logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নাজিৰা নগৰৰ কেইবাটাও ৱাৰ্ডত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছে। নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে বহু এলেকা কৃত্ৰিম বানৰ কবলত পৰাত জনসাধাৰণৰ দৈনন্দিন জীৱন ব্যাহত হৈছে।

2 hrs ago
user_News
News
Newsagent নাজিৰা, শিৱসাগৰ, অসম•
2 hrs ago

পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নাজিৰা নগৰৰ কেইবাটাও ৱাৰ্ডত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছে। নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে বহু এলেকা কৃত্ৰিম বানৰ কবলত পৰাত জনসাধাৰণৰ দৈনন্দিন জীৱন ব্যাহত হৈছে।

More news from অসম and nearby areas
  • পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নাজিৰা নগৰৰ কেইবাটাও ৱাৰ্ডত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছে। নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে বহু এলেকা কৃত্ৰিম বানৰ কবলত পৰাত জনসাধাৰণৰ দৈনন্দিন জীৱন ব্যাহত হৈছে।
    1
    পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নাজিৰা নগৰৰ কেইবাটাও ৱাৰ্ডত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছে। নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে বহু এলেকা কৃত্ৰিম বানৰ কবলত পৰাত জনসাধাৰণৰ দৈনন্দিন জীৱন ব্যাহত হৈছে।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    2 hrs ago
  • অসম জাতীয় ঐক্য মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু বুৰঞ্জীপ্ৰসিদ্ধ দিলিহি গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত আজি দিলিহিৰ গণেশ কলিতা আৰু গম্ভীৰাম কলিতা সামূহিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই পবিত্ৰ দিৱসটোৰ কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া চাফাই আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। উদযাপন সমিতিৰ সভাপতি ব্ৰজেন বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিৰাজ গগৈয়ে কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। ইয়াৰ উপৰিও, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল বুঢ়াগোহাঁইৰ নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। পৰৱৰ্তী সময়ত প্ৰাক্তন শিক্ষক ফুলধৰ দিহিঙীয়াই অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে, যাৰ লগে লগে শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হৈছিল। নৱপ্ৰজন্মৰ মাজত বিষ্ণুৰাভাৰ মহান আদৰ্শ বিলাই দিয়াৰ লক্ষ্যৰে দুটা শাখাত চিত্ৰাংকণ, কবিতা আবৃত্তি, বিষ্ণুৰাভা সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
    4
    অসম জাতীয় ঐক্য মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু বুৰঞ্জীপ্ৰসিদ্ধ দিলিহি গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত আজি দিলিহিৰ গণেশ কলিতা আৰু গম্ভীৰাম কলিতা সামূহিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই পবিত্ৰ দিৱসটোৰ কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া চাফাই আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। উদযাপন সমিতিৰ সভাপতি ব্ৰজেন বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিৰাজ গগৈয়ে কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। ইয়াৰ উপৰিও, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল বুঢ়াগোহাঁইৰ নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

পৰৱৰ্তী সময়ত প্ৰাক্তন শিক্ষক ফুলধৰ দিহিঙীয়াই অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে, যাৰ লগে লগে শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হৈছিল। নৱপ্ৰজন্মৰ মাজত বিষ্ণুৰাভাৰ মহান আদৰ্শ বিলাই দিয়াৰ লক্ষ্যৰে দুটা শাখাত চিত্ৰাংকণ, কবিতা আবৃত্তি, বিষ্ণুৰাভা সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    18 hrs ago
  • চৰাইদেউ জিলাৰ সোণাৰিত পুনৰ এক চুৰিকাণ্ড সংঘটিত হৈছে। এই ঘটনা সোণাৰি পৌৰ এলেকাৰ ১২ নং ৱাৰ্ডত থকা গীতা ফুকন চেতিয়াৰ ঘৰত সংঘটিত হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে ঘৰৰ গ্ৰিল আৰু দুৱাৰৰ তলা কাটি ভিতৰত প্ৰৱেশ কৰে আৰু নগদ ধনসহ বহু মূল্যবান সামগ্ৰী লুটি লৈ যায়।
    1
    চৰাইদেউ জিলাৰ সোণাৰিত পুনৰ এক চুৰিকাণ্ড সংঘটিত হৈছে। এই ঘটনা সোণাৰি পৌৰ এলেকাৰ ১২ নং ৱাৰ্ডত থকা গীতা ফুকন চেতিয়াৰ ঘৰত সংঘটিত হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে ঘৰৰ গ্ৰিল আৰু দুৱাৰৰ তলা কাটি ভিতৰত প্ৰৱেশ কৰে আৰু নগদ ধনসহ বহু মূল্যবান সামগ্ৰী লুটি লৈ যায়।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • চৰাইদেউ জিলাৰ সদৰ নগৰী সোনাৰি নগৰত কৃত্ৰিম বানৰ সমস্যা আজিও অব্যাহত আছে। নগৰখনত সু পৰিকল্পিত নলাৰ ব্যৱস্থা নথকাৰ ফলত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সমস্যাই দেখা দিয়ে। আজি হোৱা এজাক বৰষুণৰ পাছতে নগৰখনৰ বহু অঞ্চলৰ পথ আৰু উপ-পথ কৃত্ৰিম বানত ডুব যায়। বিশেষকৈ ২ নং ৱাৰ্ডৰ পদ্মাৱতী বৰুৱা পথ, বিমলা প্ৰসাদ চলিহা পথ, বৰুৱা আলি, ধোদৰ‌আলি আদিৰ লগতে ৫ নং ৱাৰ্ডো বানৰ কৱলত পৰে। দেওবৰীয়া সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে কৃত্ৰিম বানে ব্যৱসায়ীসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰে।
    4
    চৰাইদেউ জিলাৰ সদৰ নগৰী সোনাৰি নগৰত কৃত্ৰিম বানৰ সমস্যা আজিও অব্যাহত আছে। নগৰখনত সু পৰিকল্পিত নলাৰ ব্যৱস্থা নথকাৰ ফলত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সমস্যাই দেখা দিয়ে।

