Shuru
Apke Nagar Ki App…
বাক্সা জিলাৰ এগৰাকী যুৱ কৃষক জিতুমনি ব্ৰহ্মচাৰীয়ে ভেনিলা খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ পথ গ্ৰহণ কৰিছে। তেওঁৰ এই ব্যতিক্ৰমী কৃষিপদ্ধতিয়ে অঞ্চলটোত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
Laba kumar Das
বাক্সা জিলাৰ এগৰাকী যুৱ কৃষক জিতুমনি ব্ৰহ্মচাৰীয়ে ভেনিলা খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ পথ গ্ৰহণ কৰিছে। তেওঁৰ এই ব্যতিক্ৰমী কৃষিপদ্ধতিয়ে অঞ্চলটোত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
More news from অসম and nearby areas
- বাক্সা জিলাত বান্দৰৰ অত্যাচাৰৰ ফলত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। এই বান্দৰবোৰৰ আক্ৰমণৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ ভয় কৰিবলৈ লৈছে।1
- কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰাকৃতিক গেছ আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেলীভাৱে উদ্বোধন কৰা হৈছে। এই উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত মঙলদৈত PNG যোগান আৰু তেজপুৰত CNG সুবিধাৰ ব্যৱস্থা অন্তৰ্ভুক্ত।1
- বজালী জিলাৰ পাঠশালাৰ হৰিপুৰত ভুৱা চিবিআই বিষয়া হিচাপে পৰিচয় দি ফুৰা লক্ষণ বৰুৱা এতিয়া বিপদত পৰিছে। পাঠশালাতে বজৰং দলৰ সদস্যসকলে এই ভুৱা বিষয়াজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।1
- বৰপেটা জিলাৰ কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বাল্যবিবাহৰ ঘটনা, য'ত ৰুস্তম আলী নামৰ এজন ব্যক্তিয়ে নিজৰ প্ৰথম পত্নী থকাৰ পিছতো এগৰাকী কম বয়সীয়া দশম শ্ৰেণীৰ ছাত্ৰীক বাল্যবিবাহ কৰি ঘৰলৈ লৈ আহিছে। এই লম্পট ৰুস্তম আলী বলাইপাথাৰ গাঁৱৰ হজৰত আলীৰ পুত্ৰ। দ্বিতীয় বিবাহ কৰা ১৭ বছৰীয়া কিশোৰীগৰাকী হৈছে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুছি গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ কন্যা তথা বালাগাও আব্বাছ আলী মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰোজিনা পাৰবিন। অভিযোগ অনুসৰি, ৰুস্তম আলীয়ে প্ৰায় এবছৰ পূৰ্বে ধৰ্মপুৰ গাঁৱৰ পৰা এজনী ছোৱালী বিয়া পাতি আনিছিল যদিও বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি তেওঁক নিৰ্যাতন চলাই আহিছিল। এই হাৰাশাস্তিৰ ফলত প্ৰথম পত্নীগৰাকী যোৱা চাৰিমাহ ধৰি পিতৃ গৃহত আছিল। এই সুযোগ গ্ৰহণ কৰি ৰুস্তম আলীয়ে নিশাত ৰোজিনা পাৰবিনক বাল্যবিবাহ পাতি ঘৰলৈ লৈ আহে। এই খবৰ পাই প্ৰথম পত্নী স্বামীৰ ঘৰলৈ আহি ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে, কিন্তু আৰক্ষীয়ে ইয়াক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ছোৱালীজনীক আবদ্ধ কৰাৰ পিছতো কলগাছিয়া আৰক্ষীক অৱগত কৰাৰ স্বত্বেও তেওঁলোক উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে, এই ঘটনাৰ পিছতে লম্পট ৰুস্তম আলী ঘৰৰ পৰা পলায়ন কৰে। ফলস্বৰূপে, ৰাইজে এনে বাল্যবিবাহৰ ঘটনা কঠোৰ হাতেৰে দমন কৰি ইয়াৰ সৈতে জড়িত সকলোকে শাস্তি প্ৰদান কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।1
- অসমৰ সমাজ জীৱনৰ সৈতে ওতপ্রোতভাৱে জড়িত চাৰিবিধ সামগ্ৰীয়ে শেহতীয়াকৈ জি আই (GI) টেগ লাভ কৰিছে। নাবাৰ্ডৰ সহযোগত এই স্বীকৃতি লাভ কৰা সামগ্ৰীকেইটা হ'ল অসম বিহু পেঁপা, অসমৰ বাঁহ শিল্প, কাৰ্বি আংলং হস্ততাঁত সামগ্ৰী আৰু দেউৰী হস্ততাঁত সামগ্ৰী। এই চাৰিবিধ সামগ্ৰীৰ ভিতৰত অসম বিহু পেঁপা হৈছে ম'হৰ শিঙৰে নিৰ্মিত এক পৰম্পৰাগত বাদ্যযন্ত্ৰ। আনহাতে, অসমৰ বাঁহ শিল্পই বাঁহৰ পৰা তৈয়াৰী বিভিন্ন হস্তশিল্প সামগ্ৰীক সামৰি লয়। কাৰ্বি আংলং হস্ততাঁত সামগ্ৰীয়ে কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ আৰু শিল্পকৰ্মক প্ৰতিনিধিত্ব কৰে, ঠিক তেনেকৈ দেউৰী হস্ততাঁত সামগ্ৰীয়ে দেউৰী জনগোষ্ঠীৰ থলুৱা বস্ত্ৰ আৰু শিপিনীৰ সৃষ্টিসমূহক চিনাক্ত কৰে। এই নতুন স্বীকৃতিৰ ফলত নাবাৰ্ডৰ সহায়ত অসমৰ মুঠ ১২টা সামগ্ৰীয়ে জি আই টেগ লাভ কৰিলে। জি আই টেগে এই সামগ্ৰীসমূহৰ স্বকীয়তা সংৰক্ষণ কৰাত সহায় কৰাৰ লগতে বজাৰত ইয়াৰ মূল্য বৃদ্ধি কৰি স্থানীয় শিল্পী আৰু শিপিনীসকলৰ অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।1
- কামৰূপ জিলাৰ বকোৰ ১ নং উত্তৰ চেখাদাৰীত এক ভূমি বিবাদৰ ঘটনা সংঘটিত হৈছে। এই সন্দৰ্ভত গণপতি ৰাভা নামৰ এজন ব্যক্তিয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ নামত ভূমিৰ শুদ্ধ নথি-পত্ৰ থকাৰ পিছতো কামৰাজ ৰাভাই সেই ভূমি বেদখল কৰিবলৈ অপচেষ্টা চলাই আহিছে আৰু তেওঁক নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগত উল্লেখ আছে।1
- বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰূপহীত থকা পূৰ্ণিমা স্বৰ্গীয়াৰী মেম’ৰিয়েল সংগীত বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো এক বৰ্ণাঢ্য আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।2
- বাক্সা জিলাৰ কাহিতামা-উন্নেকুৰী পথটো স্বাধীনতাৰ ৭৮ বছৰ পিছতো এতিয়ালৈকে পকীকৰণ নোহোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। পথৰ এই দুৰৱস্থাৰ বাবে গঞা ৰাইজে গভীৰ অসন্তুষ্টি ব্যক্ত কৰিছে।1
- মাননীয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ পৰা আশীষ গ্ৰহণ কৰে।1