চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি সোণাৰীত ভাৰোত্তোলন কাৰ্যালয়ৰ অৱশিষ্ট অংশৰ আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত ৭ লক্ষ টকা ব্যয় সাপেক্ষে এই কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰে এই আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ক্ৰীড়াক যুৱ সমাজক শৃংখলাবদ্ধ, সুস্থ আৰু আত্মবিশ্বাসী কৰি তোলাৰ এক শক্তিশালী মাধ্যম হিচাপে অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰোত্তোলনৰ দৰে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলে অধিক সুবিধা লাভ কৰাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব। বিধায়কে চৰাইদেউ জিলাৰ ক্ৰীড়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো উন্নয়নমূলক পদক্ষেপ অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ মুখ্য প্ৰশিক্ষক অনুপ কোঁৱৰ, সাধাৰণ সম্পাদক কেশৱ গগৈ, চৰাইদেউ জিলাৰ ক্ৰীড়া বিষয়া ধৰিত্ৰী গগৈ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সমীৰণ নেওগ, সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিপুল দে প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইফালে, চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ উদ্যোগত সোণাৰি বাণিজ্য মহাবিদ্যালয়ত এক বিশেষ সম্বৰ্ধনা সভাও অনুষ্ঠিত হয়। এই সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে। সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপলক্ষে সংঘৰ তৰফৰ পৰা তেওঁক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ শেষত বিধায়কে চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ বিষয়ববীয়া, খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু উপস্থিত সকলো শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে যুৱ সমাজক সুস্থ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সংঘটোৰ অৱদানৰ শলাগ লয় আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নত সদায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

- চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি সোণাৰি ৰাজহুৱা খেলপথাৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফলতাৰে উদযাপন কৰা হয়। পুৱা ৬ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাংসদ যোগেন মহনে ভাষণ প্ৰসংগত যোগক ভাৰতৰ প্ৰাচীন ঐতিহ্য আৰু বিশ্ববাসীক উপহাৰ দিয়া এক অমূল্য জীৱনশৈলী বুলি অভিহিত কৰে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক স্থিৰতা আৰু আধ্যাত্মিক উন্নয়নৰ পথ প্ৰদৰ্শন কৰে। তেওঁ বৰ্তমানৰ ব্যস্ত জীৱনত সুস্থ আৰু সুষম জীৱন-যাপনৰ বাবে যোগচৰ্চাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি, সুস্থ, সবল আৰু সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে সকলোকে দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। এই দিৱস উপলক্ষে তেওঁ উপস্থিত সকলো যোগসাধক, অংশগ্ৰহণকাৰী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু আয়োজকসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা আয়ুক্ত ড° নেহা যাদৱেও যোগাভ্যাস আৰু যোগৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে যোগাসনক মূল বিষয় হিচাপে লৈ এটি মনোমোহা সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা যোগাসন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে। 'ক' শাখাত (১০ বছৰলৈকে) প্ৰথম অৱনীশ গগৈ, দ্বিতীয় বাৰ্লিনা মোহন আৰু তৃতীয় কৰ্ণৱ কৃত গগৈয়ে পুৰস্কাৰ লাভ কৰে। 'খ' শাখাত (১০-১৮ বছৰ) সাগৰ নেৱাৰ প্ৰথম, বৰ্ণিল হাজৰিকা দ্বিতীয় আৰু লখিমী তামুলী তৃতীয় স্থানত থাকে। 'গ' শাখাত (১৮-৩৫ বছৰ) কস্তুৰী শইকীয়া প্ৰথম, বৰ্ণালী গায়ন দ্বিতীয় আৰু কবিতা গগৈ তৃতীয় হয়। আনহাতে 'ঘ' শাখাত (৩৫ বছৰ ঊৰ্ধ্ব) মৌচুমী বৰা হাজৰিকা, পৱন দিহিঙীয়া আৰু তুলুমণি কাকতিয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত জিলাখনৰ অন্যান্য বিষয়া-কৰ্মচাৰীকে ধৰি দুই শতাধিক ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ মাহমৰা মহকুমাৰ মৰাণ মহাবিদ্যালয়ৰ আন্তঃ ষ্টেডিয়ামত জিলাখনৰ বিষয়াবৰ্গ, ছাত্ৰ-ছাত্ৰী আৰু শতাধিক ৰাইজৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।1
- চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোনাৰি ৰাজহুৱা খেলপথাৰ ষ্টেডিয়ামত দ্বাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত সাংসদ যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নবনিতা সন্ধিকৈ আৰু চৰাইদেউ জিলাৰ আয়ুক্তা ডঃ নেহা যাদৱে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে, যোগ দিৱসৰ এই কাৰ্যসূচীত শতাধিক ৰাইজেও যোগদান কৰে।4
- আজি সোণাৰি মহাবিদ্যালয় ষ্টেডিয়ামত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগক আমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অমূল্য উপহাৰ হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে, নিয়মিত যোগাভ্যাসে সুস্থ, সবল আৰু সজীৱ জীৱন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল “Yoga for Healthy Ageing”, যিয়ে সুস্থ আৰু সক্ৰিয় বাৰ্ধক্যৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক কৰি তুলিছে। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেওঁলোকৰ উপৰিও চৰ্চাকাৰী বিষয়া, বহু সংখ্যক যোগ প্ৰশিক্ষক আৰু সাধাৰণ ৰাইজেও এই যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।1
