বৰপেটা জিলাৰ কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বাল্যবিবাহৰ ঘটনা, য'ত ৰুস্তম আলী নামৰ এজন ব্যক্তিয়ে নিজৰ প্ৰথম পত্নী থকাৰ পিছতো এগৰাকী কম বয়সীয়া দশম শ্ৰেণীৰ ছাত্ৰীক বাল্যবিবাহ কৰি ঘৰলৈ লৈ আহিছে। এই লম্পট ৰুস্তম আলী বলাইপাথাৰ গাঁৱৰ হজৰত আলীৰ পুত্ৰ। দ্বিতীয় বিবাহ কৰা ১৭ বছৰীয়া কিশোৰীগৰাকী হৈছে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুছি গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ কন্যা তথা বালাগাও আব্বাছ আলী মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰোজিনা পাৰবিন। অভিযোগ অনুসৰি, ৰুস্তম আলীয়ে প্ৰায় এবছৰ পূৰ্বে ধৰ্মপুৰ গাঁৱৰ পৰা এজনী ছোৱালী বিয়া পাতি আনিছিল যদিও বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি তেওঁক নিৰ্যাতন চলাই আহিছিল। এই হাৰাশাস্তিৰ ফলত প্ৰথম পত্নীগৰাকী যোৱা চাৰিমাহ ধৰি পিতৃ গৃহত আছিল। এই সুযোগ গ্ৰহণ কৰি ৰুস্তম আলীয়ে নিশাত ৰোজিনা পাৰবিনক বাল্যবিবাহ পাতি ঘৰলৈ লৈ আহে। এই খবৰ পাই প্ৰথম পত্নী স্বামীৰ ঘৰলৈ আহি ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে, কিন্তু আৰক্ষীয়ে ইয়াক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ছোৱালীজনীক আবদ্ধ কৰাৰ পিছতো কলগাছিয়া আৰক্ষীক অৱগত কৰাৰ স্বত্বেও তেওঁলোক উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে, এই ঘটনাৰ পিছতে লম্পট ৰুস্তম আলী ঘৰৰ পৰা পলায়ন কৰে। ফলস্বৰূপে, ৰাইজে এনে বাল্যবিবাহৰ ঘটনা কঠোৰ হাতেৰে দমন কৰি ইয়াৰ সৈতে জড়িত সকলোকে শাস্তি প্ৰদান কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।

- বৰপেটা জিলাৰ কলগাছিয়াৰ বৰটাৰী গাঁৱত সংঘটিত এক হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰশাসনে আজি ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্তক উপস্থিত কৰোৱাই হত্যাকাণ্ডৰ ডেমো প্ৰদৰ্শন কৰে। এই ডেমো প্ৰদৰ্শন কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত কৰা হৈছিল। উল্লেখ্য যে, যোৱা ১ জুন তাৰিখে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰী গাঁৱত এক শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি, বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা গাঁৱৰ ইছমাইল হোছেইন নামৰ এজনক বৰটাৰী গাঁৱৰ বৰকত আলী মণ্ডল আৰু তেওঁৰ দুই পুত্ৰ নজৰুল ইছলাম আৰু ৰকিবুল ইছলামে লাঠিৰে কোবাই হত্যা কৰিছিল। এই ঘটনাৰ পিছতে কলগাছিয়া আৰক্ষীয়ে নজৰুল ইছলাম আৰু ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। আন কেইবাজনো অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত দোষীসকলক ফাঁচী দিয়াৰ দাবী জনাইছে ইছমাইল হোছেইনৰ পত্নীৰ লগতে স্থানীয় ৰাইজে।1
- বজালী জিলাৰ কাৱৈমাৰী ১ নং ব্লকত বিষপান কৰি আত্মহত্যাৰ এক ঘটনা সংঘটিত হৈছে।1
- বৰপেটা চহৰৰ গায়নহাটীত সংঘটিত হোৱা এক হ*ত্যা*কাণ্ডৰ সৈতে জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অভিযুক্তসকল হৈছে সমীৰণ গায়ন, গনেন দাস আৰু জিতুল ভূঞা।1
- নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত অসম ৰেল আৰক্ষী আৰু আৰপিএফৰ এক যুটীয়া অভিযানত ২০০০ৰো অধিক নিষিদ্ধ য়াবা টেবলেট জব্দ কৰা হৈছে। জানিব পৰা মতে, ৰাজিলুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে নামনিমুৱা বিবেক এক্সপ্ৰেছ ৰেলেৰে এই টেবলেটখিনি মুৰ্শিদাবাদলৈ কঢ়িয়াই নিয়াৰ সময়তে আৰক্ষীয়ে তেওঁক আটক কৰে। জব্দ কৰা এই নিষিদ্ধ য়াবা টেবলেটখিনিৰ বজাৰ মূল্য কেইবালক্ষাধিক টকা হ'ব বুলি প্ৰকাশ পাইছে।1
- বাক্সা জিলাৰ এক আজৱ বিদ্যালয়ৰ বিষয়ে পোহৰলৈ আহিছে, য'ত কেৱল এজন শিক্ষক আৰু এজন ছাত্ৰৰে বিদ্যালয়খন চলি আছে।1
- বাক্সা জিলাৰ এগৰাকী যুৱ কৃষক জিতুমনি ব্ৰহ্মচাৰীয়ে ভেনিলা খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ পথ গ্ৰহণ কৰিছে। তেওঁৰ এই ব্যতিক্ৰমী কৃষিপদ্ধতিয়ে অঞ্চলটোত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।1
- কামৰূপ জিলাৰ বকোৰ ১ নং উত্তৰ চেখাদাৰীত এক ভূমি বিবাদৰ ঘটনা সংঘটিত হৈছে। এই সন্দৰ্ভত গণপতি ৰাভা নামৰ এজন ব্যক্তিয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ নামত ভূমিৰ শুদ্ধ নথি-পত্ৰ থকাৰ পিছতো কামৰাজ ৰাভাই সেই ভূমি বেদখল কৰিবলৈ অপচেষ্টা চলাই আহিছে আৰু তেওঁক নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগত উল্লেখ আছে।1
- বৰপেটা জিলাৰ কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বাল্যবিবাহৰ ঘটনা, য'ত ৰুস্তম আলী নামৰ এজন ব্যক্তিয়ে নিজৰ প্ৰথম পত্নী থকাৰ পিছতো এগৰাকী কম বয়সীয়া দশম শ্ৰেণীৰ ছাত্ৰীক বাল্যবিবাহ কৰি ঘৰলৈ লৈ আহিছে। এই লম্পট ৰুস্তম আলী বলাইপাথাৰ গাঁৱৰ হজৰত আলীৰ পুত্ৰ। দ্বিতীয় বিবাহ কৰা ১৭ বছৰীয়া কিশোৰীগৰাকী হৈছে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুছি গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ কন্যা তথা বালাগাও আব্বাছ আলী মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰোজিনা পাৰবিন। অভিযোগ অনুসৰি, ৰুস্তম আলীয়ে প্ৰায় এবছৰ পূৰ্বে ধৰ্মপুৰ গাঁৱৰ পৰা এজনী ছোৱালী বিয়া পাতি আনিছিল যদিও বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি তেওঁক নিৰ্যাতন চলাই আহিছিল। এই হাৰাশাস্তিৰ ফলত প্ৰথম পত্নীগৰাকী যোৱা চাৰিমাহ ধৰি পিতৃ গৃহত আছিল। এই সুযোগ গ্ৰহণ কৰি ৰুস্তম আলীয়ে নিশাত ৰোজিনা পাৰবিনক বাল্যবিবাহ পাতি ঘৰলৈ লৈ আহে। এই খবৰ পাই প্ৰথম পত্নী স্বামীৰ ঘৰলৈ আহি ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে, কিন্তু আৰক্ষীয়ে ইয়াক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ছোৱালীজনীক আবদ্ধ কৰাৰ পিছতো কলগাছিয়া আৰক্ষীক অৱগত কৰাৰ স্বত্বেও তেওঁলোক উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে, এই ঘটনাৰ পিছতে লম্পট ৰুস্তম আলী ঘৰৰ পৰা পলায়ন কৰে। ফলস্বৰূপে, ৰাইজে এনে বাল্যবিবাহৰ ঘটনা কঠোৰ হাতেৰে দমন কৰি ইয়াৰ সৈতে জড়িত সকলোকে শাস্তি প্ৰদান কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।1