দৰঙামেলা-তামুলপুৰ-ৰঙিয়া সংযোগী ASTC বাছ সেৱা আজি পুৱাৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিছে। যাত্ৰীবাহী বাছৰ চালকক অতৰ্কিতে চুকা অস্ত্ৰৰে কৰা আক্ৰমণৰ প্ৰতিবাদত দৰঙামেলাৰ চালকসকলে স্বতঃস্ফূৰ্তভাৱে ৰঙিয়া অভিমুখী দৰঙামেলা ভূটান লাইনৰ সকলো ASTC বাছ চলাচল বন্ধ কৰি দিছে। অভিযোগ অনুসৰি, যোৱা ৮ তাৰিখে ৰঙিয়া হাইৱে বাছ আস্থানত তামুলপুৰ-দৰঙামেলা অভিমুখী "পপীতৰা" নামৰ ASTC বাছখন ৰৈ থকা অৱস্থাত 'নামনি অসম বাছ মেজিক পৰিবহন সন্থা'ৰ ফাতে আলী ওৰফে পুতুল নামৰ লোক দুজনে বাছখনৰ চালক নৱজিত বৰ্মনক অতৰ্কিতে চুৰীৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে। ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে ক্ষোভিত হৈ চালক আৰু হেণ্ডিমেনসকলে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ দৰঙামেলা-তামুলপুৰ-ৰঙিয়া লাইনৰ সকলো যাত্ৰীবাহী বাছ সেৱা স্তব্ধ কৰি ৰাখিছে। তদুপৰি, ৰঙীয়াৰ পৰা দৰঙামেলা অভিমুখে অহা যাত্ৰীবাহী বাছসমূহকো কুমাৰীকাটাত ৰখাই থোৱা হৈছে। বিক্ষোভকাৰী চালকসকলে হুংকাৰ দিছে যে অভিযুক্ত দুজনৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই বন্ধ অব্যাহত থাকিব। ইয়াৰোপৰি, ৰঙিয়াৰ হাইৱে চকত মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কিদৰে দুটাকৈ বাছ পাৰ্কিং থাকিব পাৰে বুলিও চালকসকলে প্ৰশ্ন তুলিছে। ইফালে, আকস্মিকভাৱে বাছ সেৱা বন্ধ হৈ পৰাৰ বাবে সাধাৰণ যাত্ৰীসকল চৰম ভোগান্তিৰ সন্মুখীন হৈছে আৰু বহুতৰে এতিয়া ই-ৰিক্সা অথবা টেম্পোৰ সহায়ত যাতায়ত কৰিবলগীয়া হৈছে।

- নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত এক বলিষ্ঠ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ সোণতলী-বহৰি সংযোগী পকী দলং নিৰ্মাণৰ প্ৰসংগটো উত্থাপন কৰে। বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ অঞ্চলটোৰ ৰাইজে বিশেষ সন্তোষ প্ৰকাশ কৰিছে।1
- নগাঁৱৰ পৰা ঔষধ ক্ৰয় কৰি সেৱন কৰাৰ পাছতে এজন ব্যক্তিৰ প্ৰস্ৰাৱৰ সৈতে কিডনীৰ পাথৰ ওলাই অহাৰ এক ঘটনা পোহৰলৈ আহিছে। এই ঔষধ সেৱনৰ ফলতেই কোনো ধৰণৰ অপাৰেচন নকৰাকৈয়ে ব্যক্তিগৰাকীৰ ফেটিলিভাৰ আৰু টিউমাৰৰ দৰে সমস্যাও নিৰাময় হোৱা বুলি জানিব পৰা গৈছে।1
- দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজি মৰিগাঁও নগৰৰ মাজমজিয়াত নিৰ্মিত দৃষ্টিনন্দন ক্লক টাৱাৰ আৰু তৰুণৰাম ফুকন খেলপথাৰত গঢ়ি তোলা আধুনিক ৱাকিং জ'ন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। নগৰখনৰ সৌন্দৰ্য বৃদ্ধি আৰু নাগৰিকসকলক উন্নত পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্যৰে এই প্ৰকল্প দুটা নিৰ্মাণ কৰা হৈছে। আধুনিক স্থাপত্যশৈলীৰে নিৰ্মিত ক্লক টাৱাৰটোৱে ইতিমধ্যে চহৰখনৰ নতুন পৰিচয় হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ইয়াৰ আলোকসজ্জাই সকলোকে আকৰ্ষণ কৰিছে। তৰুণৰাম ফুকন খেলপথাৰত মুকলি কৰা ৱাকিং জ'নটোত খোজকঢ়াৰ সুন্দৰ পথ, বহাৰ ব্যৱস্থা আৰু সেউজীয়া পৰিৱেশৰ লগতে মনোৰম আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে, যিয়ে ইয়াক এক স্বাস্থ্যসচেতন আৰু পৰিয়ালমুখী বিনোদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথিসকলে কয় যে এই উন্নয়নমূলক পদক্ষেপে মৰিগাঁও নগৰক অধিক সুন্দৰ আৰু আধুনিক হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আগন্তুক দিনত এনে বহু জনকল্যাণমূলক প্ৰকল্পৰ জৰিয়তে নগৰখনক আদৰ্শ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। উদ্বোধনৰ পিছতেই এই স্থান দুটাত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো শ্ৰেণীৰ লোকৰ ব্যাপক সমাগম হোৱা পৰিলক্ষিত হয়। স্থানীয় বাসিন্দাসকলৰ লগতে দূৰ-দূৰণিৰ পৰা অহা লোকসকলে এই উন্নয়নক আদৰণি জনাইছে। এই প্ৰকল্পসমূহে কেৱল নগৰখনৰ সৌন্দৰ্যই বঢ়োৱা নাই, বৰং ভৱিষ্যতে পৰ্যটনৰ সম্ভাৱনাও উজ্জ্বল কৰি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।1
- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰিছে। আৰক্ষীৰ অভিযানত ৮ খন মটৰচাইকেলসহ এজন চোৰক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সফল অভিযানে অঞ্চলটোত চৰ্চা লাভ কৰিছে।1
- কামৰূপ জিলাৰ বকোৰ অন্তৰ্গত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকী নিষ্ঠাৱান কৰ্মচাৰীয়ে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি স্বাস্থ্য কেন্দ্ৰটোত নিষ্ঠাৰে সেৱা আগবঢ়োৱা কৰ্মচাৰী দুগৰাকীৰ অৱসৰৰ লগে লগে তেওঁলোকৰ কৰ্মজীৱনৰ সামৰণি পৰিল।1
- হিন্দু ধৰ্মৰ সৌন্দৰ্য আৰু ভগৱানক কিদৰে শ্ৰদ্ধা তথা সন্মান প্ৰদৰ্শন কৰা হয়, সেই দৃশ্য প্ৰকাশ পোৱা গৈছে। নগাঁও জিলাৰ ধিং অঞ্চলৰ এই ধৰ্মীয় পৰম্পৰা আৰু ভগৱানৰ প্ৰতি থকা অটল ভক্তিৰ প্ৰতিফলন ইয়াত স্পষ্ট হৈ পৰিছে।1
- নিজৰ অস্তিত্ব আৰু স্বকীয়তা ৰক্ষাৰ অংগীকাৰেৰে আজি জাগীৰোডৰ আকাশ-বতাহ প্ৰকম্পিত কৰি তোলে সদৌ তিৱা ছাত্ৰ সন্থাই। তিৱা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া প্ৰাপ্য আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত সংগঠনটোৱে আজি এক উত্তাল দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নিজা পৰিচয়ৰ সংগ্ৰামত ব্ৰতী হৈ ছাত্ৰ সংগঠনটোৱে প্ৰধানকৈ তিনিটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে, য'ত তিৱা স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি সুদৃঢ় সাংবিধানিক সুৰক্ষা প্ৰদান কৰা, ১১৩ খন নতুন গাঁও সামৰি বিজ্ঞানসন্মতভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নিৰ্ভুল ভোটাৰ তালিকা প্ৰস্তুত কৰা তথা থমকি ৰোৱা গণতান্ত্ৰিক যাত্ৰা গতিশীল কৰিবলৈ অতি শীঘ্ৰে পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী অন্তৰ্ভুক্ত আছে। ৰাজপথত সমৱেত হোৱা ছাত্ৰনেতাসকলে স্পষ্ট কৰি দিয়ে যে নিজৰ অধিকাৰৰ প্ৰতি চৰকাৰৰ এই অৱহেলা আৰু নীৰৱতা তিৱা জাতিৰ বাবে কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। চৰকাৰৰ এনে আচৰণৰ প্ৰতিবাদত ভৱিষ্যতে ইয়াতকৈও অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে। বৰ্তমান পৰিস্থিতিত চৰকাৰী পক্ষই পৰিষদৰ সমস্যা সমাধানৰ দিশত কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়াই সকলোৰে দৃষ্টিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।1
- বিধানসভাত সংখ্যালঘু অধ্যুষিত অঞ্চলত টেট শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা সন্দৰ্ভত বিধায়ক শিলাদিত্য দেৱে কৰা এক মন্তব্যই সমগ্ৰ ৰাজ্যতে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিধায়কগৰাকীয়ে সদনত দাবী কৰিছিল যে সংখ্যালঘু অধ্যুষিত এলেকাত টেট শিক্ষয়িত্ৰীসকল নিৰাপদ নহয়। এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজন নেতাই বিধায়ক শিলাদিত্য দেৱৰ এই মন্তব্যক সম্পূৰ্ণ ভিত্তিহীন বুলি প্ৰত্যাহ্বান জনাইছে। নেতাগৰাকীয়ে বিধায়কগৰাকীক প্ৰত্যাহ্বান জনাই কয় যে, যদি সংখ্যালঘু অঞ্চলত কোনো শিক্ষয়িত্ৰী নিৰাপদ নহয় বুলি তেওঁৰ হাতত প্ৰমাণ আছে, তেন্তে তেনে এগৰাকী শিক্ষয়িত্ৰীক কেমেৰাৰ সন্মুখলৈ আনি দেখুৱাব লাগে। তেওঁৰ মতে, সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত শিক্ষয়িত্ৰীসকলক ল'ৰা-ছোৱালীয়ে অতি সন্মান আৰু শ্ৰদ্ধাৰ চকুৰে চায় আৰু তেওঁলোক উক্ত অঞ্চলত সম্পূৰ্ণৰূপে সুৰক্ষিত। শিক্ষক আৰু শিক্ষাৰ কোনো জাতি বা ধৰ্ম নাই বুলি উল্লেখ কৰি সংগঠনটোৰ নেতাজনে লগতে কয় যে এনেধৰণৰ মন্তব্যই কেৱল সমাজত ঘৃণা আৰু বিভেদৰহে সৃষ্টি কৰিব। পৰিশেষত, তেওঁ বিধায়ক শিলাদিত্য দেৱক ভৱিষ্যতে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।1
- Post by Manik AIi1