logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰাণীৰ চেঁচাত বনৰীয়া হাতীৰ তাণ্ডৱ, পদুলিৰ গেট, ভঁৰাল ঘৰ লণ্ডভণ্ড ৰাণীৰ চেঁচাত বনৰীয়া হাতীৰ তাণ্ডৱ, পদুলিৰ গেট, ভঁৰাল ঘৰ লণ্ডভণ্ড হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চেঁচা গাঁৱত আজি অৰ্থাৎ ২৫ আগষ্টৰ পুৱা চাৰি বজাত ৪টা বনৰীয়া হাতীয়ে এক ভয়ংকৰ তাণ্ডৱ চলায়। উল্লেখ্য যে চেঁচা খণ্ড বন কাৰ্যালয়ৰ পৰা প্ৰায় দুশ মিটাৰ আঁতৰৰ দুটা পৰিয়াল হাতীৰ তাণ্ডৱৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ভুক্তভোগী গোপাল ৰাভাই (৫৫) ব্যক্ত কৰা মতে– মোৰ ভঁৰাল ভাঙি ধান খায়। ভঁৰাল ঘৰটোত দুটা ডাঙৰ বেগত ধান থৈছিলো। তাৰে এটা বেগ বাহিৰলৈ টানি আনি খোৱাৰ লগতে মাটিত পেলাই অনিষ্ট কৰে। বেগটোত ২০মোন ধান আছিল। কিন্তু তাৰ আধাতকৈ বেছি পৰিমাণৰ ধান হাতীয়ে নষ্ট কৰি থৈ গ’ল। মোৰ ভঁৰালত ধান খোৱাৰ পুৰ্বে মোৰ ককাইদেউ মাণিক ৰাভাৰ ঘৰত কিছু হাই–উৰুমি শুনিবলৈ পাইছিলো। কিন্তু বিশেষ একো নাই বুলি বিচনাৰ পৰা উঠি অহা নাছিলোঁ। তাৰ কিছু সয়ম পাছত মোৰ ভঁৰাল ঘৰৰ টিনপাতৰ শব্দ শুনিবলৈ পাওঁ। ভাবিছিলো পকা মধুৰিবোৰ টিনপাতত পৰা শব্দ বুলি। শব্দ ক্ৰমাৎ বাঢ়িবলৈ ধৰাত মই আৰু পত্নী বাহিৰলৈ ওলাই আহিয়েই দেখিলো মোৰ চোতালৰ একোণত চাৰিটাকৈ হাতী থিয় হৈ আছে। ভয়ত বিতত হৈ আমি কেৱল চিঞৰিছো। তেনে মুহুৰ্তত এটা হাতী আমাৰ পিনে চোঁচা লৈছিল। আমি প্ৰাণৰ মমতাত বাৰাণ্ডাত উঠিছিলো। আমাৰ চিঞৰ–বাখৰত চুবুৰীয়ালোক সকল ওলাই আহিছিল। আমাৰ ঘৰত মানুহৰ সংখ্যা বাঢ়ি যোৱাত হাতীকেইটাই নিজে নিজেই কাষৰীয়া বনাঞ্চললৈ গুছি যোৱা আমি স্বস্তিৰ নিঃশ্বাস এৰিছিলো। আন এগৰাকী ভূক্তভোগী মাণিক ৰাভাই কৈছিল– পুৱা চাৰি বজাত মোৰ পদুলিৰ গেটৰ পকী বেৰত খুন্দা মৰা শব্দ শুনিবলৈ পাইছিলো। ইয়াৰ কিছু সময়ত মোৰ গেটখনত প্ৰচণ্ড শব্দ হয়। কি হ’ল বুলি বিচনাৰ পৰা উঠি আহিয়েই দেখিলো– মোৰ লোহাৰ গেটখন ঠেলি মাটিত পেলাই দি চাৰিটা হাতী পদুলিমুখত থিয় হৈ আছে। আমি সকলোৱে হাই–উৰুমি কৰিলো। প্ৰায় আধা ঘণ্টা তেনেদৰে থকাৰ পাছত হাতীকেইটাই নিজে নিজে গুছি গৈ মোৰ ভাইটী গোপাল ৰাভাৰ ভঁৰাল ঘৰ ভাঙিছিল। মোৰ চৌহদৰ ইটাৰে নিৰ্মাণ কৰা বেৰত হাতীয়ে খুন্দা মৰাত কেইবা ঠাইতো ফাঁট মেলিছে।

15 hrs ago
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•

More news from অসম and nearby areas
  • ঘগ্রাপাৰৰ ৰেজেক আলী ফুটবলত ডি চি ডি ক্লাৱ ৰঙাপানীৰ জয়লাভ
    1
    ঘগ্রাপাৰৰ ৰেজেক আলী ফুটবলত ডি চি ডি ক্লাৱ ৰঙাপানীৰ জয়লাভ
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    16 hrs ago
  • APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উষ্ম আদৰণি, আশীৰ্বাদ আৰু বিজয়ী ট্ৰফীসহ সমদলেৰে গৌৰৱময় বিজয় উদযাপন। #BarpetaBraves #APLChampion #অসমপ্ৰিমিয়াৰলীগ #বৰপেটা #Cricket
    1
    APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! 
⭕ APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! 
⭕ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উষ্ম আদৰণি, আশীৰ্বাদ আৰু বিজয়ী ট্ৰফীসহ সমদলেৰে গৌৰৱময় বিজয় উদযাপন। 
#BarpetaBraves #APLChampion #অসমপ্ৰিমিয়াৰলীগ #বৰপেটা #Cricket
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    19 hrs ago
  • ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড, ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড* *দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত* *ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এই ডকাইটি কাণ্ড* *ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড* *CCTV ত বন্দী হৈছে দুৰ্বৃত্তৰ গতিবিধি* *ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।
    1
    ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড,
ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ*

*ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড*
*দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত*
*ৰঙিয়াৰ মূৰাৰাত  সংঘটিত হৈছে এই ডকাইটি কাণ্ড*
*ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ*
*ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড*
*CCTV ত বন্দী হৈছে দুৰ্বৃত্তৰ গতিবিধি*
*ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    22 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিত টম্‌টম্‌ চালকৰ তীব্ৰ প্ৰতিবাদ,
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিত টম্‌টম্‌ চালকৰ তীব্ৰ প্ৰতিবাদ,
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।জানিৱ পৰা অনুসৰি, হত্যা কাৰি নাম আলেক্সিউছ গুৰীয়া । পিতৃৰ লগত বহু দিনৰ পৰাই কাজিয়াত লিপ্ত হৈ আছিল পুত্ৰ আলেক্সিউছ ।
    1
    ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড
ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।জানিৱ পৰা অনুসৰি,
হত্যা কাৰি নাম আলেক্সিউছ গুৰীয়া ।  পিতৃৰ লগত বহু দিনৰ পৰাই কাজিয়াত লিপ্ত হৈ আছিল পুত্ৰ আলেক্সিউছ ।
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    17 hrs ago
  • GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা। সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।
    1
    GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়।
GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস।
GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি।
GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’।
GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান।

অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়।
বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ।
ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা।
বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি।

থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা।
সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    19 hrs ago
  • ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী পৌৰসভাই আৰক্ষী প্ৰশাসনৰ সহযোগত পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায়। ধুবুৰী চহৰৰ জি টি বি ৰোডৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই। লগতে, পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলক জৰিমনা বিহাও পৰিলক্ষিত হয়। আগন্তুক দিনসমূহতো এনেদৰে পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা সকলো দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
    1
    ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান।

ধুবুৰী পৌৰসভাই আৰক্ষী প্ৰশাসনৰ সহযোগত পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায়।

ধুবুৰী চহৰৰ জি টি বি ৰোডৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই।
লগতে, পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলক জৰিমনা বিহাও পৰিলক্ষিত হয়।
আগন্তুক দিনসমূহতো এনেদৰে পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা সকলো দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    4 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ছপাই চাহ বাগিছাত সংঘটিত হ’ল জঘন্য ঘটনা
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ছপাই চাহ বাগিছাত সংঘটিত হ’ল জঘন্য ঘটনা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.