লখিমপুৰ জিলাৰ চিয়াজুলি হিন্দু মাজ গাঁৱৰ সুপুত্ৰ বীৰ সৈনিক ধ্ৰুৱজ্যোতি দত্তলৈ ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ সৈনিক সন্মান শৌৰ্য চক্ৰ প্ৰদান কৰিছে। এই বীৰত্ব বঁটা গ্ৰহণ কৰি তেওঁ সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চিয়াজুলি হিন্দু মাজ গাঁৱৰ লক্ষীৰাম দত্ত আৰু প্ৰয়াত হেমপ্ৰভা দত্তৰ কনিষ্ঠ পুত্ৰ ধ্ৰুৱজ্যোতি দত্ত বৰ্তমান অসম ৰাইফলছৰ ৩৩ নং বেটেলিয়নৰ ৰাইফলমেন হিচাপে কৰ্মৰত। তেওঁ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত মণিপুৰত সংঘটিত উগ্ৰপন্থীৰ এক ভয়ংকৰ আক্ৰমণৰ সময়ত বুকু, পিঠিকে ধৰি দেহৰ কেইবাঠাইতো গুলীবিদ্ধ হৈও, অসীম সাহস, ধৈৰ্য্য আৰু নিঃস্বাৰ্থতাৰে নিজৰ আঠজনকৈ সতীৰ্থ সৈনিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰে এই বৰ্ষৰ ২৬ জানুৱাৰীত ধ্ৰুৱজ্যোতি দত্তলৈ এই শৌৰ্য চক্ৰ বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে কালি, অৰ্থাৎ ৮ জুন তাৰিখে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেওঁ এই উচ্চ সন্মান গ্ৰহণ কৰে।

- লখিমপুৰ জিলাৰ চিয়াজুলি হিন্দু মাজ গাঁৱৰ সুপুত্ৰ বীৰ সৈনিক ধ্ৰুৱজ্যোতি দত্তলৈ ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ সৈনিক সন্মান শৌৰ্য চক্ৰ প্ৰদান কৰিছে। এই বীৰত্ব বঁটা গ্ৰহণ কৰি তেওঁ সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চিয়াজুলি হিন্দু মাজ গাঁৱৰ লক্ষীৰাম দত্ত আৰু প্ৰয়াত হেমপ্ৰভা দত্তৰ কনিষ্ঠ পুত্ৰ ধ্ৰুৱজ্যোতি দত্ত বৰ্তমান অসম ৰাইফলছৰ ৩৩ নং বেটেলিয়নৰ ৰাইফলমেন হিচাপে কৰ্মৰত। তেওঁ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত মণিপুৰত সংঘটিত উগ্ৰপন্থীৰ এক ভয়ংকৰ আক্ৰমণৰ সময়ত বুকু, পিঠিকে ধৰি দেহৰ কেইবাঠাইতো গুলীবিদ্ধ হৈও, অসীম সাহস, ধৈৰ্য্য আৰু নিঃস্বাৰ্থতাৰে নিজৰ আঠজনকৈ সতীৰ্থ সৈনিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰে এই বৰ্ষৰ ২৬ জানুৱাৰীত ধ্ৰুৱজ্যোতি দত্তলৈ এই শৌৰ্য চক্ৰ বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে কালি, অৰ্থাৎ ৮ জুন তাৰিখে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেওঁ এই উচ্চ সন্মান গ্ৰহণ কৰে।1
- শিৱসাগৰত আজি আটাছুৰ সভাপতি বসন্ত গগৈয়ে অনা-অসমীয়া লোকসকলে অসমীয়াক ‘গো বেক’ ধ্বনি দিয়াৰ বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।1
- Post by Assam Update1
- শিৱসাগৰ জিলাৰ নতুন অভিভাৱক মন্ত্ৰী বিমল বৰাই আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ ঐতিহাসিক চুকাফা সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকৰ পাছতে আয়োজিত এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী আৰু কৰণীয় বিষয়সমূহ বিশদভাৱে দাঙি ধৰে। মন্ত্ৰী বৰাই বিশেষকৈ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, পৰ্যটন উদ্যোগৰ বিকাশ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নতি আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ দ্ৰুত ৰূপায়ণৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথা জনায়। তেওঁ লগতে উল্লেখ কৰে যে স্থানীয় জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান কৰিবলৈ জিলা প্ৰশাসনে সক্ৰিয়তাৰে কাম কৰিব, আৰু প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুফল লাভ কৰে, সেইয়া নিশ্চিত কৰা হ'ব। সংবাদমেলত মন্ত্ৰী বৰাই দৃঢ়তাৰে কয় যে বিৰোধী দলৰ বিধায়ক থকাৰ পিছতো শিৱসাগৰৰ উন্নয়নত কোনো প্ৰভাৱ নপৰিব। চৰকাৰে দল-মত নিৰ্বিশেষে সমগ্ৰ জিলাবাসীৰ স্বাৰ্থত কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। এই অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ প্ৰশাসনিক বিষয়াৰ লগতে স্থানীয় ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকল উপস্থিত আছিল।3
- অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ জিলা ভ্ৰমণ কৰে। তেওঁক নতুনকৈ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে দায়িত্ব প্ৰদান কৰা হৈছে। সাংস্কৃতিক, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী হিচাপে তেওঁ এই দায়িত্ব লাভ কৰিছে। শিৱসাগৰত উপস্থিত হৈ মন্ত্ৰী বৰাই ঐতিহাসিক শিৱ দ'লত বাবাৰ চৰণত সেৱা আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰীৰূপে জিলাবাসীৰ উন্নতিৰ বাবে চেষ্টা কৰিব বুলি মত প্ৰকাশ কৰে।1
- দ্বিতীয় বাৰৰ বাবে মন্ত্ৰীত্বৰ দ্বায়িত্ব লাভ কৰাৰ পাছতেই অভিভাৱক মন্ত্ৰী বিমল বৰা সপত্নীক চৰাইদেউত উপস্থিত হৈছে। তেওঁ চৰাইদেউ মৈদামস্থলীত উপস্থিত হৈ উপৰিপুৰুষৰ আৰ্শীষ গ্ৰহণ কৰে। এই উপলক্ষে মন্ত্ৰী বিমল বৰাই চৰাইদেউ জিলাখনক ৰাজ্যখনৰ ভিতৰতে এখন পৰ্যটন জিলা ৰূপে গঢ় দিয়াৰ কথা সদৰি কৰে।1
- মৰাণত এক বিশেষ ঘটনা পোহৰলৈ আহিছে, য'ত অবৈধ মদ উৎখাত কৰিবলৈ আহ্বান জনোৱা এগৰাকী গাওঁপ্ৰধানক মৰাণৰ আবকাৰী পৰিদৰ্শকজনে অশ্লীল ভাষাৰে গালিগালাজ কৰে। গাওঁপ্ৰধানে অবৈধ মদৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনোৱাৰ ফলতে আবকাৰী পৰিদৰ্শকজনে তেওঁক এনেদৰে অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছে।1
- লখিমপুৰ জিলাৰ গেলেকী আইদেউবাৰী অঞ্চলত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ দ্বাৰা আটক হোৱাৰ পিছত যুৱক তিনিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।1