Shuru
Apke Nagar Ki App…
গুগল প্লে ষ্ট’ৰত এতিয়া উপলব্ধ হৈছে আপোনাৰ প্ৰিয় OneClick ফুড ডেলিভাৰী এপ। আপোনাৰ প্ৰিয় খাদ্য এতিয়া মাত্ৰ এটা ক্লিকৰ দূৰত্বত লাভ কৰিব পাৰিব। এই এপটোৰ জৰিয়তে গ্ৰাহকসকলে নিজৰ প্ৰিয় ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰিব পাৰিব আৰু দ্ৰুত তথা বিশ্বাসযোগ্য ডেলিভাৰীৰ সেৱা লাভ কৰিব। ইয়াৰ উপৰিও, এই এপ ব্যৱহাৰ কৰি আকৰ্ষণীয় অফাৰৰ লাভ উঠোৱাৰ লগতে সহজেই অৰ্ডাৰ ট্ৰেক কৰিব পৰা যাব। আপোনাৰ দুৱাৰমুখত সতেজ আৰু সুস্বাদু খাদ্যৰ দ্ৰুত ডেলিভাৰী লাভ কৰিবলৈ এতিয়াই গুগল প্লে ষ্ট’ৰৰ পৰা OneClick Food Delivery এপটো ডাউনলোড কৰক।
Saleh Ahmed
গুগল প্লে ষ্ট’ৰত এতিয়া উপলব্ধ হৈছে আপোনাৰ প্ৰিয় OneClick ফুড ডেলিভাৰী এপ। আপোনাৰ প্ৰিয় খাদ্য এতিয়া মাত্ৰ এটা ক্লিকৰ দূৰত্বত লাভ কৰিব পাৰিব। এই এপটোৰ জৰিয়তে গ্ৰাহকসকলে নিজৰ প্ৰিয় ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অৰ্ডাৰ কৰিব পাৰিব আৰু দ্ৰুত তথা বিশ্বাসযোগ্য ডেলিভাৰীৰ সেৱা লাভ কৰিব। ইয়াৰ উপৰিও, এই এপ ব্যৱহাৰ কৰি আকৰ্ষণীয় অফাৰৰ লাভ উঠোৱাৰ লগতে সহজেই অৰ্ডাৰ ট্ৰেক কৰিব পৰা যাব। আপোনাৰ দুৱাৰমুখত সতেজ আৰু সুস্বাদু খাদ্যৰ দ্ৰুত ডেলিভাৰী লাভ কৰিবলৈ এতিয়াই গুগল প্লে ষ্ট’ৰৰ পৰা OneClick Food Delivery এপটো ডাউনলোড কৰক।
More news from অসম and nearby areas
- ৰাজস্থানত অনুষ্ঠিত মিচ টিন ৰয়েল ইণ্টাৰনেচনেল-২০২৬ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰঙিয়াৰ সন্তান ৰিম্পী বড়ো নিজ গৃহভূমিত উপস্থিত হৈছে। নিজ গৃহভূমিত উপস্থিত হোৱাৰ পিছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰে আৰু এই গৌৰৱোজ্জ্বল সাফল্যক লৈ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।1
- দলগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে বিধানসভাত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক কিয় হাৰাশাস্তি কৰা হয়, সেই বিষয়টো উত্থাপন কৰি প্ৰশ্ন তোলে।1
- তামুলপুৰ কমাৰ্চ কলেজত আজিৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ৩০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। সমাগত ADRE 3.0, অসম পুলিচ আৰু বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই শৈক্ষিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বিশেষ উদ্যোগত আৰু 'এচপায়াৰ আছাম এডুকেচন্চ'ৰ সহযোগত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তামুলপুৰৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামুলপুৰ কমাৰ্চ কলেজ আৰু ডিগ্ৰী কলেজৰ অধ্যক্ষ আৰু অঞ্চলটোৰ বহুসংখ্যক পৰীক্ষাৰ্থীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বী কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত যাতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে বিশেষভাৱে সহায় কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰে সমগ্ৰ তামুলপুৰ অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত এক নতুন আশা আৰু উৎসাহৰ সঞ্চাৰ কৰিছে।1
- বাক্সাত চলি থকা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা। জিলাখনত চলি থকা এই গ্ৰীষ্মকালীন পাঠদানৰ সময়ছোৱাত বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে নিজেই শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰে।1
- বাক্সা জিলাৰ শালবাৰীৰ কুঠুৰীঝাৰত বিদ্যুৎ বিভাগে এক বিশেষ অভিযান চলাইছে। এই অভিযানৰ মূল লক্ষ্য হৈছে অবৈধভাৱে বিদ্যুৎ সংযোগ ব্যৱহাৰ কৰা গ্ৰাহকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা।1
- অসমৰ ২০২৬-২৭ বৰ্ষৰ বাজেটখনক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কোনো মৌলিকত্ব নাই আৰু ইয়াৰেই প্ৰতিফলন ঘটিছে ৰাজ্যৰ ২০২৬-২৭ বৰ্ষৰ অসম বাজেটখনত।1
- বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।1
- দৰঙামেলা-তামুলপুৰ-ৰঙিয়া সংযোগী ASTC বাছ সেৱা আজি পুৱাৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিছে। যাত্ৰীবাহী বাছৰ চালকক অতৰ্কিতে চুকা অস্ত্ৰৰে কৰা আক্ৰমণৰ প্ৰতিবাদত দৰঙামেলাৰ চালকসকলে স্বতঃস্ফূৰ্তভাৱে ৰঙিয়া অভিমুখী দৰঙামেলা ভূটান লাইনৰ সকলো ASTC বাছ চলাচল বন্ধ কৰি দিছে। অভিযোগ অনুসৰি, যোৱা ৮ তাৰিখে ৰঙিয়া হাইৱে বাছ আস্থানত তামুলপুৰ-দৰঙামেলা অভিমুখী "পপীতৰা" নামৰ ASTC বাছখন ৰৈ থকা অৱস্থাত 'নামনি অসম বাছ মেজিক পৰিবহন সন্থা'ৰ ফাতে আলী ওৰফে পুতুল নামৰ লোক দুজনে বাছখনৰ চালক নৱজিত বৰ্মনক অতৰ্কিতে চুৰীৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে। ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে ক্ষোভিত হৈ চালক আৰু হেণ্ডিমেনসকলে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ দৰঙামেলা-তামুলপুৰ-ৰঙিয়া লাইনৰ সকলো যাত্ৰীবাহী বাছ সেৱা স্তব্ধ কৰি ৰাখিছে। তদুপৰি, ৰঙীয়াৰ পৰা দৰঙামেলা অভিমুখে অহা যাত্ৰীবাহী বাছসমূহকো কুমাৰীকাটাত ৰখাই থোৱা হৈছে। বিক্ষোভকাৰী চালকসকলে হুংকাৰ দিছে যে অভিযুক্ত দুজনৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই বন্ধ অব্যাহত থাকিব। ইয়াৰোপৰি, ৰঙিয়াৰ হাইৱে চকত মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কিদৰে দুটাকৈ বাছ পাৰ্কিং থাকিব পাৰে বুলিও চালকসকলে প্ৰশ্ন তুলিছে। ইফালে, আকস্মিকভাৱে বাছ সেৱা বন্ধ হৈ পৰাৰ বাবে সাধাৰণ যাত্ৰীসকল চৰম ভোগান্তিৰ সন্মুখীন হৈছে আৰু বহুতৰে এতিয়া ই-ৰিক্সা অথবা টেম্পোৰ সহায়ত যাতায়ত কৰিবলগীয়া হৈছে।1