logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ভূটান সীমান্তৰ শশীপুৰত "গ্ৰাম বিকাশ যোজনা" আঁচনিৰ অধীনত "এগ্ৰো বেচ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী" সম্পৰ্কে সজাগতা সভা।। ভূটান সীমান্তৰ শশীপুৰত "গ্ৰাম বিকাশ যোজনা" আঁচনিৰ অধীনত "এগ্ৰো বেচ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী" সম্পৰ্কে সজাগতা সভা।। ======================== খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ গুৱাহাটী কাৰ্যালয়ৰ জৰিয়তে ভাৰত - ভূটান সীমান্তৱৰ্তী শশীপুৰত অৱস্থিত গোৰ্খা ভৱনত "Gramoday Vikas Yojana" আঁচনিৰ অধীনত "Agro Based Food Processing Industry "সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকি খাদী গ্ৰামোদ্যোগ আয়োগৰ গুৱাহাটীত অৱস্থিত এম ডি টি চিৰ সহ পৰিচালক দীপক কুমাৰ গুপ্তাই কয় - খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ জৰিয়তে গ্ৰামাঞ্চলত বিভিন্ন ধৰণৰ গ্ৰাম উদ্যোগ স্থাপন কৰি নিবনুৱা যুৱক-যুৱতী সকলে স্ব-নিয়োজনৰে স্বাৱলম্বী হ'ব পাৰে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ "মাল্টি ডেচেপ্লেনাৰী ট্ৰেইনিং চেণ্টাৰ (এম ডি টি চি)" আৰু খাদী গ্ৰামেদ্যোগ বিদ্যালয় (কে জি বি) সমূহৰ জৰিয়তে পাৰ্গত শ্ৰমিক সৃষ্টিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়।মৌ মাখি পালন, বয়ণ শিল্প, টেইলৰিং, বিউটিচিয়ান আদি বিভিন্ন শিতানত প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণৰ অন্তত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলে ভাৰত চৰকাৰৰ এম এছ এম ই মন্ত্ৰালয়ৰ অধীনস্থ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী নিয়োগ যোজনা (পি এম ই জি পি) আঁচনিৰ অধীনত বেংকৰ জৰিয়তে ৩৫% ৰাজসাহাৰ্য যুক্ত ঋণ প্ৰদান কৰি উদ্যোগ স্থাপন কৰি স্বনিৰ্ভৰশীল হ'ব পাৰে বুলিও তেওঁ মন্তব্য কৰে। উদ্যোমিতা সজাগতা সভা খন পৰিচালনা কৰে অসম গোৰ্খা সন্মিলন মহিলা প্ৰকোষ্ট শশীপুৰ শাখাৰ সভানেত্ৰী সুকু পৰিয়াৰে। সভাখনত খাদী গ্ৰামাদ্যোগ বিদ্যালয়ৰ উপাধ্যক্ষ যাদৱ পাঠক, অসম গোৰ্খা সন্মিলন মহিলা প্ৰকোষ্ট তামুলপুৰ জিলা সমিতিৰ সভানেত্ৰী কুসুম খড়কা, অসম গোৰ্খা সন্মিলন তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক এলবি চু্ব্বা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ সম্পাদক ইন্দ্ৰ প্ৰধান, তামুলপুৰ জিলা উদ্যোগ কেন্দ্ৰৰ বিষয়া পুলক গোস্বামী, স্থানীয় বিশিষ্ট সমাজকৰ্মী সুৰেশ ঘিমিৰে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। শতাধিক লোক উপস্থিত থকা উদ্যোমিতা সজাগতা সভা খনত ইতিমধ্যে শশীপুৰত এম ডি টি চিৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা মৌ মাখি পালন প্ৰশিক্ষণ গ্ৰহণ কৰা ২৯ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

1 hr ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
1 hr ago
60e77932-904c-4e57-ab34-85250c8a471f

More news from অসম and nearby areas
  • সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন তথা সৰবৰাহৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে।ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়া নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে অসম চৰকাৰ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণত চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ৰঙিয়া অঞ্চল ড্ৰাগছৰ ঘাটি হিচাপে চিহ্নিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন কৰে।
    1
    সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।
যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন তথা সৰবৰাহৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে।ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়া নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে অসম চৰকাৰ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণত  চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ৰঙিয়া অঞ্চল ড্ৰাগছৰ ঘাটি হিচাপে চিহ্নিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    22 hrs ago
  • বশিষ্ঠ আৰক্ষীৰ জালত হাই-প্ৰফাইল চো/ৰ দম্পতী চু/ৰিৰ টকাৰে বিলাসী জীৱন, ক্ৰিকেট দল ক্ৰয় হঠাৎ বিলাসী গাড়ী-সম্পত্তিৰ মালিক হৈছিল দম্পতী দিনদুপৰতে গুৱাহাটীত চলাইছিল ধাৰাবাহিক লু/ট ভেটাপাৰাত গ্ৰীল ভাঙি লু/টপাত চলাইছিল ‘মেলা’ গে/ঙে চুৰি সামগ্ৰী ক্ৰয় কৰি জালত ২ সহযোগী #NewsUpdate #city #guwahati
    1
    বশিষ্ঠ আৰক্ষীৰ জালত হাই-প্ৰফাইল চো/ৰ দম্পতী
চু/ৰিৰ টকাৰে বিলাসী জীৱন, ক্ৰিকেট দল ক্ৰয়
হঠাৎ বিলাসী গাড়ী-সম্পত্তিৰ মালিক হৈছিল দম্পতী
দিনদুপৰতে গুৱাহাটীত চলাইছিল ধাৰাবাহিক লু/ট
ভেটাপাৰাত গ্ৰীল ভাঙি লু/টপাত চলাইছিল ‘মেলা’ গে/ঙে
চুৰি সামগ্ৰী ক্ৰয় কৰি জালত ২ সহযোগী

#NewsUpdate #city #guwahati
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    12 hrs ago
  • 📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল । 📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী । 📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল । 📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী ।
    1
    📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল ।
📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী  ।

📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল ।
📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী  ।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    15 hrs ago
  • এইবাৰ লোকসভা নিৰ্বাচনত নগাঁৱত বিজেপি জয়ী হ'লে, ২০৩১ৰ বিধানসভা নির্বাচনত ১২৬ খন আসনতে বিজেপিয়ে জয়ী হ'ব': মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
    1
    এইবাৰ লোকসভা নিৰ্বাচনত নগাঁৱত বিজেপি জয়ী হ'লে,
২০৩১ৰ বিধানসভা নির্বাচনত ১২৬ খন আসনতে বিজেপিয়ে জয়ী হ'ব': মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    15 hrs ago
  • অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা
    1
    অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা
অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা
    user_C&AC News 24x7ne
    C&AC News 24x7ne
    Local News Reporter Guwahati, Kamrup Metro•
    21 hrs ago
  • নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
    1
    নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    4 hrs ago
  • অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। ⭕ বৰপেটাৰ মিলেনিয়াম পাৰ্কতো বৰপেটা আৰু দক্ষিণ বৰপেটা জিলাৰ সমিতিৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ⭕ আমছুৰ দাবী সমূহ -- (১) NATIONAL IDENTITY CARD প্রদান কৰক। (২) উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ ব্যাৱস্থা কৰক। (৩) ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰক (৪) উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ কৰক। (৫) সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰক। (৬) মাটি ক্রয়-বিক্রিয়ত চলি থকা বৈষম্য আৰু নিষেধাজ্ঞা দূৰ কৰক। ( ৭) সাম্প্রদায়িক বিষবাষ্প বিয়পাই শান্তি-সম্প্রীতি বিনষ্ট কৰাৰ ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰক। (৮) ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত ASSOCIATE PROFESSOR নিযুক্তি দিয়ক। (৯) উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত PG TEACHER নিযুক্তি দিয়ক। ( ১০) ৰাজ্যৰ মহাবিদ্যালয় সমূহত ছাত্র ছাত্রী অনুযায়ী পর্যাপ্ত আসনৰ ব্যৱস্থা কৰক।
    1
    অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান।
অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান।
⭕ বৰপেটাৰ মিলেনিয়াম পাৰ্কতো বৰপেটা আৰু দক্ষিণ বৰপেটা জিলাৰ সমিতিৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
⭕ আমছুৰ দাবী সমূহ --
(১) NATIONAL IDENTITY CARD প্রদান কৰক।
(২) উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ ব্যাৱস্থা কৰক।
(৩) ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰক
(৪) উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ কৰক।
(৫) সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰক।
(৬) মাটি ক্রয়-বিক্রিয়ত চলি থকা বৈষম্য আৰু নিষেধাজ্ঞা দূৰ কৰক।
( ৭) সাম্প্রদায়িক বিষবাষ্প বিয়পাই শান্তি-সম্প্রীতি বিনষ্ট কৰাৰ ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰক।
(৮) ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত ASSOCIATE PROFESSOR নিযুক্তি দিয়ক।
(৯) উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত PG TEACHER নিযুক্তি দিয়ক।
( ১০) ৰাজ্যৰ মহাবিদ্যালয় সমূহত ছাত্র ছাত্রী অনুযায়ী পর্যাপ্ত আসনৰ ব্যৱস্থা কৰক।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰ লৈকে সেৱা সমৰ্পণ মাহ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে
    1
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰ লৈকে সেৱা সমৰ্পণ মাহ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.