logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

‘সেউজ ছচাইটী’ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱস পালন: শিশু সৰ্প উদ্ধাৰকাৰী ৰাজ সৌৰভ বৰকটকীলৈ ‘সৰ্প কোঁৱৰ’ উপাধি প্ৰদান | আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণমূলক সংগঠন ‘সেউজ ছচাইটী’ৰ ঢেকিয়াজুলি আঞ্চলিক শাখা আৰু ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়। উক্ত অনুষ্ঠানত ভাৰতবৰ্ষৰ সৰ্ব কনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত তেজপুৰৰ ৫ বছৰীয়া শিশু ৰাজ সৌৰভ বৰকটকীক আনুষ্ঠানিকভাৱে "সৰ্প কোঁৱৰ" উপাধি প্ৰদান কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ জুৰি ওজা আৰু পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ বৰাৰ নেতৃত্বত অনুষ্ঠিত এই সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সেউজ ছচাইটীৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু কৃষ্ণা কলিতা বৰকটকীৰ পুত্ৰ ৰাজে মাত্ৰ ৪ বছৰ বয়সৰ পৰাই শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত সৰ্প উদ্ধাৰৰ লগতে গছপুলি ৰোপণ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কামত নিয়োজিত হৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই অনন্য প্ৰতিভাক স্বীকৃতি জনাই সংগঠনটোৰ ৰাজ্যিক সভাপতি সঞ্জয় বৰুৱাই শিশু ৰাজক অভিনন্দন জ্ঞাপন কৰে।

1 hr ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
1 hr ago

‘সেউজ ছচাইটী’ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱস পালন: শিশু সৰ্প উদ্ধাৰকাৰী ৰাজ সৌৰভ বৰকটকীলৈ ‘সৰ্প কোঁৱৰ’ উপাধি প্ৰদান | আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণমূলক সংগঠন ‘সেউজ ছচাইটী’ৰ ঢেকিয়াজুলি আঞ্চলিক শাখা আৰু ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্পন্ন হয়। উক্ত অনুষ্ঠানত ভাৰতবৰ্ষৰ সৰ্ব কনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত তেজপুৰৰ ৫ বছৰীয়া শিশু ৰাজ সৌৰভ বৰকটকীক আনুষ্ঠানিকভাৱে "সৰ্প কোঁৱৰ" উপাধি প্ৰদান কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ জুৰি ওজা আৰু পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ বৰাৰ নেতৃত্বত অনুষ্ঠিত এই সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সেউজ ছচাইটীৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু কৃষ্ণা কলিতা বৰকটকীৰ পুত্ৰ ৰাজে মাত্ৰ ৪ বছৰ বয়সৰ পৰাই শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত সৰ্প উদ্ধাৰৰ লগতে গছপুলি ৰোপণ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কামত নিয়োজিত হৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই অনন্য প্ৰতিভাক স্বীকৃতি জনাই সংগঠনটোৰ ৰাজ্যিক সভাপতি সঞ্জয় বৰুৱাই শিশু ৰাজক অভিনন্দন জ্ঞাপন কৰে।

More news from অসম and nearby areas
  • নৱনিৰ্বাচিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকালৰ প্ৰথম দিনটোত সংবাদ মাধ্যমক সম্বোধন কৰে। তেওঁ চৰকাৰৰ মূল লক্ষ্য, অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু শপতগ্ৰহণৰ বিশেষত্বৰ বিষয়ে মন্তব্য কৰিছিল।
    1
    নৱনিৰ্বাচিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকালৰ প্ৰথম দিনটোত সংবাদ মাধ্যমক সম্বোধন কৰে। তেওঁ চৰকাৰৰ মূল লক্ষ্য, অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু শপতগ্ৰহণৰ বিশেষত্বৰ বিষয়ে মন্তব্য কৰিছিল।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    8 hrs ago
  • নগাঁৱৰ ৰূপৰেখা ভূঞাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলে এক উত্তাল প্ৰতিবাদী সমদল উলিয়াইছে। প্ৰতিবাদকাৰীসকলে অসমৰ এই খিলঞ্জীয়া বোৱাৰীক নৃশংসভাৱে হত্যা কৰা অভিযুক্তক ফাঁচী দিবলৈ দাবী জনাইছে।
    1
    নগাঁৱৰ ৰূপৰেখা ভূঞাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলে এক উত্তাল প্ৰতিবাদী সমদল উলিয়াইছে। প্ৰতিবাদকাৰীসকলে অসমৰ এই খিলঞ্জীয়া বোৱাৰীক নৃশংসভাৱে হত্যা কৰা অভিযুক্তক ফাঁচী দিবলৈ দাবী জনাইছে।
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    7 hrs ago
  • লখিমপুৰৰ বগীনদী মডাৰ্ণ ক্লাবত ১৪ মে'ত ব'হাগী বিদায় অনুষ্ঠানৰ অন্তিম দিনা মুকলি বিহু আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই গীত পৰিৱেশন কৰিব।
    1
    লখিমপুৰৰ বগীনদী মডাৰ্ণ ক্লাবত ১৪ মে'ত ব'হাগী বিদায় অনুষ্ঠানৰ অন্তিম দিনা মুকলি বিহু আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই গীত পৰিৱেশন কৰিব।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    18 hrs ago
  • দেৰগাঁৱৰ ৩৫ বছৰীয়া ৰঞ্জন কলিতা নামৰ তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা যুৱকজনৰ মৃতদেহ গেলাবিলত উদ্ধাৰ কৰা হৈছে। বুধবাৰে তেওঁৰ স্কুটি দলঙৰ ওপৰত পোৱাৰ পিছত স্থানীয় ৰাইজৰ সন্দেহৰ ভিত্তিত SDRF-এ অভিযান চলাইছিল। যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই; মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ই পোহৰলৈ আহিব।
    1
    দেৰগাঁৱৰ ৩৫ বছৰীয়া ৰঞ্জন কলিতা নামৰ তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা যুৱকজনৰ মৃতদেহ গেলাবিলত উদ্ধাৰ কৰা হৈছে। বুধবাৰে তেওঁৰ স্কুটি দলঙৰ ওপৰত পোৱাৰ পিছত স্থানীয় ৰাইজৰ সন্দেহৰ ভিত্তিত SDRF-এ অভিযান চলাইছিল। যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই; মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ই পোহৰলৈ আহিব।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    গোলাঘাট, গোলাঘাট, অসম•
    36 min ago
  • তিনিচুকীয়া জিলাৰ ডিগবৈৰ গোপনাৰী হাবি গাঁৱত যোৱা ১০ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকা বিলালুদ্দিন ওৰফে জাকিৰ হুছেইনৰ মৃতদেহ পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। বিশ্বজিৎ কুৰ্মী নামৰ এজন লোকে তেওঁক হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। এই নৃশংস হত্যাকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    তিনিচুকীয়া জিলাৰ ডিগবৈৰ গোপনাৰী হাবি গাঁৱত যোৱা ১০ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকা বিলালুদ্দিন ওৰফে জাকিৰ হুছেইনৰ মৃতদেহ পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। বিশ্বজিৎ কুৰ্মী নামৰ এজন লোকে তেওঁক হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। এই নৃশংস হত্যাকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    2 hrs ago
  • তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত ঐক্যসংঘৰ উদ্যোগত দুদিনীয়া ব’হাগী মেলা আৰম্ভ হৈছে। ইয়াত বিহু নৃত্য, চিত্ৰাংকন আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু দিক্ষু-বৰষা দেৱীৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।
    1
    তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত ঐক্যসংঘৰ উদ্যোগত দুদিনীয়া ব’হাগী মেলা আৰম্ভ হৈছে। ইয়াত বিহু নৃত্য, চিত্ৰাংকন আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু দিক্ষু-বৰষা দেৱীৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    3 hrs ago
  • চৰাইদেউৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে আছা (ATSA)ই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষী শিক্ষকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
    1
    চৰাইদেউৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে আছা (ATSA)ই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষী শিক্ষকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • লখিমপুৰৰ ২ নং দক্ষিণ ৰূপহীত পৈতৃক সম্পত্তিৰ লোভত কণিষ্ঠ ভাতৃয়ে জ্যেষ্ঠৰ প্ৰায় ১৫ লাখ টকাৰ সামগ্ৰী আৰু প্ৰয়োজনীয় নথিপত্ৰ জ্বলাই দিলে। আই টি বি পিৰ জোৱান হেম অধিকাৰীৰ এই বৃহৎ ক্ষতিৰ বাবে অভিযুক্ত বলিন অধিকাৰীক আৰক্ষীয়ে আটক কৰিছে।
    1
    লখিমপুৰৰ ২ নং দক্ষিণ ৰূপহীত পৈতৃক সম্পত্তিৰ লোভত কণিষ্ঠ ভাতৃয়ে জ্যেষ্ঠৰ প্ৰায় ১৫ লাখ টকাৰ সামগ্ৰী আৰু প্ৰয়োজনীয় নথিপত্ৰ জ্বলাই দিলে। আই টি বি পিৰ জোৱান হেম অধিকাৰীৰ এই বৃহৎ ক্ষতিৰ বাবে অভিযুক্ত বলিন অধিকাৰীক আৰক্ষীয়ে আটক কৰিছে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    21 hrs ago
  • অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰান্তিকা প্রিয়ম শর্মাই লোকসংগীত শিতানত ভাৰত চৰকাৰৰ সাংস্কৃতিক প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে। এই কৃতকার্যতাৰে তেওঁ ৰাজ্যখনৰ লগতে নিজৰ অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিছে, যাৰ ফলত সকলোৰে মাজত আনন্দৰ জোৱাৰ উঠিছে। বৰ্তমান প্ৰান্তিকাই গুৰু অজিত কুমাৰ বৰাৰ তত্ত্বাৱধানত লোকসংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
    3
    অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰান্তিকা প্রিয়ম শর্মাই লোকসংগীত শিতানত ভাৰত চৰকাৰৰ সাংস্কৃতিক প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে। এই কৃতকার্যতাৰে তেওঁ ৰাজ্যখনৰ লগতে নিজৰ অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিছে, যাৰ ফলত সকলোৰে মাজত আনন্দৰ জোৱাৰ উঠিছে। বৰ্তমান প্ৰান্তিকাই গুৰু অজিত কুমাৰ বৰাৰ তত্ত্বাৱধানত লোকসংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.