- অসম জাতীয় ঐক্য মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু বুৰঞ্জীপ্ৰসিদ্ধ দিলিহি গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত আজি দিলিহিৰ গণেশ কলিতা আৰু গম্ভীৰাম কলিতা সামূহিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই পবিত্ৰ দিৱসটোৰ কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া চাফাই আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। উদযাপন সমিতিৰ সভাপতি ব্ৰজেন বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিৰাজ গগৈয়ে কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। ইয়াৰ উপৰিও, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল বুঢ়াগোহাঁইৰ নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। পৰৱৰ্তী সময়ত প্ৰাক্তন শিক্ষক ফুলধৰ দিহিঙীয়াই অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে, যাৰ লগে লগে শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হৈছিল। নৱপ্ৰজন্মৰ মাজত বিষ্ণুৰাভাৰ মহান আদৰ্শ বিলাই দিয়াৰ লক্ষ্যৰে দুটা শাখাত চিত্ৰাংকণ, কবিতা আবৃত্তি, বিষ্ণুৰাভা সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।4
- আজি অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ হুলাল প্ৰাথমিক বিদ্যালয়ত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এক বিশেষ যোগাসন কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। লাকুৱা ব্লকৰ অন্তৰ্গত নিমনাগড় মণ্ডল পৰ্যায়ৰ ৰাংঢালী গ্ৰাম্য সংগঠনৰ নেতৃত্বত আয়োজিত এই অনুষ্ঠানত মেৰিনা বেগম আৰু গীতামণী বড়া বাইদেৱে এশৰো অধিক সদস্যাক যোগাসনৰ বিভিন্ন কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰি অংশগ্ৰহণ কৰায়। বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলেও উৎসাহেৰে এই কাৰ্যসূচীত অংশ লৈ যোগব্যায়ামৰ গুৰুত্ব সম্পৰ্কে জ্ঞান আহৰণ কৰে। স্বাস্থ্যসচেতনতা বৃদ্ধি আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী আয়োজন কৰা হৈছিল।1
- দুলীয়াজানত বৃহত্তম মহিলা মঞ্চ আৰু গোৰ্খা মহিলা মঞ্চৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই প্ৰতিবাদত নাওশলীয়া ৰিহাবত সংঘটিত হোৱা ঘটনাৰ সৈতে জড়িত সন্তোষ লিম্বু আৰু তেওঁৰ লগতে জড়িত আন সকলো ব্যক্তিক ফাঁচী দিয়াৰ বাবে দাবী জনোৱা হৈছে।1
- বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে তিনিচুকীয়াত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে ৰাইডাৰ্চ অফ ইষ্ট্ৰান হিমালয়ান গ্ৰুপৰ নেতৃত্বত অসম আৰু অৰুণাচলৰ প্ৰায় ২৪ টাকৈ ৰাইডাৰ্চ গ্ৰুপৰ সহযোগত তিনিচুকীয়া চহৰত এক বিশাল সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয়। তিনিচুকীয়াৰ বৰগুৰি বাইপাছৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ ফ্ৰেগ অফ কৰে জ্যেষ্ঠ আৰক্ষী অধিক্ষক মায়ংক কুমাৰে। দিনটোৰ কাৰ্যসূচী হিচাপে তিনিচুকীয়াৰ বৰদলৈন নগৰত থকা আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰমত বিশেষ সাহাৰ্য্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, এগৰাকী কণমানি অনাথ কিশোৰকো সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰা হয়।4
- চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি সোণাৰীত ভাৰোত্তোলন কাৰ্যালয়ৰ অৱশিষ্ট অংশৰ আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত ৭ লক্ষ টকা ব্যয় সাপেক্ষে এই কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰে এই আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ক্ৰীড়াক যুৱ সমাজক শৃংখলাবদ্ধ, সুস্থ আৰু আত্মবিশ্বাসী কৰি তোলাৰ এক শক্তিশালী মাধ্যম হিচাপে অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰোত্তোলনৰ দৰে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলে অধিক সুবিধা লাভ কৰাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব। বিধায়কে চৰাইদেউ জিলাৰ ক্ৰীড়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো উন্নয়নমূলক পদক্ষেপ অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ মুখ্য প্ৰশিক্ষক অনুপ কোঁৱৰ, সাধাৰণ সম্পাদক কেশৱ গগৈ, চৰাইদেউ জিলাৰ ক্ৰীড়া বিষয়া ধৰিত্ৰী গগৈ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সমীৰণ নেওগ, সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিপুল দে প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইফালে, চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ উদ্যোগত সোণাৰি বাণিজ্য মহাবিদ্যালয়ত এক বিশেষ সম্বৰ্ধনা সভাও অনুষ্ঠিত হয়। এই সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰে। সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপলক্ষে সংঘৰ তৰফৰ পৰা তেওঁক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ শেষত বিধায়কে চৰাইদেউ জিলা ভাৰোত্তোলন সংঘৰ বিষয়ববীয়া, খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু উপস্থিত সকলো শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে যুৱ সমাজক সুস্থ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সংঘটোৰ অৱদানৰ শলাগ লয় আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নত সদায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।1