তিনিচুকীয়া জিলাৰ ডিগবৈত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন উদীয়মান যুৱকৰ থিতাতে মৃত্যু হৈছে। এই মৰ্মান্তিক ঘটনাটো নিশা প্ৰায় ১১-৩০ বজাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী ডাঙৰীয়া মন্দিৰৰ সমীপত সংঘটিত হয়। জানিব পৰা মতে, তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখী AS 22 B 1390 নম্বৰৰ এখন ৱাগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত জ্যোতিষ্মান দত্ত আৰু চাহিল হুছেইন নামৰ যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু হয়। দুৰ্ঘটনাটোৰ পাছত যুৱক দুজন বহু সময় ধৰি বিধ্বস্ত গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ আছিল। পিছত ডিগবৈ আৰক্ষী আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। দুৰ্ঘটনাতগ্ৰস্ত গাড়ীখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে। জ্যোতিষ্মান দত্ত ডিগবৈ মুলীয়াবাৰীৰ বিশিষ্ট ব্যৱসায়ী যতীন দত্তৰ পুত্ৰ আছিল, আনহাতে চাহিল হুছেইন ডিগবৈ ইটাভাটাৰ আৰ এছ এ এৰিয়া নিবাসী ইমৰাণ হুছেইনৰ পুত্ৰ আছিল। এই দুই উদীয়মান যুৱকৰ অকাল মৃত্যুত সমগ্ৰ ডিগবৈত গভীৰ শোকৰ ছাঁ পৰিছে।
তিনিচুকীয়া জিলাৰ ডিগবৈত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন উদীয়মান যুৱকৰ থিতাতে মৃত্যু হৈছে। এই মৰ্মান্তিক ঘটনাটো নিশা প্ৰায় ১১-৩০ বজাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী ডাঙৰীয়া মন্দিৰৰ সমীপত সংঘটিত হয়। জানিব পৰা মতে, তিনিচুকীয়াৰ
পৰা ডিগবৈ অভিমুখী AS 22 B 1390 নম্বৰৰ এখন ৱাগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত জ্যোতিষ্মান দত্ত আৰু চাহিল হুছেইন নামৰ যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু হয়। দুৰ্ঘটনাটোৰ পাছত
যুৱক দুজন বহু সময় ধৰি বিধ্বস্ত গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ আছিল। পিছত ডিগবৈ আৰক্ষী আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। দুৰ্ঘটনাতগ্ৰস্ত গাড়ীখনৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে। জ্যোতিষ্মান দত্ত ডিগবৈ মুলীয়াবাৰীৰ
বিশিষ্ট ব্যৱসায়ী যতীন দত্তৰ পুত্ৰ আছিল, আনহাতে চাহিল হুছেইন ডিগবৈ ইটাভাটাৰ আৰ এছ এ এৰিয়া নিবাসী ইমৰাণ হুছেইনৰ পুত্ৰ আছিল। এই দুই উদীয়মান যুৱকৰ অকাল মৃত্যুত সমগ্ৰ ডিগবৈত গভীৰ শোকৰ ছাঁ পৰিছে।
- আজি গহপুৰৰ বুৰৈঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত এক আড়ম্বৰপূৰ্ণ নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত নতুনকৈ ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক আদৰণি জনোৱাৰ লগতে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।1
- প্ৰকাশিত এক বাতৰিৰ প্ৰভাৱত সাৰুপথাৰ অঞ্চলত এটা গৃহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ ব্যৱস্থাও কৰা হৈছে বুলি জনা গৈছে। এই পদক্ষেপসমূহ বিধায়ক বিশ্বজিৎ ফুকন আৰু তেওঁৰ ফান ক্লাৱৰ সৈতে জড়িত।1
- Post by Imdad hussain1
- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী বিষ্ণু পুৰাণ কথা অনুষ্ঠিত হৈছে।1
- বিশ্বনাথ জিলাৰ গহপুৰত গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত একাধিক উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অনুষ্ঠানৰ মাজতে বীৰ শ্বহীদ নিৰজ ছেত্ৰীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।1
- Post by Imdad hussain1
- লংকাৰ ফ্লাইঅ'ভাৰৰ এক বিশেষ দৃশ্য প্ৰকাশ কৰা হৈছে। এই দৃশ্য 'Lanka News' আৰু 'Northeast Talks Digital' ৰ দ্বাৰা বিতৰণ কৰা হৈছে।1
- বিশ্বনাথৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ৰ সমীপৱৰ্তী এক সদা ব্যস্ত পথত কোনো দুস্কৃতিকাৰীয়ে ব্যৱহৃত চিকিৎসা সামগ্ৰী পেলাই থৈ যোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সামগ্রীসমূহৰ ভিতৰত ব্যৱহৃত চিৰিঞ্জ, কিট আৰু ৰক্ত পৰীক্ষাত ব্যৱহৃত অন্যান্য বহু সামগ্ৰী আছিল।1