আজি হোৱা এজাক বৰষুণৰ পাছতে নগৰখনৰ বহু অঞ্চলৰ পথ আৰু উপ-পথ কৃত্ৰিম বানত ডুব যায়। বিশেষকৈ ২ নং ৱাৰ্ডৰ পদ্মাৱতী বৰুৱা পথ, বিমলা প্ৰসাদ চলিহা পথ, বৰুৱা আলি, ধোদৰ‌আলি আদিৰ লগতে ৫ নং ৱাৰ্ডো বানৰ কৱলত পৰে। দেওবৰীয়া সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে কৃত্ৰিম বানে ব্যৱসায়ীসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰে।
    user_Sonari News
    Sonari News
    সোণাৰি, চৰাইদেউ, অসম•
    13 hrs ago
  • ভাৰতীয় জনতা পাৰ্টীৰ মৰাণ মণ্ডলৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন কৰা হয়। এই উদযাপন কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰে।
    1
    ভাৰতীয় জনতা পাৰ্টীৰ মৰাণ মণ্ডলৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন কৰা হয়। এই উদযাপন কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    15 hrs ago
  • চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি সোণাৰি ৰাজহুৱা খেলপথাৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফলতাৰে উদযাপন কৰা হয়। পুৱা ৬ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাংসদ যোগেন মহনে ভাষণ প্ৰসংগত যোগক ভাৰতৰ প্ৰাচীন ঐতিহ্য আৰু বিশ্ববাসীক উপহাৰ দিয়া এক অমূল্য জীৱনশৈলী বুলি অভিহিত কৰে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক স্থিৰতা আৰু আধ্যাত্মিক উন্নয়নৰ পথ প্ৰদৰ্শন কৰে। তেওঁ বৰ্তমানৰ ব্যস্ত জীৱনত সুস্থ আৰু সুষম জীৱন-যাপনৰ বাবে যোগচৰ্চাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি, সুস্থ, সবল আৰু সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে সকলোকে দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। এই দিৱস উপলক্ষে তেওঁ উপস্থিত সকলো যোগসাধক, অংশগ্ৰহণকাৰী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু আয়োজকসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা আয়ুক্ত ড° নেহা যাদৱেও যোগাভ্যাস আৰু যোগৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে যোগাসনক মূল বিষয় হিচাপে লৈ এটি মনোমোহা সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা যোগাসন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে। 'ক' শাখাত (১০ বছৰলৈকে) প্ৰথম অৱনীশ গগৈ, দ্বিতীয় বাৰ্লিনা মোহন আৰু তৃতীয় কৰ্ণৱ কৃত গগৈয়ে পুৰস্কাৰ লাভ কৰে। 'খ' শাখাত (১০-১৮ বছৰ) সাগৰ নেৱাৰ প্ৰথম, বৰ্ণিল হাজৰিকা দ্বিতীয় আৰু লখিমী তামুলী তৃতীয় স্থানত থাকে। 'গ' শাখাত (১৮-৩৫ বছৰ) কস্তুৰী শইকীয়া প্ৰথম, বৰ্ণালী গায়ন দ্বিতীয় আৰু কবিতা গগৈ তৃতীয় হয়। আনহাতে 'ঘ' শাখাত (৩৫ বছৰ ঊৰ্ধ্ব) মৌচুমী বৰা হাজৰিকা, পৱন দিহিঙীয়া আৰু তুলুমণি কাকতিয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত জিলাখনৰ অন্যান্য বিষয়া-কৰ্মচাৰীকে ধৰি দুই শতাধিক ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ মাহমৰা মহকুমাৰ মৰাণ মহাবিদ্যালয়ৰ আন্তঃ ষ্টেডিয়ামত জিলাখনৰ বিষয়াবৰ্গ, ছাত্ৰ-ছাত্ৰী আৰু শতাধিক ৰাইজৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।
    1
    চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি সোণাৰি ৰাজহুৱা খেলপথাৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফলতাৰে উদযাপন কৰা হয়। পুৱা ৬ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

