Shuru
Apke Nagar Ki App…
"বিগত দহ বছৰৰ কামৰ খতিয়ানেই এনডিএ ৰ জয়ৰ আধাৰ" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য "বিগত দহ বছৰৰ কামৰ খতিয়ানেই এনডিএ ৰ জয়ৰ আধাৰ"
Majuli Update
"বিগত দহ বছৰৰ কামৰ খতিয়ানেই এনডিএ ৰ জয়ৰ আধাৰ" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য "বিগত দহ বছৰৰ কামৰ খতিয়ানেই এনডিএ ৰ জয়ৰ আধাৰ"
More news from অসম and nearby areas
- পৰিষদে স্পষ্ট কৰে যে, খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ হকে যি ৰাজনৈতিক দলে কাম কৰি যাম বুলি প্রতিশ্রুতি দিব সেই ৰাজনৈতিক দলৰ প্ৰতি আমাৰ নৈতিক সমর্থন থাকিব। উজনি অসম মুছলিম কল্যাণ পৰিষদ এটা অৰাজনৈতিক সংগঠন। ইয়াত ৰাজনীতিৰ স্থান নাই।1
- চৰাইদেউত আবকাৰী বিভাগৰ অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান । ৮ হাজাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৫৭ টা গোচৰ ৰজু । নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰে পৰা চৰাইদেউ আবকাৰী বিভাগে সোণাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আহিছে ।1
- চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত আজি এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। আজি আয়োজিত এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ আজিৰ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।1
- কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚1
- কেতিয়া পাম আৰু আমি নিয়াই অ মামা কিকৰি আছা অ প্লিছ3
- অধিক উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি। পুনৰ চামগুৰিত ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা। নিশা চামগুৰিৰ গেৰুৱাটীত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নি সংযোগ। অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰয়লাৰ দোকানো। আনুৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুচ্চাদিক ইকবালৰ ব্ৰয়লাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।1
- মাজুলীত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ ৰাইজে বিচাৰে তৃতীয়তো কাৰ্যকালৰ বাবে ক্ষমতালৈ আহক। কাৰন বিজেপি থাকিলেহে অসমৰ জাতীয় জীৱনৰ অস্তিষ্ট সুৰক্ষিত হৈ থাকিব। মাটি, ভেটি জাতি কলা সংস্কৃতি স্বভিমান ৰক্ষা পৰিব। মাজুলীৰ ৰাইজৰ উপস্থিত সহাৰিয়ে স্পষ্ট কৰিছে যে ভুৱন গাম মাজুলীৰ পৰা বিপুল সংখ্যক ভোট লাভ কৰি জয়যুক্ত হৈ অসম বিধান সভালৈ যাব। যোৱা ১০ টা বছৰে বিজেপি চৰকাৰে অসমৰ লগতে মাজুলীত যি উন্নয়ন মূলক কাম কৰিলে তাৰ বাৱে ভোটাৰ ৰাইজ বিজেপি দলৰ লগত থাকি বিজেপি সপক্ষে ভোটদান কৰিব।1
- ৯৬ নং শিৱসাগৰ সমষ্টিৰ দূলাকাষৰীয়াত আজি অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই এক উষ্ম নিৰ্বাচনী প্ৰচাৰ চলায়। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে মিত্ৰজোঁটৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰত এইবাৰ তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই। সমষ্টি পুনৰ্নিদ্ধাৰণে নিৰ্বাচনত কোনো বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি তেওঁ দৃঢ়তাৰে মত প্ৰকাশ কৰে। আমগুৰি সমষ্টি ৰক্ষা কৰিব নোৱাৰাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰো তেওঁ উচিত প্ৰত্যুত্তৰ দিয়ে। ৰাইজৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শিৱসাগৰত অগপৰ জয় নিশ্চিত বুলি তেওঁ আশাবাদী।4
- ২০২৬ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো দুটামান দিন । ৰাজ্যত এতিয়া নিৰ্বাচনৰ ঢৌ । প্ৰতিকুল বতৰৰ মাজতো নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাজ্যত । চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ নিৰ্বাচনৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । মুল প্ৰতিদ্বন্দিতা কংগ্ৰেছ বিজেপিৰ মাজতেই হব যদিও জে এম এম দলেই প্ৰচাৰ তীব্ৰ কৰি তুলিছে । বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছ দলৰ উৎপল গগৈয়ে সমষ্টিটোৰ সীমান্তবৰ্তী ভিতৰুৱা আদি অঞ্চল সমুহৰ লগতে বিভিন্ন স্থৰৰ লোকৰ মাজত সোমাই নিজৰ প্ৰচাৰ অব্যাহত ৰাখিছে । গণকপথাৰত এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি স্বাভিমানী অসমীয়া মহিলাই এইবাৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰিছে বুলি প্ৰাৰ্থীগৰাকীয়ে সদৰী কৰে৷1