logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয় চৰকাৰী নিৰ্দেশনা অনুসৰি মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰি, ACS মহোদয়াক অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। সেই উপলক্ষে আজি মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচন–২০২৬ৰ পূৰ্বে মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমতী অনামিকা তেৱাৰীয়ে অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষ নেতৃত্ব, নিষ্ঠা আৰু দায়িত্বশীলতাৰ জৰিয়তে জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে আৰু সফলতাৰে সম্পন্ন কৰি বিশেষ সুনাম অৰ্জন কৰে। চুটি কাৰ্যকালৰ মাজতো তেওঁ সাধাৰণ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগ আৰু জনস্বাৰ্থজড়িত বিষয়সমূহ সংবেদনশীলভাৱে গ্ৰহণ কৰি তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সকলোৰে আস্থা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, তেওঁ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰ্মাণকাৰ্য নিয়মীয়াভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ গুণগত মান, সময়মতে ৰূপায়ণ আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। বিদায় সম্ভাষণ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱা, দক্ষ নেতৃত্ব আৰু জনকল্যাণমূলক অৱদানৰ শলাগ লোৱা হয়। লগতে তেওঁৰ সুস্বাস্থ্য, দীঘায়ু আৰু অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে নতুন দায়িত্বত সফলতা কামনা কৰি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰা হয়।

3 hrs ago
user_Chandan hira
Chandan hira
মৰিগাঁও, মৰিগাঁও, অসম•
3 hrs ago

মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয় চৰকাৰী নিৰ্দেশনা অনুসৰি মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰি, ACS মহোদয়াক অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। সেই উপলক্ষে আজি মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচন–২০২৬ৰ পূৰ্বে মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমতী অনামিকা তেৱাৰীয়ে অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষ নেতৃত্ব, নিষ্ঠা আৰু দায়িত্বশীলতাৰ জৰিয়তে জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে আৰু সফলতাৰে সম্পন্ন কৰি বিশেষ সুনাম অৰ্জন কৰে। চুটি কাৰ্যকালৰ মাজতো তেওঁ সাধাৰণ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগ আৰু জনস্বাৰ্থজড়িত বিষয়সমূহ সংবেদনশীলভাৱে গ্ৰহণ কৰি তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সকলোৰে আস্থা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, তেওঁ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰ্মাণকাৰ্য নিয়মীয়াভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ গুণগত মান, সময়মতে ৰূপায়ণ আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। বিদায় সম্ভাষণ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱা, দক্ষ নেতৃত্ব আৰু জনকল্যাণমূলক অৱদানৰ শলাগ লোৱা হয়। লগতে তেওঁৰ সুস্বাস্থ্য, দীঘায়ু আৰু অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে নতুন দায়িত্বত সফলতা কামনা কৰি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰা হয়।

More news from অসম and nearby areas
  • উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত মৰিগাঁও জিলা অসম গণ পৰিষদ** উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা অসম গণ পৰিষদে। বানপীড়িত লোকসকলৰ বাবে কাপোৰ, ফেনাইল, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্যব্যৱহাৰ্য্য সামগ্ৰী সংগ্ৰহ কৰি আজি মৰিগাঁওৰ পৰা এটা দল উজনি অসমৰ উদ্দেশ্যে ৰাওনা হয়। মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই পদক্ষেপে বানপীড়িত পৰিয়ালসমূহৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ'ব বুলি আশা প্ৰকাশ কৰে দলটোৱে। দুৰ্যোগৰ এই কঠিন সময়ত সকলোকে বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈও আহ্বান জনায় অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে।
    1
    উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত মৰিগাঁও জিলা অসম গণ পৰিষদ**
উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা অসম গণ পৰিষদে। বানপীড়িত লোকসকলৰ বাবে কাপোৰ, ফেনাইল, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্যব্যৱহাৰ্য্য সামগ্ৰী সংগ্ৰহ কৰি আজি মৰিগাঁওৰ পৰা এটা দল উজনি অসমৰ উদ্দেশ্যে ৰাওনা হয়।
মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই পদক্ষেপে বানপীড়িত পৰিয়ালসমূহৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ'ব বুলি আশা প্ৰকাশ কৰে দলটোৱে। দুৰ্যোগৰ এই কঠিন সময়ত সকলোকে বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈও আহ্বান জনায় অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    23 hrs ago
  • বানপীড়িতক সহায়ৰ বাবে অখিল গগৈৰ বাসগৃহত আজমল ফাউণ্ডেচনৰ বিনামূলীয়া চিকিৎসা শিবিৰ অখিল গগৈৰ লুখুৰাখনত থকা ঘৰতে আয়োজন কৰা হল আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ বানাক্ৰান্ত অঞ্চলত বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতাৰ লগতে উজনিৰ ৬টা অঞ্চলত নিৰন্তৰ ভাৱে আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠিত কৰি আগবঢ়াই গৈছে স্বাস্থ্য শিবিৰ। হোজাইৰ হাম হস্পিটেলৰ চিকিৎসকৰ দ্বাৰা বন্যাৰ্তক আগবঢ়ায় চিকিৎসা সেৱা
    1
    বানপীড়িতক সহায়ৰ বাবে অখিল গগৈৰ বাসগৃহত আজমল ফাউণ্ডেচনৰ বিনামূলীয়া চিকিৎসা শিবিৰ
অখিল গগৈৰ লুখুৰাখনত থকা ঘৰতে আয়োজন কৰা হল আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ
বানাক্ৰান্ত অঞ্চলত বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতাৰ লগতে 
উজনিৰ ৬টা অঞ্চলত নিৰন্তৰ ভাৱে আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠিত কৰি আগবঢ়াই গৈছে স্বাস্থ্য শিবিৰ। হোজাইৰ হাম হস্পিটেলৰ চিকিৎসকৰ দ্বাৰা বন্যাৰ্তক আগবঢ়ায় চিকিৎসা সেৱা
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    3 hrs ago
  • মৌলানা বদৰুদ্দিন আজমলৰ উজনি অসমৰ বানাক্ৰান্তলৈ বৃহৎ ঘোষনা। বান সাহাৰ্য্যৰ বাবে ১০০ কোটিৰ লক্ষ্য আজমলৰ।
    1
    মৌলানা বদৰুদ্দিন আজমলৰ উজনি অসমৰ বানাক্ৰান্তলৈ বৃহৎ ঘোষনা।
বান সাহাৰ্য্যৰ বাবে ১০০ কোটিৰ লক্ষ্য আজমলৰ।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    23 hrs ago
  • মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত ৰচিত ভয়ংকৰ ষড়যন্ত্ৰৰ ৰহস্য জানিলে... YouTube: Untold by Ali Hussain
    1
    মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত ৰচিত ভয়ংকৰ ষড়যন্ত্ৰৰ ৰহস্য জানিলে...
YouTube: Untold by Ali Hussain
    user_ALI HUSSAIN
    ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    1 day ago
  • গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন । গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন । পুৱা গোৰেশ্বৰ ব্লক বিপিএফৰ সভাপতি ধনঞ্জয় বসুমতাৰীয়ে পতাকা উত্তোলনেৰে অভিৱৰ্তনৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে । মুকলি সভা উদ্বোধন কৰে বিটিচিৰ EM তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীয়ে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ ৰাজহ,ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ EM লৌমশ্ৰাও দৈমাৰীয়ে । লগতে নিৰ্দিষ্ট ব্যক্তাৰ ভাষণ ৰাখে তামুলপুৰ জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক দৈমু বড়ো । উল্লেখ্য যে,বিটিচিৰ কল্যানকামী আঁ‌চনী সমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সভাত উল্লেখ কৰে EM মহেশ্বৰ বসুমতাৰী আৰু লৌমশ্ৰাও দৈমাৰীয়ে ।
    1
    গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন
গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন 
গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন ।
গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন ।
পুৱা গোৰেশ্বৰ ব্লক বিপিএফৰ সভাপতি ধনঞ্জয় বসুমতাৰীয়ে পতাকা উত্তোলনেৰে অভিৱৰ্তনৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে ।
মুকলি সভা উদ্বোধন কৰে বিটিচিৰ EM তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীয়ে ।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ ৰাজহ,ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ EM লৌমশ্ৰাও দৈমাৰীয়ে ।
লগতে নিৰ্দিষ্ট ব্যক্তাৰ ভাষণ ৰাখে তামুলপুৰ জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক দৈমু বড়ো ।
উল্লেখ্য যে,বিটিচিৰ কল্যানকামী আঁ‌চনী সমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সভাত উল্লেখ কৰে EM মহেশ্বৰ বসুমতাৰী আৰু লৌমশ্ৰাও দৈমাৰীয়ে ।
    user_Goreswar News
    Goreswar News
    তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • ভাৰতীয় লোকপিয়ল ২০২৭ ৰ স্ব-গণনা প্ৰক্ৰিয়া অসমত আৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ২পৰা১৬ আগষ্টলৈকে প্ৰতি গৰাকী নাগৰিকে ৱেবছাইটত নিজৰ ঘৰৰ তথ্য ঘৰত বহিয়েই পূৰণ কৰিব পাৰে। নিউজ স্মাৰ্ট মোবাইলৰে অনলাইন যোগে তথ্য দিব পাৰিব স্বগণনা প্ৰক্ৰিয়াত।
    1
    ভাৰতীয় লোকপিয়ল ২০২৭ ৰ স্ব-গণনা প্ৰক্ৰিয়া অসমত আৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
২পৰা১৬ আগষ্টলৈকে প্ৰতি গৰাকী নাগৰিকে ৱেবছাইটত নিজৰ ঘৰৰ তথ্য ঘৰত বহিয়েই পূৰণ কৰিব পাৰে। 
নিউজ স্মাৰ্ট মোবাইলৰে অনলাইন যোগে তথ্য দিব পাৰিব স্বগণনা প্ৰক্ৰিয়াত।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    8 hrs ago
  • বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ ## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
    4
    বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ
## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য

বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়।  এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। 
উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    2 hrs ago
  • আমাৰ অসমৰ গৌৰৱ। কিছুমানে মেখেলা বুকুত পিন্ধি reel বনাই আছে। এজন পুৰুষতকৈ মহিলাৰ সহন শক্তি বহুত। কিন্তু reel বনোৱাত ব্যস্ত সৰিৰ অংগ দেখাই। আজিৰ নাৰী, বহুজনী আকাশ চুই, জ্ঞানৰ পোহৰে সমাজক নতুন বাট দেখুৱাই। কিন্তু কিছুমান ব্যস্ত কেৱল ৰিলৰ ক্ষণস্থায়ী তালি পাবলৈ। দেহৰ চাকচিক্যত বিচাৰে খ্যাতি, মুহূৰ্তৰ বাহবাত পাহৰে মৰ্যাদা। লাইক-কমেণ্টৰ ভিৰত কেতিয়াবা হেৰাই যায় আত্মসম্মানৰ সুৰ। সৌন্দৰ্য কেৱল বাহিৰত নহয়, মন, জ্ঞান আৰু আচৰণত তাৰ বাস। সময় সলনি হয়, ধাৰাও সলনি হয়, কিন্তু সন্মানেই মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। নাৰী মানেই শক্তি, নাৰী মানেই সৃষ্টিৰ আলো। মাত্ৰ ক্ষণিকৰ জনপ্ৰিয়তাৰ বাবে নহয়, নিজৰ গুণেৰে হওক পৃথিৱীৰ গৌৰৱ।
    1
    আমাৰ অসমৰ গৌৰৱ। কিছুমানে মেখেলা বুকুত পিন্ধি reel বনাই আছে। এজন পুৰুষতকৈ মহিলাৰ সহন শক্তি বহুত। কিন্তু reel বনোৱাত ব্যস্ত সৰিৰ অংগ দেখাই।
আজিৰ নাৰী, বহুজনী আকাশ চুই, জ্ঞানৰ পোহৰে সমাজক নতুন বাট দেখুৱাই। কিন্তু কিছুমান ব্যস্ত কেৱল ৰিলৰ ক্ষণস্থায়ী তালি পাবলৈ।
দেহৰ চাকচিক্যত বিচাৰে খ্যাতি, মুহূৰ্তৰ বাহবাত পাহৰে মৰ্যাদা। লাইক-কমেণ্টৰ ভিৰত কেতিয়াবা হেৰাই যায় আত্মসম্মানৰ সুৰ।
সৌন্দৰ্য কেৱল বাহিৰত নহয়, মন, জ্ঞান আৰু আচৰণত তাৰ বাস। সময় সলনি হয়, ধাৰাও সলনি হয়, কিন্তু সন্মানেই মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ।
নাৰী মানেই শক্তি, নাৰী মানেই সৃষ্টিৰ আলো। মাত্ৰ ক্ষণিকৰ জনপ্ৰিয়তাৰ বাবে নহয়, নিজৰ গুণেৰে হওক পৃথিৱীৰ গৌৰৱ।
    user_সনাতন বৈশ্য
    সনাতন বৈশ্য
    বাক্সা, বাক্সা, অসম•
    2 hrs ago
  • ৰঙিয়াৰ মূৰাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যঃস্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ । ৰঙিয়াৰ মূৰাৰাত আজি এটি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।স্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ ।কাছাৰী শৌলমাৰী নিবাসী লোক জনৰ ৰহস্য জনক ভাৱে উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।পৰিয়ালৰ লোকে জনোৱা অনুসৰি প্ৰায়ে সুৰাসক্ত অৱস্থাত আছিল প্ৰাক্তন সৈনিক গৰাকী । আজি পুৱাৰ ভাগত সুৰা সেৱন কৰাৰ বাবে নিজ ঘৰৰ পৰা ১০০ টকা লৈ ওলাই আহিছিল অশ্বিনী কলিতাই । কিন্তু বহু সময় ধৰি ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰলোকৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ। অৱশেষত খৈৰাবাৰী বড়ো চুপাৰ এটি কালভাৰ্টৰ তলত ৰহস্য জনক ভাৱে উদ্ধাৰ হয় অশ্বিনী কলিতাৰ মৃতদেহ। মৃতদেহৰ মূৰ আৰু মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন।পৰিয়ালৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বৰ্তমান ঘটনা স্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে দুৰ্ঘটনা।
    1
    ৰঙিয়াৰ মূৰাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যঃস্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ  কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ ।
ৰঙিয়াৰ মূৰাৰাত আজি এটি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।স্থানীয় খৈৰাবাৰী বড়ো চুবুৰীৰ এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয় ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ ।কাছাৰী শৌলমাৰী নিবাসী লোক জনৰ ৰহস্য জনক ভাৱে উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।পৰিয়ালৰ লোকে জনোৱা অনুসৰি  প্ৰায়ে সুৰাসক্ত অৱস্থাত আছিল প্ৰাক্তন সৈনিক গৰাকী । আজি পুৱাৰ ভাগত  সুৰা সেৱন কৰাৰ বাবে  নিজ ঘৰৰ পৰা ১০০ টকা   লৈ ওলাই আহিছিল অশ্বিনী কলিতাই । কিন্তু বহু সময় ধৰি ঘৰলৈ  উভতি নোযোৱাত পৰিয়ালৰলোকৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ। অৱশেষত খৈৰাবাৰী বড়ো চুপাৰ এটি কালভাৰ্টৰ তলত ৰহস্য জনক ভাৱে উদ্ধাৰ হয় অশ্বিনী কলিতাৰ মৃতদেহ। মৃতদেহৰ মূৰ আৰু মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন।পৰিয়ালৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বৰ্তমান ঘটনা স্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে দুৰ্ঘটনা।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.