সাংসদ যোগেন মহনে ভাষণ প্ৰসংগত যোগক ভাৰতৰ প্ৰাচীন ঐতিহ্য আৰু বিশ্ববাসীক উপহাৰ দিয়া এক অমূল্য জীৱনশৈলী বুলি অভিহিত কৰে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক স্থিৰতা আৰু আধ্যাত্মিক উন্নয়নৰ পথ প্ৰদৰ্শন কৰে। তেওঁ বৰ্তমানৰ ব্যস্ত জীৱনত সুস্থ আৰু সুষম জীৱন-যাপনৰ বাবে যোগচৰ্চাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি, সুস্থ, সবল আৰু সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে সকলোকে দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। এই দিৱস উপলক্ষে তেওঁ উপস্থিত সকলো যোগসাধক, অংশগ্ৰহণকাৰী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু আয়োজকসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা আয়ুক্ত ড° নেহা যাদৱেও যোগাভ্যাস আৰু যোগৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়।

কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে যোগাসনক মূল বিষয় হিচাপে লৈ এটি মনোমোহা সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা যোগাসন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে। 'ক' শাখাত (১০ বছৰলৈকে) প্ৰথম অৱনীশ গগৈ, দ্বিতীয় বাৰ্লিনা মোহন আৰু তৃতীয় কৰ্ণৱ কৃত গগৈয়ে পুৰস্কাৰ লাভ কৰে। 'খ' শাখাত (১০-১৮ বছৰ) সাগৰ নেৱাৰ প্ৰথম, বৰ্ণিল হাজৰিকা দ্বিতীয় আৰু লখিমী তামুলী তৃতীয় স্থানত থাকে। 'গ' শাখাত (১৮-৩৫ বছৰ) কস্তুৰী শইকীয়া প্ৰথম, বৰ্ণালী গায়ন দ্বিতীয় আৰু কবিতা গগৈ তৃতীয় হয়। আনহাতে 'ঘ' শাখাত (৩৫ বছৰ ঊৰ্ধ্ব) মৌচুমী বৰা হাজৰিকা, পৱন দিহিঙীয়া আৰু তুলুমণি কাকতিয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

এই অনুষ্ঠানত জিলাখনৰ অন্যান্য বিষয়া-কৰ্মচাৰীকে ধৰি দুই শতাধিক ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ মাহমৰা মহকুমাৰ মৰাণ মহাবিদ্যালয়ৰ আন্তঃ ষ্টেডিয়ামত জিলাখনৰ বিষয়াবৰ্গ, ছাত্ৰ-ছাত্ৰী আৰু শতাধিক ৰাইজৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    17 hrs ago
  • ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰদ্ধেয় হৰদীপ সিং পুৰী দুলীয়াজানত উপস্থিত হয়। তেওঁ দুলীয়াজানত অৱস্থিত অইলৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন আন ঠাইতো ভ্ৰমণ কৰে। এই ভ্ৰমণকালত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰদ্ধেয় হৰদীপ সিং পুৰীৰ সৈতে সাক্ষাৎকাৰ কৰে।
    1
    ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰদ্ধেয় হৰদীপ সিং পুৰী দুলীয়াজানত উপস্থিত হয়। তেওঁ দুলীয়াজানত অৱস্থিত অইলৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন আন ঠাইতো ভ্ৰমণ কৰে। এই ভ্ৰমণকালত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰদ্ধেয় হৰদীপ সিং পুৰীৰ সৈতে সাক্ষাৎকাৰ কৰে।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • নাজিৰাৰ শিমলুগুৰিৰ ৰোহিত জুৱেলাৰীৰ পৰা এগৰাকী মহিলাই তিনিযোৰ সোণৰ কাণৰ ফুলি চুৰ কৰি লৈ যায়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে কাণৰফুলি ওজন কৰাৰ চলেৰে মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে আৰু জুৱেলাৰীৰ সন্মুখত এখন স্কুটীত ৰৈ থকা এজন যুৱকৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে মহিলাগৰাকীক চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা নাই। শিমলুগুৰি আৰক্ষী ইতিমধ্যে জুৱেলাৰীত উপস্থিত হৈছে আৰু ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
    1
    নাজিৰাৰ শিমলুগুৰিৰ ৰোহিত জুৱেলাৰীৰ পৰা এগৰাকী মহিলাই তিনিযোৰ সোণৰ কাণৰ ফুলি চুৰ কৰি লৈ যায়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে কাণৰফুলি ওজন কৰাৰ চলেৰে মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে আৰু জুৱেলাৰীৰ সন্মুখত এখন স্কুটীত ৰৈ থকা এজন যুৱকৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হয়।

এই সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে মহিলাগৰাকীক চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা নাই। শিমলুগুৰি আৰক্ষী ইতিমধ্যে জুৱেলাৰীত উপস্থিত হৈছে আৰু ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
    user_News
    News
    Newsagent Nazira, Sivasagar•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.