তামুলপুৰত জিএছপিৰ সংবাদমেল: বিৰোধীৰ অপপ্ৰচাৰক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী স্থিতি স্পষ্ট কৰিলে প্ৰাৰ্থী নৱজিৎ শৰণীয়াই। তামুলপুৰত জিএছপিৰ সংবাদমেল: বিৰোধীৰ অপপ্ৰচাৰক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী স্থিতি স্পষ্ট কৰিলে প্ৰাৰ্থী নৱজিৎ শৰণীয়াই। তামুলপুৰ, ৬ এপ্ৰিল: আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰাৰ মাজতে আজি গণ সুৰক্ষা পাৰ্টি চমূকৈ জিএছপিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি বিৰোধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। সংবাদমেলত সমষ্টিটোৰ জিএছপিৰ প্ৰাৰ্থী নৱজিৎ শৰণীয়াই স্পষ্ট কৰি দিয়ে যে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিৰোধী দলসমূহে জিএছপিৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰত লিপ্ত হৈছে। তেওঁ অভিযোগ কৰে যে জিএছপি দলে আন কোনো দলক সমৰ্থন আগবঢ়োৱা বা আনৰ হৈ কাম কৰা বুলি যি চৰ্চা চলিছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু কেৱল ৰাইজক বিপথে পৰিচালিত কৰাৰ এক চক্ৰান্তহে। শৰণীয়াই দৃঢ়তাৰে কয় যে জিএছপিৰ প্ৰতি জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি দেখি শংকিত হৈ পৰা আন ৰাজনৈতিক দলসমূহে নিজৰ পৰাজয় নিশ্চিত জানি এনে নীচ ৰাজনীতিৰ আশ্ৰয় লৈছে। তেওঁ লগতে সদৰী কৰে যে বিভিন্ন সময়ত তেওঁলোকৰ দললৈ বহু ৰাজনৈতিক প্ৰলোভন বা ‘অফাৰ’ আহিছিল যদিও সমষ্টিটোৰ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থৰ সৈতে তেওঁলোকে কেতিয়াও আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে। সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সম-উন্নয়ন আৰু সম-অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যি মূল লক্ষ্য লৈ জিএছপিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, সেই স্থিতিৰ পৰা দলটো বিন্দুমানো বিচলিত নহয় বুলি তেওঁ ৰাইজক আশ্বস্ত কৰে। একেখন সংবাদমেলতে উপস্থিত থাকি অবড়ো সুৰক্ষা সমিতিৰ নেতা দুলাল পাটোৱাৰীয়ে কয় যে সমগ্ৰ বিটিচি অঞ্চলৰ সকলো শ্ৰেণীৰ লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে জিএছপি দলক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তেওঁ তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী নৱজিৎ শৰণীয়াৰ লগতে বাক্সা সমষ্টিৰ জিএছপি প্ৰাৰ্থী ৰমেশ দাসক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ অবড়ো সুৰক্ষা সমিতিৰ তৰফৰ পৰা জনসাধাৰণক বিপুল ভোটদানৰ আহ্বান জনায়। বিৰোধীৰ কোনো উৰাবাতৰিত ভোল নগৈ এক নিকা আৰু শক্তিশালী জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ জিএছপিৰ নেতৃত্বই ভোটাৰ ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছে।###

- Post by U song my videos1
- ইউপিপিএল দলৰ সম্পাদক ধৰণী বড়োৰ ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ বিৰোধীক তীব্ৰ কটাক্ষ।1
- ৰঙিয়াত ইৰিক্সাৰ খুন্দাত ভাগিল ৰেলগেট। আজি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিত থকা ৰেলগেটৰ ই ৰিক্সাৰ খুন্দাত ভাগি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।ঘটনাটোত আবদ্ধ হৈ পৰে শশ যান বাহন।ৰঙিয়া চহৰৰ মাজমজিয়াত থকা তিনিআলিৰ RM 2 ৰে'ল গেট খুন্দিয়াই ভাঙি পলায়ন কৰে ই ৰিক্সা চালকজনে।ঘটনাটোৰ ফলত বিবুদ্ধিত পৰে গেটমেনজন।উল্লেখ্য যে ৰঙিয়া নগৰত ই-ৰিক্সাৰ নিয়ন্ত্ৰণ হীনতাৰ বাবে একপ্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ শালবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ। 📌মানাহ সমষ্টিৰ ৰাইজক লৈ মোৰ বিশ্বাস আছে, মোক বিপুল ভোটত জয়ী কৰিব। 📌বিপিএফক তীব্ৰ সমালোচনা অঞ্জন তালুকদাৰৰ।1
- Post by সন্তোষ কুমাৰ ৰাভা3
- Post by Arshad Ali1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা সমষ্টিৰ কাৱৈমাৰীত আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৷ আজি হেজাৰ হেজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গল শোণিতপুৰ জিলাৰ কাৱৈমাৰীত1
- কুমাৰীকাটাত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰাফেল দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷1