শিশু শ্ৰমিক সাম্প্ৰতিক সময়ত বিভিন্ন দোকান পোহাৰত শিশু সকলে কাম কৰা পৰিলক্ষিত হয়। কিন্তু নিমাত শিশু সুৰক্ষা বিভাগ, প্ৰশাসন। _______________________ ১৯৮৯ চনত চৰকাৰে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে গুৰুপদস্বামী নামে এটা সমিতি গঠন কৰি দিছিল। যি সমিতিৰ লক্ষ্য আছিল শিশু শ্ৰমিক বন্ধ কৰা। সময়ৰ গতিত ১৯৮৭ চনত চৰকাৰে এই সম্পৰ্কে এখন আইন পাছ কৰিলে আৰু শিশু শ্ৰমিক নিয়োগ কৰা বিভিন্ন উদ্যোগ বা যিকোনো প্ৰতিষ্ঠানেই হওঁক নিষিদ্ধ কৰিলে। কিন্তু সেই ১৯৮৯ চনৰ পৰা আৰম্ভ কৰি আজিলৈকে জানো নিৰ্মূল কৰিব পাৰিছে শিশু শ্ৰমিক! নিশ্চয় কৰিব পৰা নাই। ইয়াৰ কিছুমান কাৰণ আছে। সমাজত যেতিয়ালৈকে দৰিদ্ৰতা থাকিব তেতিয়ালৈকে শিশু শ্ৰমিক বন্ধ কৰা সম্ভৱপৰ নোহোৱাৰ আকংশাই অধিক। চৰকাৰে কেৱল আইন প্ৰণয়ন কৰি জনতাৰ ওপৰত জাপি দিলেই যে সমস্যা সমাধান হব সেয়া সম্ভৱ নহয় । সমস্যা টো ক'ৰ পৰা সৃষ্টি হয়, কিয় হয়? ইয়াৰ কাৰণ উলিয়াই তাৰ পিছত সেইবোৰ সমাধান কৰি আইন পাছ কৰিলে হে সেই সমস্যা সমাধান কৰা সম্ভৱ হব। দৰিদ্ৰতা শিশু শ্ৰমিকৰ এটা ডাঙৰ উৎস। যেতিয়া এটা পৰিয়ালত দৰিদ্ৰতাই দেখা দিয়ে তেতিয়া সেই পৰিয়ালৰ শিশু জনো কৰ্ম মূখী হবলৈ বাধ্য হয় আৰু তাৰ বাবে দায়ী কোন হব। যেতিয়া শিশু জনেই পৰিয়ালটোৰ উপাৰ্জনৰ মূল মানুহ হব তেতিয়া কৰিবলগীয়া একো নাথাকিব। চৰকাৰে প্ৰতি বছৰৰ ১৪ নৱেম্বৰ তাৰিখ টো শিশু দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু শিশু দিৱস পালন কৰিয়েই দায় সাৰিব বিচাৰে চৰকাৰে। আজি কালি বহু হোটেলত বা চাহৰ দোকানত দেখা যায় শিশু শ্ৰমিক নিয়োগ কৰি আছে মন কৰিবলগীয়া কথা টো হল যে সেই দোকানত পুলিচ, মানৱধিকাৰ কৰ্মী, সমাজ কৰ্মী সকলে ব্ৰেক ফাষ্ট কৰে বা বিভিন্ন সময়ৰ আহাৰ গ্ৰহণ কৰে । কিন্তু কিয় ব্যৱস্থা গ্ৰহণ নকৰে চকুৰ আগতে কিলবিলাই থকা শিশু শ্ৰমিক নিয়োগ কাৰী সকলোৰ ওপৰত ।আজি কালি কবলৈ গ'লে যি সকলে শিশু শ্ৰমিক বন্ধ কৰিব সেই সকলোৰ ঘৰত এজন/এজনী সৰু শিশুক বন কৰা হিচাপে নিয়োগ কৰি ৰাখিছে। যদি পুৰ্ণ বয়স্ক এজন ব্যক্তিক নিয়োগ কৰে তেনেহঁলে মজুৰি দিব লাগিব অধিক কিন্তু শিশু এজন ৰাখিলে নিজৰ খেয়াল খুচি মতে ব্যৱহাৰ কৰিব আৰু শেষত কিবা এটা দিলেই হব। সমাজৰ এনে এই মূখা পিন্ধা একাংশ ব্যক্তিৰ বাবে শিশু শ্ৰমিক নিৰ্মূল হোৱা নাই । সৌ সিদিনা নিজৰ ঘৰত কাম কৰাৰ বাবে ৰখা শিশু এজনক যি অমানৱীয় অত্যাচাৰ কৰিলে, শৰীৰত গৰম পানী ঢালি দিছিল। এজন সৰু লৰাৰ গাত গৰম পানী ঢালি দিয়া কাৰ্য টো এজন মানুহে কৰিব পাৰে বুলি মোৰ অনুমান নহয়। তেনে বহু সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰত বহু শিশু শ্ৰমিক ৰূপে নিয়োজিত হৈ আছে। সিদিনা সেই ঘটনাটো ঘটিল বাবেহে শিশু জন পোহৰলৈ আহিল। বহু বণিক গোষ্ঠীয়ে বহু শিশুক ৰাস্তাত তিনিচকীয়া ভেন এখন দি গাঁৱে গাঁৱে পেলনীয়া জাৱৰ, অলাগতিয়াল টিন পাত, প্লাষ্টিকৰ বস্তু আদি ক্ৰয় কৰিব দিছে। আৰক্ষীৰ চকুৰ আগতে সেই বোৰ হৈ আছে। কিন্তু আৰক্ষীয়ে গুৰুত্ব দিয়া নাই। সততে আৰক্ষীয়ে কয় যে আমালৈ অভিযোগ দিয়া নাই। কেৱল অভিযোগৰ অপেক্ষাত থাকে আৰক্ষী। চকুৰ আগত ঘটা কিছুমান ঘটনাৰ আধাৰত তাৰ লগত জড়িত সকলোৰ ওপৰত আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰিব লাগে। মুঠতে সমাজৰ সচেতন সকল তথা ৰক্ষক সকলেই যদি শিশু শ্ৰমিক নিয়োগ কৰে তেনেহলে নিৰ্মূল হব কেনেকৈ। অসম চৰকাৰে ৬ বছৰৰ পৰা ১৪ বছৰৰ সকলো শিশুকে শিক্ষা গ্ৰহণ বাধ্যতামূলক কৰিছে। কিন্তু আজিওঁ বহু শিশু চৰকাৰী ব্যক্তি সকলোৰ চকুৰ আগত শ্ৰমিক হিচাপে বহু ঠাইত নিয়োজিত হৈ আছে। কেৱল আইনে কেতিয়াওঁ সমস্যা সমাধান কৰিব নোৱাৰে যদিহে পৰিচালক সকলে সঠিক পথত পৰিচালনা নকৰে। বৰ্তমানেওঁ এই খন অসম মূলকতেই বহু লৰা ছোৱালী শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। মই ভাৱো ইয়াৰ বাবে প্ৰথমতেই অংগনাৱাদী কৰ্মী, আশা কৰ্মী সকলোৱেওঁ অলপ পদক্ষেপ লব লাগিব যদিওঁ আশা কৰ্মীৰ বিভাগ বেলেগ কিন্তু সমাজ তথা দেশৰ স্বাৰ্থত লব লাগিব । সমাজৰ শিক্ষিত ব্যক্তি সকল কেৱল নিজৰ লৰা ছোৱালীক লৈ চিন্তা কৰিলে দেশ আগুৱাই যোৱা সম্ভৱ নহব কাৰণ বহু পিতৃ মাতৃ আছে নিজৰ লৰা ছোৱালীক কেনেকৈ শিক্ষিত কৰিব নাজানে। গতিকে সমাজৰ মুখীয়াল ব্যক্তি সকলৰো বহু কৰণীয় আছে এই ক্ষেত্ৰত । বৰ্তমান চৰকাৰে ক শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লৈ সম্পুৰ্ণ বিনামূলীয়া শিক্ষা ব্যৱস্থা প্ৰণয়ন কৰিছে। কিন্তু শিশু শ্ৰমিকৰ ওপৰত পৰ্যাপ্তপৰিমানে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বাবে আজিওঁ শিশু শ্ৰমিক সমস্যা সমাধান হোৱা নাই। বিভিন্ন ঠাইৰ ইটাভাটাৰ ওপৰত নজৰ দিলে দেখা যায় যে কিতাপ, কলম লোৱাৰ বয়সত ইটা বনোৱাত নিয়োগ কৰিছে পিতৃ মাতৃয়ে। কিন্তু যদি সেই ইটাভাটাৰ স্বতাধিকাৰী সকলোৰ ওপৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হয় তেনেহঁলে হয়তো শিশু সকলোক নিয়োগ নকৰিলোহেঁতেন। অন্যথা যদি এনে কোনো নিৰ্দেশ জাৰি কৰিলেহেঁতেন যে প্ৰতিটো ইটাভাটাত অস্থায়ী ভাৱেে হলেওঁ বিদ্যালয় বাধ্যতামূলক, তেতিয়া হয়তো কিছু কামত আহিলে হয়। সদৌ শেষত মোৰ সকলো লৈ বিনম্ৰ নিৱেদন যে সু শিক্ষাৰে শিক্ষিত নহলে দেশ তথা জাতি কেতিয়াওঁ আগুৱাই যাব নোৱাৰিব গতিকে আমি আমাৰ সমাজ তথা দেশ আগুৱাই নিবলৈ হলে শিক্ষাৰ প্ৰতি দায়বদ্ধ হবই লাগিব। প্ৰতিবছৰে শিশু দিৱস উদযাপনৰ নামত চৰকাৰৰ ৰাজ কোষৰ পৰা বহু পৰিমাণৰ ধন ব্যয় কৰি আছে কিন্তু নিৰ্মুল কৰিব পাৰিছে নে শিশু দিৱস। চৰকাৰে শিশু সুৰক্ষাৰ বাবে যি আইন প্ৰণয়ন কৰিছে সেয়া যথা যথ প্ৰয়োগ নকৰাৰ ছবি স্পষ্ট। ইয়াছিন আলীঃ বঙাইগাঁওঃ শৌলমাৰীঃ 9957266297

- ৰাস্তা বেয়া বহুত বেয়া বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন1
- Barpeta District or ji kunu area t Glow sign board lagile jonabo1
- 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক। 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।1
- ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও1
- কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য1
- সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers1