চতিয়াৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী মহানন্দ শইকীয়াৰ মৃত্যু। চতিয়া কছাৰীগাঁওৰ অন্যতম বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব, সমাজ সংগঠক তথা বিশিষ্ট নাট্যকাৰ মহানন্দ শইকীয়াৰ (৮১ ) নিজ বাসগৃহত কালি আকস্মিক দেহাৱসান ঘটে। তেখেত চতিয়াৰ ইতিহাসৰ অনন্য সংগীত সাধক ‘গানমাষ্টৰ’ স্বৰ্গীয় গোলোক শইকীয়াৰ সুযোগ্য সন্তান আছিল। মহানন্দ শইকীয়া আছিল কছাৰীগাঁও অঞ্চলৰ সাংস্কৃতিক জগতখনৰ এক প্ৰেৰণাদায়ী নাম। বিশেষকৈ গাঁওখনৰ ঐতিহাসিক ৰাস মহোৎসৱ আৰু ভাওনা সংস্কৃতিালৈ তেখেতৰ অনবদ্য অৱদান চিৰযুগমীয়া হৈ ৰ’ব। ৰাস উৎসৱত ‘গোপী’ৰ চৰিত্ৰত অভিনয় কৰি তেখেতে পৰিৱেশন কৰা মনপৰশা ‘দিহানাম’ আৰু গীত-মাতে সমগ্ৰ গাঁওখনকে সদায় মুখৰিত আৰু সুৰীয়া কৰি ৰাখিছিল।সংস্কৃতিৰ উপৰিও তেখেতে সামাজিক ক্ষেত্রতো সক্ৰিয় ভূমিকা পালন কৰিছিল। ৩ নং চতিয়া পঞ্চায়তৰ সম্পাদক হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা শইকীয়াৰ পাৰদৰ্শিতা দেখি সেই সময়ৰ অফিচাৰ সকলেও তেওঁক সমীহ কৰি চলিছিল৷তেখেত এগৰাকী সফল নাট্যকাৰো আছিল। ১৯৭৩ চনৰ পৰাই তেখেতে প্রতীকধৰ্মী নাটক ৰচনাৰে নিজৰ নাট্যযাত্ৰা অব্যাহত ৰাখিছিল। তেখেতে ৰচনা কৰা উল্লেখযোগ্য নাটকসমূহৰ ভিতৰত ‘ইন্টাৰভিউ’, ‘সভানেত্ৰী’, ‘ল’ৰাৰজা’ আদি অন্যতম। উল্লেখ্য যে, তেখেতৰ নাটকসমূহত বিশিষ্ট নাট্য পৰিচালক অভিনেতা ভৱানী ভূঞা আৰু ড° অঞ্জন কুমাৰ ওজাৰ দৰে গুণী শিল্পীয়ে বিভিন্ন সময়ত অভিনয় কৰিছিল। তেখেতৰ অকাল বিয়োগত সমগ্ৰ চতিয়া অঞ্চলৰ লগতে সাংস্কৃতিক জগতখনত গভীৰ শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যু ত নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা;চতিয়া পৌৰ সভাৰ পৌৰপতি দিপশিখা সন্দিকৈ;৩ নং চতিয়া গাওঁ পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া;কছৰী গাওঁ গাও সংগঠন;যুৱক সংঘকে ধৰি বহু গুনমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়লবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত তেখেতে পত্নী দুই পুত্ৰ -জীয়ৰী আৰু নাতি-নাতিনী এৰি থৈ যায়৷

- বিশ্বনাথ চাৰিআলিত আঘাতপ্ৰাপ্ত মলুৱা বান্দৰ উদ্ধাৰ। বিশ্বনাথ চাৰিআলিৰ ভোৱালৰাম পেট্ৰল পাম্পৰ পিছফালে থকা আউট ইঞ্চি অঞ্চলৰ শেষৰ দেবৰ বাসগৃহত আজি পুৱাৰে পৰা এটা আঘাতপ্ৰাপ্ত মতা মলুৱা বান্দৰে বিচৰণ কৰি থকা দেখা যায়। ঘৰৰ লোকে কেইবাবাৰো বান্দৰটো খেদিবলৈ চেষ্টা কৰে যদিও বান্দৰটো ঘৰখনৰ পৰা ওলাই নগ'ল। অৱশেষত ঘৰৰ গৰাকী মানৱদৰদী ব্যক্তি শেষৰ দেবে তৎক্ষণাত বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ কেন্দ্ৰীয় বনাঞ্চলৰ উদ্ধাৰকাৰী দলক খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে বন বিভাগৰ উদ্ধাৰকাৰী দলৰ অজয় দাস ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মলুৱা বান্দৰটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। বন বিভাগৰ সূত্ৰ অনুসৰি উদ্ধাৰ কৰা বান্দৰটো অসুস্থ হৈ আছে। ইয়াক অতি সোনকালে চিকিৎসাৰ বাবে লৈ যোৱা হ'ব। চিকিৎসাৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন অঞ্চলত প্ৰকৃতিৰ বুকুলৈ মুকলি কৰি দিয়া হ'ব।4
- সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।1
- *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে। *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিত টম্টম্ চালকৰ তীব্ৰ প্ৰতিবাদ,1
- মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব1
- ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।জানিৱ পৰা অনুসৰি, হত্যা কাৰি নাম আলেক্সিউছ গুৰীয়া । পিতৃৰ লগত বহু দিনৰ পৰাই কাজিয়াত লিপ্ত হৈ আছিল পুত্ৰ আলেক্সিউছ ।1
- মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে। মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ছপাই চাহ বাগিছাত সংঘটিত হ’ল জঘন্য ঘটনা1