logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা ‘সাধনা’ৰ সহযোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই সামূহিক যোগাভ্যাস কাৰ্যসূচী ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত বহুসংখ্যক জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। যোগাচাৰ্য্য জ্যোতিষ কলিতাৰ তত্ত্বাৱধানত অংশগ্ৰহণকাৰীসকলে বিভিন্ন আসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰে। যোগ দিৱসৰ লগত সংগতি ৰাখি ‘সাধনা’ৰ দ্বাৰা প্ৰকাশিত ‘যোগ প্ৰভাতি’ নামৰ দ্বাদশ সংখ্যক আলোচনীখন অনুষ্ঠানৰ মুখ্য অতিথি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই উন্মোচন কৰে। এই অনুষ্ঠানত উপস্থিত থাকি স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই যোগাসনক দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিবলৈ আহ্বান জনায়। এই কাৰ্যসূচীত ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ বিষয়া ক্ৰমে তৃষ্ণা মিপুন আৰু ৰাকেশ ঠাকুৰ, সহকাৰী আয়ুক্ত জিলজিলী থাওসেন আৰু ৱাহেদুজ জমান, ‘সাধনা’ৰ সভাপতি ৰমেশ ডেকা, অসম ডনবস্কো ইউনিভাৰ্চিটিৰ সঞ্চালক ড° মনোৰঞ্জন কলিতা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ৰানু চৌধুৰী প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

3 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
3 hrs ago

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা ‘সাধনা’ৰ সহযোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই সামূহিক যোগাভ্যাস কাৰ্যসূচী ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত বহুসংখ্যক জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। যোগাচাৰ্য্য জ্যোতিষ কলিতাৰ তত্ত্বাৱধানত অংশগ্ৰহণকাৰীসকলে বিভিন্ন আসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰে। যোগ দিৱসৰ লগত সংগতি ৰাখি ‘সাধনা’ৰ দ্বাৰা প্ৰকাশিত ‘যোগ প্ৰভাতি’ নামৰ দ্বাদশ সংখ্যক আলোচনীখন অনুষ্ঠানৰ মুখ্য অতিথি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই উন্মোচন কৰে। এই অনুষ্ঠানত উপস্থিত থাকি স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই যোগাসনক দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিবলৈ আহ্বান জনায়। এই কাৰ্যসূচীত ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ বিষয়া ক্ৰমে তৃষ্ণা মিপুন আৰু ৰাকেশ ঠাকুৰ, সহকাৰী আয়ুক্ত জিলজিলী থাওসেন আৰু ৱাহেদুজ জমান, ‘সাধনা’ৰ সভাপতি ৰমেশ ডেকা, অসম ডনবস্কো ইউনিভাৰ্চিটিৰ সঞ্চালক ড° মনোৰঞ্জন কলিতা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ৰানু চৌধুৰী প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

More news from অসম and nearby areas
  • ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা ‘সাধনা’ৰ সহযোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই সামূহিক যোগাভ্যাস কাৰ্যসূচী ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত বহুসংখ্যক জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। যোগাচাৰ্য্য জ্যোতিষ কলিতাৰ তত্ত্বাৱধানত অংশগ্ৰহণকাৰীসকলে বিভিন্ন আসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰে। যোগ দিৱসৰ লগত সংগতি ৰাখি ‘সাধনা’ৰ দ্বাৰা প্ৰকাশিত ‘যোগ প্ৰভাতি’ নামৰ দ্বাদশ সংখ্যক আলোচনীখন অনুষ্ঠানৰ মুখ্য অতিথি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই উন্মোচন কৰে। এই অনুষ্ঠানত উপস্থিত থাকি স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই যোগাসনক দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিবলৈ আহ্বান জনায়। এই কাৰ্যসূচীত ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ বিষয়া ক্ৰমে তৃষ্ণা মিপুন আৰু ৰাকেশ ঠাকুৰ, সহকাৰী আয়ুক্ত জিলজিলী থাওসেন আৰু ৱাহেদুজ জমান, ‘সাধনা’ৰ সভাপতি ৰমেশ ডেকা, অসম ডনবস্কো ইউনিভাৰ্চিটিৰ সঞ্চালক ড° মনোৰঞ্জন কলিতা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ৰানু চৌধুৰী প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা ‘সাধনা’ৰ সহযোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই সামূহিক যোগাভ্যাস কাৰ্যসূচী ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত বহুসংখ্যক জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। যোগাচাৰ্য্য জ্যোতিষ কলিতাৰ তত্ত্বাৱধানত অংশগ্ৰহণকাৰীসকলে বিভিন্ন আসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰে।

যোগ দিৱসৰ লগত সংগতি ৰাখি ‘সাধনা’ৰ দ্বাৰা প্ৰকাশিত ‘যোগ প্ৰভাতি’ নামৰ দ্বাদশ সংখ্যক আলোচনীখন অনুষ্ঠানৰ মুখ্য অতিথি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই উন্মোচন কৰে। এই অনুষ্ঠানত উপস্থিত থাকি স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই যোগাসনক দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিবলৈ আহ্বান জনায়।

এই কাৰ্যসূচীত ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ বিষয়া ক্ৰমে তৃষ্ণা মিপুন আৰু ৰাকেশ ঠাকুৰ, সহকাৰী আয়ুক্ত জিলজিলী থাওসেন আৰু ৱাহেদুজ জমান, ‘সাধনা’ৰ সভাপতি ৰমেশ ডেকা, অসম ডনবস্কো ইউনিভাৰ্চিটিৰ সঞ্চালক ড° মনোৰঞ্জন কলিতা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ৰানু চৌধুৰী প্ৰমুখ্যে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    3 hrs ago
  • সমগ্ৰ বিশ্বৰ লগতে তামুলপুৰ জিলা প্ৰশাসনে জিলা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস অতি উলহ-মালহেৰে উদযাপন কৰে। এই বিশেষ কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই বৰ্ষৰ 'সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন' মূল বিষয়বস্তুক সাৰোগত কৰি পুৱা ৭ বজাত এই সামূহিক যোগ প্ৰদৰ্শন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণৰ লগতে জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু বিভিন্ন চৰকাৰী বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ উপৰি, তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ অলেখ সৰ্বসাধাৰণ ৰাইজ আৰু যোগপ্ৰেমী লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমবেত সকলো অংশগ্ৰহণকাৰীয়ে নিৰ্ধাৰিত সাধাৰণ যোগ নিয়মসূচী অনুসৰি ৪৫ মিনিট সময় ধৰি বিভিন্ন আসন, প্ৰাণায়াম আৰু ধ্যান আদি অত্যন্ত নিখুঁতভাৱে প্ৰদৰ্শন কৰে। অনুষ্ঠানত উপস্থিত থাকি কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে নিজৰ ভাষণত সকলোকে দৈনন্দিন যোগাভ্যাসৰ জৰিয়তে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ তথা সবল কৰি ৰাখিবলৈ বিশেষভাৱে আহ্বান জনায়। এই সফল সামূহিক যোগ প্ৰদৰ্শনৰ অন্তত উপস্থিত সকলোকে জিলা প্ৰশাসনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়। আজি এই যোগ দিৱসক কেন্দ্ৰ কৰি সমগ্ৰ তামুলপুৰ অঞ্চলতে এক অতি উছাহজনক আৰু স্বাস্থ্যসচেতন পৰিৱেশ সৃষ্টি হোৱা দেখা যায়।
    1
    সমগ্ৰ বিশ্বৰ লগতে তামুলপুৰ জিলা প্ৰশাসনে জিলা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস অতি উলহ-মালহেৰে উদযাপন কৰে। এই বিশেষ কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই বৰ্ষৰ 'সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন' মূল বিষয়বস্তুক সাৰোগত কৰি পুৱা ৭ বজাত এই সামূহিক যোগ প্ৰদৰ্শন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণৰ লগতে জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু বিভিন্ন চৰকাৰী বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ উপৰি, তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ অলেখ সৰ্বসাধাৰণ ৰাইজ আৰু যোগপ্ৰেমী লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমবেত সকলো অংশগ্ৰহণকাৰীয়ে নিৰ্ধাৰিত সাধাৰণ যোগ নিয়মসূচী অনুসৰি ৪৫ মিনিট সময় ধৰি বিভিন্ন আসন, প্ৰাণায়াম আৰু ধ্যান আদি অত্যন্ত নিখুঁতভাৱে প্ৰদৰ্শন কৰে।

অনুষ্ঠানত উপস্থিত থাকি কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে নিজৰ ভাষণত সকলোকে দৈনন্দিন যোগাভ্যাসৰ জৰিয়তে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ তথা সবল কৰি ৰাখিবলৈ বিশেষভাৱে আহ্বান জনায়। এই সফল সামূহিক যোগ প্ৰদৰ্শনৰ অন্তত উপস্থিত সকলোকে জিলা প্ৰশাসনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়। আজি এই যোগ দিৱসক কেন্দ্ৰ কৰি সমগ্ৰ তামুলপুৰ অঞ্চলতে এক অতি উছাহজনক আৰু স্বাস্থ্যসচেতন পৰিৱেশ সৃষ্টি হোৱা দেখা যায়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিভিন্ন প্ৰান্তৰ লগতে বাক্সাতো পালন কৰা হৈছে। এই উপলক্ষে বাক্সাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুৱাতে যোগাসন কাৰ্যসূচী আৰম্ভ হয়।
    1
    আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিভিন্ন প্ৰান্তৰ লগতে বাক্সাতো পালন কৰা হৈছে। এই উপলক্ষে বাক্সাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুৱাতে যোগাসন কাৰ্যসূচী আৰম্ভ হয়।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    7 hrs ago
  • AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলক আক্ৰমণ কৰাৰ পাছতে আমিনুল ইছলামে তীব্ৰ প্ৰত্যাক্ৰমণ কৰিছে। এই প্ৰসংগতে আজমলক মুছলমান সাম্প্ৰদায়িক দলৰ নেতা বুলি অভিহিত কৰা হৈছে।
    1
    AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলক আক্ৰমণ কৰাৰ পাছতে আমিনুল ইছলামে তীব্ৰ প্ৰত্যাক্ৰমণ কৰিছে। এই প্ৰসংগতে আজমলক মুছলমান সাম্প্ৰদায়িক দলৰ নেতা বুলি অভিহিত কৰা হৈছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    20 hrs ago
  • মানাহৰ বাঁহবাৰী ৰেঞ্জ অঞ্চলত এটা ঘোঙে মুকলিকৈ বিচৰণ কৰি থকা দেখা গৈছে।
    1
    মানাহৰ বাঁহবাৰী ৰেঞ্জ অঞ্চলত এটা ঘোঙে মুকলিকৈ বিচৰণ কৰি থকা দেখা গৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    8 hrs ago
  • গণ সাহিত্য সাংস্কৃতিক মঞ্চৰ সৌজন্যত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।
    1
    গণ সাহিত্য সাংস্কৃতিক মঞ্চৰ সৌজন্যত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    1 hr ago
  • সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস জিলা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অতি উলহ-মালহেৰে উদযাপন কৰা হয়। এই বিশেষ যোগ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তামুলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ব্যাপক উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হয়।
    1
    সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস জিলা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অতি উলহ-মালহেৰে উদযাপন কৰা হয়। এই বিশেষ যোগ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তামুলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ব্যাপক উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হয়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অঘটন সংঘটিত হৈছে, য'ত পথৰ কাষৰ বহু পুৰণি এজোপা বিশাল আহঁত গছ এখন ৰখাই থোৱা চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে। ইয়াৰ ফলত পথচলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও চাৰিচকীয়া বাহনখনৰ যথেষ্ট ক্ষতি হয়। আৰক্ষী প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকলে বৰ্তমান গছ কাটি পথ মোকলোৱাৰ কামত ব্যস্ত আছে।
    1
    ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অঘটন সংঘটিত হৈছে, য'ত পথৰ কাষৰ বহু পুৰণি এজোপা বিশাল আহঁত গছ এখন ৰখাই থোৱা চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে। ইয়াৰ ফলত পথচলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও চাৰিচকীয়া বাহনখনৰ যথেষ্ট ক্ষতি হয়। আৰক্ষী প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকলে বৰ্তমান গছ কাটি পথ মোকলোৱাৰ কামত ব্যস্ত আছে।
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.