খনৰ আইন শৃংখলা জনিত কাৰনত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানৰ অংশ হিচাপে কালি নিশা আৰক্ষী প্ৰশাসনে এক অভিযান চলায় । আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ নিৰাপত্তা আৰু আইন-শৃংখলা সুৰক্ষিত ৰখা, জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি, আৰু কোনো ধৰণৰ অশুভ কাণ্ড ৰোধ কৰাৰ বাবে কালি নিশা তামুলপুৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত যানবাহন যেনে চাৰিচকীয়া, দুচকীয়া বাহন চালক সকলৰ হেলমেট আদিৰ পৰীক্ষা কৰা হয়। নিশা তামুলপুৰ ওডালগুৰি পথ, ৰঙিয়া - ভুটান পথৰ মটঙা চ’কত তামুলপুৰ সদৰ আৰক্ষী থানাৰ আৰু অন্যান্য কৌশলগত স্থানত DySP (Security & Intelligence) ৰ সহযোগত মাননীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে বেটেলিয়নৰ জোৱানৰ সৈতে নাকা পৰীক্ষা অভিযান চলোৱা হয়। অভিযান কালত কেবাখন টাহনৰ জৰিমনা বিহা হয়। এই অভিযানত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী , উপ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰ দাস সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হস্থাইচুলা ব্ৰহ্মৰ নেতৃত্বত এই অভিযান চলোৱা হয়। বাইটঃ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৷1